পূৰ্নানন্দ দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পূৰ্ণানন্দ দত্ত (ইংৰাজী: Purnananda Dutta) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী। তেওঁৰ জন্ম হয় ১৯১২ চনৰ ৫ মাৰ্চত লক্ষীমপুৰ জিলাৰ ঢলপুৰত। তেখেতে ১৯৩২ চনত কংগ্ৰেছত যোগদান কৰিয়েই মহাত্মা গান্ধীৰ কঠোৰ আদৰ্শ মানি স্বাধীনতা আন্দোলনত জঁপিয়াই পৰে। ১৯৩৪-৩৫ চনৰ ২য় পৰ্যায়ৰ স্বাধীনতা সংগ্ৰামৰ পূৰ্ণ স্বৰাজৰ দাবিত হোৱা আইন অমান্য আন্দোলনত অংশ গ্ৰহণ কৰা সংগঠনৰ আন সদস্যৰ লগ হৈ তেখেতে খাদি প্ৰচলন, ৰাগীয়াল বস্তু, বিদেশী বস্ত্ৰ বৰ্জন আদিত আত্মনিয়োগ কৰে। ১৯৩৭ চনত সেৱাদলৰ কৰ্মীৰূপে ঘূৰি ফুৰোতে এবাৰ পুহমহীয়া জাৰৰ দিনত সোৱণশিৰি নদীৰ বালিত জুই পুৱাই ৰাতিটো পাৰ কৰিছিল। ১৯৪১ চনত মহাত্মা গান্ধীৰ নেতৃত্বত ৱাদ্ধাত হোৱা একক সত্যাগ্ৰহৰ লক্ষীমপুৰ ১৭ জনীয়া তালিকাত পূৰ্নানন্দ দত্তও এজন আছিল। সেই সত্যাগ্ৰহত গ্ৰেপ্তাৰ হৈ এবছৰ সশ্ৰম কাৰাদণ্ড খাটিছিল। তেখেতৰ চতুৰালিৰ বাবদ বৃটিছ চৰকাৰে এখন জেলৰ পৰা আন এখন জেললৈ স্থানান্তৰ কৰিছিল। ফকৰুদ্দিন আলি আহমেদৰ সৈতে তেখেতৰ সুসম্পৰ্ক আছিল। গান্ধীজীৰ বুনিয়াদী শিক্ষা পদ্ধতিৰ প্ৰচাৰ আৰু বুনিয়াদী সিক্ষাশ্ৰম স্থাপনৰ আধাৰত জিলাখনৰ বহু ঠাইত এল.পি স্কুল, হাইস্কুল আদি প্ৰতিষ্ঠা কৰিছিল। তেখেত মাধৱ দেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ১৯৬৯চনত মহকুমা পৰিষদৰ সভাপতি নিৰ্বাচিত হয়। ১৯৭২চনত বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয় বৰণ কৰে। ১৯৭৩ চনৰ ৩১ মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ হৈ সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই লক্ষীমপুৰ জিলাৰ ৫৬ গৰাকী মুক্তি যোদ্ধাক তাম্ৰপত্ৰ প্ৰদান কৰা সকলৰ ভিতৰত পূৰ্নানন্দ দত্তও এজন। ১৯৯৮ চনৰ ১২ জুলাইত এইজন মুক্তিযোদ্ধা স্বৰ্গগামী হয়।[1][2][3][4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ভাৰতৰ মুক্তিযুঁজত অসম-অসম ৰাজ্যিক মুক্তি-যুঁজাৰু অভিৱৰ্ত্তন-১৯৭২
  2. মুক্তি-গান্ধী জয়ন্তী উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ-২অক্টোবৰ২০১৭। সম্পাদক-জগত গগৈ
  3. ভাৰতৰ স্বাধীনতা সংগ্ৰামত উত্তৰ লক্ষিমপুৰৰ ভূমিকা, সম্পাদক-হৰিচন্দ্ৰ বৰুৱা
  4. স্বৰ্ণজ্যোতি, চন্দ্ৰ হাজৰিকাৰ সম্পাদিত, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ স্মৃতিগ্ৰন্থত প্ৰকাশিত পদ্ম বৰাৰ 'স্বাধীনতা আন্দোলনৰ ৰদ কাচলিত বুৰঞ্জী প্ৰসিদ্ধ বৰনাৰায়ণপুৰ' শীৰ্ষক প্ৰবন্ধ