সমললৈ যাওক

পেট্ৰিয়ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পেট্ৰিয়ন
ছাইটৰ প্ৰকাৰ সদস্যভুক্তি মঞ্চ
উপলব্ধ ভাষা ইংৰাজী
মুখ্য কাৰ্যালয় ,
সৃষ্টি কৰা ব্যক্তি
মুখ্য ব্যক্তি Jack Conte (CEO)
ৱেবছাইট patreon.com
পঞ্জীয়ন বাধ্যতামূলক
ব্যৱহাৰকাৰী ৩০ লাখ সক্ৰিয় মাহিলী সদস্য
আৰম্ভণি মে' ২০১৩; ১৩ বছৰ  আগতে (2013-05)
বৰ্তমান অৱস্থা সক্ৰিয়

পেট্ৰিয়ন (ইংৰাজী: Patreon) হৈছে এটা সদস্যভুক্তিৰ সুবিধা থকা এটা ৱেবছাইট, যিয়ে কলা-কুশলীসকলক তেওঁলোকৰ সৃষ্টিৰাজিসমূহ অনুগামীসকলৰ সৈতে ভাগ-বতৰা কৰাৰ জৰিয়তে মাহিলী উপাৰ্জন কৰাৰ এক সুবিধা প্ৰদান কৰে।[1] পেট্ৰিয়ন সাধাৰণতে ইউটিউব ভিডিঅগ্ৰাফাৰ, লেখক, প'ডকাষ্টাৰ, সংগীতজ্ঞ আদি যিসকলে নিয়মিতভাৱে ইণ্টাৰনেটত তেওঁলোকৰ সৃষ্টিৰাজিসমূহ ভাগ বতৰা কৰে, তেওঁলোকে ব্যৱহাৰ কৰা দেখা যায়। ইয়াৰ জৰিয়তে তেওঁলোকে তেওঁলোকৰ অনুগামীসকলৰ পৰা (যাক পেট্ৰন বুলি কোৱা হয়) পোনপটীয়াকৈ অনুদান লাভ কৰিব পাৰে।[2] এই কোম্পানিটো সংগীতজ্ঞ Jack Conte[3] আৰু ডেভেলপাৰ Sam Yam[3][4] [5]-য়ে ২০১৩ চনত ছানফ্ৰান্সিছক'ত আৰম্ভ কৰিছিল। পেট্ৰিয়নে সাধাৰণতে কলা-কুশলীসকলৰ মাহিলী দৰমহাৰ পৰা ৫ ৰ পৰা ১২ শতাংশ শুল্ক আদায় কৰে আৰু প্ৰতি মাহৰ প্ৰথম দিনাই বিলিঙৰ কামবোৰ সম্পন্ন হয়।[6]

২০১৩ চনৰ মে' মাহত সংগীতজ্ঞ Jack Conte য়ে তেওঁৰ ইউটিউব ভিডিঅ'সমূহৰ জৰিয়তে জীৱিকা নিৰ্বাহৰ এক উপায় বিচাৰি Sam Yam-ৰ সৈতে লগ লাগি পেট্ৰিয়ন প্ৰতিষ্ঠা কৰে। এই মঞ্চই যিমানবাৰ কোনো এজন আৰ্টিষ্টে তেওঁৰ সৃষ্টিৰাজিসমূহ ভাগ বতৰা কৰে, সিমানবাৰেই অনুৰাগীসকলক (পেট্ৰন) তাৰ বাবত অনুদান আগবঢ়োৱাৰ এক সুবিধা প্ৰদান কৰে। প্ৰথম ওঠৰ মাহৰ ভিতৰত ৱেবছাইটটোত ১২৫,০০০ তকৈ বেছি অনুগামীৰ (পেট্ৰন) সদস্যভুক্তি হৈছিল।[7] ২০১৪ চনৰ শেষৰফালে ৱেবছাইটটোৰ সদস্য কলা-কুশলীসকললৈ তেওঁলোকৰ অনুগামীসকলে মাহিলী ১,০০০,০০০ আমেৰিকান ডলাৰকৈ অনুদান পঠিয়াইছিল বুলি ৱেবছাইটটোৰ তৰফৰ পৰা ঘোষণা কৰা হয়।[8]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Conte, Jack (June 14, 2017). "Membership: The Future for Creators". PatreonHQ. https://patreonhq.com/membership-is-the-future-for-creators-fc2902b8c16d আহৰণ কৰা হৈছে: June 14, 2017.
  2. The California Report.org: "Creating Patrons of the Arts Through Crowdfunding" Archived July 14, 2014, at the Wayback Machine July 11–13, 2014.
  3. 1 2 Jack Conte interviewed on the TV show Triangulation on the TWiT.tv network
  4. Olson, Matthew. "How Patreon Has Helped And Hindered Creators, As Told By 13 Users". Digg. http://digg.com/2019/patreon-creator-plans-user-interviews আহৰণ কৰা হৈছে: 8 May 2019.
  5. Patreon.org: Intro Archived March 1, 2014, at the Wayback Machine Accessed July 14, 2014
  6. "Patreon - our fee structure". PatreonPatreon official website. https://www.patreon.com/product/pricing/ আহৰণ কৰা হৈছে: August 4, 2019.
  7. Dredge, Stuart. "Amanda Palmer races to $13,000 per release in Patreon crowdfunding". the Guardian. https://www.theguardian.com/technology/2015/mar/04/amanda-palmer-patreon-crowdfunding-backers আহৰণ কৰা হৈছে: June 11, 2015.
  8. "Creators on Patreon Receive Over 1,000,000 per Month From Patrons". October 10, 2014. http://www.patreon.com/creation?hid=1070951 আহৰণ কৰা হৈছে: June 12, 2015.