পেণ্ডেট নৃত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পেণ্ডেট নৃত্য

পেণ্ডেট নৃত্যৰ শিল্পীয়ে হাতেৰে ফুলভৰ্তি ৰূপৰ বাতি ধৰি আছে৷
স্থানীয় নাম টাৰী পেণ্ডেট
শৈলী পৰম্পৰাগত নৃত্য
বাদ্যযন্ত্ৰ গামেলান, গং
উদ্ভাৱক বালিনীজ লোক
উৎপত্তিমূল ইণ্ডিনেচিয়া

পেণ্ডেট নৃত্য (ইংৰাজী: Pandet) ইণ্ডোনেছিয়াৰ বালিৰ এক পৰম্পৰাগত নৃত্য, যি নৃত্যত অনুষ্ঠান বা অন্যান্য নৃত্যৰ প্ৰস্তাৱনা হিচাপে মন্দিৰ বা থিয়েটাৰ শুদ্ধ কৰিবলৈ ফুলৰ প্ৰসাদ আগবঢ়োৱা হয়। পেণ্ডেটত সাধাৰণতে সৰু ছোৱালীয়ে, ফুলৰ পাহিৰ বাতি লৈ, তাৰপৰা মুঠি মুঠি পাহি নৃত্যৰ তালে তালে শূন্যলৈ ছটিয়াই দিয়া হয়। পেণ্ডেটক অভিবাদন জনোৱা, দৰ্শকক আদৰণি জনোৱা আৰু নেদেখা কোনো শক্তিক নৃত্য উপভোগ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে কৰা নৃত্য বুলিও ভাবিব পাৰি৷[1] ই বালিৰ অন্যতম পুৰণি নৃত্য যদিও বৰ্তমানৰ ৰূপটো ১৯৫০ চনত শাস্ত্ৰীয়কৰণ কৰা হৈছিল।[2]

ইতিহাস[সম্পাদনা কৰক]

ইয়াৰ পৰম্পৰাগত বালিনীজ নৃত্য হৈছে ৱালিৰ আটাইতকৈ পুৰণি পৰিৱেশ্য কলাৰ ৰূপ। পৰম্পৰাগত নৃত্য দুটা ভাগত ভাগ কৰিব পাৰি, ৱালি নামৰ পৱিত্ৰ নৃত্য আৰু ৱেবলিহান নামৰ মনোৰঞ্জনৰ নৃত্য। সাধাৰণতে কিছুমান বিশেষ অনুষ্ঠানৰ সময়তহে ৱালি (পবিত্ৰ নৃত্য) কৰা হয়। ৱালিৰ হিন্দুসকলে বিশ্বাস কৰিছিল যে পৱিত্ৰ নৃত্যসমূহৰ ধৰ্মীয় তাৎপৰ্য্য আৰু আধ্যাত্মিক শক্তি প্ৰবল, গতিকে নিৰ্দিষ্ট ধৰ্মীয় অনুষ্ঠানৰ সময়তহে অসমৰ (দেৱদাসী নৃত্যৰ দৰে) নিৰ্দিষ্ট নৃত্যশিল্পীয়েহে নৃত্য কৰিব পাৰে। ৱেবলিহান সাধাৰণতে সামাজিক অনুষ্ঠানত পৰিৱেশন কৰা হয়। মনোৰঞ্জনৰ উপৰিও ৱেবলিহানৰ অন্যান্য উদ্দেশ্যও আছে; যেনে, অতিথিক আদৰণি জনোৱা, শস্য চপোৱাৰ আনন্দ উদযাপন বা ভিৰ গোটোৱা। ৱেবলিহানৰ পাৰ্থক্য ৱালিতকৈ বেছি। পেণ্ডেটক ৱেবলিহানৰ এটা ৰূপ হিচাপে গণ্য কৰা হয়, যিটো প্ৰায়ে অতিথি বা দৰ্শকক আদৰিবলৈ ধৰ্মনিৰপেক্ষভাৱে পৰিবেশন কৰা হয়৷

পেণ্ডেট নৃত্যই ৱালিৰ ফুল উছৰ্গাৰ অনুষ্ঠানক প্ৰতিনিধিত্ব কৰা বুলি গণ্য কৰা হৈছিল, যি ৱালিৰ মন্দিৰ বা আৱাসিক চৌহদৰ ভিতৰৰ মন্দিৰৰ পৰা মন্দিৰলৈ বেণ্টেন বা কেনাং (ফুলৰ প্ৰসাদ) আগবঢ়াইছিল। প্ৰথম অৱস্থাত পেণ্ডেট নৃত্য খায়াংগান (দেৱতাৰ ৰাজ্য)ৰ পৰা অৱতৰণ কৰা দেৱতাসকলৰ উপস্থিতিক আদৰণি জনোৱাৰ বাবে কৃতজ্ঞতা, সন্মান আৰু আনন্দৰ প্ৰতীক হিচাপে মন্দিৰ পিঅ’ডালান বা পৰিয়ালৰ মন্দিৰত অনুষ্ঠানৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ ১৯৫০ চনৰ ভিতৰত ডেনপাছৰৰ সুমেৰথা গাঁৱৰ দুজন শিল্পীয়ে নৃত্যৰ নৃত্য পৰিচালনা, গতিবিধি, সাজ-পোছাক আৰু সম্পত্তিৰ শাস্ত্ৰীয়কৰণ কৰিছিল; তেওঁলোক আছিল আই ৱায়ান ৰিণ্ডি আৰু নি কেটুট ৰেনেং। দুয়োজনে চাৰিগৰাকী নৃত্যশিল্পীৰ সৈতে আদৰণি নৃত্য হিচাপে পেণ্ডেট সৃষ্টি কৰিছিল, যিটো ৱালিৰ ডেনপাছাৰৰ কেইবাখনো হোটেলত পৰ্যটন অনুষ্ঠানৰ অংশ হিচাপে পৰিৱেশন কৰিছিল। ১৯৬১ চনত আই ৱায়ান বেৰাথাই এই নৃত্যৰ বিকাশ ঘটায় আৰু নৃত্যশিল্পীৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি কৰে, যিদৰে বৰ্তমান প্ৰায়ে পৰিৱেশন কৰা হয়।[2]


১৯৬২ চনত আই ৱায়ান বেৰাথা আৰু তেওঁৰ সহযোগীসকলে পেণ্ডেট নৃত্যক গণ নৃত্য হিচাপে গঢ়ি তুলিছিল। নৃত্যশিল্পীৰ সংখ্যা ৮০০ জনতকৈ কম নাছিল আৰু জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেমছৰ মুকলি অনুষ্ঠানত এই নৃত্যদলে অংশগ্ৰহণ কৰিছিল।[2]

পৰিৱেশন শৈলী[সম্পাদনা কৰক]

শতাধিক শিল্পী পেণ্ডেট নৃত্য
আদৰণি জনোৱাৰ ৰূপত পেণ্ডেট নৃত্য

​মূল পেণ্ডেট নৃত্যটো ৱালিৰ হিন্দু মন্দিৰৰ চোতালত ৪-৫ গৰাকী অকুমাৰী ছোৱালীয়ে পৰিৱেশন কৰে। পেণ্ডেট হৈছে কোনো ধৰ্মীয় পৰম্পৰাক নৃত্যৰ ৰূপত আগবঢ়োৱা। ই কষ্টকৰ আৰু প্ৰশিক্ষণৰ প্ৰয়োজন হোৱা পৱিত্ৰ আচাৰ-ব্যৱহাৰৰ নৃত্য বা শাস্ত্ৰীয় নৃত্যৰ দৰে নহয়, পেণ্ডেটত যিকোনো ব্যক্তিয়ে কেৱল অনুকৰণৰ দ্বাৰা শিকি নৃত্য কৰিব পাৰে৷

সৰু ছোৱালীবোৰে ভাল নৃত্য কৰাৰ উদাহৰণ দাঙি ধৰা ডাঙৰসকলৰ গতিবিধি অনুসৰণ কৰে। বয়সৰ লগে লগে দক্ষতা আহে। ধৰ্মীয় নৃত্য হিচাপে সাধাৰণতে মন্দিৰৰ অনুষ্ঠানৰ সময়ত পেণ্ডেট নৃত্য কৰা হয়।

সকলো নৃত্যশিল্পীয়ে সোঁহাতে ৰূপৰ সৰু বাতি এটা লৈ ফুৰে য’ত ৰঙীন ফুলৰ পাহি আৰু ধূপ আদিৰ প্ৰসাদ থাকে। বাতিটোত হালধীয়া জানুৰ কুমলীয়া কলপাতেৰে সজাই তোলা হয়। নৃত্যত বৰ্ণনা কৰা হয় যে, কুমাৰীয়ে মন্দিৰৰ ভিতৰতে মন্দিৰৰ পৰা মন্দিৰলৈ নৃত্য কৰে। মন্দিৰৰ ভোজৰ সময়ত গোটেই দিনটো আৰু গভীৰ নিশালৈকে মাজে মাজে পেণ্ডেট কৰিব পাৰি।

পেণ্ডেট নৃত্যশিল্পীয়ে এটা অনুষ্ঠানত সৰু সৰু বকোৰ, ৰূপৰ বাটিত ফুল আনে। মন্দিৰৰ চাৰিওফালে ফুল ছটিয়াই দিলে। পৰিৱেশনৰ শেষত কুমাৰী নৃত্যশিল্পীসকলে ফুলৰ পাহিবোৰ অতিথিৰ ফালে দলিয়াই বা ছটিয়াই দিছিল। এই নৃত্য বালিৰ কিছুমান আচাৰ-ব্যৱহাৰত দেৱতা, আত্মা, অতিথিক আদৰণি জনোৱাৰ প্ৰতীক।

পেণ্ডেটৰ আচলতে সহজ নৃত্যৰ গতিবিধি আছে। এই গতিবিধিসমূহেই হৈছে বালি নৃত্যৰ মৌলিক নৃত্যৰ গতিবিধি। পেণ্ডেট পিছলৈ কিছু পাৰ্থক্যৰ সৈতে বিকাশ ঘটিছে আৰু এতিয়া কেৱল আচাৰ-অনুষ্ঠানতে নহয়, কিছুমান সামাজিক অনুষ্ঠানতো পৰিৱেশন কৰা হয়। তেতিয়াৰ পৰাই পেণ্ডেটক আদৰণি নৃত্য হিচাপে জনা যায়।

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "Pendet: A Beautiful Welcoming Dance - NOW! Bali" (en-US ভাষাত). NOW! Bali. 2015-12-09. http://nowbali.co.id/pendet-a-beautiful-welcoming-dance/. 
  2. 2.0 2.1 2.2 Kaya, Indonesia. "IndonesiaKaya.com - Eksplorasi Budaya di Zamrud Khatulistiwa" (id ভাষাত). IndonesiaKaya. https://www.indonesiakaya.com/kanal/foto-detail/tari-pendet। আহৰণ কৰা হৈছে: 2017-12-22.