পেলেষ্টাইনৰ মহিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰমল্লাহ এম্ব্ৰয়ডাৰী সাজ-পোছাক পিন্ধা মহিলা, ১৯২৯ চনৰ পৰা ১৯৪৬ চনৰ মাজৰ কোনোবা এটা সময়ত

যদিও ৮ মাৰ্চত বিশ্বই নাৰী দিৱস উদযাপন কৰে, পেলেষ্টাইনৰ মহিলাসকলে নিজৰ অধিকাৰ আৰু লিংগ সমতাৰ বাবে আজিও সংগ্ৰাম অব্যাহত ৰাখিছে। তাৰ মূল কাৰণ হৈছে: ইজৰাইলৰ দখল আৰু অভ্যন্তৰীণ পিতৃতান্ত্ৰিক সমাজ নিয়ন্ত্ৰণ।[1]। প্ৰধানকৈ কৃষিভিত্তিক পেলেষ্টাইনী সমাজখনত পিতৃতান্ত্ৰিক সাংস্কৃতিক কাঠাম আৰু জটিলতাই প্ৰজননত প্ৰভাৱিত কৰে। লগতে নিশ্চিতভাৱে ক’ব পাৰি যে এই পিতৃতন্ত্ৰ বিশেষকৈ মধ্যবিত্তীয় পেছাদাৰীসকলৰ মাজত বেছি আৰু নগৰীয়া অঞ্চলত কম।[2] অট্টোমান নিয়ন্ত্ৰণ, ব্ৰিটিছ মেণ্ডেট, ইজৰাইলী দখলকে ধৰি বহু ঐতিহাসিক পৰিৱৰ্তনৰ মাজেৰে পেলেষ্টাইনী মহিলাসকলৰ জীৱন ৰূপান্তৰিত হৈছে। ১৯৬৪ চনত পেলেষ্টাইন মুক্তি সংস্থা প্ৰতিষ্ঠা আৰু পিছলৈ ১৯৯৪ চনত পেলেষ্টাইন কৰ্তৃপক্ষ প্ৰতিষ্ঠায় পেলেষ্টাইন প্ৰব্ৰজনকাৰী মহিলাসকলৰ ভূমিকাক পুনৰ সংজ্ঞায়িত কৰাত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। সমগ্ৰ বিংশৰ পৰা একবিংশ শতিকালৈকে পেলেষ্টাইনৰ লগতে জৰ্ডান, ছিৰিয়া আৰু লেবাননৰ প্ৰতিৰোধ আন্দোলনত মহিলাসকল জড়িত হৈ আহিছে।

এগৰাকী পেলেষ্টাইনৰ মাতৃ আৰু গৃহিণীৰ বাবে বিবাহেই হৈছে এক ক্ষেত্ৰ যʼত তেওঁলোকে লাভ কৰা শিক্ষাৰ প্ৰয়োগ কৰিব পাৰে। যদিও আজিৰ বহুতো যুৱতীয়ে বাধ্যতামূলক শিক্ষাত অংশগ্ৰহণ কৰে, তেওঁলোকে পুৰুষৰ সৈতে সমান পৰ্যায়ত ইয়াক ব্যৱহাৰ কৰিবলৈ সক্ষম নহয়। অৰ্থাৎ, পেলেষ্টাইনত সমাজত মহিলাৰ অংশগ্ৰহণৰ বাবে শিক্ষা এক প্ৰয়োজনীয় পূৰ্বচৰ্ত হ'লেও ইয়াক নিশ্চিত কৰা নহয়। আনহাতে, কঠোৰ ৰাজনৈতিক পৰিস্থিতিৰ বাবে, শৰণাৰ্থী শিবিৰত বাস কৰা মহিলা, ইজৰাইলত বাস কৰা মহিলা আৰু গাজা আৰু জেৰিকোৰ নতুন স্বায়ত্তশাসিত অঞ্চলত বাস কৰা মহিলাসকলৰ মাজত শৈক্ষিক স্তৰত পাৰ্থক্য দেখা যায়।[3]

পেলেষ্টাইনত মহিলাৰ অধিকাৰ[সম্পাদনা কৰক]

আৰব মহিলা সংস্থা, জেৰুজালেম, (fr), ১৯২৯

শেহতীয়া পেলেষ্টাইনৰ ইতিহাসৰ কালছোৱাত পেলেষ্টাইনত মহিলাৰ অধিকাৰ বহুবাৰ সলনি হৈছে। অট্টোমান নিয়ন্ত্ৰণৰ সময়ত প্ৰণয়ন কৰা বহু আইন, ব্ৰিটিছ মেণ্ডেট, ইজিপ্ত আৰু জৰ্ডানৰ নিয়ন্ত্ৰণৰ লগতে ইজৰাইলৰ দখলে যোৱা বিংশ শতিকাৰ পৰা আৰু একবিংশ শতিকালৈকে অব্যাহত আছে। ১৯৬৭ চনত ইজৰাইলে গাজা ষ্ট্ৰিপ আৰু পশ্চিম পাৰত থকা পেলেষ্টাইনৰ ভূখণ্ডসমূহ নিজৰ অধীনলৈ আনে। ১৯৯৫ চনত অস্লো চুক্তিয়ে পেলেষ্টাইনৰ ভূখণ্ডৰ ভিতৰত আৰু বিভাজন স্থাপন কৰে: পশ্চিম পাৰক এৰিয়া এ, এৰিয়া বি আৰু এৰিয়া চিত বিভক্ত কৰা হয় যিয়ে পশ্চিম পাৰৰ ৬০% অংশ গঠন কৰে।[4] পেলেষ্টাইনৰ আইনী ব্যৱস্থা সকলো ভূখণ্ডতে একে নহয় যিয়ে ইংগিত দিয়ে যে পেলেষ্টাইনত ঠাই বিষেশে নাৰীৰ অধিকাৰ বেলেগ বেলেগ।

পাৰিবাৰিক বিষয়ৰ আইন[সম্পাদনা কৰক]

মহিলাসকলৰ বিবাহ বিচ্ছেদৰ অধিকাৰ নিৰ্ভৰ কৰে মুছলমানৰ ক্ষেত্ৰত প্ৰযোজ্য ব্যক্তিগত মৰ্যাদাৰ আইনসমূহৰ ওপৰত। আইনমতে পুৰুষে যিকোনো কাৰণতে পত্নীক বিবাহ বিচ্ছেদ কৰিব পাৰে, আনহাতে মহিলাসকলে কিছুমান বিশেষ পৰিস্থিতিতহে বিবাহ বিচ্ছেদৰ অনুৰোধ কৰিব পাৰে। যদি কোনো মহিলাই বিবাহ বিচ্ছেদৰ বাবে আগবাঢ়ি যায় তেন্তে তেওঁ কোনো প্ৰমাণ দাখিল কৰাৰ প্ৰয়োজন নাই, কিন্তু সকলো আৰ্থিক অধিকাৰ তেওঁ এৰি দিব আৰু তেওঁৰ যৌতুকো এৰি দিব লাগিব। ২০০৩ চনত স্থাপিত পেলেষ্টাইনৰ মহিলা পৰিক্ৰমা মন্ত্ৰালয় হৈছে মহিলাৰ অধিকাৰৰ প্ৰসাৰ আৰু সুৰক্ষাৰ বাবে দায়বদ্ধ মূল চৰকাৰী সংস্থা। চৰকাৰী মন্ত্ৰালয়সমূহে বৈষম্যমূলক আইন সংস্কাৰক প্ৰসাৰিত কৰে আৰু প্ৰতিটো মন্ত্ৰালয়ত লিংগ একক স্থাপন কৰাৰ প্ৰয়াস কৰে।[5] যেতিয়া এগৰাকী মহিলাৰ বিবাহ বিচ্ছেদ হয়, তেতিয়া তেওঁলোকৰ সন্তান গাজা ষ্ট্ৰিপত থাকে নে পশ্চিম পাৰত থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ সন্তানৰ তত্ত্বাৱধান এটা নিৰ্দিষ্ট বয়সলৈকে থাকে। অট্টোমান যুগৰ ভাগ-বতৰা কৰা বৈবাহিক সম্পত্তিৰ আইনসমূহে বিবাহ বিচ্ছেদৰ পিছতো সংগীৰ মাজত সামগ্ৰীৰ বিভাজনত বাধা আৰোপ কৰে।[6] ২০১৯ চনৰ নৱেম্বৰ মাহত ৰাষ্ট্ৰপতিৰ আইন অনুসৰি পশ্চিম পাৰ আৰু গাজা ষ্ট্ৰিপ দুয়োঠাইৰে নূন্যতম বিবাহ বয়স ১৮ বছৰলৈ বৃদ্ধি কৰা হৈছিল যদিও পেলেষ্টাইনৰ মুছলমানসকলৰ বাবে শ্বৰীয়ত আদালতে ইয়াৰ ব্যতিক্ৰম সৃষ্টি কৰে; এই ব্যতিক্ৰম পেলেষ্টাইনৰ খ্ৰীষ্টানসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব পাৰে বুলি উল্লেখ কৰা দেখা যায়।[7] ইছলাম ধৰ্মৰ বিভিন্ন ধৰ্মীয় পৰম্পৰা আৰু পেলেষ্টাইনত উপস্থিত খ্ৰীষ্টান ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ৰ ওপৰত ভিত্তি কৰি পাৰিবাৰিক বিষয়ৰ সৈতে জড়িত প্ৰথাৰ পাৰ্থক্য দেখা যায়।[8]

ধৰ্ষণ আৰু গৰ্ভপাতৰ আইন[সম্পাদনা কৰক]

২০০০ চনলৈকে পশ্চিম পাৰ আৰু গাজা ষ্ট্ৰিপ দুয়োটাতে ধৰ্ষণকাৰীক ধৰ্ষণৰ বলি হোৱা মহিলাক বিয়া কৰাই শাস্তিৰ পৰা হাত সাৰিবলৈ দিয়া আইন আছিল। পশ্চিম পাৰত এই আইনখন ১৯৬০ চনৰ জৰ্ডানৰ দণ্ডবিধিৰ দ্বাৰা বজাই ৰখা হৈছিল, আনহাতে গাজা ষ্ট্ৰিপত ১৯৩৬ চনৰ ব্ৰিটিছ দণ্ডবিধিৰ দ্বাৰা আৰু ইজিপ্তৰ ভূখণ্ডৰ নিয়ন্ত্ৰণৰ সময়ত একেধৰণৰ মানদণ্ড ৰক্ষা কৰা হৈছিল।দুয়োটা দণ্ডবিধিত ধৰ্ষণক অপৰাধমূলক বুলি গণ্য কৰা হৈছে যদিও "সন্মান হত্যাৰ শাস্তিৰ পৰা হাত সাৰিবলৈ বা চৰ্ত প্ৰশমন কৰাৰ ক্ষমতাই পশ্চিম পাৰ আৰু গাজাত ধৰ্ষণৰ বলি হোৱা লোকসকলৰ বাবে নিৰাপত্তাহীনতাৰ সৃষ্টি কৰিছিল।[9]

২০০০ চনৰ শ্ৰমিক আইন[সম্পাদনা কৰক]

২০০০ চনৰ ফিলিস্তিনি শ্ৰমিক আইন ফিলিস্তিনি অঞ্চলৰ বিভিন্ন অধিকাৰ ক্ষেত্ৰত শ্ৰমিক আইনৰ বাবে আইনী দৃষ্টান্তৰ কিছু সমতা সৃষ্টি কৰাৰ প্ৰচেষ্টাত প্ৰণয়ন কৰা হৈছিল। আইনখনে পুৰুষ আৰু মহিলাৰ বাবে জৰ্ডান আৰু ইজিপ্তৰ নিয়ন্ত্ৰণৰ সময়ত (ক্ৰমান্বয়ে পশ্চিম তীৰ আৰু গাজা ষ্ট্ৰিপৰ) পূৰ্বৱৰ্তী শ্ৰমিক নিয়মাৱলীসংস্কাৰ কৰিছিল, এনেদৰে সমঅধিকাৰৰ কামৰ পৰিৱেশ সৃষ্টি কৰিছিল। [10] শ্ৰম আইনখনে মহিলাসকলক গৰ্ভাৱস্থাৰ পূৰ্বে আৰু পিছত প্ৰসূতিকালীন ছুটী প্ৰদান কৰা সুবিধা প্ৰদান কৰে; এই আইনমতে লিংগভিত্তিক বৈষম্য নিষিদ্ধ কৰা হয় যদিও কৰ্মক্ষেত্ৰত লিংগভিত্তিক হিংসাৰ বিষয়ে স্পষ্টভাৱে আলোচনা কৰা হোৱা নাই।[11]

মহিলা অধিকাৰ সংগঠন[সম্পাদনা কৰক]

আজি পেলেষ্টাইনৰ ভূখণ্ডত আইনী ব্যৱস্থাৰ সংস্কাৰ আৰু মহিলাৰ অধিকাৰ সুৰক্ষিত কৰাত সহায়ক হোৱাকৈ বহু সংগঠনে কাম কৰি আছে। উইমেনছ চেণ্টাৰ ফৰ লিগেল এড এণ্ড কাউন্সেলিং (WCLAC)-এ ব্যক্তিগত মৰ্যাদাৰ আইন সংস্কাৰ আৰু ঘৰুৱা হিংসাৰ লগতে ইজৰাইলী বাহিনীৰ পৰা হিংসাৰ সন্মুখীন হোৱা পেলেষ্টাইনী মহিলাসকলক সমৰ্থন কৰাৰ কাম কৰে।[8]ৰাষ্ট্ৰসংঘৰ মহিলাসকলে পেলেষ্টাইনৰ আইনী ব্যৱস্থাৰ ওপৰত গৱেষণা কৰে আৰু পেলেষ্টাইনৰ ভূখণ্ডৰ ভিতৰত লিংগ সমতা নিশ্চিত কৰাৰ কাম কৰে। আইসা এছ'চিয়েচন ফৰ উইমেন এণ্ড চাইল্ড প্ৰটেকচন ইজৰাইল–পেলেষ্টাইন সংঘাতৰ দ্বাৰা প্ৰভাৱিত পেলেষ্টাইনী মহিলা আৰু ছোৱালীসকলৰ বাবে মানসিক স্বাস্থ্যৰ সহায় আগবঢ়ায়।

ছোৱালীৰ শিক্ষা[সম্পাদনা কৰক]

উৎস[সম্পাদনা কৰক]

  1. https://www.dailysabah.com/opinion/op-ed/the-ongoing-struggle-of-palestinian-women
  2. Hasso, F. S. (1998). The “Women's Front” nationalism, feminism, and modernity in Palestine. Gender & Society, 12(4), 441-465.
  3. Haj, S. (1992). Palestinian women and patriarchal relations. Signs: Journal of Women in Culture and Society, 17(4), 761-778.
  4. "What are Area A, Area B, and Area C in the West Bank?" (en-US ভাষাত). Anera. https://www.anera.org/what-are-area-a-area-b-and-area-c-in-the-west-bank/। আহৰণ কৰা হৈছে: 2022-12-11. 
  5. Suheir Azzouni. "Palestine - Palestinian Authority and Israeli Occupied Territories". Freedom House. https://freedomhouse.org/sites/default/files/inline_images/Palestine%20%28Palestinian%20Authority%20and%20Israeli%20Occupied%20Territories%29.pdf. 
  6. Suheir Azzouni. "Palestine - Palestinian Authority and Israeli Occupied Territories" (PDF). Freedom House.
  7. Godwin, John; Khalife, Nadya (December 2019). "State of Palestine Gender Justice & The Law". United Nations Development Programme. https://www.undp.org/sites/g/files/zskgke326/files/migration/arabstates/Palestine.Summary.19.Eng.pdf. 
  8. 8.0 8.1 Rought-Brooks, Hannah; Duaibis, Salwa; Hussein, Soraida (2010). "Palestinian Women: Caught in the Cross Fire Between Occupation and Patriarchy". Feminist Formations খণ্ড 22 (3): 124–45. doi:10.1353/ff.2010.0018. http://www.jstor.org/stable/40980987. 
  9. "Palestinian Women and Penal Law". The Geneva Centre for the Democratic Control of Armed Forces (DCAF), Women's Centre for Legal Aid and Counselling (WCLAC): 1–8. May 2012. https://www.dcaf.ch/sites/default/files/publications/documents/Policy_Brief_Penal_EN_Final.pdf. 
  10. European Training Foundation (ETF). "Labour Market and Employment Policies in Palestine." Prepared for the ETF by the Palestine economic policy research institute (2014).https://www.etf.europa.eu/sites/default/files/m/49583C88B3C1AD0DC1257CD1003DA5FC_Employment%20policies_Palestine.pdf
  11. Godwin, John; Khalife, Nadya (January 2018). "State of Palestine Gender Justice & The Law" (PDF). United Nations Development Programme.