প্ৰকৃতি এদিন
প্ৰকৃতি [কথা কবিতা 1]
এদিন অকলে অকলে ফুৰি ফুৰি ভাগৰ লাগিলত জুৰাবৰ মনেৰে এটা পৰ্বতৰ কাষত বহিলোগৈ । ভাগৰত চকু দুটা মুদ খাই গৈছিল আৰু কেতিয়া টোপনি আহিল মই কবই নোৱাৰিলো ।
টোপনিতে দেখিলো ,মই পৰ্বত টোৰ ভিতৰলৈ নামি গলো আৰু এটা মন্দিৰৰ সমুখত থিয় হলোগৈ।
মন্দিৰটোৰ ভিতৰত বৰ বেছি পোহৰ নাই ।বাট দেখিবৰ বাবে মাথোন অলপমান পোহৰ আছিল ।
মন্দিৰৰ ঠিক সোঁ মাজতে সেউজীয়া পোছাক পিন্ধি গম্ভীৰ মূত্তিৰে এগৰাকী তিৰোতা বহি আছিল ।
তেখেতে কপালত হাত দি তলমূৰ কৰি কিবা এটা বৰ গভীৰ ভাৱনাত মগ্ন আছিল ।
মই দেখিয়েই বুজিলো যে তিৰোতাগৰাকী প্ৰকৃতি দেৱী নিজেই ।
ভয় আৰু ভক্তিত মোৰ গোটেই অন্তৰাত্মা কঁপি উঠিল ।
মই এখুজি দুখুজি কৰি কাষ চাপিলোঁগৈ আৰু এটি সেৱা কৰি ক'লো "হে বিশ্বজননি ! কি এনে গভীৰ চিন্তাত আপুনি আজি মগ্ন আছে? আপুনি মানুহ জাতিৰ ভৱিষৎ চিন্তাতেই কিভাবে আছে না কি,নাইবা কেনেকৈ তেওঁবিলাকে নিজৰ পূণ্ তা উপলব্ধি কৰি জগতত সুখৰ অধিকাৰী হব পাৰিব,তাৰ ভাৱনাকেই ভাবিছে?
তেখেতে লাহে লাহে ভয় লগা খঙাল চকুজোৰে মোলৈ চাই গহীন শবদেৰে গোটেই মন্দিৰটো প্ৰতিধ্বনি কৰি মাত লগালে "এটা ডাঁহৰ পাচ ঠেং দুটা কিমান শকত হলে সি তাৰ শক্ৰৰ হাতৰপৰা পলাই সাৰিব পাৰিব ,মই অত বেলি তাকে ভাবি আছিলো, আক্ৰমণ আৰু ৰক্ষাৰ ভিতৰত সামণ্জস্ৰ্ পুনৰ ঠিক কৰি দিব লাগিব ।
মই আচৰিত হৈ ভয়ে ভয়ে উত্তৰ দিঁলো
"আপুনি ইয়াকে ভাবিছে? কিয়,আমি মানুহ জাতি সকলোতকৈ আপোনাৰ প্ৰিয়পাত্ৰ আৰু মৰমৰ সন্তান নহয় জানো?
তেখেতে আকৌ এবাৰ মোলৈ খঙেৰে চাই উত্তৰ দিলে "সকলো প্ৰাণীয়েই মোৰ সন্তান,সকলোকে মই একেদৰেই যন্ত কৰো আৰু সকলোকে মই এইদৰেই নাশ কৰো ।
ভয়ত মোৰ মুখৰ মাত নাইকিয়া হ'ল ,তত্ৰাচ কঁপি কঁপি অসংলগ্ন ভাৱেৰে কবলৈ ধৰিলো "কিন্ত সত্য ---যুক্তি --ন্যায় ।
মোৰ কথাৰ ওৰ নপৰাকে তেখেতে আকৌ গহীনাই মাত লগালে "সেইবোৰ মানুহ জাতিৰ কথা , মই ভাল বেয়া একো নুবুজো,যুক্তি মোৰ ওচৰত একো নিয়ম নহয় আৰু ন্যায়েই বা কি?
মই তোমাক জীৱন দিছো ,আৰু মইয়েই কাঢ়ি লৈ যাম,তাক হয়তো মই অকমানি পোক পৰুৱা বা আন মানুহক দিমগৈ।
মই কালৈকো ভয় নকৰোঁ,তুমি তোমাৰ কাম কৰাগৈ,মোৰ কামত আহি বাধা নিদিবাহি ।"
মই আকৌ কিবা এটা উত্তৰ দিব খুজিছিলোঁ---- কিন্তু মন্দিৰ ৰ ভিতৰত এটা বৰ ডাঙৰ শব্দ হ'ল আৰু গোটেই পৰ্বত কঁপিবলৈ ধৰিলে ।
মই সাৰ পাই উঠিলো ।
কথা কবিতা
-যতীন্দ্ৰনাথ দুৱৰা
উদ্ধৃতি ত্ৰুটি: <ref>
টেগ্সমূহ "কথা কবিতা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="কথা কবিতা"/>
টেগ্ পোৱা নগ'ল