প্ৰচেষ্টা (বিত্তীয় প্ৰতিষ্ঠান)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(প্ৰচেষ্টাৰ পৰা পুনঃনিৰ্দেশিত)

অসমৰ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ভিতৰত প্ৰচেষ্টা অন্যতম। অসমৰ মহিলাসকলৰ উন্নয়নৰ বাবে সৰ্বতোপ্ৰকাৰ সহযোগিতা আগবঢ়োৱাৰ বাবে এই অনুষ্ঠানটোৱে আৰম্ভণিৰেপৰা চেষ্টা কৰি আহিছে।

ইতিহাস[সম্পাদনা কৰক]

মহিলাৰ সবলীকৰণৰ উদ্দেশ্য আগত ৰাখি এই অনুষ্ঠানটোৰ জন্মৰ বীজ ১৯৮৭ চনতেই ৰোপণ কৰা হৈছিল।[1] সেই সময়তে বিজ্ঞান জনপ্ৰিয়কৰণ আৰু মানুহৰ মাজত বিজ্ঞান মানসিকতা সৃষ্টি কৰাৰ বাবে কিছু বিজ্ঞান সংগঠন ভূপালত লগ লাগিছিল। সেই সভাতেই আলোচনা হৈছিল যে শিক্ষাৰ প্ৰাথমিক জ্ঞান নহলে মানুহৰ মনত বিজ্ঞান মানসিকতাৰ সৃষ্টি কৰাটো সম্ভৱ নহয়। তেতিয়াই ভাৰতৰ বিভিন্ন ঠাইৰ ২৬টা বিজ্ঞান মঞ্চ আৰু বিজ্ঞান সমিতি লগ হৈ অল ইণ্ডিয়া পিপুলছ ছাইঞ্চ নেটৱৰ্ক [2]নামৰ এক সৰ্বভাৰতীয় সংস্থাৰ জন্ম দিয়ে। অসম বিজ্ঞান ইয়াৰ অন্যতম। নিৰক্ষৰতা নিৰ্মূকৰণৰ উদ্দেশ্যে এই বিজ্ঞান সমিতিবোৰে তেওঁলোকৰ নিৰ্দিষ্ট ৰাজ্যত জ্ঞান বিজ্ঞান সমিতিৰ জন্ম দিয়ে। সৰ্বভাৰতীয় পৰ্য্যায়ত এই জ্ঞান বিজ্ঞান সমিতিবোৰৰ মাজত সমন্বয় বজাই ৰখাৰ বাবে ভাৰত জ্ঞান বিজ্ঞান সমিতি[3] জন্ম দিয়ে। অসমত ১৯৫৩ চনত গঠিত অসমৰ একমাত্ৰ বিজ্ঞান সংগঠন অসম বিজ্ঞান সমিতিয়ে সাক্ষৰতাৰ কাম কৰাৰ বাবে জ্ঞান বিজ্ঞান সমিতি অসম[4] জন্ম (১৯৯০ চন) দিয়ে।

জ্ঞান বিজ্ঞান সমিতি অসমে ১৯৯১ চনত অসমৰ ৬খন জিলাৰ ৭টা উন্নয়ন খণ্ডত সাক্ষৰতা অভিযানৰ কাম আৰম্ভ কৰে। এই পূৰ্ণ সাক্ষৰতা অভিযানৰ সময়ত দেখা গৈছিল যে সাক্ষৰতা অভিযানৰ লগত জড়িত সৰহ সংক্ষক শিকাৰু তথা স্বেচ্ছাসেবীয়েই আছিল মহিলা (৭২%) । গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা ‘পূৰ্ণ সাক্ষৰতা অভিযান’ৰ ওপৰত কৰা এক সমীক্ষাত এই কথা স্পষ্ট হৈ পৰে।

পূৰ্ণ সাক্ষৰতা অভিযান শেষ হোৱাৰ পাছত তথা উত্তৰ সাক্ষৰতাৰ সময়ত এই মহিলাসকলে মহিলাৰ সবলীকৰণৰ বাবে অধিক কাম কৰিব বিচাৰিছিল। তেতিয়াই জ্ঞান বিজ্ঞান সমিতি অসমে মহিলাসকলৰ সবলীকৰণৰ বাবে চেষ্টা কৰিবলৈ চিন্তা-চৰ্চা আৰম্ভ কৰিলে। জ্ঞান বিজ্ঞান সমিতি অসমৰ মহিলা কোষ ‘সমতা’ আন্দোলনৰ জৰিয়তে জিলা, খণ্ড আৰু পঞ্চায়ত পৰ্য্যায়ত বিভিন্ন ধৰণৰ কাম আৰম্ভ কৰিলে। ১৯৯৫ চনত “সমতা বিজ্ঞান মেলা” নামেৰে মহিলাসকলক বিভিন্ন দিশত সজাগ কৰাৰ উদ্দেশ্যে সজাগতা সভা অনুষ্ঠিত কৰা হ’ল। ইয়াৰ আগতেও মহিলাসকলক সজাগ কৰাৰ বাবে জ্ঞান বিজ্ঞান সমিতি অসমে অসমৰ বিভিন্ন ঠাইত কলাযাত্ৰা প্ৰদৰ্শন কৰিছিল। ১৯৯৫ চনৰ পৰা ১৯৯৮ চনলৈ প্ৰায় ২০০টাৰো অধিক পঞ্চায়তত এই সজাগতা সভা অনুষ্ঠিত হৈছিল। এই কাৰ্যৱলীৰ জৰিয়তেই পঞ্চায়ত পৰ্য্যায়ত মহিলা নেত্ৰীসকলৰ সৃষ্টি হৈছিল। গোতেই অসমতে প্ৰায় ১০০ গৰাকী মহিলা সমল ব্যক্তিৰ সৃষ্টি হৈছিল। ১৯৯৭ চনত ধানবাদত হোৱা আঞ্চলিক সমতা অনুষ্ঠানত জ্ঞান বিজ্ঞান সমিতি অসমৰ ৰাজ্যিক পৰ্য্যায়ৰ সমতা গোটে যোগদান কৰে। তাতেই তামিলনাডুৰ মালাৰ গোট আৰু দিদি বেংকৰ বিষয়ে অৱগত হৈছিল।

জ্ঞান বিজ্ঞান সমিতি অসমে মহিলাসকলৰ মাজত সঞ্চয় আৰু ক্ষুদ্ৰ ঋণ প্ৰদানৰ বিষয়টোত মনোনিবেশ কৰিলে। সেই সময়তে অসম চৰকাৰৰ কৃষি বিভাগৰ এৰিয়াপছ নামৰ সংস্থাই মহিলা সবলীকৰণৰ বাবে কৰ্মশালা পতাৰ বাবে এক প্ৰকল্পৰ অনুমোদন দিয়ে। ইয়াৰ সহায়তেই জ্ঞান বিজ্ঞান সমিতি অসমে ১৯৯৮ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত ২১টা পঞ্চায়তৰ পৰা ৬ গৰাকীকৈ মহিলা মাতি আত্ম সহায়ক গোট গঠনৰ জৰিয়তে সঞ্চয় আৰু ক্ষুদ্ৰ ঋণদানৰ এক কৰ্মশালা অনুষ্ঠিত কৰে।

এই কৰ্মশালাতেই অংশগ্ৰহণকাৰীসকলে আত্ম সহায়ক গোট গঠনৰ বাবে বিভন্ন নীতি-নিয়ম ঠিক কৰে। লগতে ইয়াতেই আত্ম সহায়ক গোটবোৰৰ বাবে ‘প্ৰচেষ্টা’ বুলি এক উমৈহতীয়া নামকৰণ কৰে।

ইয়াৰ পাছতেই জ্ঞান বিজ্ঞান সমিতি অসমে তৃণমূল পৰ্য্যায়ত আত্ম সহায়ক গোট গঠনৰ কাম আৰম্ভ কৰে। পৰৱৰ্তী পৰ্য্যায়ত এই আত্ম সহায়ক গোটসমূহক লৈ এক অনুষ্ঠানৰ জন্ম দিয়া হয়।

ঠিকনা[সম্পাদনা কৰক]

ঘৰ নং ২ (২য় মহলা), সোণাধৰ সেনাপতি পথ, শিলপুখুৰী, গুৱাহাটী, পিন - ৭৮১ ০০৩ অসম, ভাৰত

পঞ্জীয়ন[সম্পাদনা কৰক]

১৯৯৯ চনৰ ৬ এপ্ৰিল তাৰিখে ভাৰতৰ সমিত পঞ্জীয়ন আইন ১৮৬০ অনুসৰি পঞ্জীয়ন কৰা হৈছিল। ২০১২ চনত অসম সমবায় আইন ২০০৭ (অসম আইন ২০১২ ৰ ৪) অনুসৰি পঞ্জীয়ন কৰা হয়।

পৰিচালনা সমিতি[সম্পাদনা কৰক]

সমিতিখন পৰিচালনা কৰাৰ বাবে এখন ১৪ জনীয়া সঞ্চালক মণ্ডলী আছে৷ এই সঞ্চালক মণ্ডলীত এগৰাকী সভাপতি, এগৰাকী উপ সভাপতি (কাৰ্য্যকৰী সঞ্চালক), এগৰাকী প্ৰশাসনিক সঞ্চালক আৰু বাকীবোৰ সঞ্চালক (সদস্য)৷ সমিতিৰ পৰিচালন সঞ্চালক গৰাকী পৰিচালনা সমিতিৰ পদেন সদস্য৷ মূল পৰিচালনা সমিতিক সহায় কৰাৰ বাবে ৫ গৰাকী সদস্যৰে গঠিত এখন কাৰ্য্যকৰী সমিতি আছে৷

কামকাজ[সম্পাদনা কৰক]

আত্মসহায়ক গোট গঠন[সম্পাদনা কৰক]

অনুষ্ঠানটোৱে মহিলাসকলৰ মাজত প্ৰচেষ্টা নামৰ আত্মসহায়ক গোট গঠন কৰি দিয়ে। আত্মসহায়ক গোট গঠনৰ জৰিয়তে মহিলাসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলাটো এক মূল উদ্দেশ্য।

প্ৰশিক্ষণ[সম্পাদনা কৰক]

সমিতিয়ে আত্ম সহায়ক গোটৰ সদস্য সকলক বিভিন্ন প্ৰকাৰৰ প্ৰশিক্ষণ প্ৰদান কৰে৷ আত্ম সহায়ক গোটৰ মহিলা সকলক বৃত্তিমুখী শিক্ষা, শিশু সমস্যা, অনাময়, স্বাস্থ্য আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰে৷

ঋণ প্ৰদান[সম্পাদনা কৰক]

সমিতিয়ে আত্মসহায়ক গোটৰ জৰিয়তে ঋণ প্ৰদান কৰে৷ সমিতিৰ অংশীদাৰ সকলকহে ঋণ প্ৰদান কৰা হয়৷ ঋণ তিনি প্ৰকাৰৰ আছে - গোটৰ ঋণ, ব্যক্তিগত উৎপাদনমুখী ঋণ আৰু গৃহ ঋণ৷

শাখাসমূহ[সম্পাদনা কৰক]

বৰ্তমান প্ৰচেষ্টাত ৬টা শাখা কাৰ্যালয় আছে[5] -

  • গুৱহাটী শাখা,
  • ৰহা শাখা,
  • ৰঙিয়া শাখা,
  • বালিপাৰা শাখা,
  • গোৰেশ্বৰ শাখা,
  • ধূপধৰা শাখা আৰু

সহযোগী অনুষ্ঠান[সম্পাদনা কৰক]

শৈক্ষিক সহযোগ[সম্পাদনা কৰক]

প্ৰচেষ্টাক বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানে শৈক্ষিক সহযোগ আগবঢ়াই আহিছে। এই অনুষ্ঠানবোৰৰ ভিতৰত ১) জ্ঞান বিজ্ঞান সমিতি অসম, ২) সম্পদ কেন্দ্ৰ অসম, ৩) জন শিক্ষন সংস্থান কামৰূপ, ৪) সা-ধন, ৫) নাবাৰ্ড, ৬) এফ ডব্লিউ ডব্লিউ বি, ৭) আই আই বি এম, ৮) বাৰ্ড আদি প্ৰধান।

বিত্তীয় সহযোগ[সম্পাদনা কৰক]

প্ৰচেষ্টাক বিত্তীয় সহযোগ আগবঢ়োৱা অনুষ্ঠানবোৰৰ ভিতৰত ১) ৰাষ্ট্ৰীয় মহিলা কোষ, ২) অসম গ্ৰামীণ বিকাশ বেংক, ৩) অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেড, ৪) নেচনেল হাউছিং বেংক, ৫) অসম বিত্ত নিগম, ৬) নেডফি, ৭) আৰ জি ভি এন, ৮) চিডবি আদি প্ৰধান।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. [Prochesta Annual Report 1998] ৰ তথ্য]
  2. [1]
  3. "আৰ্কাইভ কপি". Archived from the original on 2013-09-04. https://web.archive.org/web/20130904104009/http://www.bgvs.org/। আহৰণ কৰা হৈছে: 2013-09-09. 
  4. "আৰ্কাইভ কপি". Archived from the original on 2013-05-01. https://web.archive.org/web/20130501111536/http://assamsciencesociety.org/। আহৰণ কৰা হৈছে: 2013-09-09. 
  5. [Prochesta Annual Report ২০২৩ ৰ তথ্য]