প্ৰবাদ
প্ৰবাদ বা পটন্তৰ হৈছে কোনো জ্ঞানগৰ্ভ সাধাৰণ সত্য বুজাবলৈ পৰম্পৰাগত ভাৱে চলি থকা চুটি, ৰসাল উক্তি।[1] অসমীয়া ভাষাত প্ৰচলিত বিভিন্ন প্ৰবাদসমূহ হৈছে, ডাকৰ বচন, ফকৰা যোজনা আদি।
ডাকৰ বচন[সম্পাদনা কৰক]
প্ৰধান প্ৰবন্ধ: ডাকৰ বচন
ডাকৰ বচন হৈছে অসমীয়া জনজীৱনৰ লগত সংলগ্ন মৌখিক সাহিত্যৰ এলানি উল্লেখযোগ্য প্ৰৱচন বা নীতিবাক্য।কিছুমান "ডাকৰ বচন"ক ফকৰা যোজনা বুলিও কোৱা হয়। আক্ষৰিক অৰ্থত ই "প্ৰবাদ" বুজালেও অসমীয়া গঞাই এইবোৰ "ডাক পুৰুষ" বুলি এক কাল্পনিক ঐতিহাসিক চৰিত্ৰই কোৱা কথা বুলি কল্পনা কৰে। ডাকৰ বচনবোৰ সাধাৰণতে গ্ৰামীন জীৱনৰ বৈষয়ীক দিশত সাধাৰণ জ্ঞান বা উপদেশ দিয়ে।
ফকৰা যোজনা[সম্পাদনা কৰক]
প্ৰধান প্ৰবন্ধ: ফকৰা যোজনা
ফকৰা যোজনা হৈছে অসমীয়া ভাষাত ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক সাধাৰণতে সাধাৰণ অসমীয়া গঞা ৰাইজে বুজি পাবৰ কাৰণে সৰল ভাষা, প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰা কিছুমান প্ৰবাদ।[2]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "প্ৰবাদ". xobdo.org. xobdo.org. http://xobdo.org/dic/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A6%BE%E0%A6%A6। আহৰণ কৰা হৈছে: March 23, 2023.
- ↑ "ফকৰা যোজনা". xobdo.org. xobdo.org. http://www.xobdo.org/asm/%E0%A6%AB%E0%A6%95%E0%A7%B0%E0%A6%BE%20%E0%A6%AF%E0%A7%8B%E0%A6%9C%E0%A6%A8%E0%A6%BE। আহৰণ কৰা হৈছে: February 05, 2013.