সমললৈ যাওক

প্ৰসন্ন পাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰাভাকৃষ্টিৰ ৰূপকাৰ প্ৰসন্ন পামৰ জন্ম হৈছিল, ইং ১৯৩২ চনৰ ২০ তাৰিখে গোৱালপাৰা জিলাৰ বালিজানা চক্ৰৰ অন্তৰ্গত লাতাপাৰা গাঁৱত৷ পিতৃৰ নাম- কমল কুমাৰ ৰাভা আৰু মাকৰ নাম- দাখেল বালা ৰাভা৷

বৰ্তমানৰ পূব গাৰোপাহাৰ জিলাৰ মানিকগঞ্জ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা প্ৰসন্ন পাম আগিয়া এম. ভি. স্কুলৰ পৰা উতীৰ্ণ হয়৷

জীৱনৰ কৰ্মৰাজী

[সম্পাদনা কৰক]

প্ৰসন্ন পাম সৰুৰে পৰা ৰাভাকৃষ্টিৰ সাধনাত ব্ৰতী হৈ পৰিছিল৷ অনাতাঁৰ শিল্পী হিচাপে সুখ্যাতি লাভ কৰা পামে বহু গীত ৰচনা কৰি সুৰ সৃষ্টি কৰিছিল৷ এইবোৰ গীতৰ কথা আৰু সুৰে সাম্প্ৰতিক সময়লৈকে অতি জনপ্ৰিয় হৈ আছে৷ দ’দান বীৰ নাটকৰ জৰিয়তে জনপ্ৰিয় হোৱা প্ৰসন্ন পামৰ মাৰুক্ষেত্ৰী(নাটক), সৃষ্টিৰ বিধান, ময়ৰা শক্তি, লাঙা মুক্তি, কামগিৰি শক্তি, পিদান সংসাৰ, মায়া হাছং, লেখা তেৱা জমা তাংচা ইত্যাদি গ্ৰন্থ অপ্ৰকাশিত অৱস্থাত ৰৈ আছে৷

ইং ২০-২-১৯৭৮ তাৰিখে এক নিৰ্বাচনী প্ৰচাৰৰ সহযোগী হৈ ঘূৰি ফুৰোঁতে মটৰ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়৷

তথ্য উৎস

[সম্পাদনা কৰক]

[1]চমুটোকা:প্ৰসন্ন পাম৷

  1. https://www.dailyassam.com/2022/02/chapter-9-class-10-question-answer.html