প্ৰসন্ন পাম
| এই প্ৰবন্ধৰ বিষয়বস্তুৱে সম্ভৱতঃ ৱিকিপিডিয়াৰ সাধাৰণ উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী মানি চলা নাই। অনুগ্ৰহ কৰি বিষয়টোৰ সম্পৰ্কে বিশ্বাসযোগ্য তথ্য-উৎস সন্নিবিষ্ট কৰি উল্লেখযোগ্যতা সাব্যস্ত কৰাত সহায় কৰক। উল্লেখযোগ্যতা সাব্যস্ত নহ'লে প্ৰবন্ধটো একত্ৰিত, পুনঃনিৰ্দেশ, বা বিলোপ কৰা হ'ব পাৰে। |
| এই প্ৰবন্ধটোৰ পৰিচিতি খণ্ডটো ইয়াৰ তথ্যসমূহৰ সৈতে সংগতি ৰাখি অলপ বিস্তাৰ কৰাৰ প্ৰয়োজন আছে। ৱিকিপিডিয়াৰ পৰিচিতি অংশ লিখাৰ নিয়ম অনুসৰি, এই অংশটোক এটা বিস্তৃত পৰিচিতি প্ৰদানেৰে প্ৰবন্ধটো সুন্দৰ কৰি তোলক। (আলোচনা) |
প্ৰসন্ন পাম হ'ল ৰাভাকৃষ্টিৰ ৰূপকাৰ। তেওঁৰ জন্ম হৈছিল ১৯৩২ চনত গোৱালপাৰা জিলাৰ বালিজানা চক্ৰৰ অন্তৰ্গত লাতাপাৰা গাঁৱত৷ পিতৃৰ নাম- কমল কুমাৰ ৰাভা আৰু মাকৰ নাম- দাখেল বালা ৰাভা৷ প্ৰসন্ন পামৰ জন্ম নাম পকচুং৷[1]
শিক্ষা
[সম্পাদনা কৰক]বৰ্তমানৰ পূব গাৰোপাহাৰ জিলাৰ মানিকগঞ্জ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰা প্ৰসন্ন পাম আগিয়া এম. ভি. স্কুলৰ পৰা উতীৰ্ণ হয়৷ পঢ়ি থাকোতে দেপালচুং-আমগুৰি গাঁৱৰ প্ৰয়াত বাণেশ্বৰ ৰাভা, কেতকীবাৰী গাঁৱৰ প্ৰয়াতকালাচাঁদ ৰাভা, সিজুকোণা গাঁৱৰ বিহাৰীলাল ৰাভা প্ৰসন্ন কুমাৰ ৰিভাৰ সহপিঠী আছিল৷[2]
জীৱনী আৰু কৰ্মৰাজী
[সম্পাদনা কৰক]প্ৰসন্ন পাম সৰুৰে পৰা ৰাভাকৃষ্টিৰ সাধনাত ব্ৰতী হৈ পৰিছিল৷ অনাতাঁৰ শিল্পী হিচাপে সুখ্যাতি লাভ কৰা পামে বহু গীত ৰচনা কৰি সুৰ সৃষ্টি কৰিছিল৷ এইবোৰ গীতৰ কথা আৰু সুৰে সাম্প্ৰতিক সময়লৈকে অতি জনপ্ৰিয় হৈ আছে৷ দ’দান বীৰ নাটকৰ জৰিয়তে জনপ্ৰিয় হোৱা প্ৰসন্ন পামৰ মাৰুক্ষেত্ৰী(নাটক), সৃষ্টিৰ বিধান, ময়ৰা শক্তি, লাঙা মুক্তি, কামগিৰি শক্তি, পিদান সংসাৰ, মায়া হাছং, লেখা তেৱা জমা তাংচা ইত্যাদি গ্ৰন্থ অপ্ৰকাশিত অৱস্থাত ৰৈ আছে৷
প্ৰথমে দৰংগিৰি এম.ভি. স্কুলত শিক্ষকতা কৰি কৰ্ম জীৱন পাতনি মেলে৷ শিক্ষকতা কৰি থকা অৱস্থাতে ১৯৫৬ চনত “দদান বীৰ” নাটক ৰচনা কৰি মানিকগঞ্জ গাঁৱত নাটকখন শিকায়৷ মানিকগঞ্জ ৰাভা কৃষ্টি সংঘই “দদান বীৰ” নাটকখন অসম আৰু মেঘালয়ৰ ৰাভা অধ্যুষিত অঞ্চলত বিভিন্ন গাঁৱত নাটখন মঞ্চস্থ কৰি সমাদৰ লাভ কৰে৷ এই নাটখনেই ৰাভা ভাষাৰ প্ৰথম নাটক হিচাবে পৰিগণিত হয়৷ দৰংগিৰি এম.ভি. স্কুল এৰি আহি গোৱালপাৰাৰ বাপুজীনগৰ হাইস্কুলত সহ শিক্ষক হিচাবে যোগদান কৰে৷ দুটা বছৰ শিক্ষকতা কৰি অৱশেষত টিক্ৰিকিল্লা হাইস্কুলত সহ শিক্ষকৰ পদত যোগদান কৰে৷ গোৱালপাৰা চহৰৰ বাপুজীনগৰৰ হাইস্কুলত কৰ্মৰোত সময়তে “বীৰ মাৰুক্ষেত্ৰী” নাটক ৰাভা ভাষাত ৰচনা কৰি ১৯৫৯ চনত জেৰ দোবা (জেটদোবা) ৰাভা কৃষ্টি সংঘক নাটখন পৰিচালনা কৰে৷ ইয়াৰ পিছত ১৯৬১ চনত কান্তাপাৰা ৰাভা কৃষ্টি সংঘই হাতীশিলা ৰাভা পাৰা গাঁৱৰ লগত একেলগহৈ “বীৰ মাৰুক্ষেত্ৰী” নাটক শিকি বিভিন্ন উৎসৱ পাৰ্বনত অভিনয় প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়৷ তাৰ পিছত টিক্ৰিকিল্লা আহি কৃষ্টিৰ প্ৰতি মনোনিৱেশ কৰে৷[3]
কৃষ্টি
[সম্পাদনা কৰক]সৰুৰে পৰা বুঢ়ীআইতা সকলৰ মুখৰ পৰা ৰাভা গীতমাত শুনিশুনি, ৰাভা বয়োজ্যেষ্ঠ সকলৰ পৰা ৰাভা লোক বাদ্য-বাজনা দেখি জানি ৰাভা লোক সংগীতৰ প্ৰতি অজানিতে ৰাপ আহি গৈছিল প্ৰসন্ন কুমাৰ ৰাভাৰ৷ পিছলৈ গৈ ১৯৫৭ চনত ’দদান বীৰ' নাটক ৰচি নদিয়াপাৰা গাঁৱত শিকায়৷ ১৯৫৯ চনত এই নাটকৰ প্ৰথম অভিনয় প্ৰদৰ্শনৰ পিছত প্ৰসন্ন কুমাৰ ৰাভা ’শিল্পী প্ৰসন্ন কুমাৰ পাম' হিচাবে জনাজাত হৈ পৰিল৷[4]
শিল্পী প্ৰসন্ন কুমাৰ পামে দদান বীৰ নাটকৰ পিছত 'মাৰুক্ষেত্ৰী, সৃষ্টি বিধান, লাঙামুক্তি, কামাগিৰি শক্তি, মায়া হাছং, পিদান সংসাৰ, লেখা তোৱা জোখা তংচা, ময়ৰা শক্তি আদি নাটক লিখে৷ তেওঁৰ ৰচিত গীত তেওঁৰ কথামতে তিনিশৰো অধিক আছিল৷ তেওঁ একাধাৰে নাট্যকাৰ, অভিনেটা, নাটপৰিচালক, গীতিকাৰ, সুৰকাৰ, গায়ক আছিল৷ অনাতাঁৰ শিল্পী আছিল৷ নৃত্যও শিকাইছিল৷[5]
তেওঁ বিভিন্ন গাঁৱত নাট্য দল গঠন কৰিছিল৷ সেই সমূহ দলৰ পৰা তেওঁ যথেষ্ট সঁহাৰি লাভ কৰিছিল৷ প্ৰসন্ন পামৰ জৰিয়তে অসমত ৰাভা কৃষ্টি সভাৰ গঠন হয়৷ প্ৰসন্ন পামদেৱৰ ইচ্ছাত আৰু ৰাইজৰ সহযোগীতাত সদৌ অসম ৰাভা কৃষ্টি সংঘৰ গঠন হয়৷ তেওঁ গঠন কৰা নাট্য দল সমূহো সদৌ অসম ৰাভা কৃষ্টি সংঘৰ গঠন হয়৷ এই সংঘৰ প্ৰথম সভাপতি আছিল প্ৰয়াত যোগেশ ৰাভা আৰু সম্পাদক আছিল প্ৰয়াত বিনেশ্বৰ কুমাৰ সন্তোক৷ তেওঁৰ দ্বাৰা গঠিত নাট্য দল সমূহ আছিল- নদীয়াপাৰা, দায়ৰং, ৰংছি, খাৰদাং, নোকছাৰ, আপাৰ মানিকগঞ্জ, নাগুৱাপাৰা, সাৰাপাৰা, ৰাংছি, থবলপাৰা, কাচুমাৰি, কান্তাপাৰা ইত্যাদি৷
প্ৰসন্ন কুমাৰ পাম “অল ইণ্ডিয়া ৰেডিঅ”ৰ এগৰাকী নিয়মীয়া গীতৰ শিল্পী আছিল আৰু নিয়মীয়া গীতৰ কন্ঠদান কৰিছিল৷ সম্ভৱ প্ৰসন্ন কুমাৰ পামে ৰংদানি ৰাভা ভিতৰত প্ৰথম আকাশবাণীৰ ৰাভাগীতৰ শিল্পী আছিল৷ প্ৰসন্ন কুমাৰ পামে জীৱিত কালত প্ৰায় তিনিশৰো অধিক ৰচনা কৰি থৈ গৈছে৷ সেই সমূহ গীত তেওঁ নিয়মীয়াকৈ আকাশবাণীৰ জৰিয়তে প্ৰচাৰ কৰি গৈছিল৷[6] ভাৰী গান দিন ৰাতি কৰা হয়৷ দিনৰ বেলা “দদিমথন” ৰাতি “সীতাপুৰী”৷ ভাৰীগানৰ বিশেষকৈ গীতৰ মাজে মাজে ভাৱৰীয়া(নকল) প্ৰদৰ্শন কৰা দেখা যায়৷প্ৰসন্ন কুমাৰ পামে ভাৱৰীয়া দেখুওৱাত বিশেষ ভূমিকা লৈছিল৷ প্ৰসন্ন কুমাৰ পামে পৰিধান কৰা ৰঙা পাতানি, মূৰত খোপা বান্ধি শিৰত ৰঙা ফতালৈ নানান ৰং ৰহস্যৰ সংলাপৰে ভাওঁ দিয়া দৃশ্য ৰাইজৰ মানস পতত আজিও জীপাল হৈ আছে৷ টিক্ৰীপাৰা গাঁৱৰ প্ৰয়াত নোৱানী ৰাভাৰ পৰিচালনাত পদ্ম পুৰাণ গান পাৰ্টিটো আমি সৰুৰে পৰাই দেখি আহিছো৷ এই পদ্ম পুৰাণ গান পাৰ্টিতো প্ৰসন্ন কুমাৰ পামে দায়না পালী নৃত্য কৰা দেখিবলৈ পাইছিলোঁ৷[7]
মৃত্যু
[সম্পাদনা কৰক]ইং ২০-২-১৯৭৮ তাৰিখে এক নিৰ্বাচনী প্ৰচাৰৰ সহযোগী হৈ ঘূৰি ফুৰোঁতে মটৰ দুৰ্ঘটনাত তেওঁৰ মৃত্যু হয়৷
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ স্মাৰক গ্ৰন্থ- শিল্পী প্ৰসন্ন পামৰ পূণ্যস্মৃতিত কৃষ্টিগুৰুপ্ৰসন্ন পাম : সম্পাদক- জয়ন্ত গোঁহাই ৰাভা : প্ৰকাশক- কৃষ্টিগুৰু প্ৰসন্ন পাম স্মৃতি ৰক্ষা সমিতি : শিৰোনাম- যাতনা বহুল আছিল শিল্পী প্ৰসন্ন পামৰ জীৱন আৰম্ভণি : লেখক- প্ৰকাশ ৰাভা : পৃ ৩ : ২য় শাৰী : আহৰণ- ইং ৮/৮/২০২৫
- ↑ স্মাৰক গ্ৰন্থ- শিল্পী প্ৰসন্ন পামৰ পূণ্যস্মৃতিত কৃষ্টিগুৰু প্ৰসন্ন পাম : সম্পাদক-জয়ন্ত গোঁহাই ৰাভা : শিৰোনাম- যাতনা বহুল আছিল শিল্পী প্ৰসন্ন পামৰ জীৱনৰ আৰম্ভণি : লেখক- প্ৰকাশ ৰাভা : পৃ ৪ : শাৰী ৩ : আহৰণ ৯/৮/২০২৫
- ↑ স্মাৰক গ্ৰন্থ- শিল্পী প্ৰসন্ন পামৰ পূণ্যস্মৃতিত কৃষ্টিগুৰু প্ৰসন্ন পাম : সম্পাদক- জয়ন্ত গোঁহাই ৰাভা : শিৰোনাম- কৃষ্টি গুৰু প্ৰসন্ন পাম : লেখক- নিষ্টো মোহন ৰাভা : পৃ ২৫ : শাৰী ৭ : আহৰণ- ৮/৮/২০২৫
- ↑ স্মাৰক গ্ৰন্থ- শিল্পী প্ৰসন্ন পামৰ পূণ্যস্মৃতিত কৃষ্টিগুৰু প্ৰসন্ন পাম : সম্পাদক- জয়ন্ত গোঁহাই ৰাভা : শিৰোনাম- যাতনা বহুল আছিল শিল্পী প্ৰসন্ন কুমাৰ পামৰ জীৱনৰ আৰম্ভণি : লেখক- প্ৰকাশ ৰাভা : পৃ ৪ :শাৰী-১১ : আহৰণ- ৮/৮/২০২৫
- ↑ স্মাৰক গ্ৰন্থ- শিল্পী প্ৰসন্ন পামৰ পূণ্যস্মৃতিত কৃষ্টিগুৰু প্ৰসন্ন পাম : সম্পাদক- জয়ন্ত গোঁহাই ৰাভা : শিৰোনাম- যাতনা বহুল আছিল শিল্পী প্ৰসন্ন পামৰ জীৱনৰ আৰম্ভণি : লেখক- প্ৰকাশ ৰাভা : পৃ ৪ : শাৰী ১৭ : আহৰণ- ৮/৮/২০২৫
- ↑ স্মাৰক গ্ৰন্থ- শিল্পী প্ৰসন্ন পামৰ পূণ্যস্মৃতিত কৃষ্টিগুৰু প্ৰসন্ন পাম : সম্পাদক- জয়ন্ত গোঁহাই ৰাভা : শিৰোনাম- প্ৰসন্ন কুমাৰ পাম : লেখক- চাৰুমোহন ৰাভা : পৃ ২২ : শাৰী ১৪ : আহৰণ- ৮/৮/২০২৫
- ↑ স্মাৰক গ্ৰন্থ- শিল্পী প্ৰসন্ন পামৰ পূণ্যস্মৃতিত কৃষ্টিগুৰু প্ৰসন্ন পাম : সম্পাদক- জয়ন্ত গোঁহাই ৰাভা : শিৰোনাম- প্ৰসন্ন পামৰ কিছু কথা : লেখক- হৰেশ্বৰ ৰাভা : পৃ ৬৭ : শাৰী ৫ : আহৰণ- ৯/৮/২০২৫
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- প্ৰসন্ন পামৰ বিষয়ে চমুকৈ (Daily Assam)