প্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্য
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
অসমৰ প্ৰাক্ আহোম যুগৰ স্থাপত্যত কিৰাত সকলৰ স্থাপত্য আৰু আৰ্য গোষ্ঠীয়ে সকলৰ স্থাপত্যৰ এটা ৰূপ দেখা যায়। মহাভাৰত আৰু কালিকাপুৰাণত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীনতম অধিবাসীসকলৰ ভিতৰত কিৰাতসকলেই সৰ্বপ্ৰাচীন বুলি উল্লেখ আছে। অসমৰ কছাৰীসকলেই পৰম্পৰাগতভাৱে কিৰাত নামে জনাজাত আৰু এই কিৰাত শাসিত কেইবাখনো নগৰৰ ভগ্নাৱশেষ, মন্দিৰ আদি তেওঁলোকৰ স্থাপত্য কলাৰ নিদৰ্শন হিচাপে ইতিমধ্যেই আৱিস্কৃত হৈছে। অসমৰ প্ৰাচীনতম ৰজাজনৰ নাম মহীৰংগ দানৱ আদি কিৰাত জনগোষ্ঠীৰ ৰজা। ঐতিহাসিক সকলে মহীৰংগ নামটো'মৈৰাং' শব্দৰ আৰ্যীকৃত ৰূপ বুলি ক'ব খোজে। গুৱাহাটীৰ পৰা পূবে প্ৰায় ২০কি:মি দূৰত থকা মৈৰাং পৰ্বতৰ নামটোৱেই ইয়াৰ প্ৰধান সাক্ষী বুলি কনকলাল বৰুৱা প্ৰমুখ্যে ঐতিহাসিক সকলে অনুমান কৰে। ইয়াৰোপৰি কালিকাপুৰাণত উল্লেখ আছে যে নৰকাসুৰ অধিকৃত প্ৰাগজ্যোতিষপুৰ সুউচ্চ প্ৰসাদোপম ঘৰেৰে পৰিপূৰ্ণ আৰু চাৰিওফালে ওখ প্ৰাচীৰৰ দ্বাৰা পৰিবেষ্টিত ইন্দ্ৰৰ অমৰাৱতী সদৃশ। আনহাতে গংগা উপত্যকাৰ পৰা নৰকৰ লগত সেই সময়ত শিলৰ প্ৰসাদ বা বিগ্ৰহ নিৰ্মাণ কৰা খনিকৰ আহিছিল আৰু আৰ্যসকলে মানি চলা বাস্তু শিল্প শাস্ত্ৰ এওঁলোকৰ লগতেই তথা নৰকাসুৰৰ কালতেই আহিছিল বুলি পণ্ডিতসকলে অনুমান কৰে।প্ৰাক আহোম যুগৰ স্থাপত্যৰ যিবিলাক ভগ্নাৱশেষ পোৱা গৈছে সেইবিলাক বাস্তু শিল্প শাস্ত্ৰৰ নীতি-নিয়ম ৰক্ষা কৰি স্থাপন হৈছিল বুলি প্ৰমাণ পোৱা গৈছে। ভাৰতৰ প্ৰাচীন মঠ মন্দিৰবোৰত প্ৰধানকৈ তিনিটা ৰীতি দেখা যায়-নাগৰ,কেশৰ আৰু দ্ৰাবিড়। কিন্তু কামৰূপী স্থাপতি সকলে প্ৰধানতঃ কোনটো পদ্ধতি অনুকৰণ কৰিছিল সেই বিষয়ে ঐতিহাসিক সকলে সঠিককৈ একো ক'ব নোৱাৰে। কিন্তু প্ৰাচীন কামৰূপী পদ্ধতিত নিৰ্মিত মন্দিৰটোৰ ক্ষেত্ৰত নিন্মোক্ত পদ্ধতিকেইটা পৰিলক্ষিত হয় - (১)তোৰণ,(২)মণ্ডপ বা নাটমন্দিৰ,(৩)গো-পুৰম অৰ্থাৎ প্ৰৱেশ চ'ৰা আৰু (৪)গৰ্ভ গৃহ।মনকৰিবলগীয়া যে ভাৰতীয় মন্দিৰসমূহৰ তলৰ ফালটো ৰথৰ আকৃতিৰে কৰা। কোনো কোনো ঠাইত এই ৰথ টানি নিয়া ঘোঁৰা বা হাতী শিলত কাটি উলিওৱা হৈছিল। ঘোঁৰা বা হাতীয়ে টানি নিয়া ৰথৰ আৰ্হিত নিৰ্মিত মন্দিৰৰ ওপৰফালে শিখৰত কলহৰ আকৃতি আছিল।অসমত এই অংশ 'কলচী' বা কলসী বুলিও কোৱা হয়। মন্দিৰৰ ভেটি নিৰ্মাণৰ ক্ষেত্ৰত সাধাৰণতে দক্ষিণ ভাৰতৰ নাগৰ পদ্ধতি চাৰিচুকীয়া ভেটিৰ আৰ্হি গ্ৰহণ কৰা হৈছিল। অসমৰ প্ৰাচীন মন্দিৰবোৰৰ ভেটি গঠনত দক্ষিণ ভাৰতীয় নাগৰ পদ্ধতিৰ চাৰিচুকীয়া ভেটি নিৰ্মাণেই সততে পৰিলক্ষিত হয়। এই নিৰ্মাণ পদ্ধতিয়ে এটা কথা স্পষ্ট কৰি দিয়ে যে অসমীয়া স্থাপত্যত উত্তৰ ভাৰতীয় স্থাপত্যৰ লগতে দক্ষিণ ভাৰতীয় আৰ্হিৰ প্ৰভাৱো নথকা নহয়। অৱশ্যে মন্দিৰৰ বাহিৰৰ গঠন পদ্ধতিত উত্তৰ ভাৰতীয় প্ৰভাৱ বেছি। তদুপৰি প্ৰাচীন কামৰূপত ভেটি নিৰ্মাণ কৌশলৰ বাহিৰে ব্ৰহ্মপুত্ৰ উপত্যকালৈ অহা স্থাপত্য আৰু ভাস্কৰ্য্যৰ আৰ্হিৰ লগত দক্ষিণ ভাৰতীয় আৰ্হিৰ সম্পৰ্ক নাই, উত্তৰ ভাৰতীয় আৰ্হিৰহে সম্পৰ্ক আছে বুলি ঐতিহাসিক সকলে ন দি ক'ব খোজে। এই উত্তৰ ভাৰতীয় স্থাপত্যত কোনো কোনো ক্ষেত্ৰত মোগল প্ৰভাৱ আৰু ভাস্কৰ্যৰ ক্ষেত্ৰত গান্ধাৰ আৰু গ্ৰীক প্ৰভাৱ সোমাইছিল বুলি পণ্ডিতসকলে অনুমান কৰে। ভাৰতীয় প্ৰতিমা গঢ়োতা সকলক প্ৰথমতে স্থপতি বোলা হৈছিল। ঊনবিংশ শতিকাৰ পৰাহে তেওঁলোকক ভাস্কূব বুলি ক'বলৈ লোৱা হৈছে।প্ৰতিমাবোৰ একোটা নিৰ্দিষ্ট জোখ অনুযায়ী গঢ়া হৈছে। এই জোখৰ আধাৰ আছিল মানাংগুল অৰ্থাৎ আঙুলিৰ জোখ।বাৰ আঙুলি এক তাল বুলি ধৰা হৈছিল। এই আঙুলি আৰু তালৰ জোখতহে প্ৰতিমা নিৰ্মাণ কৰা হৈছিল।
পূৰ্বতে উল্লেখ কৰা হৈছে যে অসমত প্ৰাক আহোম যুগৰ কোনো পূৰ্ণাংগ মন্দিৰ বা প্ৰাসাদ নাই। আছে মাথোন মাটিৰ তলে ওপৰে সিঁচৰতি হৈ থকা ভগ্নাৱশেষ কিছু।দ পৰ্বতীয়া মন্দিৰৰ ভেটিৰ ভগ্নাৱশেষ, সূৰ্য্য পাহাৰৰ স্তূপ আৰু গুহা,পিংগলেশ্বৰৰ ধ্বংসপ্ৰাপ্ত মন্দিৰৰ শীৰ্ষৰ ঘট, তেজপুৰৰ কল পাৰ্কত ৰখা শৈলস্তম্ভ, গোৱালপাৰাৰ ওচৰৰ মৰনৈ ধ্বংসপ্ৰাপ্ত মন্দিৰৰ দ্বাৰ শাখা আৰু দ্বাৰশিৰপট্টি,মদন কামদেৱ মন্দিৰৰ তলৰ ভেটি, বামুনী পাহাৰৰ ধ্বংসাৱশেষ আদিয়ে প্ৰাক্ আহোম যুগৰ মন্দিৰ সজাৰ সাক্ষী বহন কৰি আছে। সেইদৰে উন্নত মানৰ মূৰ্তিবিলাক যেনে : দ পৰ্বতীয়াৰ গংগা যমুনাৰ মূৰ্তি,মিকিৰ মাটিত পোৱা নাৰী মূৰ্তিৰ বক্ষ,পিংগলেশ্বৰত পোৱা স্ত্ৰী আৰু পুৰুষ যোদ্ধাৰ খোদিত মূৰ্তিৰ ভগ্নাৱশেষ, আমবাৰীৰ পোৱা নটৰাজ, মালিনী থানত পোৱা সূৰ্য্য মূৰ্তি,বৰগংগা মন্দিৰৰ ধ্বংসাৱশেষত প্ৰাপ্ত বাসুদেৱ মূৰ্তি আদিয়ে মধ্যযুগ তথা প্ৰাক্ আহোমযুগৰ অসমৰ স্থাপত্য আৰু ভাস্কৰ্য্যৰ সাক্ষ বহন কৰি আছে।[1]
- ↑ তথ্যসূত্ৰ: ভাষা-সাহিত্য-সংস্কৃতি-সমীক্ষা;সম্পা:কৰবী দাস,খগেশ্বৰী বৰুৱা,পৃ:১০৪-১০৫