প্ৰাজক্তা কলি
প্ৰাজক্তা কলি Prajakta Koli | ||||||||||
---|---|---|---|---|---|---|---|---|---|---|
২০১৮ চনত প্ৰাজক্তা কলি | ||||||||||
ব্যক্তিগত তথ্য | ||||||||||
জাতীয়তা | ভাৰতীয় | |||||||||
জীৱিকা | ইউটিউবাৰ, ব্লগাৰ | |||||||||
ৱেবপৃষ্ঠা | mostlysane | |||||||||
ইউটিউবৰ তথ্য | ||||||||||
চেনেল | ||||||||||
সক্ৰিয় হৈ থকা সময় | ২০১৫–বৰ্তমানলৈকে | |||||||||
প্ৰকাৰ | হাস্যৰসাত্মক (কমেডি) | |||||||||
চাবস্ক্ৰাইবাৰৰ সংখ্যা | ৫.৫২ মিলিয়ন (২৩ জুলাই ২০২০) | |||||||||
সৰ্বমুঠ দৰ্শন | ৭২২.৭৮ মিলিয়ন (২৩ জুলাই ২০২০) | |||||||||
নেটৱৰ্ক | ওৱান ডিজিটেল এণ্টাৰটেইনমেণ্ট | |||||||||
| ||||||||||
July 2020-ৰ তথ্য |
প্ৰাজক্তা কলি (ইংৰাজী: Prajakta Koli) হৈছে এগৰাকী ভাৰতীয় ইউটিউবাৰ৷ হাস্যৰসাত্মক ভিডিঅ' নিৰ্মাণৰ জৰিয়তে তেখেতে জনপ্ৰিয়তা অৰ্জন কৰিছে৷[1] ইউটিউবৰ জগতত প্ৰাজক্তা কলি ম'ষ্টলি ছেইন (MostlySane) হিচাপে পৰিচিত৷ দৈনন্দিন জীৱনৰ বিভিন্ন পৰিস্থিতিৰ আধাৰত পৰ্যবেক্ষণভিত্তিক ৰসাত্মক ভিডিঅ' নিৰ্মাণত তেখেতে গুৰুত্ব দি আহিছে৷ [2]
কেৰিয়াৰ
[সম্পাদনা কৰক]২০১৫ চনত ইউটিউবত নিজৰ চেনেলটো আৰম্ভ কৰাৰ আগতে প্ৰাজক্তাই মুম্বাইস্থিত ফেভাৰ ১০৪ এফএম ৰেডিঅ' ষ্টেচনত এগৰাকী ইণ্টাৰ্ণ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল৷[3]
২০১৮ চনৰ দিল্লীত আৰু ২০১৯ চনত মুম্বাইত অনুষ্ঠিত হোৱা "ইউটিউবত ফেনফেষ্ট"ত প্ৰাজক্তাই অনুষ্ঠান পৰিৱেশন কৰিছিল৷[4]২০১৮ চনৰ ডিচেম্বৰ মাহত তেখেতে ৰাষ্ট্ৰীয় টিভি বিজ্ঞাপনৰ বাবে এটা হোৱাটছআপ-সম্পৰ্কীয় বিজ্ঞাপন নিৰ্মাণত অংশ লয়৷[5][6]
২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ফৰ্বচ আলোচনীয়ে যুগুত কৰা "৩০ৰ অনুৰ্দ্ধ ৩০" (30 under 30)ত স্থান লাভ কৰে৷ ইয়াৰ উপৰিও ভাৰতীয় বাণিজ্য আলোচনী আউটলুকৰ "মূল্যসম্পন্ন নাৰী" (Women of Worth)ৰ তালিকা[7] আৰু এণ্ট্ৰেপেনেয়ৰ ইন্ডিয়াৰৰ ৩৫ ৰ অনুৰ্দ্ধ ৩৫ৰ তালিকাত প্ৰাজক্তাই স্থান লাভ কৰিছে৷ [8] "কছম'পলিটান" আলোচনীয়ে আয়োজন কৰা বছৰটোৰ ইউটিউবাৰ বঁটাৰেও প্ৰজক্তা সন্মানীত হয়৷[9] ২০২০ চনৰ জানুৱাৰীত, "গ্ৰেজিয়া ইণ্ডিয়া"ৰ বাৰ্ষিক "Cool List"ত তেখেতক স্থান দিয়া হয়৷ [10] ২০২০ চনৰ এপ্ৰিলত "বি ডব্লিউ বিজিনেছৱৰ্ল্ড"ৰ সৰ্বাধিক প্ৰভাৱশালী নাৰীৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ সন্মান হিচাপে তেখেতে আলোচনীখনৰ বেটুপাতত স্থান লাভ কৰে৷[11]
বলিউদৰ একাধিক তাৰকা যেনে-কৰিনা কাপুৰ, নৱাজুদ্দিন ছিদ্দিকী আৰু বিকী কোশল কোলীৰ চেনেললৈ আগমন ঘটিছে৷[12][13]
২০২০ চনৰ জুলাই মাহত, কোলিয়ে খয়ালী পোলাউ (Khayali Pulao) নামৰ এখনি চুটি ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে৷ এইখন চুটি ছবিখনৰ আধাৰ আছিল হাৰিয়ানাৰ গ্ৰামীন অঞ্চলত নাৰীৰ সৱলীকৰণ৷ [14]
একক কণ্ঠৰ গীত
[সম্পাদনা কৰক]বৰ্ষ | শীৰ্ষক |
---|---|
২০১৭ | "ছেইমলেছ" (সহযোগী-ৰাফতাৰ) |
২০১৮ | "ন' অফেন্স" |
২০২০ | "য়েহ ডিছ গানা হ্যেয়" |
চলচ্চিত্ৰ
[সম্পাদনা কৰক]বৰ্ষ | শীৰ্ষক | চৰিত্ৰ | পৰিচালক | ভাষা | টোকা |
---|---|---|---|---|---|
২০২০ | খায়ালী পোলাও | আশা | তৰুণ ডুডেজা | হাৰয়ানী | ইউটিউবৰ আছুতীয়া, অভিনয়ত-য়শপাল শৰ্মা |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- প্ৰাজক্তা কলি সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Meet Prajakta Koli and everything insane that makes her 'Insane'". indianexpress. 3 August 2018. https://indianexpress.com/article/lifestyle/life-style/meet-prajakta-koli-and-everything-insane-that-makes-her-mostly-sane-5290115/.
- ↑ ScoopWhoop (2018-01-30). "Meet Prajakta Koli, The Funny Girl From Mumbai The Internet Is Falling In Love With" (En ভাষাত). ScoopWhoop. https://www.scoopwhoop.com/prajakta-koli-mostly-sane/.
- ↑ "Queen of content Prajakta Koli takes us inside her life as a popular YouTuber". indiatoday. https://www.indiatoday.in/lifestyle/story/queen-of-content-prajakta-koli-takes-us-inside-her-life-as-a-popular-youtuber-1239456-2018-05-23.
- ↑ "Uber Eats, Vivo, 5 Star do tamasha at YouTube FanFest 2019". afaqs!. https://www.afaqs.com/news/digital/54782_uber-eats-vivo-5-star-do-tamasha-at-youtube-fanfest-2019। আহৰণ কৰা হৈছে: 2019-11-06.
- ↑ "WhatsApp's first India-specific TVCs attack fake news" (en-US ভাষাত). www.afaqs.com. 2018-12-03. Archived from the original on 2019-03-22. https://web.archive.org/web/20190322061344/https://www.afaqs.com/news/story/54044_WhatsApps-first-India-specific-TVCs-attack-fake-news। আহৰণ কৰা হৈছে: 2018-12-14.
- ↑ WhatsApp, WhatsApp - जन्मदिन बाँटिये, हंसी-मजाक बाँटिये, खुशियाँ बाँटिये, अफवाहें नहीं., https://www.youtube.com/watch?v=qqHrZ5C1poY, আহৰণ কৰা হৈছে: 2018-12-14
- ↑ "Prajakta Koli – Outlook Business WoW" (en-US ভাষাত). Archived from the original on 2019-11-06. https://web.archive.org/web/20191106041439/https://wow.outlookbusiness.com/tag/prajakta-koli/। আহৰণ কৰা হৈছে: 2019-11-06.
- ↑ Sabharwal, Punita (2019-02-09). "Entrepreneur Reveals its 35 Under 35 Class of 2019" (en ভাষাত). Entrepreneur. https://www.entrepreneur.com/slideshow/327768। আহৰণ কৰা হৈছে: 2019-11-06.
- ↑ Satote, Monika (2019-03-27). "Cosmopolitan Awards Winners 2019: See The Full Report" (en-US ভাষাত). Headlines of Today. Archived from the original on 2019-07-25. https://web.archive.org/web/20190725120717/https://www.headlinesoftoday.com/headlines/cosmopolitan-awards-winners-2019-see-the-full-report.html। আহৰণ কৰা হৈছে: 2019-11-06.
- ↑ "Prajakta Koli for Grazia Cool List 2020" (en ভাষাত). grazia.co.in. https://www.grazia.co.in/video/prajakta-koli-for-grazia-cool-list-2020-i-grazia-india-4461.html। আহৰণ কৰা হৈছে: 2020-04-19.
- ↑ "Anushka Sharma, Anita Dongre & Dipali Goenka among Business World's Most Influential Women - Exchange4media" (en ভাষাত). Indian Advertising Media & Marketing News – exchange4media. https://www.exchange4media.com/marketing-news/anushka-sharma-anita-dongre-prajakta-koli-among-business-worlds-most-influential-women-103809.html। আহৰণ কৰা হৈছে: 2020-04-19.
- ↑ "Responsibility Has Become A Huge Focus For YouTube: Susan Wojcicki" (en ভাষাত). Forbes India. http://www.forbesindia.com/article/special/responsibility-has-become-a-huge-focus-for-youtube-susan-wojcicki/53085/1। আহৰণ কৰা হৈছে: 27 February 2020.
- ↑ "Kareena Kapoor Khan digs ground; video goes viral" (en ভাষাত). mid-day. 5 October 2019. https://www.mid-day.com/articles/kareena-kapoor-khan-digs-ground-video-goes-viral/21848178। আহৰণ কৰা হৈছে: 27 February 2020.
- ↑ "YouTube Star Prajakta Koli Makes Acting Debut with Short Film 'Khayali Pulav'" (Press release). https://www.news18.com/news/buzz/youtube-star-prajakta-koli-makes-acting-debut-with-short-film-khayali-pulav-2708641.html। আহৰণ কৰা হৈছে: 2020-07-23.