প্ৰিণ্টাৰ (কম্পিউটাৰ সম্বন্ধীয়)

অসমীয়া ৱিকিপিডিয়াৰ পৰা


স্কেন, ফ'টোকপি আৰু প্ৰিন্ট কৰিব পৰা সুবিধাৰে এটা আধুনিক প্ৰিন্টাৰ

প্ৰিন্টাৰ হ'ল এবিধ কম্পিউটাৰৰ জড়িয়তে ডিজিটেল ৰূপত সংৰক্ষিত ডেটা যেনে নথি-পত্ৰ বা চিত্ৰ আদি কাগজ আদিৰ দৰে স্থায়ী ছপা মধ্যমত ছপা কৰা এবিধ সজুলি বা যন্ত্ৰ। সাধাৰণতে বেছিভাগ প্ৰিন্টাৰকেই একোডাল প্ৰিন্টাৰ কেবলৰ (LPT) সহায়ত এটা কম্পিউটাৰৰ লগত সংযোগ কৰা হয় যদিও সম্প্ৰতি বজাৰত পোৱা নতুন প্ৰিন্টাৰসমূহক কম্পিউটাৰৰ লগত সংযোগ কৰিবলৈ একোডাল ইউ এছ বি(USB) ডেটা কেৱল ব্যৱহাৰ কৰা হয় আৰু ই নিজৰটোৰ লগতে আন কেবাটাও কম্পিউটাৰক সেৱা আগবঢ়াব পাৰে। কিছুমান প্ৰিন্টাৰক নেটৱৰ্ক প্ৰিন্টাৰ বুলি কোৱা হয়, ইহতৰ নিজাকৈ নেটৱৰ্কৰ লগত সংযুক্ত হ'ব পৰা সজুলি যেনে নেটৱৰ্ক ইন্টাৰফেচ কাৰ্ড(NIC) বা ইথাৰনেট কাৰ্ড আদি মজুত থাকে আৰু ইহতে এটা কম্পিউটাৰ নেটৱৰ্কত সম্পুৰ্ণ অকলশৰীয়া ন'ড(Node) হিচাপে কাম কৰিব পাৰে। সম্প্ৰতি উপলব্ধ আধুনিক প্ৰিন্টাৰ সমূহৰ বেছিভাগতেই মেম'ৰী কাৰ্ড(Memory Card), ডিজিটেল কেমেৰা, স্কেনাৰ আদিৰ লগত পোনপটীয়া ভাৱে সংযোগ কৰিব পৰা সুবিধা থাকে, আনকি কিছুমান প্ৰিন্টাৰত স্কেনাৰ আৰু ফেক্স মেছিন সংযুক্ত হৈয়ে থাকে আৰু ইয়াক ফ'টোকপি কৰা মেছিন হিচাপেও ব্যৱহাৰ কৰিব পৰা যায়।

প্ৰিন্টাৰ সমূহ সাধাৰণতে ধীৰ গতিযুক্ত সযুলি, প্ৰতি মিনিটত ৩০ খন পৃষ্ঠা প্ৰিন্ট কৰিব পৰা ক্ষমতাটোক আটাইতকৈ দ্ৰুত বুলি কোৱা হয় যদিও বহু কম মুল্যৰ প্ৰিন্টাৰ সেইটো ক্ষমতা পাবলৈ সক্ষম নহয়। তথাপিও প্ৰিন্টাৰৰ গুনাগুন আৰু কাৰ্য্যপ্ৰক্ৰিয়া বৃদ্ধি ঘটাৰ ফলত ইয়াক আজিকালি প্ৰায় ঘৰে ঘৰে ব্যৱহাৰ কৰা দেখা যায়, অৰ্থাৎ আগতে ডিটিপি চেন্টাৰ আদিত বৃত্তিগত মানুহৰ দ্বাৰা কৰিবলগীয়া কাম বিলাক আজিকালি মানুহে প্ৰিন্টাৰৰ সহায়ত ঘৰতে নিজেই কৰি লব পৰা হৈছে।

পৃথিৱীৰ প্ৰথমটো কম্পিউটাৰ প্ৰিন্টাৰ উনবিংশ শতিকাত ছাৰ্লচ বেবেজে সাজি উলিয়ায়।[1]


প্ৰিন্টাৰৰ অনুকৰণ কৰিব পৰা চফ্টৱেৰো আছে, যাক সাধাৰণতে প্ৰিন্ট কৰিবলগীয়া ডেটাসমূহ প্ৰিন্টাৰলৈ চিধা নপঠাই PDF (Portable Document Format), প'ষ্টস্ক্ৰিপ্ত (PS) আদি বিভিন্ন ৰূপত পাচত স্ক্ৰীনত পঢ়িবলৈ বা যিকোনো প্ৰিন্টাৰতে প্ৰিন্ট কৰিবলৈ সুবিধা হোৱাকৈ সাঁচি ৰাখিবলৈ ব্যৱহাৰ কৰা হয়।

প্ৰযুক্তি[সম্পাদনা কৰক]

প্ৰিণ্টাৰসমূহক ইয়াৰ ব্যৱহাৰ বা প্ৰযুক্তি অনুযায়ী বিভিন্ন ভাগত ভগাব পাৰি।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]