প্ৰীতি শ্বিনয়
| প্ৰীতি শ্বিনয় | |
|---|---|
লেখিকা প্ৰীতি শ্বিনয় | |
| জন্ম | ২১ ডিচেম্বৰ, ১৯৭১ (৫৩ বছৰ) |
| পেচা | লেখিকা |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| ধৰণ | কল্পকাহিনী, অকাহিনীমূলক |
| ৱেবছাইট | preetishenoy |
প্ৰীতি শ্বিনয় (ইংৰাজী: Preeti Shenoy) হৈছে এগৰাকী ভাৰতীয় লেখিকা। ২০০৮ চনত '34 Bubblegums and Candies' নামৰ গ্ৰন্থখনৰে লেখিকাৰ জীৱন আৰম্ভ কৰা প্ৰীতিৰ এতিয়ালৈকে তেৰখন উপন্যাস/অকাহিনীমূলক গ্ৰন্থ প্ৰকাশিত হৈছে। ইয়াৰে একাধিক গ্ৰন্থয়েই ৰাষ্ট্ৰীয় পৰ্যায়ত 'বেষ্টছেলাৰ'ৰ মৰ্যাদা লাভ কৰিছে।[1] ২০১৩ চনৰ পৰা প্ৰীতি শ্বিনয়ৰ নামটো ফৰ্বছৰ এশগৰাকী প্ৰভাৱশালী চেলিব্ৰেটিৰ তালিকালৈ ক্ৰমাগতভাৱে মনোনীত হৈ আহিছে।[2] প্ৰীতি ব্ৰেণ্ডছ একাডেমীৰ তৰফৰ পৰা "বৰ্ষটোৰ ভাৰতীয়" বঁটা লাভ কৰিছিল।[3] নিউ দিল্লী মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা তেখেতে বিজিনেছ এক্সিলেন্স বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।[4] ভাৰতৰ জনপ্ৰিয় সংবাদগোষ্ঠী 'ইণ্ডিয়া টুডে'য়ে প্ৰীতি শ্বিনয়ক 'সৰ্বাধিক গ্ৰন্থ বিক্ৰী হোৱা শাখাৰ একমাত্ৰ নাৰী' হিচাপে চিহ্নিত কৰিছে।[5]
আনহাতে 'ডেইলি নিউজ এণ্ড এনালাইছিছ'-এ তেখেতক "তীক্ষ্ণ পৰ্যবেক্ষণশীল মনৰ গৰাকী" আখ্যা দিছে। 'দ্য টাইমছ অৱ ইণ্ডিয়া'ই তেখেতেৰ লিখনিক "মনোৰম কথনশৈলীৰে দক্ষ' বুলি অভিহিত কৰে। 'কছমোপলিটান' আলোচনীয়ে প্ৰীতি শ্বিনয়ক "ভাৰতৰ জনপ্ৰিয় লেখকসকলৰ অন্তৰ্গত" বুলি অভিহিত কৰিছে।[6] প্ৰীতি শ্বিনয় বাৰ্মিংহাম সাহিত্যিক মহোৎসৱৰ এগৰাকী কেন্দ্ৰীয় বক্তা।[7] এইখনি মহোৎসৱতে 'A Hundred Little Flames' গ্ৰন্থখনৰ বেটুপাতো মুকলি কৰা হৈছিল।[8][9]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৭১ চনত প্ৰীতি শ্বিনয়ৰ জন্ম হৈছিল। তেখেতে কেইবাখনো কেন্দ্ৰীয় বিদ্যালয়ত পঢ়াশুনা কৰিছিল। অৱশ্যে শৈশৱৰ কালছোৱাতেই তেখেতে কলা আৰু লেখা-মেলাৰ প্ৰতি আগ্ৰহ দেখুৱাইছিল। চিত্ৰাঙ্কনত ৰাপ থকাৰ বাবে তেখেতে কলা শাখাত এটা পাঠ্যক্ৰম গ্ৰহণ কৰে। ইউনাইটেড কিংগডম বিশ্ববিদ্যালয়ৰ পৰা প্ৰীতি শ্বিনয়ে পৰৱৰ্তী সময়ত পৰ্ট্ৰেইট পেইণ্টিঙত ডিগ্ৰী অৰ্জন কৰে। ২০০৮ চনত প্ৰকাশিত হোৱা ‘34 Bubblegums and Candies’ আছিল তেখেতৰ প্ৰথমখন গ্ৰন্থ। এইখনি গ্ৰন্থত কিছুমান বাস্তৱনিৰ্ভৰ চুটি গল্প সন্নিৱিষ্ট হৈছিল।[10]
সাহিত্যিক জীৱন
[সম্পাদনা কৰক]- থাৰ্টি ফ'ৰ বাবলগামছ এণ্ড কেণ্ডিছ (34 Bubblegums and Candies)
'থাৰ্টি ফ'ৰ বাবলগামছ এণ্ড কেণ্ডিছ' হৈছে কেইখনমান অভিজ্ঞতালব্ধ সংক্ষিপ্ত ৰচনাৰ সংকলন। গ্ৰন্থখনৰ নামটোৱে মানুহে জীৱনত অজানিতে অৱজ্ঞা কৰা সৰু-সৰু ঘটনাবোৰক প্ৰতিনিধিত্ব কৰিছে। লেখনশৈলীত হাস্যৰস বিদ্যমান। গ্ৰন্থখনত ৩৪টা বাস্তৱ-নিৰ্ভৰ অভিজ্ঞতা সন্নিৱিষ্ট হৈছে। এই গ্ৰন্থখন ২০০৮ চনত প্ৰকাশিত হৈছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্টছেলাৰ হিচাপে পৰিগণিত হৈছিল।[11]
- লাইফ ইজ হোৱাট ইউ মেক ইট (Life Is What You Make It)
এইখন প্ৰীতি শ্বিনয়ৰ দ্বিতীয়খন গ্ৰন্থ। ২০১১ চনৰ ১ জানুৱাৰীত প্ৰকাশিত হোৱা এই উপন্যাসখনো শীঘ্ৰেই ৰাষ্ট্ৰীয় পৰ্যায়ত বেষ্টছেলাৰ হিচাপে বিবেচিত হয়। ২০১১ বৰ্ষৰ শীৰ্ষস্থানীয় গ্ৰন্থৰ তালিকাতো স্থানলাভ কৰা গ্ৰন্থখনক টাইমছ অৱ ইণ্ডিয়াৰ ২০১১ চনৰ বেষ্টছেলাৰ তালিকাতো দেখিবলৈ পোৱা যায়। গ্ৰন্থখনত অংকিতা নামৰ এগৰাকী ৰোগাক্ৰান্ত যুৱতীৰ জীৱন অংকিত কৰা হৈছে আৰু কিদৰে সেই যুৱতীয়ে জীৱনৰ কঠিন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হয়-সেইয়া উপন্যাসখনিত উপস্থাপিত হৈছে।[10]
প্ৰীতি শ্বিনয়ৰ শেহতীয়া গ্ৰন্থখন হৈছে 'দ্য মেজিক মাইণ্ডছেট'। এইখন গ্ৰন্থ ২০২১ চনৰ ছেপ্টেম্বৰ মাহত হাৰ্পাৰ কলিন্সে প্ৰকাশ কৰিছে।[12]
গ্ৰন্থপুঞ্জী
[সম্পাদনা কৰক]প্ৰীতি শ্বিনয়ৰ গ্ৰন্থসমূহৰ নাম তলত উল্লেখ কৰা হ'ল:
(২০০৮). 34 Bubblegums and Candies. Srishti Publishers. ISBN 978-81-88575-68-8.(২০১১). Life is What You Make it. Srishti Publishers & Distributors. ISBN 978-93-80349-30-5. http://www.preetishenoy.com/books/life-is-what-you-make-it/.(২০১২). Tea for Two and a Piece of Cake. Random House Publishers India Pvt. Limited. ISBN 978-81-8400-127-3. http://www.preetishenoy.com/books/tea-for-two-and-a-piece-of-cake/.(২০১২). The Secret Wish List. Westland Limited. ISBN 978-93-82618-18-8. http://www.preetishenoy.com/books/the-secret-wishlist/.(২০১৩). The One You Cannot Have. Westland Limited. ISBN 978-93-83260-68-3. http://www.preetishenoy.com/books/the-one-you-cannot-have/.(২০১৪). It Happens for a Reason. Westland Limited. ISBN 978-93-84030-74-2. http://www.preetishenoy.com/books/it-happens-for-a-reason/.(২০১৫). Love, Kisses and All Things Warm. Westland Limited. ISBN 978-93-84030-97-1. https://www.amazon.in/Love-Kisses-All-Things-Warm-ebook/dp/B00TIM2Y8C.(২০১৫). Why We Love The Way We Do. Westland Limited. ISBN 978-93-85724-18-3. http://www.preetishenoy.com/books/why-we-love-the-way-we-do/.(২০১৬). It's All in the Planet's. Westland Limited. ISBN 978-93-86036-45-2. http://www.preetishenoy.com/books/its-all-in-the-planets/.(২০১৭). A Hundred Little Flames. Westland Publications Limited. ISBN 978-93-86850-42-3. Archived from the original on 2018-12-08. https://web.archive.org/web/20181208071916/http://www.preetishenoy.com/hundred-little-flames/। আহৰণ কৰা হৈছে: 2021-09-27.(২০১৮). Love A Little Stronger. Srishti Publishers & Distributors. ISBN 978-93-87022-13-3. https://www.preetishenoy.com/book/love-a-little-stronger/.(২০১৮). The Rule Breakers. Westland. ISBN 978-93-87578-67-8. https://www.preetishenoy.com/book/the-rule-breakers/.(২০১৯). Wake Up, Life is Calling. Srishti Publishers & Distributors. ISBN 978-93-87022-60-7. https://www.preetishenoy.com/book/wake-up-life-is-calling/.(২০২১). The Magic Mindset: How to Find Your Happy Place. HarperCollins. ISBN 978-93-54227-73-8. https://preetishenoy.com/book/the-magic-mindset/.
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Nielsen India Consumer Rankings". Nielsen.com. Archived from the original on 11 December 2013. https://web.archive.org/web/20131211110628/http://www.nielsen.com/content/dam/corporate/in/docs/Nielsen-India-Consumer-Rankings-City-Rankings.pdf। আহৰণ কৰা হৈছে: 23 February 2015.
- ↑ "Forbes India Celebrity 100 Nominees List for 2015; Forbes India Blog". Forbesindia.com. Archived from the original on 5 November 2015. https://web.archive.org/web/20151105055809/http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2015/41475/1। আহৰণ কৰা হৈছে: 9 September 2015. "Forbes Celebrity 100 Nominees List 2014". Forbes India. Archived from the original on 2015-12-05. https://web.archive.org/web/20151205212453/http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list-for-2014/39097/1। আহৰণ কৰা হৈছে: 2021-09-27. "Forbes Celebrity 100 Nominees List 2013". Forbes India. Archived from the original on 2014-02-16. https://web.archive.org/web/20140216232022/http://forbesindia.com/article/special/forbes-india-celebrity-100-nominees-list/34337/1। আহৰণ কৰা হৈছে: 2021-09-27.
- ↑ "DESIblitz presents Asian Literature at Birmingham Literature Festival 2017". Business Standard. http://www.business-standard.com/article/news-ians/writer-preeti-shenoy-bags-indian-of-the-year-award-117070100346_1.html.
- ↑ "It is written in the stars". The Hindu. http://www.thehindu.com/features/metroplus/Is-it-written-in-the-stars/article15421115.ece.
- ↑ "A League of Their Own". India Today. http://indiatoday.intoday.in/story/how-four-writers-announced-their-success-and-took-the-indian-bestseller-mainstream/1/379636.html.
- ↑ "Preeti Shenoy". http://www.goodreads.com/author/show/2872571.Preeti_Shenoy। আহৰণ কৰা হৈছে: 18 November 2015.
- ↑ "DESIblitz presents Asian Literature at Birmingham Literature Festival 2017". DESIblitz. https://www.desiblitz.com/content/desiblitz-asian-literature-birmingham-literature-festival.
- ↑ "Author Preeti Shenoy Unveils the Cover of Her New Book A Hundred Little Flames at Birmingham Literary Festival 2017". International News and Views. http://www.internationalnewsandviews.com/author-preeti-shenoy-unveils-the-cover-of-her-new-book-a-hundred-little-flames-at-birmingham-literary-festival-2017/.
- ↑ "Stories Crossing Borders: An Afternoon with Preeti". The Box. Archived from the original on 2018-02-09. https://web.archive.org/web/20180209124846/http://www.birmingham-box.co.uk/event/stories-crossing-borders-an-afternoon-with-preeti-/। আহৰণ কৰা হৈছে: 2021-09-27.
- ↑ 10.0 10.1 "Preeti Shenoy". Authors. 4th May 2020. https://theindianauthors.in/novelists/preeti-shenoy/। আহৰণ কৰা হৈছে: 27 September 2021.
- ↑ "Life is beautiful". The Hindu. 15 October 2008. Archived from the original on 18 October 2008. https://web.archive.org/web/20081018191025/http://www.hindu.com/mp/2008/10/15/stories/2008101550580300.htm। আহৰণ কৰা হৈছে: 23 February 2015.
- ↑ https://preetishenoy.com/book/the-magic-mindset/