প্ৰৱেশ্যতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আহিত কণাসমূহে পৰাবৈদ্যুতিক মাধ্যমত মেৰুকৰণ প্ৰক্ৰিয়া লাভ কৰা দেখা গৈছে। মেৰুকৰণ প্ৰক্ৰিয়াৰ বাবে কম প্ৰৱেশ্যযুক্ত (প্ৰতি একক আধান) এক মাধ্যমৰ বৈদ্যুতিক অভিবাহৰ পৰিমাণ বেছি

বিদ্যুৎ চুম্বকত্বৰ ক্ষেত্ৰত, পৰম প্ৰৱেশ্যতা (ইংৰাজী: Absolute Permittivity) হৈছে কোনো এক মাধ্যমত এখন বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি কৰোঁতে লাভ কৰা বাধাৰ পৰিমাণ। অন্যধৰণেৰে ক'বলৈ গ'লে, প্ৰৱেশ্যতা হৈছে পৰাবৈদ্যুতিক মাধ্যমত এখন বৈদ্যুতিক ক্ষেত্ৰই কেনেদৰে প্ৰভাৱ পেলায় বা প্ৰভাৱ লাভ কৰে। কোনো এক মাধ্যমৰ প্ৰৱেশ্যতাই সেই মাধ্যমৰ প্ৰতি একক আধানৰ অনুপাতে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰ ( বা বৈদ্যুতিক অভিবাহ) ৰ পৰিমাণক সূচায়। মেৰুকৰণ প্ৰক্ৰিয়াৰ বাবে কম প্ৰৱেশ্যযুক্ত (প্ৰতি একক আধান) এক মাধ্যমৰ বৈদ্যুতিক অভিবাহৰ পৰিমাণ বেছি। প্ৰৱেশ্যতা বৈদ্যুতিক প্ৰৱণতাৰ সৈতে সম্পৰ্কিত, যিয়ে কোনো এক বৈদ্যুতিক ক্ষেত্ৰ সাপেক্ষে এটা পৰাবৈদ্যুতিক মাধ্যমে কিমান সহজে মেৰুকৃত হয়, তাক সূচায়। গতিকে, প্ৰৱেশ্যতা কোনো পদাৰ্থৰ বৈদ্যুতিক ক্ষেত্ৰ এখনক বাধা দিয়াৰ সামৰ্থতাৰ লগত সম্পৰ্কিত।

এছ আই এককত, প্ৰৱেশ্যতা প্ৰতি মিটাৰত থকা ফেৰাডৰ পৰিমাণত জোখা হয় (ফেৰাড/মিটাৰ)(F/m)। বৈদ্যুতিক প্ৰৱণতা এক মাত্ৰাবিহীন ৰাশি। এই দু্য়োটা ৰাশিৰ মাজৰ সম্পৰ্ক তলত দিয়াধৰণেৰে দিয়া হয়-

যত εr হৈছে পদাৰ্থৰ আপেক্ষিক প্ৰৱেশ্যতা (Relative Permittivity)আৰু ε0 = ৮.৮৫৪১৮৭৮১৭৬.. × ১০−১২ F/m হৈছে শূন্য মাধ্যমৰ প্ৰৱেশ্যতা

ব্যাখ্যা[সম্পাদনা কৰক]

বিদ্যুৎ-চুম্বকত্বৰ ক্ষেত্ৰত, বৈদ্যুতিক সৰণ ক্ষেত্ৰ, D য়ে কোনো এক বৈদ্যুতিক ক্ষেত্ৰই কেনেদৰে কোনো এক মাধ্যমত বৈদ্যুতিক আধান সংগঠনত প্ৰভাৱ পেলায়, তাক সূচায়। ৰৈখিক, সমসত্ব আৰু সমদিশী পদাৰ্থৰ ক্ষেত্ৰত এই ৰাশিৰ প্ৰৱেশ্যতাৰ সৈতে সম্পৰ্ক তলত দিয়াধৰণেৰে দিয়া হয়-

যত প্ৰৱেশ্যতা ε হৈছে স্কেলাৰ ৰাশি।

প্ৰৱেশ্যতা ধ্ৰুৱক ৰাশি নহয় কিয়নো ই মাধ্যমত অৱস্থান, প্ৰয়োগ কৰা ক্ষেত্ৰৰ কম্পনাংক, আৰ্দ্ৰতা, উষ্ণতা আদিৰ সমান্তৰালকৈ সলনি হব পাৰে। অৰৈখিক মাধ্যমৰ ক্ষেত্ৰত প্ৰৱেশ্যতা বৈদ্যুতিক ক্ষেত্ৰখনৰ শক্তিৰ ওপৰতো নিৰ্ভৰশীল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]