ফ'বিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ফ'বিয়া (ইংৰাজী: Phobia) হʼল অস্বাভাৱিক ভয়, যাৰ নেপথ্যত যি কাৰণেই নাথাকক কিয়, আপাতদৃষ্টিত তাক অযৌক্তিক যেন লাগে। ই এক ধৰণৰ মানসিক অসুখ। উদাহৰণস্বৰূপে কʼব পাৰি পইতাচোঁৰা উৰা দেখিলে কোনোবাই অলপ ভয় খায়,কোনোবাই কিন্তু আতংকত শিয়ৰি উঠে। প্ৰথম ক্ষেত্ৰত যিটো স্বাভাৱিক,দ্বিতীয় ক্ষেত্ৰত সিয়েই হʼল ফ'বিয়া। আন আন অসুখৰ দৰে ফ'বিয়াৰো নেপথ্যত কিছু কাৰণ থাকে। ৱঅধিকাংশ ক্ষেত্ৰত,বিপজ্জনক কোনো ঘটনা বা পৰিস্থিতিৰ মুখামুখি হোৱাৰ অভিজ্ঞতাই মানুহক তেওঁৰ পৰৱৰ্তী জীৱনত একে ধৰণৰ ঘটনা বা পৰিস্থিতিত আতংকগ্ৰস্ত কৰি তোলে। ইয়াৰ কাৰণেই যুদ্ধত গুলী খাই বহু মানুহৰ মৃত্যু হোৱাৰ দৃশ্য দেখি বহু সৈনিকে যুদ্ধৰ নাম শুনিলেই আতংকিত হৈ পৰে। আকৌ পাইলটসকলৰো বহুতে ঘটনাচক্ৰত কোনো বিমান দুৰ্ঘটনাত পৰিলে আকৌ দুৰ্ঘটনা হʼব বুলি আতংকত বিমান চলাবলৈকে এৰি দিয়ে।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড),প্ৰথম প্ৰকাশ,শান্তনু কৌশিক বৰুৱা,পৃষ্ঠা নং-২০৫,২০৬