ফিজিৰ শ্ৰুতিকথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ফিজিৰ শ্ৰুতিকথা (ইংৰাজী: Fijian mythology) বা ফিজিৰ পৌৰাণিক কাহিনী হৈছে ফিজি দ্বীপৰ খিলঞ্জীয়া লোকসকলৰ মাজত প্ৰচলিত লোক বিশ্বাস, পৰম্পৰা, লোককথা আদিৰ সম্ভাৰ।

তেওঁলোকৰ থলুৱা ধৰ্ম বিশ্বৰ আন বহু লোকৰ দৰে চক্ৰীয় অস্তিত্বৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে য’ত তেওঁলোকৰ পূৰ্বপুৰুষ আৰু পৰিৱেশ অভিজ্ঞতা, ইতিহাস আৰু প্ৰকৃতিৰ সৈতে এক গতিশীল চক্ৰত বিদ্যমান। অস্তিত্ব ৰক্ষাৰ বাবে বীজ ধাৰণ কৰা উদ্ভিদৰ দৰে, পৃথিৱীত অস্তিত্ব বজাই ৰাখিবলৈ প্ৰজনন চক্ৰৰ ওপৰত নিৰ্ভৰশীল মানুহ, প্ৰাণী আৰু আন সকলো জীৱই বীজ ধাৰণ কৰে। ফিজিবাসীয়ে বিশ্বাস কৰে যে মানুহৰ অস্তিত্ব প্ৰকৃতিৰ সৈতে আৰু কেতিয়াবা ইয়াত আন প্ৰজাতিৰ যেনে হাঁহ, সাপ, অক্টোপাছ আদিৰ আধিপত্য থাকে, য’ত মানুহ চিকাৰীৰ পৰিৱৰ্তে চিকাৰ হয়।

ফিজিৰ শ্ৰুতিকথাত বৰ্ণনা কৰা দেৱতাসকলৰ ভিতৰত অন্যতম এজন দেৱতা হৈছে ডেগেই (Degei)। সাপ বুলি বিশ্বাস কৰা ডেগেই হৈছে উলুডা ফিজিৰ সৰ্বোচ্চ দেৱতা। ফিজিবাসীয়ে তেওঁক জগতৰ সৃষ্টিকৰ্তা বুলি বিশ্বাস কৰে। তেওঁ নতুনকৈ মৃত আত্মাবোৰক দুটা গুহাৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত চিবাচিবা বা ড্ৰাকুলু (Cibaciba বা Drakulu) নামৰ গুহাটোত বিচাৰ কৰে।[1] ইয়াৰে কিছুমান আত্মাক তেওঁ স্বৰ্গ বুৰোটু (Burotu) বা বুৰোটুকুলালৈ (Burotukula) পঠিয়াই দিয়ে। আন বেছি ভাগ আত্মাক তেওঁ এটা হ্ৰদত পেলাই দিয়ে, য'ত শেষত আত্মাবোৰ তললৈ (Murimuria; মুৰিমুৰিয়া) ডুব গৈ উপযুক্ত পুৰস্কাৰ অথবা শাস্তি লাভ কৰে।[2]

দেৱ-দেৱী[সম্পাদনা কৰক]

আদি-মাইলাগু : আদি-মাইলাগু হৈছে ফিজিৰ জনসাধাৰণৰ বিশ্বাসত আকাশৰ দেৱী। ফিজিৰ পৌৰাণিক কাহিনীত আদি-মাইলাগুক "আকাশৰ ভদ্ৰমহিলা" বা "আকাশৰ দেৱী" বুলি জনা যায়।[3][4] তুইলাকেম্বাই (Tuilakemba) আকাশৰ পৰা জোৰকৈ উলিয়াই দিয়াৰ পিছত আকাশৰ পৰা নামি আহি নদীত ডুব মাৰি ধূসৰ নিগনিৰ ৰূপ লৈ পৃথিৱীলৈ আহিছিল বুলি কোৱা হয়।[4][5] তেখেতে নিজকে কুমাৰী বা দীঘল জিভা থকা বৃদ্ধা হিচাপেও প্ৰকাশ কৰিব পাৰে। পুৰোহিতসকলকো তেওঁ পৰামৰ্শ প্ৰদান কৰে।[6][5]

ডাকুৱাকা : ফিজিৰ পৌৰাণিক কাহিনীত ডাকুৱাকা (ডাকুৱাংগা) এজন হাঁহৰ দেৱতা আৰু প্ৰায়ে দ্বীপসমূহক পহৰা দিয়া এক ভয়ানক সাগৰীয় দানৱ হিচাপে দেখা দিয়ে।[7] মাছমৰীয়াসকলে তেওঁক অতিশয় সন্মান কৰিছিল[8] কাৰণ তেওঁ সাগৰ আৰু ইয়াৰ বাসিন্দাসকলক যিকোনো বিপদৰ পৰা ৰক্ষা কৰিছিল।[9][10]

ডাউচিনা : ফিজিৰ পৌৰাণিক কাহিনীত ডাউচিনা হৈছে সামুদ্ৰিক ফিজিৰ মহান দেৱতা। ডাউচিনা যেতিয়া সৰু আছিল, তেতিয়া তেওঁ নিৰৱে কেৱল এটা লেম্প চাই থাকিছিল। মাকে শান্ত হ’বলৈ তেওঁৰ মূৰত অগ্নিময় নল বান্ধি দিছিল। তেতিয়াৰ পৰাই তেওঁ স্কাৰ্ফ পিন্ধি প্ৰবাল প্ৰাচীৰত ঘূৰি ফুৰে।[11] তেওঁক এজন ছলনাময়ী আৰু ব্যভিচাৰীৰ পৃষ্ঠপোষক, তথা নাৰী প্ৰলোভনকাৰী বুলি কোৱা হয়।

ডেগেই : সাপ বুলি বিশ্বাস কৰা ডেগেই হৈছে উলুডা ফিজিৰ সৰ্বোচ্চ দেৱতা। ফিজিবাসীয়ে তেওঁক জগতৰ সৃষ্টিকৰ্তা বুলি বিশ্বাস কৰে।

গেডি : ফিজিৰ পৌৰাণিক কাহিনীত গেডি (Ngendi) হৈছে এজন উৰ্বৰতাৰ দেৱতা যিয়ে মানৱতাক জুইৰ ব্যৱহাৰ শিকাইছিল।

লেৱালেভু : ফিজিৰ পৌৰাণিক কাহিনীমতে লেৱালেভু হৈছে এগৰাকী উৰ্বৰতা দেৱী।[12][13][14] তেওঁক লেৱা-লেভু (Lewa-Levu) বা "মহান মহিলা" বুলিও কোৱা হয়।

আৰু অন্যান্য দেৱ-দেৱী হৈছে কোৰাই (Qurai), ৰাটুমাইবুলু (Ratumaibulu), চামুলায়ো (Samulayo), টাগ্ৰ'য়া ছিৰিয়া (Tagroa Siria) তুই দেলাই গৌ (Tui Delai Gau), তুই ফিতি (Tui Fiti), উলুপোকা (Ulupoka) ইত্যাদি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. John Freese, The Philosophy of the Immortality of the Soul and the Resurrection of the Human Body. Facsimile reprint of 1864 edition. Kessinger Publishing, 2005, আই.এচ.বি.এন. 1-4179-7234-3.
  2. T. Williams, J. Calvert, Fiji and the Fijians, Heylin, 1858.
  3. Alexander Wyclif Reed; Alice Inez Hames (1967). Myths and Legends of Fiji and Rotuma. Reed. পৃষ্ঠা. 48. https://books.google.com/books?id=uK7fAAAAMAAJ. 
  4. 4.0 4.1 Jan Knappert (1992). Pacific Mythology: An Encyclopedia of Myth and Legend. Aquarian Press. পৃষ্ঠা. 94. ISBN 978-1-85538-133-9. https://books.google.com/books?id=q53fAAAAMAAJ. 
  5. 5.0 5.1 J. A. Coleman (2007). The Dictionary of Mythology: An A-Z of Themes, Legends and Heroes. Arcturus. পৃষ্ঠা. 29. ISBN 978-0-572-03222-7. https://books.google.com/books?id=KJGhGAAACAAJ. 
  6. Serinity Young (March 1993). An Anthology of sacred texts by and about women. Crossroad. পৃষ্ঠা. 259. ISBN 978-0-8245-1143-2. https://books.google.com/books?id=rMwoAAAAYAAJ. 
  7. Fijian Medicinal Plants by RC Cambie, J Ash
  8. Bed the turtle softly: legends of the South Pacific by Mary Edith Branham and Joel S. Branham. "Many are the stories about the shark-god Dakuwaqa."
  9. Deuba: A Study of a Fijian Village by William Robert Geddes
  10. The People of the Sea: Environment, Identity, And History in Oceania. Author: Paul D'Arcy. Please see this page. "His Fijian crew addressed the creature as Dakuwaqa, and promised it kava if it did not harm them. Dakuwaqa had a history of fierce retribution against seafarers who did not respect him, but had rescued his worshippers from trouble at sea."
  11. King and People of Fiji (The Pasifika Library) (Paperback) (আই.এচ.বি.এন. 0824819209 / 0-8248-1920-9)
  12. Hames, Alice Inez (1967). Myths and legends of Fiji and Rotuma. Reed. পৃষ্ঠা. 21. ISBN 9787420001213. https://books.google.com/books?id=lvzfAAAAMAAJ&q=Lewalevu. 
  13. Mary Saracino; Mary Beth Moser (2012). She Is Everywhere!: An Anthology of Writings in Womanist/Feminist Spirituality, Volume 3. iUniverse. ISBN 9781462064342. https://books.google.com/books?id=iQPXgTj_0lIC&q=Lewalevu&pg=PA253. 
  14. Williams, Thomas (1870). Fiji and the Fijians. Hodder and Stoughton. পৃষ্ঠা. 202. https://books.google.com/books?id=db0XAAAAYAAJ&q=Lewalevu&pg=PA202.