ফ্ৰিদা কাল'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ফ্ৰিডা কাল'ৰ পৰা পুনঃনিৰ্দেশিত)
ফ্ৰিদা কাল'

Frida Kahlo, Self-portrait with Thorn Necklace and Hummingbird, Nickolas Muray Collection, Harry Ransom Center, University of Texas at Austin[1]
নাম Magdalena Carmen Frieda[2] Kahlo y Calderón
জন্ম জুলাই ৬ , ১৯০৭
Coyoacán, Mexico
মৃত্যু জুলাই ১৩ , ১৯৫৪ (৪৭ বছৰ)
Coyoacán, Mexico
দেশ Mexican
পেচা Painting
প্ৰশিক্ষণ Self–taught
বিপ্লৱ Surrealism, Magic Realism
কৰ্মৰাজী in museums:

ফ্ৰিদা কাল' (ইংৰাজী: Frida Kahlo de Rivera) এগৰাকী মেক্সিকান চিত্ৰকৰ।[2][4][5] এওঁ বিশেষকৈ তেওঁৰ নিজা প্ৰতিকৃতি (self-portrait) সমূহৰ বাবে প্ৰসিদ্ধ।[6] তেওঁৰ চিত্ৰসমূহ মেক্সিক'কে ধৰি আমেৰিকাৰ লোকসকলৰ মাজত দেশীয় সত্তাৰ পৰিচয়মূলকভাৱে আৰু নাৰিবাদী সকলৰ মাজত নাৰীৰ অনুভৱৰ প্ৰতিনিধি ৰূপে খ্যাত।[7]

জীৱন[সম্পাদনা কৰক]

কাল'ৰ জীৱন আৰম্ভ হয় মেক্সিক' চহৰত। যদিও তেওঁ নিজৰ জন্ম তাৰিখ ১৯১০ চনৰ জুলাইৰ সাত তাৰিখ বুলি দাবী কৰে, প্ৰকৃততে তথ্য অনুসৰি তেওঁৰ জন্ম হৈছিল ১৯০৭ চনৰ জুলাই মাহৰ ৬ তাৰিখে। তেওঁ বিখ্যাত মেক্সিকান চিত্ৰকৰ ডিয়োগো ৰিভেৰা (Diego Rivera) ৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। ফ্ৰিদা কাল'ই আজীৱন বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভুগিছিল। এনেকাৰণতে তেওঁ প্ৰায় লোকাৰণ্যৰ পৰা আঁতৰত অকলশৰে থাকিবলৈ লৈছিল। এই একাকিত্বই তেওঁৰ কৰ্মৰাজিৰ ওপৰত প্ৰভাব পেলোৱা বুলি জনা যায়। কাল'ৰ নিজৰ ভাষাত, "I paint myself because I am so often alone and because I am the subject I know best."[8][9]

১৯৫৪ চনৰ জুলাই মাহৰ ১৩ তাৰিখে ৪৭ বছৰ বয়সত ফ্ৰিদা কাল'ৰ মৃত্যু হয়। মৃত্যুৰ কিছুদিনৰ পূৰ্বে তেওঁ ডায়েৰীত লিখিছিল-"I hope the exit is joyful — and I hope never to return "[4] চৰকাৰীভাবে মৃত্যুৰ কাৰণ 'pulmonary embolism' বুলি কোৱা হৈছিল যদিও বহুলোকে তেওঁ স্বইছ্ছাই ঔষধৰ অতিসেৱনেৰে মৃত্যুক আকোঁৱালি লোৱা বুলিও সন্দেহ প্ৰকাশ কৰে।[4]

কেৰিয়াৰ[সম্পাদনা কৰক]

স্বামী ডিয়গোৰ সৈতে ফ্ৰিদা কাল'

জন্মতে লৈ অহা শাৰীৰিক ব্যাধিৰ বাবে চিৰদিন ভুক্তভুগী হৈ ৰোৱা ফ্ৰিদা কাল'ই ছবি আঁকিয়ে নিসংগতা আৰু একাকিত্ব আঁতৰোৱাৰ যত্ন কৰিছিল। তেওঁ সৰ্বমুঠ ১৪০খন চিত্ৰ অঁকা বুলি জনা যায়। ইয়াৰে ৫৫ খনেই তেওঁৰ নিজৰ প্ৰতিকৃতি সম্বলিত (self-portrait)। স্বামী ডিয়োগো ৰিভেৰাৰ ফ্ৰিদা কাল'ৰ চিত্ৰশৈলীৰ ওপৰত যথেষ্ট প্ৰভাব পৰা বুলি জনা যায়। [10]

অৱশ্যে কাল'ৰ মৃত্যুৰ বহু দশক পিছলৈকে তেওঁৰ কৰ্মৰাজিয়ে বিশেষ স্বীকৃতি পাবলৈ সক্ষম হোৱা নাছিল। তেওঁক প্ৰায়ে চিত্ৰকৰ ডিয়োগো ৰিভেৰাৰ পত্নীৰূপেই জনা গৈছিল। ১৯৭০ৰ দশকৰ শেষভাগৰ ফালেহে মেক্সিক'ৰ নতুন চিত্ৰশৈলী 'Neomexicanismo' আৰম্ভ হোৱাৰ লগে লগে ফ্ৰিদা কাল'ৰো জনপ্ৰিয়তা বাঢ়িবলৈ লয়।[11][12]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Image—full description and credit: Frida Kahlo, Self-Portrait with Thorn Necklace and Hummingbird, 1940, oil on canvas on Masonite, 24½ × 19 inches, Nikolas Muray Collection, Harry Ransom Center, The University of Texas at Austin, ©2007 Banco de México Diego Rivera & Frida Kahlo Museums Trust, Av. Cinco de Mayo No. 2, Col. Centro, Del. Cuauhtémoc 06059, México, D.F.
  2. 2.0 2.1 Frieda is a German name from the word for peace (Friede/Frieden); Kahlo began omitting the "e" in her name about 1935 [1] Archived 2010-06-22 at the Wayback Machine
  3. Frieda and Diego Rivera (1931) at SFMOMA
  4. 4.0 4.1 4.2 Herrera, Hayden (1983). A Biography of Frida Kahlo. প্ৰকাশক New York: HarperCollins. ISBN 978-0-06-008589-6. 
  5. "Frida Kahlo". Smithsonian.com. Archived from the original on 2012-10-20. https://web.archive.org/web/20121020162822/http://www.smithsonianmag.com/arts-culture/kahlo.html। আহৰণ কৰা হৈছে: 2008-02-18. 
  6. Klein, Adam G. (2005). Frida Kahlo. প্ৰকাশক Edina, Minn.: ABDO Pub. Co.. ISBN 9781596797314. http://books.google.com/books?id=s2PcJCeS_4kC। আহৰণ কৰা হৈছে: 8 July 2013. 
  7. Norma Broude, Mary D. Garrard. The Expanding discourse: feminism and art history. 1992, page 399
  8. Andrea Kettenmann, Frida Kahlo. Frida Kahlo, 1907–1954: pain and passion page 27
  9. Levine, Barbara. Finding Frida Kahlo: An Unexpected Archive. New York: Princeton Architectural, 2009. Print.
  10. Andrea, Kettenmann (1993). Frida Kahlo: Pain and Passion. প্ৰকাশক Köln: Benedikt Taschen Verlag GmbH. পৃষ্ঠা. 3. ISBN 3-8228-9636-5. 
  11. Emerich, Luis Carlos (1989). Figuraciones y desfiguros de los ochentas. প্ৰকাশক Mexico City: Editorial Diana. ISBN 968-13-1908-7. 
  12. Helland, Janice (Fall 1990/Winter 1991). "Aztec Imagery in Frida Kahlo's Paintings". Woman's Art Journal খণ্ড 11: 8–13. https://www.msu.edu/course/ha/240/fridakahlo.pdf। আহৰণ কৰা হৈছে: 26 June 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]