৬ জুলাই
অৱয়ব
(জুলাই ৬ৰ পৰা পুনঃনিৰ্দেশিত)
জুলাই | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
৬ জুলাই (ইংৰাজী: 6 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৮৭তম (অধিবৰ্ষত ১৮৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৭৮টা দিন বাকী থাকে।
ঘটনাৱলী
[সম্পাদনা কৰক]- ১৮৮৫ - ফৰাচী বিজ্ঞানী লুই পেষ্টিউৰে জলাতংক ৰোগৰ কাৰণ আৰু তাৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰে।
- ১৯৪৪ - নেতাজী সুভাষ চন্দ্ৰ বসুই প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীক জাতিৰ পিতা ৰূপে সম্বোধন কৰে।
- ১৯৪৮ - নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক সত্যপ্ৰসাদ বৰুৱাদেৱে লিখা "ধৰালৈ যিদিনা নামিব সৰগ" নাটকখন ৰেডিঅ’যোগে প্ৰচাৰ হৈছিল। উল্লেখযোগ্য যে এইখনেই আছিল অল ইণ্ডিয়া ৰেডিঅ'যোগে প্ৰচাৰ হোৱা প্ৰথম অসমীয়া অনাতাঁৰ নাটক।
- ১৯৫৯ - ডাঃ এন গোপীনাথ আৰু ডাঃ আৰ এইছ বেটছৰ দ্বাৰা প্ৰথমবাৰৰ বাবে ভাৰতত মুক্ত হৃদপিণ্ডৰ অষ্ট্ৰোপচাৰ সম্পন্ন হৈছিল।
- ১৯৭৫ - ৫০০ বছৰীয়া পৰ্তুগীজ শাসনৰ শিকলী চিঙি মোজাম্বিকে স্বাধীনতাৰ লাভ কৰে।
- ২০১৩ - যোৰহাটৰ ৰাজমাও পুখুৰীৰ পাৰত অৱস্থিত নৱনিৰ্মিত তাৰকাগৃহটো অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উদ্বোধন কৰে।
জন্ম
[সম্পাদনা কৰক]- ১৯০৭ - ফ্ৰিডা কাল', মেক্সিকোৰ চিত্ৰ শিল্পী। (মৃঃ ১৩/০৭/১৯৫৪)
- ১৯২৬ - মহিম বৰা, 'কলংপৰীয়া কবি' ‘এধানি মহীৰ হাঁহি’ৰ স্ৰষ্টা।
- ১৯৩৫ - ১৪তম দালাই লামা গিৱালৱা ৰিনপচি। (ইংঃ Gyalwa Rinpoche)
- ১৯৪৬ - জৰ্জ ডব্লিউ বুশ্ব, ৪৩তম আমেৰিকান ৰাষ্ট্ৰপতি।
- ১৯৪৬ - ছিলভেষ্টাৰ ষ্টেলন, হলিউডৰ অভিনেতা, ৰেম্ব' আৰু ৰকী বোলছবিৰ বাবে বিশ্ব বিখ্য়াত।
- ১৯৪৭ - অতুল তামুলী, অসমীয়া শিশু সাহিত্যিক, গল্পকাৰ, কবি, প্ৰবন্ধকাৰ সমালোচক।
- ১৯৫৫ - শীলা শ্ৰী প্ৰকাশ, ভাৰতীয় স্থপতিবিদ বা আৰ্কিটেক্ট।
- ১৯৬৪ - নৰ্তকী নটৰাজ, ভাৰতীয় ভাৰতনাট্যম নৃত্যশিল্পী।
- ১৯৭৪ - গৌৰী শিন্দে, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ।
- ১৯৯৮ - সুমিত আন্তিল, ভাৰতীয় পেৰা-এথলীট আৰু জেভলীন থ্ৰ' খেলুৱৈ।
মৃত্যু
[সম্পাদনা কৰক]- ১৮৫৪ - গিয়ৰ্গ ছিমন ওম, জাৰ্মান পদাৰ্থ বিজ্ঞানী, ওম সূত্ৰৰ আৱিষ্কাৰক।
- ১৮৯৩ - গী দা মোপাছাঁ, ফৰাচী কথা সাহিত্যিক।
- ১৯৩৫ - টমাছ মোৰে, ইংৰাজ আইনজ্ঞ তথা চিন্তাবিদ।
- ১৯৫৪ - কৰ্ণেলিয়া সৰাবজী, ভাৰতীয় বিদুষী মহিলা আছিল।
- ১৯৬২ - ৱিলিয়াম ফকনাৰ, সাহিত্যৰ নোবেল বিজয়ী আমেৰিকান লেখক। (জন্ম: ১৯১২)
- ২০০২ - ধীৰুভাই আম্বাণী, ভাৰতীয় শিল্পপতি আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ প্ৰতিষ্ঠাতা। (জন্ম: ১৯৩২)
- ২০০৫ - ক্লড চাইমন, ফৰাচী ঔপন্যাসিক।
দিৱস
[সম্পাদনা কৰক]- পেৰুৰ শিক্ষক দিৱস।
- কোমোৰোছৰ স্বাধীনতা দিৱস।
- গল্পৰ দিন।
|