ফৰিদা খানম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ফৰিদা খানম

আখৰা কৰি থকা অৱস্থাত ফৰিদা খানম, ২০০৫
প্ৰাথমিক তথ্য
জন্মৰ নাম ফৰিদা খানম
জন্ম ১৯২৯ (বয়স ৯৪–৯৫)
কলকাতা, ব্ৰিটিছ ভাৰত
সংগীতৰ প্ৰকাৰ গজল, দাদৰা, খয়াল, থুমৰী
পেচা কণ্ঠশিল্পী
কাৰ্যকাল ১৯৪৭-২০১৫
ৰেকৰ্ড লেবেল কোক ষ্টুডিঅ’ পাকিস্তান
পাকিস্তান টেলিভিচন
পাকিস্তান ৰেডিঅ’
সহযোগী  আমানত আলি খান, নুৰ জাহান

ফৰিদা খানম (ইংৰাজী: Farida Khanum) এগৰাকী পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী। পাকিস্তান চৰকাৰে সঙ্গীতৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক 'হিলাল-ই-ইমতিয়াজ' আৰু 'প্ৰাইড অফ পাৰ্ফৰমেঞ্চ' বঁটাৰে সন্মানিত কৰিছে।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯২৯ চনত ব্ৰিটিছ ভাৰতকলকাতাত তেওঁৰ জন্ম হয়। তেওঁৰ চাৰিজন ভায়েক-ভনীয়েক আছিল, এজনী- বায়েক আৰু তিনিজন ভায়েক। তেওঁৰ বায়েক মুখতাৰ বেগম এগৰাকী বিখ্যাত কণ্ঠশিল্পী আছিল। তেওঁৰ ওঠৰ বছৰ বয়সত তেওঁলোকৰ পৰিয়ালটো ব্ৰিটিছ ভাৰতৰ অমৃতসৰৰ পৰা লাহোৰলৈ স্থানান্তৰিত হয়।[2]

পাতিয়ালা ঘৰানাৰ ওস্তাদ আশিক আলি খানৰ পৰা তেওঁ খয়াল, দাদৰা আৰু থুমৰী শিকিবলৈ লয়। শৈশৱত তেওঁক বায়েক মুখতাৰ বেগমে শাস্ত্ৰীয় সঙ্গীতৰ নিয়মীয়া ‘ৰিয়াজ’ বা অনুশীলনৰ কাৰণে খানৰ ওচৰলৈ অনা-নিয়া কৰিছিল।[3][4] ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত তেওঁৰ পৰিয়ালটোৱে পাকিস্তানৰ নাগৰিকত্ব লয়।[3]

কৰ্মজীৱন[সম্পাদনা কৰক]

ফৰিদা খানমে একৈশ বছৰ বয়সত, ১৯৫০ চনত প্ৰথম ৰাজহুৱা সঙ্গীত পৰিবেশন কৰে আৰু তাৰ পিছতে তেওঁ ৰেডিঅ’ পাকিস্তানত অংশগ্ৰহণ কৰে।[1] ১৯৬০ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানে ৰাজহুৱা পৰিবেশনৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছত তেওঁ তাৰকালৈ পৰিণত হয়। তেওঁ পাকিস্তান টেলিভিচন (PTV) আৰু অন্য চেনেলত নিয়মীয়াকৈ তেওঁৰ অনুষ্ঠান পৰিবেশিত হৈছিল।[5]

তেওঁ গোৱা এটা শ্ৰেষ্ঠ গজল 'আজ জানে কী জিদ না কৰো' বিখ্যাত কবি ফায়াজ হাচমীয়ে লিখিছিল।[6] ২০১৫ চনত ৮৬ বছৰ বয়সত তেওঁ কোক ষ্টুডিঅ’ (পাকিস্তান) চিজন ৮-ত এই গীতটো গাইছিল। ১৯৬০ আৰু ১৯৭০-ৰ দশকৰ আৰম্ভণিত তেওঁ গীতৰ অনুষ্ঠান কৰিবলৈ কাবুল, আফগানিস্তান ভ্ৰমণ কৰিছিল। তেওঁ আফগান সঙ্গীতজ্ঞসকলৰ সহযোগত তাত ফাৰ্চী ভাষাতো গজল গাইছিল।[7]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

ফৰিদা খানম পাকিস্তানৰ লাহোৰত বাস কৰে। তেওঁৰ পাঁচজনী জীয়েক আৰু এজন পুতেক। পি.টি.ভি.ৰ ড্ৰামা ধাৰাবহিক 'সোণা চান্দি'ৰে (১৯৮২) প্ৰখ্যাত হোৱা শেবা হাচান তেওঁৰ ভতিজী। খানমক পাকিস্তানত আদৰেৰে 'গজলৰ ৰাণী' বুলি সম্বোধন কৰে।[7]

বঁটা আৰু স্বীকৃতি[সম্পাদনা কৰক]

২০০৫ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতিয়ে তেওঁ 'হিলাল-ই-ইমতিয়াজ' বঁটা প্ৰদান কৰে। পাকিস্তান চৰকাৰৰ দ্বিতীয় শ্ৰেষ্ঠ এই বঁটা অসমাৰিক আৰু সামৰিক বাহিনী উভয়কে আগবঢ়োৱা হয়।[3][7]

১৯৭০ চনত তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ পৰা 'প্ৰাইড অফ পাৰ্ফৰমেঞ্চ' বঁটা গ্ৰহণ কৰে। এই বঁটা পাকিস্তানী নাগৰিকলৈ সাহিত্য, শিল্পকলা, ক্ৰীড়া, চিকিৎসা বিজ্ঞান আৰু বিজ্ঞানৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ চৰকাৰী স্বীকৃতি।

ভাৰতৰ এজন বিশিষ্ট সৰোদ বাদক হাফিজ খানৰ নামেৰে প্ৰৱৰ্তিত 'হাফিজ খান বঁটা' তেওঁ লাভ কৰে ২০০৫ চনত।[3][1][7]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]