বচন (ব্যাকৰণ)
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
বচন (ইংৰাজী: Number) শব্দৰ সাধাৰণ অৰ্থ কথা, উক্তি বা বক্তব্য। বচনৰ ইংৰাজী প্ৰতিশব্দ হ'ল 'number'। ব্যাকৰণত এই শব্দটো বিশেষ অৰ্থত প্ৰয়োগ হয়। বচন শব্দই ভাষাৰ আলোচনাত পদে বুজোৱা সংখ্যা বা পৰিমাণ বুজায়। যেনে :-
- তুমি খেলি আছা। মই পঢ়িছোঁ।
- সি নাচিছে। বদনে দেখোন হাঁহিছে।
এই বাক্য কেইটাৰ তুমি, মই, সি আৰু বদন - এই প্ৰত্যেকটো পদে এজন ব্যক্তিক বুজাইছে। সেইদৰে,
- মোৰ কিতাপখন পঢ়া হ'ল। মানুহজন এতিয়াও আহি নাপালে।
- কাম কৰোঁতে চোলাটো লেতেৰা হ'ল।
এই বাক্যকেইটাৰ কিতাপখন, মানুহজন, চোলাটো পদে কেৱল এটা বস্তু বা এজন ব্যক্তিক বুজাইছে।
এনেকৈ, কোনো বাক্যত পদে এটাক বুজালে একবচন বোলে। ওপৰত পোৱা তুমি, মই, সি, বদন আৰু কিতাপখন, মানুহজন, চোলাটো একোটাহঁত একবচনৰ পদ।
ঠিক তেনেদৰে তলৰ বাক্যকেইটালৈ মন কৰা হ'ল -
- আমাৰ দেউতা ফুৰিবলৈ ওলাই গৈছে।
- তোমালোকে কি খেলিবলৈ ভাল পোৱা?
- ৰ'দত দিয়া কাপোৰবোৰ শুকাল।
- গৰুবিলাক পথাৰত চৰি আছে।
ইয়াত, আমাৰ পদে কেৱল মোক বুজোৱা নাই; মোৰ সহোদৰ ভাই ককাই আৰু বাই ভনী সকলোকে একেলগে বুজাইছে।
- তোমালোকে মানে তোমাক আৰু তোমাৰ লগৰবোৰক বুজাইছে।
- কাপোৰবোৰ, - কাপোৰ এখন নহয়, একাধিক, বহুত।
- গৰুবিলাক মানেও বহুত গৰু।
এনেকৈ, একাধিক সংখ্যা বা পৰিমাণ বুজোৱা পদবোৰ বহুবচনৰ পদ; অৰ্থাৎ আমাৰ, তোমালোকে, কাপোৰবোৰ আৰু গৰুবিলাক পদৰ বহুবচন হৈছে।
আকৌ, তলৰ বাক্যকেইটালৈ মন কৰা হ'ল -
- আজি আমাৰ ঘৰলৈ মানুহ আহিব।
- শিক্ষকে ছাত্ৰক পঢ়ায়।
- গ্ৰন্থমেলাত কি কিতাপ কিনিলা?
ইয়াত প্ৰথম বাক্যত, আমাৰ ঘৰলৈ মানুহ কিমান আহে পদটোৰ পৰা জানিবৰ উপায় নাই; মানুহ এজনো আহিব পাৰে, বেছিও আহিব পাৰে।
দ্বিতীয় বাক্যত, শিক্ষকে ছাত্ৰক পঢ়ায় বোলোঁতে শিক্ষক আৰু ছাত্ৰ এজন এজনো হ'ব পাৰে, বেছিও হ'ব পাৰে। সেইদৰে, তৃতীয় বাক্যত, কিতাপ পদটোৰ পৰাও কিতাপ প্ৰকৃততে এখন নে এখনতকৈ বেছি তাৰ সংখ্যা জনা নাযায়।
এনেকৈ, ব্যক্তি, প্ৰাণী, বা বস্তুৰ সংখ্যা বা পৰিমাণৰ কোনো স্পষ্ট ধাৰণা দিব নোৱাৰে। সেইবাবে বচনহীন বা বচন নিৰপেক্ষ পদ।
পৃথিৱীৰ সৰহ সংখ্যক ভাষাতে একবচন আৰু বহুবচন পোৱা যায়। কিছুমান ভাষাত দুটাক একেলগে বুজোৱা দ্বিবচন এটাও আছে। সংস্কৃত ভাষাত একবচন, দ্বিবচন আৰু বহুবচন - এই তিনিটাকৈ বচন আছে। অসমীয়া, হিন্দী, বাংলা আদি ভাষাবোৰ সংস্কৃতৰ পৰাই ওলাইছে যদিও, এই ভাষাবোৰত দ্বিবচনৰ ৰূপ নাই। অসমীয়াত দুটা একেলগে বুজোৱা শব্দৰ প্ৰয়োগ কৰি দ্বিবচনৰ অৰ্থ প্ৰকাশ কৰা হয়।