বতাহ শক্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চীন দেশৰ ঝিনজিয়াঙত থকা বতাহ শক্তি-উৎপাদন কেন্দ্ৰ
বিভিন্ন সময়ত ক্ষেত্ৰভেদে বতাহ শক্তিৰ উৎপাদন
[1]

বতাহ শক্তি বা বায়ু শক্তি (ইংৰাজী: Wind Energy) হৈছে বায়ু টাৰ্বাইনৰ যোগেৰে যান্ত্ৰিক শক্তি প্ৰদান কৰি বৈদ্যুতিক জেনেৰেটৰ ঘূৰাবলৈ কৰা বায়ুৰ ব্যৱহাৰ। বায়ু শক্তি হৈছে এক জনপ্ৰিয় বহনক্ষম, নৱীকৰণযোগ্য উৎস যি জীৱাশ্ম ইন্ধনৰো এক উৎকৃষ্ট বিকল্প৷ কাৰণ জীৱাশ্ম ইন্ধনত প্ৰদূষণ অধিক হয়৷

বতাহ শক্তি উৎপাদন-স্থলীত বহুকেইটা গাইগুটীয়া বায়ু টাৰ্বাইন থাকে৷ এই টাৰ্বাইনবোৰ বৈদ্যুতিক শক্তি সংবহন নেটৱৰ্কৰ লগত জড়িত হৈ থাকে৷ সমুদ্ৰতীৰৰ সমীপৰ বতাহ বা উপকূলৱৰ্তী বতাহ (Onshore Wind) হৈছে বৈদ্যুতিক শক্তিৰ এক সুলভ উৎস৷ বহু ক্ষেত্ৰত কয়লা আৰু গেছ উৎপাদনৰ তুলনাত এই শক্তি কম মূল্যৰ৷ আনহাতে উপকূলৰ পৰা দূৰত থকা বা Offshore wind হৈছে অধিক স্থিৰ আৰু শক্তিশালী৷ অৱশ্যে এনেধৰণৰ উৎপাদন-স্থলী গঢ়া আৰু তাৰ পৰিচালনা-ব্যয় তাৎপৰ্যপূৰ্ণভাৱে বেছি৷ উপকূলৱৰ্তী বতাহস্থলী সমূহে গ্ৰীডলৈ কিছু শক্তিৰ যোগান ধৰিব পাৰে৷

বতাহ শক্তি সকলো সময়তে উপলব্ধ নহয়৷ সেয়েহে চাহিদা অনুসাৰে ইয়াক যোগান ধৰিব নোৱাৰি৷ স্থানীয়ভাৱে, এই শক্তি পৰিবৰ্তনশীল, যি বছৰ-বছৰ ধৰি ধাৰাবাহিক শক্তিৰ যোগান ধৰে৷ কিন্তু কম সময়ৰ ক্ষেত্ৰত এই শক্তিৰ যথেষ্ট তাৰতম্য হয়। সেয়েহে, এক নিৰ্ভৰযোগ্য যোগানৰ বাবে ইয়াক আন শক্তি উৎসৰ সৈতে একেলগে ব্যৱহাৰ কৰা উচিত৷

পৰিসংখ্যা[সম্পাদনা কৰক]

২০১৯ চনত প্ৰকাশিত হোৱা গোলকীয় বতাহ শক্তি প্ৰতিবেদন মতে, ২০১৯ চনত সমগ্ৰ বিশ্বজুৰি ৬০.৪ গিগাৱাট বতাহ শক্তি সংস্থাপিত কৰা হৈছে৷ ২০১৮ চনতকৈ বতাহ শক্তিৰ সংস্থাপিত ক্ষমতা প্ৰায় ১৯ শতাংশ বাঢ়িছে৷ প্ৰতিবেদন মতে, বতাহ শক্তিৰ ইতিহাসত এই বছৰটোৱে দ্বিতীয় শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়ায়৷ বিশ্বত বতাহ শক্তিৰ ক্ষমতা হৈছেগৈ ৬৫১ গিগাৱাটতকৈও বেছি৷ ২০১৮ চনতকৈ দহ শতাংশ বেছি৷ চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই উপকূলৱৰ্তী বতাহ শক্তিৰ বজাৰখনত নিজৰ শীৰ্ষতম স্থান অক্ষুণ্ন ৰাখে৷ ২০১৯ চনত এই দুয়োখন ৰাষ্ট্ৰই মিলি ৬০% তকৈও অধিক নতুন শক্তি সংস্থাপিত কৰিলে৷ [2]

ভাৰতৰ বতাহ শক্তি[সম্পাদনা কৰক]

বতাহ শক্তি উৎপাদনকাৰী দেশৰ তালিকাত ভাৰতবৰ্ষৰ স্থান চতুৰ্থ৷ ২০১৯ চনৰ ৩১ মাৰ্চলৈকে ভাৰতৰ সংস্থাপিত ক্ষমতা আছিল ৩৫.৬ গিগাৱাট৷ ২০১৭-১৮ বৰ্ষত ভাৰতে প্ৰায় ৫২.৬৬ বিলিয়ন ইউনিট শক্তি বতাহৰ পৰা উৎপাদন কৰে৷ ভাৰত চৰকাৰৰ নব্য আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰণালয়ৰ ৱেবছাইটত এই তথ্য প্ৰকাশিত হৈছে৷ বতাহ শক্তিৰ উৎপাদনৰ ক্ষেত্ৰখনত গুজৰাট আৰু তামিলনাডুৰ সম্ভাৱনা আৰু সামৰ্থ্য বাকীবোৰ ৰাজ্যৰ তুলনাত অধিক৷ [3]

ভাৰত প্ৰায় ৭,৬০০ কিলোমিটাৰজোৰা উপকূলীয় ৰেখাৰে আবৃত্ত আৰু এই ৰেখাই ভাৰতৰ তিনিটা দিশ স্পৰ্শ কৰি আছে৷ উপকূল-দূৰৱৰ্তী বতাহ শক্তি উৎপাদনৰ ক্ষেত্ৰতো ভাৰতৰ সম্ভাৱনা প্ৰচুৰ৷ এই বিশেষ দিশটো বিবেচনা কৰি ভাৰত চৰকাৰে ২০১৫ চনৰ ৬ অক্টোবৰত National offshore wind energy policy (ৰাষ্ট্ৰীয় উপকূল-দূৰৱৰ্তী বতাহ শক্তি নীতি) প্ৰকাশ কৰে৷ [3]

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. "Wind energy generation by region". Our World in Data. https://ourworldindata.org/grapher/wind-energy-consumption-by-region। আহৰণ কৰা হৈছে: 5 March 2020. 
  2. "Global Wind Report 2019". GWEC. https://gwec.net/global-wind-report-2019/। আহৰণ কৰা হৈছে: 13 December 2020. 
  3. 3.0 3.1 "Overview". MNRE, India. https://mnre.gov.in/wind/current-status/। আহৰণ কৰা হৈছে: 13 December 2020.