সমললৈ যাওক

বনগুটি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বনগুটি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
গণ: Chrysopogon
প্ৰজাতি: aciculatus
সমাৰ্থক

Andropogon aciculatus
Raphis acicularis

বনগুটি বা শগুণ বন (বৈজ্ঞানিক নাম: Chrysopogon aciculatus) (syn. Andropogon aciculatus) এবিধ বহল পতীয়া ঘাঁহজাতীয় উদ্ভিদ৷ এই ঘাঁহক ইংৰাজীত amorseco (Spanish, "dry love"), lesser spear grass, Mackie's pest, pilipiliula, grama-amorosa আদি নামেৰে জনা যায়৷[1]

বিস্তৃতি

[সম্পাদনা কৰক]

বনগুটি এছিয়া, পলিনেছিয়া আৰু অষ্ট্ৰেলিয়াৰ থলুৱা ঘাঁহ৷ বহুতো ঠাইত এই ঘাঁহক আগ্ৰাসী উদ্ভিদ (invasive species) হিচাপে গণ্য কৰা হয়৷

বনগুটিৰ পাতবোৰ বহল আৰু সেউজীয়া৷ পাতৰ আকৃতি দীঘল চানেকীয়াকৈ আগফালে ক্ৰমান্বয়ে সৰু হয়৷ ইয়াৰ দীঘল দীঘল ঠাৰিবোৰৰ আগত ফুল ধৰে৷ ফুলৰ পৰা ক্ষুদ্ৰ আকাৰৰ ধানৰ দৰে গুটি ধৰে৷ এই গুটিকে বনগুটি বুলি কোৱা হয়৷ এই বনগুটিবোৰ মানুহৰ কাপোৰত লাগি ধৰে৷[2]

বনগুটি ঘন ঘনকৈ সমানভাৱে উৎপত্তি হৈ দলিছাৰ দৰে বিয়পি পৰা দেখা যায়৷[2]

at Peradeniya Royal Botanical Garden

তথ্যউৎস

[সম্পাদনা কৰক]
  1. USDA, ARS, Germplasm Resources Information Network. বনগুটি in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service. Accessed on 21 January 2018.
  2. 1 2 ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ