সমললৈ যাওক

বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ক্ৰান্তীয় বনাঞ্চল ধ্বংস – ২০১০ চনৰ পৰা ২০১৪ চনৰ ভিতৰত বাৰ্ষিক গড় হিচাপে দিয়া হৈছে – প্ৰতি বছৰে ২.৬ বিলিয়ন টন কাৰ্বন-ডাই-অক্সাইড নিৰ্গমনৰ বাবে দায়ী আছিল। সেয়া আছিল বিশ্বব্যাপী কাৰ্বন-ডাই-অক্সাইড নিৰ্গমনৰ ৬.৫%। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যই প্ৰায় এক তৃতীয়াংশ (২৯%) নিৰ্গমনৰ বাবে দায়ী আছিল। বেছিভাগ নিৰ্গমন – ৭১% – দেশত খোৱা খাদ্যৰ পৰা আহিছিল যিবোৰ উৎপাদন কৰা হৈছিল (ঘৰুৱা চাহিদা)
This screen shot shows a map that highlights countries based on their net change rate of forest area. Areas that appear more blue have a higher net change rate than areas that appear tan. Brown areas indicate a net loss of forest area.
২০২০ চনত প্ৰতিখন দেশত বনাঞ্চলৰ ধ্বংসৰ হাৰ

বনাঞ্চল ধ্বংসই জলবায়ু পৰিৱৰ্তনত(ইংৰাজী: Deforestation and climate change) প্ৰাথমিক অৰিহণা যোগায়[1][2] আৰু জলবায়ু পৰিৱৰ্তনে বনাঞ্চলত প্ৰভাৱ পেলায়।[3] ভূমিৰ ব্যৱহাৰেও এই পৰিৱৰ্তন, বিশেষকৈ বনাঞ্চল ধ্বংসত অৰিহণা যোগায়,[4] দ্বিতীয় বৃহত্তম মানৱজনিত কাৰণ হ’ল জীৱাশ্ম ইন্ধন দহনৰ পিছত বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড নিৰ্গমন।[5] বনাঞ্চলৰ জৈৱবস্তু দহন আৰু উদ্ভিদৰ অৱশিষ্ট আৰু মাটিৰ কাৰ্বন পচনৰ সময়ত সেউজ গৃহ গেছ নিৰ্গত হয়। গোলকীয় মডেল আৰু ৰাষ্ট্ৰীয় সেউজ গৃহ গেছৰ তথ্যই বনাঞ্চল ধ্বংসৰ নিৰ্গমনৰ বাবে একেধৰণৰ তথ্যই প্ৰকাশ কৰে।[4] ২০১৯ চনৰ এক হিচাপমতে, বনাঞ্চল ধ্বংসই বিশ্বৰ প্ৰায় ১১% সেউজ গৃহ গেছৰ নিৰ্গমনৰ বাবে দায়ী।[6] গ্ৰীষ্মমণ্ডলীয় বনাঞ্চল ধ্বংসৰ পৰা কাৰ্বন নিৰ্গমন ত্বৰান্বিত হৈছে।[7][8] ক্ৰমবৰ্ধমান অৰণ্যসমূহ হৈছে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম কৰাৰ অতিৰিক্ত সম্ভাৱনা থকা কাৰ্বন ভাণ্ডাৰ। জলবায়ু পৰিৱৰ্তনৰ আন কিছুমান প্ৰভাৱ, যেনে অধিক বনজুই,[9] পোক-পৰুৱাৰ প্ৰাদুৰ্ভাৱ, আক্ৰমণাত্মক প্ৰজাতি আৰু ধুমুহা আদিয়ে বনাঞ্চল ধ্বংসকাৰ্য বৃদ্ধি কৰাৰ কাৰক।[10][11]

৩১% ভূমি বনাঞ্চলে আগুৰি থকা পৃথিৱীৰ বছৰি ৭৫,৭০০ বৰ্গ কিলোমিটাৰ (১৮.৭ মিলিয়ন একৰ) বনাঞ্চল লুপ্ত হৈ যায়।[12] বিশ্ব সম্পদ প্ৰতিষ্ঠানৰ মতে ২০১৯ চনৰ পৰা ২০২০ চনলৈকে প্ৰাথমিক গ্ৰীষ্মমণ্ডলীয় বনাঞ্চলৰ ক্ষতিৰ পৰিমাণ ১২%লৈ বৃদ্ধি পাইছে।[13]

বনাঞ্চল ধ্বংসক প্ৰায়েই প্ৰাকৃতিক আৰু অপ্ৰাকৃতিক দুয়োটা উপায়েৰে ভূমি বনাঞ্চলৰ পৰা অবনাঞ্চললৈ সলনি হোৱা বুলি বৰ্ণনা কৰা হয়। বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰ মাজৰ সম্পৰ্কৰ এটা ইতিবাচক প্ৰতিক্ৰিয়াৰ মেৰপেঁচ ইয়াৰ মাজত অন্যতম।[14] যিমানেই বেছি গছ আঁতৰোৱা হয়, সিমানেই জলবায়ু পৰিৱৰ্তন হয় আৰু তাৰ প্ৰভাৱত সমান সংখ্যক গছ হেৰুৱাবলগীয়া হয়।[15]

বনাঞ্চল ধ্বংস বহু কাৰণে হয়: বন জুই, কৃষি কৰ্ম, পশু পালন, কাঠৰ ব্যৱসায়ৰ বাবে কাঠ কটা, নগৰ উন্নয়ন, পথ উন্নয়ন, গৃহ নিৰ্মাণ আদি।

বনাঞ্চল ধ্বংসৰ সংজ্ঞা হ’ল বনাঞ্চলৰ ভূমি অন্য ব্যৱহাৰলৈ ৰূপান্তৰ কৰা (মানুহৰ দ্বাৰা হওক হওক বা নহওক)৷[16] “নিৰ্বনানীকৰণ’’ বা “বনাঞ্চল ধ্বংস’’ আৰু “বনাঞ্চলৰ মুঠ পৰিৱৰ্তন একে নহয়; পিছৰটো হৈছে এটা নিৰ্দিষ্ট সময়ছোৱাত হোৱা সকলো বনাঞ্চলৰ ক্ষতি (বনাঞ্চল ধ্বংস) আৰু সকলো বনাঞ্চল সংযোগৰ (বন সম্প্ৰসাৰণ)ৰ যোগফল। সেয়েহে লাভ লোকচানতকৈ বেছি হয় নে নহয় তাৰ ওপৰত নিৰ্ভৰ কৰি এই পৰিৱৰ্তন স্পষ্টকৈ ধনাত্মক বা ঋণাত্মক হ’ব পাৰে, অথবা বিপৰীতমুখী৷[16]

বনাঞ্চল ধ্বংসৰ কাৰণ

[সম্পাদনা কৰক]

বনাঞ্চল ধ্বংসৰ প্ৰত্যক্ষ কাৰণ হৈছে কৃষি।[17] জীৱিকাৰ বাবে কৃষিয়েই ৪৮% বনাঞ্চল ধ্বংসৰ বাবে দায়ী; বাণিজ্যিক কৃষি ৩২%ৰ বাবে দায়ী; কাঠ কটা ১৪% আৰু ইন্ধন কাঠৰ বাবে সংগ্ৰহ কৰা আছিল ৫%। .[17]


২০১৮ চনত ৮০%তকৈ অধিক বনাঞ্চল ধ্বংসৰ কাৰণ কৃষি বুলি ধৰা হৈছিল।[18] কফি, চাহ, পাম তেল, ধান, ৰবৰ আৰু অন্যান্য বিভিন্ন জনপ্ৰিয় সামগ্ৰীৰ বাবে বনাঞ্চলসমূহ বাগিচালৈ ৰূপান্তৰিত কৰা হৈছে।[19] কিছুমান সামগ্ৰীৰ বৰ্ধিত চাহিদা আৰু বিশ্বব্যাপী বাণিজ্য ব্যৱস্থাৰ ফলত বনাঞ্চলৰ ৰূপান্তৰ ঘটে, যাৰ ফলত শেষত মাটিৰ খহনীয়া হয়।[20] বনাঞ্চল পৰিষ্কাৰ কৰাৰ পিছত প্ৰায়ে ওপৰৰ মাটিৰ খহনীয়া হয়, যাৰ ফলত নদী আৰু নৈত পলস বৃদ্ধি পায়।

বিশ্বৰ নৃতাত্ত্বিক জৈৱ-পৰিসৰ

বেছিভাগ বনাঞ্চল ধ্বংস গ্ৰীষ্মমণ্ডলীয় অঞ্চলতো হয়। কৃষিকাৰ্যত ব্যৱহাৰ কৰা মুঠ ভূমিৰ আনুমানিক পৰিমাণ প্ৰায় ৩৮% অংশ।[21] ১৯৬০ চনৰ পৰা উদেশ্যপ্ৰণোদিতভাবে কৃষি কৰ্মৰ বাবে আমাজন বৰ্ষাৰণ্যৰ প্ৰায় ১৫% বন আঁতৰাই পেলোৱা হৈছে।[22] আমাজন বৰ্ষাৰণ্য দেখদেখকৈ ধ্বংস হ’বলৈ ধৰা আৰু ব্ৰাজিল বিশ্বৰ সৰ্ববৃহৎ গো-মাংস ৰপ্তানিকাৰক দেশ হিচাপে পৰিগণিত হোৱাটো কোনো কাকতলীয়া কথা নহয়।[23]

কৃষিকাৰ্যৰ বাবে বনাঞ্চল ধ্বংসৰ আন এক স্পষ্ট কাৰণ হ’ল ক্ৰান্তীয় অঞ্চলৰ লোকে জীৱিকাৰ বাবে কৰা ঝুম পদ্ধতিৰ কৃষি। বৰ্তমানে ই কিছু বহনক্ষম হৈছে। এই পদ্ধতিত অবিৰত কৃষি উৎপাদনৰ বাবে মাটি পোৱা নাযায়, তথাপি বনাঞ্চলৰ গছ-গছনি কাটি জ্বলাই দিয়া হয়, তাৰ পিছত কৃষি অঞ্চললৈ ৰূপান্তৰিত কৰা হয়। পৰৱৰ্তী সময়ত কৃষকসকলে জ্বলি যোৱা গছৰ ছাইৰ পৰা শস্যৰ বাবে পুষ্টিকৰ উপাদান আহৰণ কৰে।[24][25] লগতে, ইচ্ছাকৃতভাৱে জুই লগোৱাৰ পিছত অসাৱধানতাবশতঃ জুই অধিক ঠাইলৈ বিধ্বংসীৰূপত বিয়পি যাব পাৰে, যাৰ ফলত সংৰক্ষিত আৱৰণ ধ্বংস হ’ব পাৰে।[26]

কম উৎপাদন আৰু খেতিৰ সময় কম হোৱাৰ বাবে বাৰে বাৰে এই চক্ৰৰ ফলত অৱশেষত এবাৰ জ্বলি যোৱা মাটিত কমকৈ গছ-গছনি গজিবলৈ ধৰে আৰু গড় মাটিৰ জৈৱবস্তু হ্ৰাস পায়।[27] সৰু সৰু স্থানীয় ক্ষেত্ৰবোৰৰ বহনক্ষমতা কোনো সমস্যা নহয়, কাৰণ ইয়াত কৃষি সময় দীঘলীয়া হয় আৰু সামগ্ৰিকভাৱে বনাঞ্চল ধ্বংস কম হয়। ক্ষেত্ৰবোৰৰ আকাৰ তুলনামূলকভাৱে সৰু বাবে কাৰ্বন-ডাই-অক্সাইডৰ কোনো মূল উৎস মুকলি নকৰে।[28]

পশুপালন

[সম্পাদনা কৰক]
বছৰেকীয়া নিৰ্বনানীকৰণ
বছৰেকীয়া বনাঞ্চল পৰিৱৰ্তন

আমাজনৰ বনাঞ্চল ধ্বংসৰ প্ৰধান চালিকা হ’ল গো-মাংসৰ ব্যৱহাৰ আৰু উৎপাদন। সকলো ৰূপান্তৰিত মাটিৰ প্ৰায় ৮০% গৰু পালনৰ বাবে ব্যৱহাৰ কৰা হয়।[29][30] ১৯৭০ চনৰ পৰা বনাঞ্চল ধ্বংস কৰা আমাজনৰ ৯১% ভূমি গৰু-ম’হ পালনৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰা হৈছে।[31][32]

পশুধন পালনৰ বাবে গ্ৰাহকৰ চাহিদা থকা জীৱ-জন্তুৰ জাক আৰু পশুধন পালন কৰিবলৈ বৃহৎ অংশৰ মাটিৰ প্ৰয়োজন হয়। বিশ্ব বন্যপ্ৰাণী পুঁজিৰ মতে, “কাৰ্যতঃ প্ৰতিখন আমাজন দেশতে বনাঞ্চল ধ্বংসৰ এক নম্বৰৰ অপৰাধী হৈছে ব্যাপক গৰু-ম’হ পালন, আৰু ইয়েই বৰ্তমানৰ বনাঞ্চল ধ্বংসৰ ৮০% দায়ী। ’’[33]

পৃথিৱীৰ সকলো স্তন্যপায়ী প্ৰাণীৰ ৬০% পশুধন গৰু হোৱাৰ বাবে গৰু উদ্যোগ যথেষ্ট পৰিমাণৰ মিথেন নিৰ্গমনৰ বাবে দায়ী।[34][35] বনভূমিৰ ঠাইত চৰণীয়া পথাৰ ব্যৱহাৰ কৰিলে বনাঞ্চলৰ বৃহৎ ক্ষতি হয়, যাৰ ফলত কৃষি পদ্ধতি আৰু ভূমি ব্যৱহাৰৰ বাবে জ্বলোৱা জুইত সেউজ গৃহ গেছৰ নিৰ্গমন বৃদ্ধি পায়।[36]

কাঠ উদ্যোগ

[সম্পাদনা কৰক]

বনাঞ্চল ধ্বংসৰ ক্ষেত্ৰত এটা বৃহৎ অৰিহণা যোগোৱা কাৰক হৈছে কাঠ উদ্যোগ। মুঠতে প্ৰায় ৪ নিযুত হেক্টৰ কাঠ[37]বা সকলো বনভূমিৰ প্ৰায় ১.৩ শতাংশ প্ৰতি বছৰে চপোৱা হয়। ইয়াৰ উপৰিও কম খৰচী কাঠৰ সামগ্ৰীৰ বৰ্ধিত চাহিদাই কাঠ কোম্পানীক কাঠ কটা কাম অব্যাহত ৰখাতহে সহায় কৰে।[38] ঔদ্যোগিক কাঠ কটা বিশ্বব্যাপী বনাঞ্চল ধ্বংসৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগায় নেকি সেই সম্পৰ্কে বিশেষজ্ঞসকলৰ একমত নহয়।[39][40] কোনো কোনোৱে যুক্তি আগবঢ়ায় যে, দৰিদ্ৰ লোকে বনাঞ্চল মুকলি কৰাৰ সম্ভাৱনা বেছি কাৰণ তেওঁলোকৰ হাতত আন কোনো বিকল্প নাই, আন কোনোৱে কয় যে, দৰিদ্ৰ লোকৰ বনাঞ্চল মুকলি কৰাৰ পৰিৱৰ্তে প্ৰয়োজনীয় সামগ্ৰী আৰু শ্ৰমৰ বাবে ধন দিব পৰা ক্ষমতাৰ অভাৱ।[39]

অৰ্থনৈতিক উন্নয়ন

[সম্পাদনা কৰক]

সমান্তৰালভাবে বনাঞ্চল ধ্বংসৰ অন্যান্য কাৰণসমূহৰ ভিতৰত চৰকাৰী প্ৰতিষ্ঠানসমূহৰ দুৰ্নীতি,[41][42][43] আন্তৰ্জাতিক ক্ষেত্ৰত ধন আৰু শক্তিৰ অসমতাপূৰ্ণ বিতৰণ,[44] জনসংখ্যা বৃদ্ধি[45] আৰু বৰ্দ্ধিত জনসংখ্যা[46][47] আৰু নগৰীকৰণ।[48][49] বনাঞ্চল ধ্বংসৰ ওপৰত জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। এটা অধ্যয়নত দেখা গৈছে যে, উচ্চ উৰ্বৰতাৰ হাৰৰ বাবে জনসংখ্যা বৃদ্ধিয়ে মাত্ৰ ৮% ক্ষেত্ৰতহে গ্ৰীষ্মমণ্ডলীয় বনাঞ্চল ধ্বংসৰ প্ৰধান চালক।[50] ২০০০ চনত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO) এ বিচাৰি উলিয়াইছিল যে “স্থানীয় পৰিৱেশত জনসংখ্যাৰ গতিশীলতাৰ ভূমিকা নিৰ্ণায়কৰ পৰা নগণ্যলৈকে ভিন্ন হ’ব পাৰে’’, আৰু বনাঞ্চল ধ্বংস “জনসংখ্যাৰ চাপ, স্থবিৰ হৈ পৰা অৰ্থনৈতিক ব্যৱস্থা, সামাজিক আৰু প্ৰযুক্তিগত অৱস্থাৰ সংমিশ্ৰণ’’ হব পাৰে। .[45] গোলকীকৰণক বনাঞ্চল ধ্বংসৰ এটা মূল কাৰণ হিচাপে ধৰা হয়,[51][52] যদিও এনে কিছুমান ক্ষেত্ৰ আছে য’ত গোলকীকৰণৰ প্ৰভাৱে (শ্ৰম, পুঁজি, পণ্য আৰু ধাৰণাসমূহৰ নতুন প্ৰৱাহ) স্থানীয় বনাঞ্চল পুনৰুদ্ধাৰ কাৰ্যক প্ৰসাৰিত কৰিছে।[53]

পেৰুৰ মাদ্ৰে-ডি-ডিয়ছৰ বেআইনী সোণৰ খনি

বন পৰিৱেশ তন্ত্ৰৰ অৱক্ষয়ৰ কাৰণ অৰ্থনৈতিক প্ৰৰোচনা বুলিও ধাৰণা কৰা হৈছে, য’ত বন সংৰক্ষণতকৈ বনাঞ্চলৰ ৰূপান্তৰক অধিক লাভজনক বুলি ভাৱ হয়।[54] বহুতো গুৰুত্বপূৰ্ণ বনজাত কাৰ্যৰ কোনো বজাৰ নাই আৰু সেয়েহে, বনাঞ্চলৰ মালিক বা নিজৰ জীৱিকাৰ বাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল সম্প্ৰদায়ৰ ওচৰত ইয়াৰ কোনো স্পষ্ট অৰ্থনৈতিক মূল্য নাই।[54] উন্নয়নশীল বিশ্বৰ দৃষ্টিকোণৰ পৰা কাৰ্বন ভাণ্ডাৰ বা জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল হিচাপে বনাঞ্চলৰ সুবিধা মূলতঃ ধনী উন্নত দেশসমূহলৈহে যায় আৰু ইয়াৰ বাবে পৰ্যাপ্ত ক্ষতিপূৰণ পোৱা নাযায়। উন্নয়নশীল দেশসমূহে অনুভৱ কৰে যে, উন্নত বিশ্বৰ কিছুমান দেশ, যেনে আমেৰিকা যুক্তৰাষ্ট্ৰই শতিকা আগতে নিজৰ বনাঞ্চল ধ্বংস কৰিছিল আৰু এই বনাঞ্চল ধ্বংসৰ ফলত অৰ্থনৈতিকভাৱে লাভৱান হৈছিল, এতিয়া উন্নয়নশীল দেশসমূহক এই সুযোগৰ পৰা বঞ্চিত কৰাটো ভণ্ডামি, অৰ্থাৎ ধনীসকলে সৃষ্টি কৰা সমস্যাটোত দৰিদ্ৰসকলে বন সংৰক্ষণৰ নামত খৰচ বহন কৰাটো অনুচিত।[55]

কিছুমানৰ মতে, যোৱা ৩০ বছৰত বনাঞ্চল ধ্বংসই পৰিৱৰ্তন চালিকা শক্তি হিচাপে কাম কৰিছে।[56] যিস্থলত, বনাঞ্চল ধ্বংস মূলতঃ জীৱিকাৰ বাবে আৰু চৰকাৰী পৃষ্ঠপোষকতাত ইণ্ডোনেছিয়াৰ দৰে দেশত প্ৰব্ৰজন আৰু লেটিন আমেৰিকা, ভাৰত, জাভা আদি দেশত ঔপনিৱেশিকীকৰণৰ দৰে উন্নয়নমূলক প্ৰকল্পৰ দ্বাৰা পৰিচালিত হৈছিল, ১৯ শতিকাৰ শেষৰ ফালে আৰু ২০ শতিকাৰ প্ৰথমাৰ্ধত বনাঞ্চল ধ্বংসৰ অধিকাংশই ঔদ্যোগিক কাৰকৰ বাবেই হৈছিল; ১৯৯০ চনত নিষ্কাশন উদ্যোগ, বৃহৎ পৰিসৰৰ গৰু-ম’হ পালন আৰু ব্যাপক কৃষি আদিয়ে ইয়াৰ কাৰণ আছিল।[57] নিৰ্বনানীকৰণৰ প্ৰায় এক চতুৰ্থাংশৰ কাৰণ হৈছে ২০০১ চনৰ পৰা পণ্যৰ সামগ্ৰী উৎপাদনৰ দ্বাৰা পৰিচালিত বনাঞ্চল ধ্বংস, যি স্থায়ী হোৱাৰেই সম্ভাৱনা বেছি, আৰু এই ক্ষতিত দক্ষিণ আমেৰিকা আৰু দক্ষিণ-পূব এছিয়া কেন্দ্ৰত পৰিণত হৈছে।[58]

মানৱ জনসংখ্যা বৃদ্ধিৰ লগে লগে নতুন ঘৰ, বসতিস্থল আৰু চহৰৰ সম্প্ৰসাৰণ ঘটিব, যাৰ ফলত এই বসতিস্থলসমূহক সংযোগ কৰিবলৈ পথ বৃদ্ধি কৰা হ’ব। গ্ৰাম্য পথে অৰ্থনৈতিক উন্নয়নক প্ৰসাৰিত কৰে যদিও ই বনাঞ্চল ধ্বংসৰ বাটো মুকলি কৰি দিয়ে।[59] আমাজন বৰ্ষাৰণ্যৰ বেছিভাগ অঞ্চলৰ ৯০ শতাংশ বন ধ্বংস হৈছে ১০০ কিলোমিটাৰ পথৰ ভিতৰত।[60]

একবিংশ শতিকাৰ আৰম্ভণিতে দ্ৰুতগতিত বৃদ্ধি পোৱা খনিজাত পদাৰ্থৰ চাহিদা বৃদ্ধিৰ বাবে খননৰ গুৰুত্বই বনাঞ্চল ধ্বংসৰ কাৰণ হিচাপে চিহ্নিত হৈছিল। খননৰ প্ৰত্যক্ষ প্ৰভাৱ তুলনামূলকভাৱে কম যদিও পৰোক্ষ প্ৰভাৱ বহুত বেছি উল্লেখযোগ্য। পৃথিৱীৰ এক তৃতীয়াংশতকৈ অধিক বনাঞ্চল সম্ভৱতঃ ইয়াৰ দ্বাৰা কোনোবা এটা স্তৰত প্ৰভাৱিত হৈছে আৰু ২০০১-২০২১ চনত "৭৫৫,৮৬১ কিলোমিটাৰ বৰ্গফুট... ...অন্য বনাঞ্চল ধ্বংস চালকৰ সৈতে পৰোক্ষভাৱে খনন কাৰ্য্যকলাপৰ সৈতে জড়িত কাৰণত বনাঞ্চল ধ্বংস কৰা হৈছিল। (WWF ৰ তথ্যৰ পৰা)[61]

বৰ্তমানৰ স্থিতি

[সম্পাদনা কৰক]

FAO ৰ অনুমান অনুসৰি ১৯৯০ চনৰ পৰা ২০২০ চনৰ ভিতৰত বিশ্বৰ বন কাৰ্বনৰ ভাণ্ডাৰ ০.৯% লৈ হ্ৰাস পাইছে, আৰু সেউজ আৱৰণ ৪.২% লৈ হ্ৰাস পাইছে৷[62]

বিভিন্ন অঞ্চলত বনাঞ্চলৰ কাৰ্বন ভাণ্ডাৰৰ পৰিৱৰ্তন
গিগাটনৰ হিচাপত[62]
অঞ্চল ১৯৯০ ২০২০
ইউৰোপ(ৰাছিয়াকে ধৰি) ১৫৮.৭ ১৭২.৪
উত্তৰ আমেৰিকা ১৩৬.৬ ১৪০.০
আফ্ৰিকা ৯৪.৩ ৮০.৯
দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া একেলগে ৪৫.৮ ৪১.৫
ওচেনিয়া ৩৩.৪ ৩৩.১
মধ্য আমেৰিকা ৫.০ ৪.১
দক্ষিণ আমেৰিকা ১৬১.৮ ১৪৪.৮

২০১৯ চনলৈকে বিশ্বৰ বনাঞ্চল সংকুচিত হৈছে নে নাই সেই সম্পৰ্কে এতিয়াও মতানৈক্য আছে; “গ্ৰীষ্মমণ্ডলত মাটিৰ ওপৰৰ জৈৱবস্তুৰ কাৰ্বনৰ ভাণ্ডাৰ হ্ৰাস পোৱা বুলি অনুমান কৰা হৈছে যদিও নাতিশীতোষ্ণ মণ্ডল আৰু ব'ৰিয়েল বনাঞ্চলত এই ভাণ্ডাৰ বৃদ্ধি পোৱা বাবে ই সামগ্ৰিকভাবে বিশ্বজুৰি বৃদ্ধি পাইছে।’’[63]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. Sutter, John D. (13 August 2015). "10 climate change villains". CNN. https://www.cnn.com/2015/08/13/opinions/gallery/top-climate-change-contributors/index.html। আহৰণ কৰা হৈছে: 2020-03-20. 
  2. Heidari, Hadi; Warziniack, Travis; Brown, Thomas C.; Arabi, Mazdak (February 2021). "Impacts of Climate Change on Hydroclimatic Conditions of U.S. National Forests and Grasslands" (en ভাষাত). Forests খণ্ড 12 (2): 139. doi:10.3390/f12020139. 
  3. US EPA, OAR (2022-10-19). "Climate Change Impacts on Forests" (en ভাষাত). www.epa.gov. https://www.epa.gov/climateimpacts/climate-change-impacts-forests। আহৰণ কৰা হৈছে: 2023-03-03. 
  4. 4.0 4.1 Climate Change and Land: Summary for Policymakers (Report). IPCC. August 2019. https://www.ipcc.ch/site/assets/uploads/2019/08/4.-SPM_Approved_Microsite_FINAL.pdf. 
  5. "Main sources of carbon dioxide emissions | সাঁচ:CO2 Human Emissions". www.che-project.eu. https://www.che-project.eu/news/main-sources-carbon-dioxide-emissions। আহৰণ কৰা হৈছে: 2020-03-20. 
  6. "How the UK contributes to global deforestation" (en-GB ভাষাত). BBC News. 2020-08-26. https://www.bbc.com/news/newsbeat-53907739. 
  7. Feng, Yu; Zeng, Zhenzhong; Searchinger, Timothy D.; Ziegler, Alan D.; Wu, Jie; Wang, Dashan; He, Xinyue; Elsen, Paul R. et al. (2022-02-28). "Doubling of annual forest carbon loss over the tropics during the early twenty-first century" (en ভাষাত). Nature Sustainability খণ্ড 5 (5): 444–451. doi:10.1038/s41893-022-00854-3. ISSN 2398-9629. 
  8. Greenfield, Patrick (2022-02-28). "Deforestation emissions far higher than previously thought, study finds" (en ভাষাত). The Guardian. https://www.theguardian.com/environment/2022/feb/28/deforestation-emissions-far-higher-than-previously-thought-study-finds-aoe। আহৰণ কৰা হৈছে: 2022-03-02. 
  9. Heidari, Hadi; Arabi, Mazdak; Warziniack, Travis (August 2021). "Effects of Climate Change on Natural-Caused Fire Activity in Western U.S. National Forests" (en ভাষাত). Atmosphere খণ্ড 12 (8): 981. doi:10.3390/atmos12080981. 
  10. Seymour, Frances; Gibbs, David (2019-08-08) (en ভাষাত). Forests in the IPCC Special Report on Land Use: 7 Things to Know. https://www.wri.org/blog/2019/08/forests-ipcc-special-report-land-use-7-things-know। আহৰণ কৰা হৈছে: 2020-03-20. 
  11. "U.S. Environmental Protection Agency | US EPA" (en ভাষাত). www.epa.gov. https://www.epa.gov/। আহৰণ কৰা হৈছে: 2023-04-08. 
  12. "Deforestation and Forest Degradation". World Wildlife Fund. https://www.worldwildlife.org/threats/deforestation। আহৰণ কৰা হৈছে: 2018-04-18. 
  13. Seymour, Frances (2021-03-31) (en ভাষাত). 2021 Must Be a Turning Point for Forests. 2020 Data Shows Us Why. https://www.wri.org/insights/2021-must-be-turning-point-forests-2020-data-shows-us-why. 
  14. Bajželj, Bojana; Richards, Keith S. (2014). "The Positive Feedback Loop between the Impacts of Climate Change and Agricultural Expansion and Relocation" (en ভাষাত). Land খণ্ড 3 (3): 898–916. doi:10.3390/land3030898. ISSN 2073-445X. 
  15. Allen, Craig D.; Macalady, Alison K.; Chenchouni, Haroun; Bachelet, Dominique; McDowell, Nate; Vennetier, Michel; Kitzberger, Thomas; Rigling, Andreas et al. (February 2010). "A global overview of drought and heat-induced tree mortality reveals emerging climate change risks for forests" (en ভাষাত). Forest Ecology and Management খণ্ড 259 (4): 660–684. doi:10.1016/j.foreco.2009.09.001. https://linkinghub.elsevier.com/retrieve/pii/S037811270900615X. 
  16. 16.0 16.1 "Global Forest Resource Assessment 2020" (en ভাষাত). www.fao.org. http://www.fao.org/forest-resources-assessment/2020/en/। আহৰণ কৰা হৈছে: 20 September 2020. 
  17. 17.0 17.1 "Investment and financial flows to address climate change". unfccc.int. UNFCCC. 2007. পৃষ্ঠা: 81. http://unfccc.int/files/essential_background/background_publications_htmlpdf/application/pdf/pub_07_financial_flows.pdf. 
  18. "Agriculture is the direct driver for worldwide deforestation" (en ভাষাত). ScienceDaily. https://www.sciencedaily.com/releases/2012/09/120925091608.htm. 
  19. "Forest Conversion". WWF. https://wwf.panda.org/our_work/our_focus/forests_practice/deforestation_causes2/forest_conversion/. 
  20. Starkel, Leszek (2018). "Role Of Climatic And Anthropogenic Factors Accelerating Soil Erosion And Fluvial Activity In Central Europe". Studia Quaternaria খণ্ড 22. http://www.studia.quaternaria.pan.pl/pdfs/sq22/s_27_33.pdf. 
  21. Longobardi, Patrick (April 21, 2016). "Deforestation induced Climate Change: Effects of Spatial Scale". PLOS ONE খণ্ড 11 (4): e0153357. doi:10.1371/journal.pone.0153357. PMID 27100667. 
  22. "Cattle ranching in the Amazon rainforest". www.fao.org. http://www.fao.org/3/XII/0568-B1.htm#P10_167। আহৰণ কৰা হৈছে: 2020-02-25. 
  23. "Growth of Brazil's Beef Industry Fueling Fires Destroying Amazon Rainforest" (en ভাষাত). KTLA. 2019-08-23. Archived from the original on 2020-02-25. https://web.archive.org/web/20200225044405/https://ktla.com/2019/08/23/growth-of-brazils-beef-industry-fueling-fires-destroying-amazon-rainforest/। আহৰণ কৰা হৈছে: 2020-02-25. 
  24. "slash-and-burn agriculture | Definition & Impacts" (en ভাষাত). Encyclopedia Britannica. https://www.britannica.com/topic/slash-and-burn-agriculture। আহৰণ কৰা হৈছে: 2020-04-28. 
  25. "What is Slash and Burn Agriculture" (en ভাষাত). World Atlas. https://www.worldatlas.com/articles/what-is-slash-and-burn-agriculture.html। আহৰণ কৰা হৈছে: 2020-04-28. 
  26. "Deforestation and Climate Change". Archived from the original on 15 March 2023. https://web.archive.org/web/20230315141809/http://climate.org/deforestation-and-climate-change/। আহৰণ কৰা হৈছে: 28 September 2023. 
  27. Houghton, R.A (December 2012). "Carbon emissions and the drivers of deforestation and forest degradation in the tropics". Current Opinion in Environmental Sustainability খণ্ড 4 (6): 597–603. doi:10.1016/j.cosust.2012.06.006. ISSN 1877-3435. 
  28. Tinker, P. Bernard; Ingram, John S. I.; Struwe, Sten (1996-06-01). "Effects of slash-and-burn agriculture and deforestation on climate change" (en ভাষাত). Agriculture, Ecosystems & Environment. Alternatives to Slash-and-Burn Agriculture খণ্ড 58 (1): 13–22. doi:10.1016/0167-8809(95)00651-6. ISSN 0167-8809. 
  29. Wang, George C. (9 April 2017). "Go vegan, save the planet". CNN. http://www.cnn.com/2017/04/08/opinions/go-vegan-save-the-planet-wang/. 
  30. Liotta, Edoardo (23 August 2019). "Feeling Sad About the Amazon Fires? Stop Eating Meat". Vice. https://www.vice.com/en_in/article/bjwzk4/feeling-sad-about-the-amazon-fires-stop-eating-meat. 
  31. Steinfeld, Henning; Gerber, Pierre; Wassenaar, T. D.; Castel, Vincent (2006). Livestock's Long Shadow: Environmental Issues and Options. Food and Agriculture Organization of the United Nations. ISBN 978-92-5-105571-7. http://www.fao.org/docrep/010/a0701e/a0701e00.htm। আহৰণ কৰা হৈছে: 19 August 2008. 
  32. Margulis, Sergio (2004). "Causes of Deforestation of the Brazilian Amazon". World Bank Working Paper No. 22. প্ৰকাশক Washington D.C.: The World Bank. পৃষ্ঠা: 9. ISBN 0-8213-5691-7. http://www-wds.worldbank.org/servlet/WDSContentServer/WDSP/IB/2004/02/02/000090341_20040202130625/Rendered/PDF/277150PAPER0wbwp0no1022.pdf। আহৰণ কৰা হৈছে: 4 September 2008. 
  33. "Unsustainable Cattle Ranching". World Wildlife Fund. https://wwf.panda.org/discover/knowledge_hub/where_we_work/amazon/amazon_threats/unsustainable_cattle_ranching/। আহৰণ কৰা হৈছে: 22 October 2022. 
  34. "How cattle ranches are chewing up the Amazon rainforest | Greenpeace UK" (en-GB ভাষাত). Greenpeace UK. 2009-01-31. https://www.greenpeace.org.uk/how-cattle-ranching-chewing-amazon-rainforest-20090129/. 
  35. Carrington, Damian (2018-05-21). "Humans just 0.01% of all life but have destroyed 83% of wild mammals – study" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/environment/2018/may/21/human-race-just-001-of-all-life-but-has-destroyed-over-80-of-wild-mammals-study. 
  36. Sanquetta, Carlos R.; Bastos, Alexis De S.; Sanquetta, Mateus N. I.; Barberena, Iara M.; Corte, Ana P. Dalla; Queiroz, Alexandre; Almeida, Luiz Felipe P. U. (2022-08-05). "Assessing the carbon stock of cultivated pastures in Rondônia, southwestern Brazilian Amazon" (en ভাষাত). Anais da Academia Brasileira de Ciências খণ্ড 94 (4): e20210262. doi:10.1590/0001-3765202220210262. ISSN 0001-3765. PMID 35946750. 
  37. "Rates of Deforestation & Reforestation in the U.S.". http://education.seattlepi.com/rates-deforestation-reforestation-us-3804.html. 
  38. "Logging | Global Forest Atlas". globalforestatlas.yale.edu. Archived from the original on 2019-06-05. https://web.archive.org/web/20190605190507/https://globalforestatlas.yale.edu/forest-use-logging/logging। আহৰণ কৰা হৈছে: 2020-04-28. 
  39. 39.0 39.1 Angelsen, Arild; Kaimowitz, David (February 1999). "Rethinking the causes of deforestation: Lessons from economic models". The World Bank Research Observer (Oxford University Press) খণ্ড 14 (1): 73–98. doi:10.1093/wbro/14.1.73. PMID 12322119. https://ideas.repec.org/a/oup/wbrobs/v14y1999i1p73-98.html. 
  40. Laurance, William F. (December 1999). "Reflections on the tropical deforestation crisis". Biological Conservation খণ্ড 91 (2–3): 109–117. doi:10.1016/S0006-3207(99)00088-9. Archived from the original on 8 September 2006. https://web.archive.org/web/20060908032336/http://studentresearch.wcp.muohio.edu/BiogeogDiversityDisturbance/ReflectionsDeforestCrisis.pdf। আহৰণ কৰা হৈছে: 5 December 2023. 
  41. Burgonio, T.J. (3 January 2008). "Corruption blamed for deforestation". Philippine Daily Inquirer. http://newsinfo.inquirer.net/breakingnews/nation/view_article.php?article_id=110193. [সংযোগবিহীন উৎস]
  42. "WRM Bulletin Number 74". World Rainforest Movement. September 2003. Archived from the original on 4 October 2008. https://web.archive.org/web/20081004225352/http://www.wrm.org.uy/bulletin/74/Uganda.html। আহৰণ কৰা হৈছে: 17 October 2008. 
  43. Cozma, Adeline-Cristina; Cotoc, Corina-Narcisa (Bodescu); Vaidean, Viorela Ligia; Achim, Monica Violeta (2021). "Corruption, Shadow Economy and Deforestation: Friends or Strangers?" (en ভাষাত). Risks খণ্ড 9 (9): 153. doi:10.3390/risks9090153. https://ideas.repec.org/a/gam/jrisks/v9y2021i9p153-d621556.html. 
  44. "Global Deforestation". Global Change Curriculum. University of Michigan Global Change Program. 4 January 2006. Archived from the original on 15 June 2011. https://web.archive.org/web/20110615044847/http://www.globalchange.umich.edu/globalchange2/current/lectures/deforest/deforest.html। আহৰণ কৰা হৈছে: 5 December 2023. 
  45. 45.0 45.1 Marcoux, Alain (August 2000). "Population and deforestation". SD Dimensions. Sustainable Development Department, Food and Agriculture Organization of the United Nations (FAO). Archived from the original on 28 June 2011. https://web.archive.org/web/20110628184520/http://www.fao.org/sd/WPdirect/WPan0050.htm। আহৰণ কৰা হৈছে: 5 December 2023. 
  46. Butler, Rhett A. "Impact of Population and Poverty on Rainforests". Mongabay.com / A Place Out of Time: Tropical Rainforests and the Perils They Face. http://rainforests.mongabay.com/0816.htm। আহৰণ কৰা হৈছে: 13 May 2009. 
  47. "The Choice: Doomsday or Arbor Day". umich.edu. Archived from the original on 16 April 2009. https://web.archive.org/web/20090416161300/http://www.umich.edu/~gs265/society/deforestation.htm। আহৰণ কৰা হৈছে: 5 December 2023. 
  48. Ehrhardt-Martinez, Karen. "Demographics, Democracy, Development, Disparity and Deforestation: A Crossnational Assessment of the Social Causes of Deforestation". Paper presented at the annual meeting of the American Sociological Association, Atlanta Hilton Hotel, Atlanta, GA, 16 August 2003. Archived from the original on 10 December 2008. https://web.archive.org/web/20081210160729/http://www.allacademic.com/meta/p_mla_apa_research_citation/1/0/7/4/8/p107488_index.html। আহৰণ কৰা হৈছে: 13 May 2009. 
  49. "Urbanisation | DEFORESTATION IN SOUTHEAST ASIA". blogs.ntu.edu.sg. https://blogs.ntu.edu.sg/hp3203-1718-s2-04/causes/urbanisation/। আহৰণ কৰা হৈছে: 2022-11-01. 
  50. Geist, Helmut J.; Lambin, Eric F. (February 2002). "Proximate Causes and Underlying Driving Forces of Tropical Deforestation". BioScience খণ্ড 52 (2): 143–150. doi:10.1641/0006-3568(2002)052[0143:PCAUDF]2.0.CO; 2. 
  51. "The Double Edge of Globalization". YaleGlobal Online. Yale University Press. June 2007. Archived from the original on 2009-04-10. https://web.archive.org/web/20090410154645/http://yaleglobal.yale.edu/display.article?id=9366। আহৰণ কৰা হৈছে: 2023-12-05. 
  52. Butler, Rhett A. "Human Threats to Rainforests—Economic Restructuring". Mongabay.com / A Place Out of Time: Tropical Rainforests and the Perils They Face. http://rainforests.mongabay.com/0805.htm। আহৰণ কৰা হৈছে: 13 May 2009. 
  53. Hecht, Susanna B.; Kandel, Susan; Gomes, Ileana; Cuellar, Nelson; Rosa, Herman (2006). "Globalization, Forest Resurgence, and Environmental Politics in El Salvador". World Development খণ্ড 34 (2): 308–323. doi:10.1016/j.worlddev.2005.09.005. Archived from the original on 29 October 2008. https://web.archive.org/web/20081029090622/http://www.spa.ucla.edu/cgpr/docs/sdarticle1.pdf। আহৰণ কৰা হৈছে: 17 October 2008. 
  54. 54.0 54.1 Pearce, David W (December 2001). "The Economic Value of Forest Ecosystems". Ecosystem Health খণ্ড 7 (4): 284–296. doi:10.1046/j.1526-0992.2001.01037.x. http://www.cbd.int/doc/external/academic/forest-es-2003-en.pdf. 
  55. Bulte, Erwin H; Joenje, Mark; Jansen, Hans GP (2000). "Is there too much or too little natural forest in the Atlantic Zone of Costa Rica?". Canadian Journal of Forest Research খণ্ড 30 (3): 495–506. doi:10.1139/x99-225. 
  56. Butler, Rhett A.; Laurance, William F. (August 2008). "New strategies for conserving tropical forests". Trends in Ecology & Evolution খণ্ড 23 (9): 469–472. doi:10.1016/j.tree.2008.05.006. PMID 18656280. http://news.mongabay.com/Butler_and_Laurance-TREE.pdf. 
  57. Rudel, T.K. (2005) Tropical Forests: Regional Paths of Destruction and Regeneration in the Late 20th Century. Columbia University Press আই.এচ.বি.এন. 0-231-13195-X
  58. Curtis, P. G.; Slay, C. M.; Harris, N. L.; Tyukavina, A.; Hansen, M. C. (2018). "Classifying drivers of global forest loss". Science খণ্ড 361 (6407): 1108–1111. doi:10.1126/science.aau3445. PMID 30213911. 
  59. "Roads, lands, markets, and deforestation: a spatial model of land use in Belize". 1999. doi:10.1596/1813-9450-1444. http://www-wds.worldbank.org/external/default/WDSContentServer/WDSP/IB/1995/04/01/000009265_3970311121720/Rendered/PDF/multi_page.pdf. 
  60. Ferraz, Silvio Frosini de Barros; Vettorazzi, Carlos Alberto; Theobald, David M. (2009). "Using indicators of deforestation and land-use dynamics to support conservation strategies: A case study of central Rondônia, Brazil". Forest Ecology and Management খণ্ড 257 (7): 1586–1595. doi:10.1016/j.foreco.2009.01.013. 
  61. EXTRACTED FORESTS UNEARTHING THE ROLE OF MINING-RELATED DEFORESTATION AS A DRIVER OF GLOBAL DEFORESTATION. World Wildlife Fund. 2023. পৃষ্ঠা. 3,6,7,22. https://www.wwf.de/fileadmin/fm-wwf/Publikationen-PDF/Wald/WWF-Studie-Extracted-Forests.pdf। আহৰণ কৰা হৈছে: 23 April 2023. 
  62. 62.0 62.1 FAO (2020). "Global Forest Resources Assessment". http://www.fao.org/3/ca9825en/CA9825EN.pdf. 
  63. IPCC (2019a). "Climate Change and Land: an IPCC special report on climate change, desertification, land degradation, sustainable land management, food security, and greenhouse gas fluxes in terrestrial ecosystems. Chapter 4. Land Degradation.". https://www.ipcc.ch/site/assets/uploads/sites/4/2019/11/07_Chapter-4.pdf.