বলপূৰ্বক ধৰ্মান্তৰকৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বলপূৰ্বক ধৰ্মান্তৰকৰণ বুলিলে কোনো ব্যক্তি, গোট বা সমাজৰ ওপৰত তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে সংঘাতৰ অজুহাতত বা অজুহাত নোহোৱাকৈ অন্য কোনো ধৰ্মীয় বিশ্বাস জাপি দিয়া নতুবা তেওঁক নিজৰ ধৰ্ম এৰি আন ধৰ্ম গ্ৰহণ কৰিবলৈ বাধ্য কৰা।[1]

আবু হানিফা আৰু আবু ইউছুফৰ মতে অমুছলমানে নিজৰ ধৰ্ম নিৰ্বিশেষে জিজিয়া কৰ দিব লাগিব। কিন্তু পিছলৈ অধিক চৰম ন্যায়বিদসকলে মূৰ্তিপূজাৰীৰ বাবে জিজিয়াক অনুমতি নিদিলে। ইয়াৰ পৰিৱৰ্তে ই কেৱল অন্য ধৰ্মৰ লোকসকলক মৃত্যুদণ্ডৰ পৰা হাত সাৰিবলৈ ধৰ্মান্তৰকৰণৰ বিকল্পহে আগবঢ়াইছিল। চাৰিখন ইছলামিক আইনৰ ভিতৰত হানাফী আৰু মালিকীসকলে আৰবসকলক বাদ দি বাহিৰৰ লোকসকলক পণবন্দী হিচাপে ঘোষণা কৰিছিল। শ্বাফী আৰু হানবালিসকলে অৱশ্যে কেৱল খ্ৰীষ্টান, ইহুদী আৰু জোৰাস্থিয়ান এই শ্ৰেণীৰ বুলি গণ্য কৰে।

শেহতীয়া সময়ত যুদ্ধ, বিদ্ৰোহ আৰু আন্তঃসাম্প্ৰদায়িক হিংসাই ভাবুকি দিছে আৰু বলপূৰ্বক ধৰ্মান্তৰকৰণৰ সংঘটিত কৰিছে। ভাৰত বিভাজন, বাংলাদেশৰ স্বাধীনতা যুদ্ধ, ইছলামিক ষ্টেট (আই এছ)ৰ নিয়ন্ত্ৰিত অঞ্চল, পাকিস্তানত হাজাৰ হাজাৰ লোকৰ ধৰ্মান্তৰকৰণৰ খবৰ পোৱা গৈছে। যুৱতীসকলৰ বলপূৰ্বক ধৰ্মান্তৰকৰণে পাকিস্তান, বাংলাদেশ, ভাৰত, ইজিপ্ত আৰু যুক্তৰাজ্যত ৰাজহুৱা বিতৰ্কৰ সৃষ্টি কৰিছে।[2][3][4]

১৮ শতিকাৰ শাসক টিপু চুলতানে হিন্দু আৰু খ্ৰীষ্টানক অত্যাচাৰ কৰিছিল।[5][6][7]

কেৰালাৰ মহীশূৰত টিপুৰ পিতৃ হাইদৰ আলীৰ আগ্ৰাসনৰ সময়ত শ শ মন্দিৰ আৰু গীৰ্জা ভাঙি পেলোৱা হৈছিল। দহ হাজাৰ খ্ৰীষ্টান, হিন্দুক হত্যা কৰি বলপূৰ্বকভাৱে ইছলাম ধৰ্ম গ্ৰহণ কৰা হৈছিল।[8]

১৯৯৮ চনৰ পাঠানকোঠ গণহত্যাৰ সময়ত, ধৰ্মান্তৰিত হ’বলৈ অস্বীকাৰ কৰাৰ বাবে ইছলামিক উগ্ৰপন্থীয়ে হত্যা কৰিলে ২৬জন কাশ্মীৰী হিন্দুক।[9]যেতিয়া গাঁওবাসীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰি গো-মাংস খাই প্ৰমাণ কৰাৰ প্ৰস্তাৱ নাকচ কৰিলে তেতিয়া ইছলামিক উগ্ৰপন্থীয়ে তেওঁলোকক আক্ৰমণ কৰে। ১৯৪৬ চনৰ নোয়াখালী দাঙ্গাত মুছলমান উগ্ৰপন্থীয়ে লাখ লাখ হিন্দুক বলপূৰ্বকভাৱে ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ জোৰ-জবৰদস্থি কৰিছিল।[10][11]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Firth, Raymond (1981) Spiritual Aroma: Religion and Politics. American Anthropologist, New Series, Vol. 83, No. 3, pp. 582–601
  2. "হিন্দু মেয়েকে বিয়েৰ পিঁড়ি থেকে অপহৰণ, ধৰ্মান্তৰিত কৰে মুসলিম যুবকেৰ সঙ্গে ফেৰ বিয়ে". জি ২৪ ঘণ্টা (বঙালী ভাষাত). https://zeenews.india.com/bengali/world/hindu-woman-abducted-from-wedding-forcibly-converted-married-off_297966.html. 
  3. "১৩ বছৰীয়া হিন্দু কিশোৰী পূজাক অপহৰণ কৰি ধৰ্মান্তৰিত কৰা হয়". ডেইলীহাণ্ট (ইংৰাজী ভাষাত). https://m.dailyhunt.in/news/india/bangla/banglahunt-epaper-banhun/13+bacharer+hindu+meye+pujake+apaharan+kare+kara+halo+dharmantarit-newsid-124792586. 
  4. "তিনিগৰাকী পত্নীৰ স্বামী আব্দুল্লাই এগৰাকী হিন্দু ছোৱালীক অপহৰণ কৰি ধৰ্ষণ কৰে". khaskhobor. https://www.khaskhobor.com/national/love-jihad-cases-increased-in-uttar-pradesh/. 
  5. Varghese, Alexander (2008). India: History, Religion, Vision and Contribution to the World, Volume 1. Atlantic Publishers. ISBN 9788126909032. https://books.google.com/books?id=y7GKwhuea9kC&pg=PA404&dq=tipu. 
  6. Paul, Thomas (1954). Christians and Christianity in India and Pakistan: a general survey of the progress of Christianity in India from apostolic times to the present day. Allen & Unwin. পৃষ্ঠা. 235. https://books.google.com/?id=0UegAQAACAAJ&dq=Christians+and+Christianity+in+India+and+Pakistan%3A+a+general+survey+of+the+progress+of+Christianity+in+India+from+apostolic+times+to+the+present+day&q=tippu. 
  7. (en ভাষাত) টিপু চুলতান: ইতিহাসৰ নায়ক নে খলনায়ক - E News Bangla. Dailyhunt. https://m.dailyhunt.in/news/india/bangla/e+news+bangla-epaper-enewsban/tipu+sulatan+itihaser+nayak+naki+khalanayak-newsid-131240516. 
  8. "The Ocean of Churn: How the Indian Ocean Shaped Human History". Penguin UK. পৃষ্ঠা: 188. 
  9. "26 Hindus beheeaded by Islamist militants in Kashmir". nytimes.com. https://www.nytimes.com/1998/06/20/world/gunmen-kill-25-hindus-in-kashmir-attacks.html. 
  10. Yasmin (2007). The Great Partition: The Making of India and Pakistan. Yale University Press. পৃষ্ঠা. 68–69. ISBN 978-0-300-12078-3. https://books.google.com/books?id=i9WdQp2pwOYC&q=Noakhali#v=snippet&q=Noakhali&f=false. 
  11. "Fatal flaw in communal violence bill". Rediff.com. http://www.rediff.com/news/column/fatal-flaw-in-communal-violence-bill/20110602.htm.