বহাগ মাহৰ দেউল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মহাবিষুৱ সংক্ৰান্তিৰ পৰা পালন হয় অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহু। এই সময়ত প্ৰকৃতিৰ ৰং চৰে। বৃক্ষ-লতা, পত্ৰে-পুষ্পে সুশোভিত হয়। প্ৰকৃতিৰ ৰাজ্য ৰং-ৰহইচেৰে উথলি উঠাৰ লগে লগে মানুহৰো হিয়া-মন ৰঙেৰে উপচি পৰে। হুঁচৰি, বিহুগীতৰ ৰোল উঠে। পঞ্জাবৰ বৈশাগী, বংগৰ চড়ক পূজা, কোচবিহাৰৰ বাঁশ পূজা, কামৰূপৰ ভথেলিৰ দৰে মঙলদৈ তথা দৰঙৰ বহাগমহীয়া দেউল উৎসৱ এই সময়ৰে বসন্তোৎসৱসমূহৰ অন্যতম।

দৰঙৰ দেউল উৎসৱ মূলতঃ বিষ্ণু পূজাৰ আয়োজন। ই দৰঙৰ স্বকীয় ঐতিহ্যৰ স্বাক্ষৰ বহন কৰি প্ৰায় একাদশ শতিকাৰ পৰাই নীৰৱচিছন্নভাৱে বৰ্তমানো চলি আছে। বৈশিষ্ট্যপূৰ্ণ এই দেউল উৎসৱৰ লগত মঙলদৈ আৰু দৰং এই শব্দ দুটাৰ ঐতিহ্যও মন কৰিবলগীয়া। পূৰ্বৰ কোচ ৰজাসকলৰ ৰাজত্ব কালত সমগ্ৰ শোণিতপুৰৰ পৰা বৰ্তমান মঙলদৈলৈকে দৰং ৰাজ্য বোলা হৈছিল। পাছত ব্ৰিটিছসকলে শাসনৰ সুবিধাৰ বাবে মঙলদৈ আৰু তেজপুৰ মহকুমাক সামৰি দৰং জিলা নামকৰণ কৰিলে। পুৰণি দৰংখন সম্প্ৰতি দৰং, ওদালগুৰি, শোণিতপুৰ জিলা হিচাপে ঘোষণা কৰা হ’ল। সি যি কি নহওক, বৰ্তমানৰ দৰং জিলাখনেই কোচ ৰাজত্বৰ সময়ত দৰং ৰাজ্য ৰূপে জনাজাত আছিল।

শাস্ত্ৰত কোৱা আছে যে বহাগ মাহ বিষ্ণুৰ অতি প্ৰিয় মাহ। এই কাৰণেই সম্ভৱতঃ বিষ্ণুভক্ত দৰঙী ৰজাসকলৰ পৃষ্ঠপোষকতাত প্ৰাচীন কালৰে পৰা দৰং অঞ্চলত দেউল উৎসৱ পালন কৰি অহা হৈছে। দৈৱজ্ঞ ব্ৰাহ্মণ কবি সুচণ্ডাই ৰচিত ‘শিয়ালা বৈষ্ণৱ চৰিত্ৰ’ত এই উৎসৱৰ আৰম্ভণি সম্পৰ্কে কিছু বৰ্ণনা আছে। একাদশ শতিকাত প্ৰখ্যাত শিয়ালা বৈষ্ণৱৰ পিতৃ ধৰ্মদেৱে বিপ্ৰ ভূঞাই ছিপাঝাৰ অঞ্চলৰ বৰাবাৰী গাঁৱত সত্ৰ পাতি বাস কৰিছিল। তেখেত অতি শাস্ত্ৰজ্ঞ আৰু ধৰ্মপ্ৰাণ ব্যক্তি আছিল। তেখেতে ধৰ্ম চিন্তা-চৰ্ৰ জৰিয়তে মানুহৰ মনত ধৰ্মীয় ভাব জগাই তুলিবলৈ চেষ্টা কৰিছিল।

ইতিহাস[সম্পাদনা কৰক]

ধৰ্মদেৱ বিপ্ৰভুঞা নামৰ এইজন শাস্ত্ৰজ্ঞ পণ্ডিতেই প্ৰায় একাদশ শতিকাতে পোনপ্ৰথম ছিপাঝাৰ অঞ্চলৰ বৰদৌলগুৰিত বিষ্ণু পূজাৰ জৰিয়তে দেউল উৎসৱৰ পাতনি মেলে। শাস্ত্ৰৰ নিৰ্দেশৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাস ৰাখি মঙলদৈৰ হিন্দুসকলে বহুকাল পূৰ্বৰে পৰা গোটেই বহাগজুৰি বিষ্ণু পূজা কৰি আহিছে। এই পূজা বিভিন্ন দিনত বিভিন্ন স্থানত অনুষ্ঠিত হয়। মঙলদৈৰ বহাগমহীয়া বিষ্ণু পূজা দৌলযাত্ৰাৰ বিধিৰে কৰা হয় বাবে ইয়াৰ নাম দেউল।

দৰং জিলাৰ হিন্দুঘোপা মৌজাৰ অন্তৰ্গত বৰ্তমানৰ বৰদৌলগুৰিৰ পুৰণি নাম বৰাবাৰী। এই বৰাবাৰী গাঁৱতে ধৰ্মপ্ৰাণ মহন্ত ধৰ্মদেৱ বিপ্ৰই এখন সত্ৰ স্থাপন কৰি ধৰ্মচৰ্ কৰিছিল। সেই সত্ৰ বৰ্তমান ‘পোৰাসত্ৰ’ নামেৰে জনাজাত। এই ধৰ্মদেৱ বিপ্ৰই এটি প্ৰাপ্ত বিষ্ণুমূৰ্তি প্ৰতিষ্ঠা কৰি ৰাজহুৱাভাৱে পূজিবৰ অৰ্থে সত্ৰৰ নাতিদূৰৈত ঈশান কোণত বৰ ওখকৈ মাটিৰ ঢাপ বান্ধিছিল আৰু বহাগত ওপৰত বিষ্ণু মূৰ্তি প্ৰতিষ্ঠা কৰি পূজাৰ আয়োজন কৰিছিল। ধৰ্মদেৱ বিপ্ৰৰ সময়ৰ দশম শতিকাৰ আদিভাগ বুলি ঠাৱৰ কৰা হৈছে। গতিকে বিষ্ণু পূজাক কেন্দ্ৰ কৰি আৰম্ভ হোৱা এই দেউল উৎসৱ দশম শতিকাৰ আদিভাগৰ কোনো এটি বহাগৰ ১লা তাৰিখৰ পৰা আৰম্ভ হোৱা বুলি ক’ব পৰা যায়। বৰ ওখকৈ দল বান্ধি এই উৎসৱ পালন কৰা হৈছিল কাৰণে ইয়াক ‘বৰদৌল’ বোলা হৈছিল আৰু আজিও এই ঠাইৰ নাম বৰদৌলগুৰি বুলি জনাজাত।

‘তাহাম ঈশানে এক দৌলক বান্ধিলা।
বৰদৌল নাম হুৱা অদ্যাপিও ৰৈলা॥’

ধৰ্মদেৱ বিপ্ৰই আৰম্ভ কৰা সেই দেউল উৎসৱৰ পৰম্পৰা ৰক্ষা কৰি সেই তেতিয়াৰ পৰাই বৰ্তমানলৈ প্ৰতিবছৰে বহাগ মাহৰ ১লা তাৰিখে এই ঠাইত দেউল উৎসৱ মহা সমাৰোহেৰে পালন কৰি অহা হৈছে আৰু সম্ভৱতঃ পাছলৈ এই ‘বৰদৌল’ক অনুকৰণ কৰি বহাগ মাহৰ এটা দিনো বাদ নপৰাকৈ প্ৰতিদিনে দৰঙৰ বিভিন্ন ঠাইত দেউল উৎসৱ কিছুমানত দৰঙী কলা-কৃষ্টিৰ অন্যতম কৃষ্টি ঢেপা ঢুলীয়া, সুকন্ন্যানি ওজাপালি আৰু কিছুমানত ব্যাসৰ ওজাপালি উৎসৱমুখৰ পৰিৱেশনে দেউল উৎসৱসমূহক অধিক আকৰ্ষণীয় কৰি তোলা দেখা যায়। ই মূলতঃ বিষ্ণু পূজা হ’লেও বৰ্তমান ই বেপাৰ-বাণিজ্য আৰু ব্যৱসায়ৰ বিৰাট মেলা হৈ পৰিছে। হেজাৰ-বিজাৰ লোকৰ স্বতঃস্ফূৰ্ত উৎসৱত পৰিণত হোৱাৰ লগতে হিন্দু-মুছলমান সকলো লোকৰ সমাগমেৰে সম্প্ৰীতিৰ সেতু স্বৰূপ হৈ পৰিছে দেউল উৎসৱ।

সমগ্ৰ দৰঙত কিমান দেউল আছে সঠিক হিচাপ দিয়া কঠিন। সকলোতে দেউলৰ পূজা একে হ’লেও জনসমাৱেশ আৰু ব্যৱসায়ৰ আধিক্য লৈহে দেউল ডাঙৰ বা সৰু বুলি ধাৰণা কৰা হয়। এইক্ষেত্ৰত ১২ বহাগত অনুষ্ঠিত ছিপাঝাৰৰ ঘোঁৰাবান্ধা দেউল উৎসৱটি সমগ্ৰ অসমতেই অতি পৰিচিত। দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ঘোঁৰাবান্ধা দেউললৈ সৰ্থেবাৰী, শুৱালকুছি আদিৰ বেপাৰীৰে ভৰি পৰে আৰু অসমৰ বিভিন্ন কোণৰ পৰা মানুহৰ সমাগমে দেউলটোক এক অনন্য মাত্ৰা প্ৰদান কৰি আহিছে। স্মৰ্তব্য যে একালৰ বিখ্যাত দেউলৰ গুৰুত্ব হ্ৰাস পাইছে। ঘোঁৰাবান্ধা দেউলৰ উপৰি জিলাখনৰ কেইটামান সৰু-বৰ দেউল হ’ল– সৰু জলজলি, বামুণপাৰা, খটৰা, বুঢ়ী নগৰ, ঠেকেৰাবাৰী, ৰইনাপীত (হাজৰিকাপাৰা), মাইৰ সুঁৱৰি সত্ৰৰ দেউল, বিহুভাঙা, নামখলা, ধোপৰতল, ৰাজঘাট, ওদালগুৰি জিলাৰ ভিতৰত কলাইগাঁও, টংলা, খাম্পাখলা আদি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]