বাইট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাইট অংকীয় জ্ঞানৰ একক, যি ৮ বিটৰ সমান।[1] ঐতিহাসিকভাৱে এক বাইট পৰিকলন যন্ত্ৰত ১ আখৰ বা সংখ্যা প্ৰৱেশ কৰিবলৈ প্ৰয়োজনীয় বিটৰ পৰিমাণ।[2][3] সেয়ে বহুতো পৰিকলন ব্যৱস্থাত বৰ্তমান ১ বাইটেই ঠিকনাযুক্ত সৰ্বনিম্ন জ্ঞানৰ পৰিমাণ। পূৰ্বতে বাইটৰ আকাৰ হাৰ্ডৱেৰৰ ওপৰত নিৰ্ভৰশীল আছিল আৰু বাইটৰ নিৰ্দিষ্ট জোখ নাছিল। কাৰ্যতঃ বাইটৰ '৮ বিট'ৰ মূল্য ২ৰ ঘাট আৰু সেয়ে ১ বাইটত ০ৰপৰা ২৫৫লৈকে মূল্যৰ অনুমতি আছে। এই গুণ আৰু অন্যান্য কাৰণৰ বাবে ৮ বিটৰ মূল্য বৰ্তমান বহুলভাৱে স্বীকৃত।[4] পূৰ্বতে (নিৰ্দিষ্ট মূল্য নথকাৰ বাবে) ৮ বিটৰ ক্ৰমক অক্টেট বোলা হৈছিল যদিও এই নাম এতিয়া প্ৰায় ব্যৱহৃত নহয়। বাইট শব্দ ৱাৰ্ণাৰ বাখ্ললজে ১৯৫৬ চনত প্ৰথম ব্যৱহাৰ কৰিছিল।[5][6]

কম্পিউটাৰৰ প্ৰছেচৰ বহুতো বৰ্তনী (circuit)-ৰ এক সমষ্টি। এই বৰ্তনীবোৰে সদায় দুই ধৰণৰ সিদ্ধান্ত নাইবা ফলাফল দিবলৈ সক্ষম। সেই দুটা হ'ল- ON আৰু OFF, নাইবা TRUE আৰু FALSE নাইবা HIGH আৰু LOW। সেই কাৰণে ইহঁতক Two Valued Logic Circuit বুলিও কোৱা হয়। কম্পিউটাৰৰ মেম'ৰীৰ ক্ষেত্ৰত এই দুই ধৰণৰ স্থিতিক ১ (এক) আৰু ০ (শূন্য) হিচাপে প্ৰকাশ কৰা হয়। এক হৈছে বৰ্তনীৰ মাজেৰে বিদ্যুৎ চালিত হোৱাৰ পৰিচায়ক আৰু শূন্য তাৰ ওলোটা। দ্বৈত ল'জিকত ১ (এক) মানে হৈছে TRUE বা ON বা HIGH আৰু ০ (শূন্য) মানে হৈছে FALSE বা OFF বা LOW। এই ০ (শূন্য) আৰু ১ (এক) ক Binary Digit বা চমুকৈ Bit (বিট) বুলি কোৱা হয়। চাৰিটা বিটক এক নিবল্ (Nibble) বুলি কোৱা হয়। ৮ বিটক এক বাইট (Byte) বুলি কোৱা হয়। এক বাইট (Byte) য়ে ০ আৰু ২৫৫ ৰ মাজৰ যিকোনো এটা মান ল’ব পাৰে। কাৰণ আঠটা স্থান দুটা মানে ০ আৰু ১ ৰে লিখিব পৰা সংখ্যা হ'ল 256 (2 to the power 8 or 28) এনেকুৱা একাধিক Byte ডাঙৰ সংখ্যাত প্ৰকাশ কৰিবলৈ একলগ কৰিব পাৰি। কম্পিউটাৰে সকলো সংখ্যা নাইবা বৰ্ণমালা (alphabets) ভিতৰুৱাকৈ এই  ধৰণে প্ৰকাশ কৰি জমা কৰে। ইয়াত 1 বা 2 এইবোৰ Binary Number System ত আছে। কম্পিউটাৰে মাত্ৰ এটা ভাষাহে বুজি পায়। সেইয়া হৈছে- মেচিন ভাষা। মেচিন ভাষাৰ প্ৰধান উপাদানেই হ'ল দ্বৈত-সংখ্যা পদ্ধতি (Binary Number System) য'ত মাত্ৰ দুটা চিহ্নহে থাকে ০ (শূন্য) আৰু ১ (এক)।

চিহ্ন[সম্পাদনা কৰক]

IEC 80000-13, IEEE 1541 আৰু মেট্ৰিক ইণ্টাৰ্চে'ঞ্জ ফৰ্মেটত বাইটৰ চিহ্ন 'B' (বৰফলাৰ ইংৰাজী আখৰ B)।[7] ইণ্টাৰনেচনেল চিষ্টেম অৱ কুৱাণ্টিটিজত B বেলৰ বাবে ব্যৱহাৰ কৰা হয় যদিও বেলৰ সলনি বেলৰ (১/১০) ভাঘ ডেচিবেলৰ প্ৰচলন অধিক হোৱাত B চিহ্ন বেলৰ বাবে প্ৰায় নহয় আৰু সাধাৰণতে কোনো সমস্যা দেখা নাযায়। বাইটৰ (১/১০) ভাগ ডেচিবাইট ট্ৰেন্সমিছন দৰ আদিৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয়।

কিলোবাইটৰ চিহ্ন kB, পিচে এই চিহ্নক কিলোবিটৰ চিহ্ন হিচাপে ভুল কৰিব পৰা যায়। অনুষ্ঠান বিশেষে কিলোবিটক kb আৰু kBit চিহ্ন প্ৰদান কৰা হৈছে।

বাইট আৰু গুণিতক একক[সম্পাদনা কৰক]

Percentage difference between decimal and binary interpretations of the unit prefixes grows with increasing storage size
Visual depiction of relationship of bits to bytes and bytes to other larger units of storage.

SI বা মেট্ৰিক নিয়মত বাইটৰসৈতে ব্যৱহৃত অনুসৰ্গসমূহৰ ক্ষেত্ৰত বহুতো অসুবিধা দেখা যায় বিশেষকৈ যিহেতু পৰিকলন যন্ত্ৰই দশমিকৰ ঠাইত দ্বিক সংখ্যা প্ৰণালী ব্যৱহাৰ কৰে। যদিও কিলো আদিৰ বাবে বিশেষ অসুবিধা নহয়, যিহেতু পাৰ্থক্য অধিক নহয়, য়টা (yotta) আদিৰ বাবে পাৰ্থক্য ২০% মান হয় গৈ।

০ বা ১= বাইনাৰী ডিজিট (Binary Digit)
৪ বিট (bits)= ১ নিবল (Nibble)
৮ বিট (bits)= ১ বাইট (byte)
১০২৪ বাইট (Bytes) = ১ কিলোবাইট বা কেবি (Kilobyte বা KB)
১০২৪ কিলোবাইট (KB) = ১ মেগাবাইট বা এম্ বি (Megabyte বা MB)
১০২৪ মেগাবাইট (MB) = ১ গিগাবাইট বা জিবি (Gigabyte বা GB)
১০২৪ গিগাবাইট (GB) = ১ টেৰাবাইট বা টিবি (Terabyte বা TB)
১০২৪ টেৰাবাইট (TB) = ১ পেটা বাইট বা পিবি (Petabyte বা PB)
১০২৪ পেটা বাইট (PB) = ১ এগ্জা বাইট বা ইবি (Exabyte বা EB)
১০২৪ এগ্জা বাইট (AB)= ১ যেত্তা বাইট বা জেদ.বি (Zetta Byte বা ZB)
১০২৪ যেত্তা বাইট (ZB) = ১ য়োত্তা বাইট বা ৱাই.বি (Yotta Byte বা YB)
১০২৪ য়োত্তা বাইট (YB) = ১ ব্ৰনটো বাইট বা বি.বি (Bronto Byte বা BB)
১০২৪ ব্ৰনটো বাইট (BB) = ১ জিঅ’প বাইট (Geop Byte)

জিঅ’প বাইটকেই (Geop Byte) কম্পিউটাৰ মেম'ৰিৰ সকলোতকৈ ডাঙৰ একক বুলি কোৱা হয়। যদিও বিভিন্ন গৱেষণামূলক তথা বিভিন্ন তথ্য সংৰক্ষণ বাবে ইয়াতকৈও ডাঙৰ একক ব্যৱহাৰ কৰে।

এখন DVD ত 4.7 GB থাকে। পেনড্ৰাইভ  4GB, 8GB, 16GB ইত্যাদিৰ আছে। এখন সাধাৰণ Microsoft Word ডকুমেণ্টত প্ৰায় 25 KB থাকে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org
  2. Bemer, RW; Buchholz, Werner (1962), "4, Natural Data Units", in Buchholz, Werner (PDF), Planning a Computer System – Project Stretch, pp. 39–40, http://archive.computerhistory.org/resources/text/IBM/Stretch/pdfs/Buchholz_102636426.pdf 
  3. Bemer, RW (1959), "A proposal for a generalized card code of 256 characters", Communications of the ACM খণ্ড 2 (9): 19–23, doi:10.1145/368424.368435 
  4. "Computer History Museum - Exhibits - Internet History - 1964". Computer History Museum. http://www.computerhistory.org/internet_history/#1964. 
  5. Werner Buchholz (July 1956). "Timeline of the IBM Stretch/Harvest era (1956–1961)". Computer History. http://archive.computerhistory.org/resources/text/IBM/Stretch/102636400.txt. 
  6. "byte definition". http://catb.org/~esr/jargon/html/B/byte.html. 
  7. Metric-Interchange-Format