বাগোদী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাগোদী গাঁৱৰ ইতিবৃত্ত

বৰপেটা চহৰৰ পৰা ১৮ কি:মি: পূৱত অবহিত বিলপৰীয়া সেউজীয়া পথাৰে আবৰি ৰখা সুন্দৰ গাঁৱৰ্থনেই মোৰ জন্মভূমি বাগোদী গাওঁ | চাৰিও ফালে বিল, অটব্য অৰণ্যৰ মাজত ভৈয়ামৰ টিলাৰ দৰে থকা | ওখ ঠাইডোখৰত ১৯১০ চনত সৰ্ব প্ৰথম মৰহুম ছৈয়দ আলী শিকদাৰৰ পদাৰ্পন ঘটিছিল |১৯১৩-১৮ চনৰ ভিতৰত ক্ৰমে স্বৰ্গীয় নছিমুদ্দিন সৰকাৰ,স্বৰ্গীয় আমিৰ উদ্দিন বেপাৰী,স্বৰ্গীয় কুৰপান আলী মাতবৰ,স্বৰ্গীয় হাজী ছাদেক আলী আদি ব্যক্তিসকলে বাগোদী গাৱৰ পত্তন দিছিল |

বাগোদী গাওঁখন নগাওঁ জিলা পৰিষদৰ এলেকাধীন। বাগোদী গাওঁ পঞ্চায়তৰ অন্তৰ্গত। বাগোদী গাৱৰ উত্তৰত আছে ৰঙিয়া নদীৰ পাম আৰু ভৈৰাগুৰী, দক্ষিণত ১নং | বেছিমাৰী গাওঁ,হাঁহচৰা আৰু দেৱাদী গাওঁ, পূৱত ১নং বেছিমাৰী গাওঁ,২ নং বেছিমাৰী গাওঁ আৰু ৰঙিয়া নদীৰ পাম আৰু পশ্চিমত কঁাহিকুছি আৰু ভৈৰাগুৰী গাওঁ। বাগোদী গাঁৱত প্ৰায় ২৪০০জন মানুহ আছে | গাওঁখনৰ প্ৰায় ৯৭% মানুহ স্বাক্ষৰ | মানুহৰ প্ৰধান জীৱিকা হৈছে চাকৰি আৰু কৃষি | বৰ্তমানে কিছু সংখ্যক ব্যৱসায়ীও ওলাইছে |

বাগোদী গাওঁখন পত্তনৰ পিছৰে পৰা বিভিন্ন সময়ত | গাওঁখনত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান গঢ়ি উঠিছে | এই অনুষ্ঠানবোৰ গঢ়লৈ উঠোঁতে অঞ্চলবাসীৰ অবদান অপৰিসীম | বাগোদী গাঁৱত তেতিয়াৰ লোকেল ব'ৰ্ডৰ সভাপতি স্বৰ্গীয় ধনীৰাম তালুকদাৰৰ নেতৃত্বত ১৯২৫ চনত ১৮৮ নং বাগোদী প্ৰাথমিক বিদ্যালয় স্থাপন হয় ১৯৪০ চনত স্বৰ্গীয় মফিজ উদ্দিন সৰকাৰৰ নেতৃত্বত বাগোদী বালিকা প্ৰাথমিক বিদ্যালয় স্থাপন হৈছিল | ১৯৪০ চনত বাগোদী এম,ই স্কুল স্থাপিত হয়।

১৯২৬ চনত বাগোদী অঞ্চলৰ ৰাইজ মিলি বাগোদী গাৱত এখন বজাৰ সহাপন কৰিছিল |

পিছত ১৯৪৬ চনত বজাৰখন বৰ্তমানৰ স্থানলৈ হানান্তিত কৰিছিল। ১৯৫১ চনত বাগোদী শান্তি ক্লাৱ এণ্ড লাইব্ৰেৰী স্থাপিত হয় |১৯৭৭ চনত বাগোদী হুছেইন তমিজ উপ-স্বাস্থ্য কেন্দ্ৰ স্থাপিত হয়| ১৯৮৬ চনত এখন PHC ৰ আধাৰ শিলা স্থাপন। কৰাৰ পিছতো এতিয়ালৈকে হৈ উঠা নাই | PHcৰ নামত এতিয়াও ১০ বিঘা মাটি আবণ্টন দিয়া আছে | ১৯৬১ চনত বাগোদী হাই স্কুলখন স্থাপিত হয়।

১৯৬৪ চনত বাগোদী জামে মছজিদথন স্থাপিত হয় |

১৯৮২ চনত বাগোদী পশ্চিমপাৰা প্ৰাথমিক বিদ্যালয়খন স্থাপিত হয় | কোন শিক্ষাৰ বাবে বাগোদীত ল'ৰা-ছোৱালীৰ বাবে পৃথক পৃথক ভাবে দুখন হাফিজীয়া মাদ্ৰছা স্থাপন হৈছে। আশীৰ দশকত গাওঁখনত এখন ৰাজ্যিক পশু চিকিৎসা কেন্দ্ৰ স্থাপিত হয় | গাওঁখনত এখন জাতীয় বিদ্যালয়ে স্থাপিত হৈছে | বাগোদীত এখন ডাক ঘৰো আছে |

সাংস্কৃতিক দিশত বাগোদী গাঁৱৰ নাম আছে। ১৯৪১/৪২ চনত বাগোদীত শিক্ষক আব্দুল গণিৰ পৰিচালনাত সৰ্ব প্ৰথম যাত্ৰা নাটক শ্বহীদ কাৰবালা অনুষ্ঠিত হৈছিল | ১৯৫৬-৫৭ চনত ৪৭ নং চেঙা বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বৰ্গীয় দানেশ আলী আহমেদৰ ৰচনা আৰু পৰিচালনাৰে "আমাদেৰ সংসাৰ" সামাজিক নাটকথন। মঞ্চসহ হৈছিল | ৮০ দশকৰ পৰা বাগোদী যুব সংঘৰ দ্বাৰা নিবেদিত নাটক আজিলৈকে অব্যাহত আছে | এই গাৱৰ স্থানীয় লিখক, নাট্যকাৰ পিয়াৰ আলী আহমেদৰ ৰচিত "প্ৰেম জনমে জনমে", "জাৰজ" আদি সামাজিক নাটক বিভিন্ন সময়ত মঞ্চসহ হৈ আহিছে।

বাগোদী গাঁৱৰ পূৰ্বৰ তথ্যপাতি মতে গাওঁখনৰ নাম বাগুদি আছিল| কালক্ৰমে বাগুদিৰ পৰা বাগোদী নাম হ'ল || "বাগুদি" নামৰ ইতিহাস জনা নাযায় |কিন্তু সাহিত্যৰ শব্দৰ সংজ্ঞা আৰু পূৰ্বপুৰুষ সকলৰ ভঁাকৰ বচনৰ জৰিয়তে বাগুদি শব্দৰ উৎপত্তি ৰচনাত্মক কৰিব পাৰি | সাহিত্যৰ শব্দ বিশ্লেষণত "বাগুদি" মানে বা-বাঘ-গু-গৰু-দি-দে বা দিয়া অৰ্থাৎ বাঘক গৰু দি থাক |

হাবি-জংগল, নল-খাগৰি, লতা জাতীয় উদ্ভিদেৰে পৰিপূৰ্ণ সেউজীয়া বনাঞ্চলৰ ৰাণী আছিল বাগোদী। ইয়াৰ ভিতৰতে আশ্ৰয় লৈছিল নানান জীৱ-জন্তু| তাৰ ভিতৰত বাঘৰ সংখ্যাই আছিল অধিক |দিন-দুপৰত মানুহ-গৰু ওলাব নোৱাৰিছিল | সাউতকৰি বাঘে ধৰিছিল| সম্ভৱত অত্যধিক বাঘ থকা কাৰণেই মুখ বাগৰি বাগৰি বাঘদি। হ'ল | বাঘদিৰ পৰা বাঘদি আৰু বাঘদিৰ পৰা বাগোদী হ'ল | নতুবা "বাউসী" শব্দৰ পৰাও পৰিশোধিতহৈ বাগোদী হ'ব পাৰে | যিহেতু এই অঞ্চল বাউসী পৰগনাৰ অধীনত আছিল।

বাগোদী গাঁৱত কামৰূপৰ বিখ্যাত বৰুৱা বংশৰ পৰিয়াল | এটাই বাস কৰিছিল | এই বংশৰ এজন বৰুৱাৰ ঘৰত তিনি ফালে বিষ্ণুৰ প্ৰকৃতি অংকিত এটা ধান বনা পখলি আছিল সেই পথলিটো তেওঁলোকৰ পূৰ্ব পুৰুষৰ দিনৰে পৰা চলি আহিছিল | প্ৰবাদ আছে যে পথলা গোহাই প্ৰভুৰ কূপ দৃষ্টিত পৰি একেদিনাই বৰুৱাৰ গোটেই পৰিয়াল ধ্বংস হৈছিল |

পিছত বৰুৱাই খংৰ বশবৰ্তীহৈ পলিটো ওচৰৰে ছাগমাৰা বিলত কোনেও নোপোৱাকৈ পেলাই দিছিল | ১৮৯৭ চনৰ ১২ জুনৰ বৰ ভূঁইকপৰ সময়ত বাগোদী গাওঁথন তললৈ বহি গৈছিল | ফলত গাওঁখনৰ প্ৰায় ভাগ বাসিন্দাই ওচৰৰ বৰবিলা গাৱলৈ উঠি গৈছিল | পিছত সংস্কৃত পণ্ডিত স্বৰ্গীয় দীননাথ শৰ্মা আৰু পালা ধৰীয়া বাৰ্তীয়াৰ নেতৃত্বত গাওঁবাসীয়ে বৰবিলা গাঁৱৰ বৰ্তমানৰ ঠাইত পথলিটো স্থাপন কৰি এটা কীৰ্তন ঘৰ নিৰ্মাণ কৰে এই পথলা গোহাইৰ প্ৰকৃত জন্মস্থান কিন্তু বাগোদী।

বৰ ভূঁইকপৰ পিছত প্ৰায় ১০-১১ বছৰ মানৰ ভিতৰত গাওঁখন হাবি-জংগল, নল-খাগড়ি, লতা জাতীয় উদ্ভিদেৰে অটব্য অৰণ্যত পৰিণত হৈছিল |

পিছত আমাৰ পূৰ্ব পুৰুষসকলে বন-জংগল ছাফা কৰি বৰ্তমানৰ বাগোদী গাওঁখনৰ পত্তন দিছিল |