বাজু

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাজু হৈছে বাহুত পৰিধান কৰা এবিধ অলংকাৰ।

নিৰ্মাণ শৈলী[সম্পাদনা কৰক]

সোণ,ৰূপেৰে গঢ়া বাজু এপদ চেপেটা অলংকাৰ। বাজুৰ ওপৰৰ ফালটোত ফুল বা অন্য আৰ্হিৰ চানেকি থাকে। বাজুৰ দুই মূৰত মগৰৰ চানেকিও থাকে। এটা মূৰত এটা আঙঠি আৰু আনটো মূৰত শিকলি হাকোটা লগোৱা থাকে। হাকোটা ডাল ইটো মূৰৰ ৰিং টোত সুমুৱাই দি পিন্ধা হয় নাইবা কেতিয়াবা দুয়োটা মূৰত সোণ- ৰূপৰ সূতা লগাই গাঁথি মাৰিও পিন্ধা হয়। সোণৰ বাজুক 'সুৱৰ্ণৰ টাৰ' আৰু অঞ্চল বিশেষে 'কেয়ূৰ' বুলিও কোৱা হয়[1]। আজিকালি এই বিধ অলংকাৰৰ বিশেষ প্ৰচলন নাই যদিও কোনো কোনোৱে বিভিন্ন পাথৰ আদি খটুৱাই বাজু সদৃশ এপদ অলংকাৰ পিন্ধিবলৈ লৈছে। কিছুমান গোলাকৃতিৰ বাজুৰ ভিতৰত লা বা বালি মিলোৱা থাকে।


বিষো উপশম হয় বুলি বিশ্বাস আছে।[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. দাস,ড° নাৰায়ণ; ৰাজবংশী, ড° পৰমানন্দ (২০০৬). অসমীয়া সংস্কৃতিৰ কণিকা. চন্দ্ৰ প্ৰকাশ. পৃষ্ঠা. ২৪৪. 
  2. দাস,ড° নাৰায়ণ; ৰাজবংশী, ড° পৰমানন্দ (২০০৬). অসমীয়া সংস্কৃতিৰ কণিকা. পৃষ্ঠা. ২৪৪.