বাৰান ইজলাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাৰাণ ইজলাল

বাৰাণ ইজলাল
জন্ম ভূপাল
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা চিত্ৰশিল্পী
জনা যায় দৃশ্যকলা, শব্দ কলা
উল্লেখযোগ্য কৰ্ম ডায়েৰি এণ্ট্ৰিছ (২০২০-); হোষ্টাইল ৱিটনেছ (২০১৪-); চেইঞ্জ ৰোম (২০১৮-); কল কউটিউৰ (২০১৮); ছাইলেণ্ট মিনাৰেটছ, ৱিছপাৰিং ৱিণ্ডছ (২০১৫-১৬); বাৰ্ডবক্স (২০১৬)


বাৰাণ ইজলাল (ইংৰাজী: Baaraan Ijlal) হৈছে এগৰাকী ভাৰতীয় স্ব-শিক্ষিত চিত্ৰশিল্পী। তেওঁ নতুন দিল্লীত বাস কৰে। তেওঁৰ কামৰ জৰিয়তে তেওঁ বেনামীতা আৰু ব্যক্তিগত স্বাধীনতাৰ বিষয়বস্তুসমূহৰ যোগেদি বেনামীতাই কেনেকৈ ব্যক্তিগত স্বাধীনতাৰ মূল শিলাস্তম্ভ হিচাপে কাম কৰে তাৰ অন্বেষণ কৰিব বিচাৰে। ইয়াৰ মূল কেন্দ্ৰবিন্দু হৈছে মনোযোগী শুনা পৰিৱেশ সৃষ্টিৰ ওপৰত এক নিষ্ঠাবান মনোনিৱেশ যিয়ে দৰ্শকক তেওঁৰ সৃষ্টিত বাস কৰা অকথিত কাহিনীবোৰৰ সাক্ষী হ’বলৈ আমন্ত্ৰণ জনায়। তেওঁৰ কলাত্মক মাধ্যমসমূহৰ ভিতৰত আছে এক্ৰিলিক পেইণ্ট, শব্দ, ভিডিঅ’, পোহৰ, এম্ব্ৰয়ডাৰী, গেলভানাইজড আইৰন, ৰেজিন ইনষ্টলেচন আদি। একক প্ৰদৰ্শনী আৰু সহযোগিতামূলক প্ৰদৰ্শনীত তেওঁৰ কৰ্মৰাজি বিশিষ্টভাৱে প্ৰদৰ্শিত হৈছে। মুম্বাইৰ ছাত্ৰপতি শিৱাজী মহাৰাজ বাস্তু সংগ্ৰহালয় আৰু জেহাংগীৰ নিকোলছন আৰ্ট ফাউণ্ডেশ্যন, আহমেদাবাদৰ কনফ্লিকটৰিয়াম মিউজিয়াম, কলম্বোত কলম্বস্কোপ, ইণ্ডিয়া আৰ্ট ফেয়াৰ, আৰ্ট ডুবাই, আৰ্ট ছিংগাপুৰ, চিন্ট্ৰেটছুকন গেলেৰী টকিঅ' কলা বিশ্ববিদ্যালয়, আৰু অন্যান্য ৰাজহুৱা স্থান ইত্যাদি বিশিষ্ট আৰ্ট গেলেৰী আৰু সংগ্ৰহালয়ত তেওঁৰ প্ৰদৰ্শনী অনুষ্ঠিত কপা হৈছে।[1][2][3]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

বাৰাণৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছে মধ্য প্ৰদেশৰ ভূপালত।[4][5] ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা বাৰাণ সৰুৰে পৰা এগৰাকী উৎসুক পাঠক আছিল। তেওঁৰ ভাতৃ ইতিহাসবিদ আৰু শিল্পী মুনিছ ইজলালৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰে তেওঁ বহুতো ডিজাইন আৰু শিল্পকৰ্মৰ কাম কৰিছে।[6][7]

কৰ্ম[সম্পাদনা কৰক]

বাৰাণ ইজলালে বছৰ বছৰ ধৰি বিভিন্ন মাধ্যমৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি আহিছে। তেওঁৰ প্ৰথমখন ডাঙৰ প্ৰদৰ্শনী ৰিটেলিংছত তেওঁৰ দুখন ধাৰাবাহিক “ষ্টিচড উইংছ” আৰু “টু বি কণ্টিনিউড”ৰ ত্ৰিশখন প্ৰধান চিত্ৰ প্ৰদৰ্শন কৰা হৈছিল। তেওঁৰ “হাউছ অৱ কমনছ”ৰ (২০১০) আলমিৰাৰে গঠিত ইনষ্টলেচনসমূহো প্ৰদৰ্শিত কৰা হৈছিল যিবোৰ “নিৰ্দিষ্ট লেণ্ডস্কেপত অংকন কৰা আকৃতিৰ সৈতে ভিতৰৰ পৰা বাহিৰলৈ অংকন কৰা হৈছিল।” এইবোৰক এনে ঘৰ হিচাপে কল্পনা কৰা হয় যিয়ে “সাধাৰণ মানুহ”ৰ ব্যক্তিগত আৰু অন্তৰংগ স্থানৰ কল্পনা কৰিবলৈ অনুমতি প্ৰদান কৰে।

ডায়েৰী এণ্ট্ৰিজ (২০২০–বৰ্তমান), হৈছে ক্ষতি আৰু হিংসাৰ আমদানি কঢ়িয়াই অনা দৈনন্দিন মুহূৰ্তৰ বুৰঞ্জী বৰ্ণনা কৰা এক চলি থকা চিত্ৰকলাৰ শৃংখলা। ডায়েৰী এণ্ট্ৰিৰ অংশ হিচাপে ক্ৰমিকভাৱে নিৰ্মিত “লকাষ্ট ইটেন মুন” (২০২০–)ক বিষয় হিচাপে কলাত বৰ্ণনা কৰা হৈছে যে “চন্দ্ৰৰ, আত্মাৰ, আৰু পাৰ হৈ যোৱা সময়ৰ দৃশ্যমান আৰ্কাইভ।” এই চিত্ৰসমূহে এই গ্ৰহত আমাৰ সময়ৰ ঐতিহাসিক ক্ৰমত এটা নিৰ্দিষ্ট মুহূৰ্তত কোনো বিশেষ ক্ষতি বা প্ৰতিৰোধৰ কাৰ্য্যৰ টোকা লিখিবলৈ দৈনন্দিন আৰু অসাধাৰণক চিহ্নিত কৰে। আন এখন ধাৰাবাহিক হৈছে “মৌৰনাৰছ এণ্ড ৱিটনেছ” (Mourners and Witnesses), যাক “ক্ষতি আৰু হিংসাৰ আখ্যান” হিচাপে বৰ্ণনা কৰা হৈছে আৰু বাৰাণৰ চিত্ৰকলাৰ জৰিয়তে দৃশ্যমান ডায়েৰী প্ৰৱেশ হিচাপে ধাৰণা কৰা হৈছে। কাঠৰ গঠন আৰু ভাস্কৰ্য্যৰ ডিজাইন কৰিছিল সঘনাই সহযোগিতা আগবঢ়োৱা মুনিছ ইজলালে।

হোষ্টাইল ৱিটনেছ (Hostile Witness; ২০১৪–বৰ্তমান) হৈছে নিস্তব্ধ আখ্যানৰ ওপৰত এখন চলি থকা ধাৰাবাহিক। ই “মূক দৰ্শকৰ স্থায়ী পৰিঘটনা আৰু চৰম হিংসাৰ মূল্যক স্বাভাৱিককৰণৰ বিষয়ে অন্বেষণ কৰা হৈছে।” ২০১৪ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ভূপাল, দিল্লী, কলকাতা, লক্ষ্ণৌ, মুম্বাই, আৰু বাৰাণসীৰ নিৰ্দিষ্ট স্থানৰ আশে-পাশে মানুহৰ আখ্যান শুনি আৰু সবিশেষ কেনভাছত অংকন কৰি ইয়াক জীৱন্ত কৰি তোলা হৈছিল। বাৰাণে মুনিছ ইজলালৰ সৈতে সহযোগিতা কৰি চিত্ৰকল্পৰ বৰ্ণমালা অধিক বিকশিত কৰিছিল। মুনিছে এই ধাৰাবাহিকখনৰ বাবে কাঠৰ গঠন আৰু ভাস্কৰ্য্যও ডিজাইন কৰিছিল।

বাৰাণৰ অন্য কেইখনমান উল্লেখযোগ্য কৰ্ম হৈছে চেইঞ্জ ৰোম (২০১৮-); কল কউটিউৰ (২০১৮); ছাইলেণ্ট মিনাৰেটছ, ৱিছপাৰিং ৱিণ্ডছ (২০১৫-১৬); বাৰ্ডবক্স (২০১৬)।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]