বাৰ্তা:অংকীয়া নাট
মানস প্ৰতীম নেওগৰ মূল প্ৰৱন্ধ "অঙ্কীয়া নাট: এক পৰিচয়মূলক টোকা"ৰ পৰা সংগ্ৰহ কৰা হৈছে । Gitartha.bordoloi ০৯:০৮, ১৪ চেপ্তেম্বৰ ২০১১ (UTC)
নিতুল বৰাই ৱিকি উত্সত লিখা নিম্নোক্ত তথ্যখিনি ইয়ালৈ আনি থৈছো বিষ্ণু শইকীয়া বাৰ্তা 17:52, 7 ছেপ্টেম্বৰ 2012 (UTC)
অঙ্কীয়া নাটৰ জন্ম আৰু উপাদান
[সম্পাদনা কৰক]অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অৱদান সমাজৰ সকলো ক্ষেত্ৰতে ব্যাপ্ত হৈ আছে। গুৰুজনাই নৱ-বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্ত্তন কৰি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন মাধ্যমৰ সহায় লৈছিল। সহজ সৰল আৰু নিৰক্ষৰ মানুহক ভক্তি ধৰ্মৰ প্ৰতি আকৃষ্ট ৰোৱাৰ উদ্দেশ্যে সুৰীয়া নাম-প্ৰসঙ্গ, গীত-মাত, বাদ্য-যন্ত্ৰ, নাট ভাওঁনা আদি মনোগ্ৰাহী ব্যৱস্থা হাতত লৈছিল। মূলত ভক্তি ধৰ্মৰ প্ৰচাৰ কৰাটো লক্ষ্য হিচাবে লৈ বিভিন্ন তাল, মান, লয়, চন্দ, নৃত্য, গীত, ভাষাৰ প্ৰয়োগ কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মন পুলকিত কৰিছিল। এইবোৰৰ উপৰিও ধৰ্মগ্ৰন্থক আধাৰ হিচাবে লৈ ইয়াৰ কাহিনী ভাগক বিভিন্ন সমলেৰে নিজস্ব ৰূপত গীতৃ-নৃত্য, বচনৰে সজাই পৰাই দৰ্শকক আমোদ দিয়াৰ বাবে যি আঁচনি লৈছিল তাৰ ফলতে সজাই পৰাই দৰ্শকক আমোদ দিয়াৰ বাবে যি আঁচনি লৈছিল তাৰ ফলতে অঙ্কীয়া নাট সৃষ্টি হয়। অৱশ্যে গুৰুজনাই নাট ৰচনাৰ বাবে থলুৱা পুতলা নাচ, ওজাপালি, দেৱদাসী নৃত্য, ঢুলীয়া ভাও, দক্ষিণ ভাৰতৰ যক্ষগান আৰু সংস্কৃত নাটকৰ পৰা কিছু সমল গ্ৰহণ কৰে। অঙ্কীয়া নাটসমূহ বিভিন্ন ৰসেৰে সমৃদ্ধ যদিও মূলত ভক্তিৰস পাণ কৰোৱাটোৱে মূল উদ্দেশ্য। উল্লেখযোগ্য যে তেওঁৰ আগতে অসম তথা উত্তৰ ভাৰতীয় ভাষাত নাট সৃষ্টি হোৱা নাছিল। সেয়ে শঙ্কৰদেৱক অসমীয়া নাট্য সাহিত্যৰ জনক বুলি কোৱা হয়।
মহাপুৰুষ দুজনাই ৰচনা কৰা নাটসমূহক বৈষ্ণৱ চৰিতকাৰসকলে অঙ্ক বা অঙ্কীয়া বুলিছিল। কিন্তু গুৰজনাই নাট, নাটক, যাত্ৰা আৰু নৃত্য বুলিহে উল্লেখ কৰিছে।
অঙ্কীয়া নাট মূলত-শ্লোক, পয়াৰ, ভটিমা, গীত, কথা সূত্ৰ আৰু নৃত্য-এইবোৰ উপাদানেৰে গঠিত। প্ৰত্যেকৰে চমু বৰ্ণনা তলত দিয়া হল।
- শ্লোকঃ-নাটসমূহৰ আৰম্ভণীতে ইষ্ট দেৱতাৰ প্ৰশস্তি গোৱা হয় আৰু নাটকৰ কাহিনীৰ চমু বৰ্ণনা পোৱা যায়। তদুপৰি নাটৰ মাজে মাজে চৰিত্ৰসমূহৰ মনৰ ভাবে শ্লোকৰ জৰিয়তে প্ৰকাশ কৰা দেখা যায়।
- পয়াৰঃ-পয়াৰবোৰ ভাৱৰীয়াৰ কৰুণ ৰসাত্মক গীত। বিশেষ পৰিস্থিতিত ভাৱৰীয়াৰ যোগেদি নাটকৰ ঘটনা প্ৰবাহক আগবঢ়াই নিয়াত ব্যৱহাৰ কৰা হৈছে।
- ভটিমাঃ-'ভাট'ৰ পৰা সৃষ্ট ভটিমা অঙ্কীয়া নাটত উপাস্য দেৱতাৰ প্ৰশস্তি গোৱা-'দেৱ ভটিমা', ৰজাৰ প্ৰশস্তি পোৱা-'ৰাজ ভটিমা' আৰু নাটৰ নায়ক-নায়িকাৰ প্ৰশস্তি গোৱা-'নাটকীয় ভটিমা'-এই তিনি শ্ৰেণীৰ ভটিমা পোৱা যায়। নাটকৰ শেষত মুক্তি মঙ্গল ভটিমাই নাটৰ যৱনিকা পেলোৱা হয়।
- গীতঃ-মানুহৰ হৃদয়স্পৰ্শী তাল, ৰাগ, লয়যুক্ত সুমধুৰ গীতৰ ব্যৱহাৰে অঙ্কীয়া নাটৰ বিশেষ মাত্ৰা প্ৰদান কৰিছে। গীতৰ যোগেদি নাটকৰ চৰিত্ৰবোৰৰ গুণ গৰিমা আৰু হৃদয়ৰ অৱস্থা সাৱলীল ভাবে ব্যক্ত কৰিছে।
- কথাসূত্ৰঃ-কথাসূত্ৰ অংকীয়া নাটৰ এক বিশেষ উপাদান। গীতৰ ভাবাৰ্থখিনি সূত্ৰধাৰে কথাৰ জৰিয়তে দৰ্শকৰ আগত প্ৰকাশ কৰি নাটকখন আগবঢ়াই নিয়ে।
নৃত্যঃ-মানুহৰ মনোৰঞ্জনৰ অন্যতম আহিলা তাল, লয়, চন্দ আৰু বিভিন্ন অংগী-ভংগীৰে পৰিপূৰ্ণ নৃত্য-গীতৰ আধাৰত নাচি নাচি মঞ্চত প্ৰৱেশ কৰি চৰিত্ৰসমূহৰ মনৰ ভাব প্ৰকাশত আগভাগ কৰাত সহায় হয়।
অঙ্কীয়া নাটৰ বিশেষত্ব
[সম্পাদনা কৰক]অঙ্কীয়া নাটৰ বিশেষত্ব সম্পৰ্কে সমালোচকসকলে কেইটিমান দিশ উল্লেখ কৰিছে। সেইবোৰৰ ভিতৰত (১) সূত্ৰধাৰৰ প্ৰাধান্য, (২)গীত, শ্লোক আৰু পয়াৰৰ ব্যৱহাৰ, (৩) ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ, (৪) স্পন্দিত গদ্যৰ ব্যৱহাৰ।