বাৰ্তা:অৰুণোদই যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক আনন্দৰাম ঢেকিয়াল ফুকন

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মিছনেৰীসকলৰ সাহিত্যিক প্ৰচেষ্টাত যিসকল অসমীয়ালোকে আন্তৰিকতাৰে যোগ দিছিল সেইসকলৰ ভিতৰত আনন্দৰাম ঢেকিয়াল ফুকন অন্যতম।তেখেতে আধুনিক যুগৰ অসমীয়া ভাষাৰ এজন অন্যতম লেখক।

জন্ম আৰু শিক্ষা জীৱন:-

 ১৮২৯ খ্ৰীষ্টাব্দৰ ২২ ছেপ্টেম্বৰত গুৱাহাটীত প্ৰসিদ্ধ ঢেকিয়াল ফুকনৰ ঘৰত আনন্দৰাম ঢেকিয়াল ফুকনৰ জন্ম হয়।তেখেতৰ পিতৃৰ নাম হলিৰাম ঢেকিয়াল ফুকন।পিতৃ হলিৰাম ঢেকিয়াল ফুকনে বঙলা ভাষাত 'অসম বুৰঞ্জী' আৰু 'কামাখ্যা যাত্ৰাপদ্ধতি' নামে দুখন পুথি ৰচনা কৰি ছপাই বিনামূল্যে বিলাই দিছিল।অৱশ্যে হলিৰাম ঢেকিয়াল ফুকন প্ৰথমে আহোম ৰজিৰ বিষয়া আছিল।আনন্দৰাম ঢেকিয়াল ফুকন দুবছৰীয়া হওঁতেই পিতৃৰ মৃত্যু হয়।পাঁচ বছৰ বয়সতে ফুকনে উমানন্দৰ সংস্কৃত টোলত নামভৰ্তি কৰে।ককাদেউতাক পৰশুৰামে আনন্দৰামৰ ইংৰাজী শিক্ষা গ্ৰহণত আপত্তি কৰিছিল।কিন্তু সেই আপত্তি নেওচি খুড়াক যজ্ঞৰামৰ উদ্যোগত ১৮৩৭ চনত তেখেতে গুৱাহাটীৰ প্ৰথমখন ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰে।জেমছ মেথিউ আৰু জেনকিন্সৰ তত্ত্বাৱধানত তেখেতে ইংৰাজী অধ্যয়ন কৰিছিল।১৮৪১ চনত এই দুগৰাকী ব্ৰিটিছ বিষয়াই খৰছ বহন কৰি তেখেতক ইংৰাজীৰ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ পঠিয়ায়।সেই সময়ত ভাপ-নাও বা ৰেল গাড়ী নাছিল বাবে ঢেকিয়াল ফুকনে বঠা মৰা নাৱেৰে ২৫ দিনীয়া নৌ যাত্ৰা কৰি কলিকতাত উপস্থিত হৈছিল।আৰু কলিকতাৰ হিন্দু কলেজত নামভৰ্তি কৰে।তেওঁ দুবছৰ অধ্যয়ন কৰাৰ পাছত শিক্ষা সম্পূৰ্ণ নকৰাকৈ ১৮৪৪ চনত ঘৰুৱা সমস্যাৰ বাবে গুৱাহাটীলৈ উভতি আহে।উভতি আহি গুৱাহাটীত ব্ৰেণ্ডচাহাবৰ ওচৰতে আকৌ ইংৰাজী পঢ়ে।তেওঁ কিছু সংস্কৃত আৰু ফাৰ্চী ভাষাও আয়ত্ত্ব কৰিছিল।