বাৰ্তা:আমি অসমীয়া নহওঁ দুখীয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

গীত বোৰ পোনপতীয়াকৈ ইয়াত দিব নালাগে দীপাংকৰ চেতিয়া 18:55, 18 জানুৱাৰী 2012 (UTC)


লেখকৰ মৃত্যুৰ ৬০ বছৰ পিছতহে লিখনিৰ স্বত্বাধিকাৰ নাথাকে। গতিকে ভূপেন্দ্ৰ সঙ্গীত ৱিকিউত্‍সত দিব নোৱাৰি। Gitartha.bordoloi 19:49, 18 জানুৱাৰী 2012 (UTC)


যদি তেনে হয়, তেনেহ’লে উপায় নাই| কিন্তু তুমি, ম‍ই, উদ্দীপদা আদিয়ে ভূপেনদাৰ গীতসমূহ নিজেইচোন লিপিবদ্ধ কৰিছিলো| তাত উদ্দীপদাই স্বত্বাধিকাৰ প্ৰসংগটো উল্লেখ কৰিছিল| উদ্দীপদাৰ মতলৈ অপেক্ষা কৰা হওঁক| (Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 19:53, 18 জানুৱাৰী 2012 (UTC)

এইখন চাওক: http://en.wikipedia.org/wiki/Copyright_law_of_India । লিখিছিলোঁ হয়, কিন্তু সেইবোৰ ৰাজহুৱা কৰিব খুজিলে সম্পূৰ্ণ অব্যৱসায়িক কামত কৰা হৈছে বুলি লিখি দিব লাগিব। "এনাজৰী ডট্‌ কম"ত দিয়া প্লে'লিষ্টখনৰ তলত একলম লিখি দিছে। ৱিকিচ'ৰ্ছত স্বত্বাধিকাৰ নথকা বস্তুহে দিব পাৰিব (যেনে- জ্যোতিসঙ্গীত), ভূপেন হাজৰিকাৰ গান বা হীৰেন ভট্টাচাৰ্যৰ কবিতা দিব নোৱাৰিব। Gitartha.bordoloi 20:10, 18 জানুৱাৰী 2012 (UTC)
ভূপেন হাজৰিকাৰ গানৰ তালিকা কিন্তু দিব পাৰি। চাইপাও 02:47, 19 জানুৱাৰী 2012 (UTC)

ভূপেন হাজৰিকাৰ গীতসমূহ ৱিকিউৎসত দিব নোৱাৰি। ৱিকিউৎসৰ বাবে 'public domain'-ত থকা বস্তুহে দিব পাৰি। ভাৰতত লেখকৰ মৃত্যুৰ পাছৰ বছৰটোৰপৰা পহিলা তাৰিখৰপৰা আৰম্ভ কৰি ৬০ বছৰ পিছতহে public domain-ত সোমায়। আকৌ কিছুমান বস্তু লেখকে লিখাৰ নিজেই ৰাজহুৱা কৰি দিব পাৰে, যেনে ৱিকিপিডিয়াৰ লেখনী সমূহ। কিন্তু সেইটো নহ'লে ৱিকিউৎসত সুমুৱাব নালাগে। 'ভাৰতীয় কপিৰাইট এক্ট, ১৯৫৭' মতে অপেছাদাৰী গোটৰ দ্বাৰা অপেছাদাৰী প্ৰদৰ্শনৰ বাবে কিছুমান বস্তু ব্যৱহাৰ কৰিব পাৰি, কিন্তু সেই কৰ্ম কোনো মাননী অবিহনেই বিতৰণ কৰিব লাগিব। কিন্তু এনেকুৱা কথাটো স্বত্ত্বাধিকাৰীয়ে যদি কোনো চৰ্ত আৰোপ কৰে তেন্তে সেইটো মানি চলিব লাগিব। গানৰ কথাৰ ক্ষেত্ৰত সাধাৰণতে গায়কসকলে স্বত্ত্বৰ ওপৰত সিমান গুৰুত্ব আৰোপ নকৰে, কাৰণ সকলো গানৰ কথা আচলতে ৰাইজে সদায় পোৱাকৈয়ে থাকে। কিন্তু ভূপেন হাজৰিকাৰ গানৰ পূৰ্ণাংগ সংকলনখন যিহেতু এখন ভাল ব্যৱসায়ৰ বস্তু, তেনে ক্ষেত্ৰত স্বত্ত্বাধিকাৰীয়ে সকলো গান মুকলিকৈ দিয়াটোত আপত্তি কৰাটো স্বাভাৱিক। সেয়ে ভূপেন হাজৰিকাৰ গান ৱিকিউৎসত দিব নালাগে। যদি তেজ হাজৰিকাই কোৱা মতে গানৰ স্বত্ত্ব 'অসমীয়া ৰাইজৰ নামত' আইনী ভাৱে দিয়া হয়, তেতিয়া কথাটো বেলেগ। আৰু গানৰ তালিকা এখন দিয়াত কোনো অসুবিধা নাই। সম্পূৰ্ণ গানটো পিছে দিব নোৱাৰি। উদ্দীপতালুকদাৰ 07:42, 19 জানুৱাৰী 2012 (UTC) অপ্ৰাসংগিক কিন্তু উল্লেখ কৰি থ'লোঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সমূহ লেখনী এই বছৰৰপৰা 'public domain'-ত পৰিছে। সেইখিনি ৱিকিউৎসত যোগ দিব পাৰি। উদ্দীপতালুকদাৰ 07:43, 19 জানুৱাৰী 2012 (UTC)