বাৰ্তা:ক্ৰমবিকাশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ক্ৰম'বিকাশৰ পৰা[সম্পাদনা কৰক]

'ক্ৰমবিকাশ' জীৱৰ উৎপত্তি (Origin of Life): আমাৰ পৃথিৱীখনত থকা বস্তুবোৰক আমি দুটা প্রধান ভাগত ভাগ কৰিব পাৰো, সেয়া হ’ল অজৈৱ জগত আৰু জৈৱ জগত। জৈৱ জগতৰ জীৱ জন্তু আৰু উদ্ভিদৰাশি ক’ৰ পৰা কেনেকৈ উৎপত্তি হৈ আজিৰ এই বৈচিত্ৰ্র্যময় জীৱজগতৰ সৃষ্টি কৰিছে, সেয়া এক ডাঙৰ প্রশ্ন। এসময়ত মানুহে ভাবিছিল যে এই বিভিন্ন প্রকাৰৰ জীৱবোৰ সৃষ্টিৰ পাতনিতে কোনো সৃষ্টিকর্তাই আমি আজি যি ভাবে দেখিছো সেই ভাবেই তৈয়াৰ কৰিছিল। আজিও বহুতে ভাবে যে পঁচা কাঠত কাঠফুলাৰ নিজে নিজে সৃষ্টি হয়, আৰু পঁচা জৈৱ পদার্থত বেক্টেৰিয়াৰ জন্ম হয়। যিয়ে নহওঁক, 18 শ শতিকাত লেজেৰ’ স্পেলেনজানি (Lazzaro Spallenzanni) নামৰ ইটালীৰ বৈজ্ঞানিক আৰু1864 খৃষ্টাব্দত লুই পেষ্টইওৰ (Louis Pasteur) নামৰ ফৰাচী বৈজ্ঞানিক দুজনে প্রমাণ কৰি দেখুৱালে যে কোনো ঠাইতে স্বতঃস্ফূর্ত্ত ভাবে জীৱৰ সৃষ্টি হব নোৱাৰে। পুৰণি জীৱৰ পৰাহে নতুন জীৱৰ বিকাশ হয়। পৃথিৱীৰ সকলো ঠাইতে বেক্টেৰিয়া পোৱা যায়, আৰু এই বেক্টেৰিয়াবোৰ অনুকূল পৰিৱেশ পালেই বাঢ়িবলৈ ধৰে। তাৰোপৰি আৱিষ্কৃত জীৱাশ্মবোৰে প্রমাণ কৰে যে সময়ৰ গতিত জীৱ জগতখন ক্ৰমাগত ভাবে বিকশিত হৈ আহিছে। পোন প্রথমবাৰৰ বাবে চালর্চ ডাৰউইনৰ “প্রাকৃতিক নির্বাচনৰ” সূত্ৰই পূর্বস্থিত জীৱৰ পৰাই আজিৰ এই বৈচিত্ৰ্যময় জীৱ জগতখন কেনেকৈ বিকশিত হৈছে তাৰ এটা বৈজ্ঞানিক ব্যাখ্যা আগবঢ়াইছিল। বিশ্ব-ব্রহ্মাণ্ড খন প্রায় 20 বিলিয়ন বছৰ পুৰণি। অসংখ্য হাতীপটি (Galaxy) লগ হৈ বিশ্ব-ব্রহ্মাণ্ডখন সৃষ্টি হৈছে। হাতীপটি বিলাক হ’ল তৰা, ধূলি আৰু গেছৰ সমষ্টি। মহানাদ তত্বৰ (Big Bang Theory) দ্বাৰা বিশ্ব-ব্রহ্মাণ্ডৰ উৎপত্তিৰ ব্যাখ্যা আগবঢ়োৱা হয়। এই মতবাদ অনুসৰি এক কল্পনাতীত বৃহৎ উদ্‌গীৰণৰ ফলত বিশ্ব-ব্রহ্মাণ্ডৰ সৃষ্টি হৈছিল। ক্ৰমান্বয়ে এইবোৰ প্রসাৰিত হৈ তাপমাত্ৰা নিম্নগামী হবলৈ ধৰিলে। ইয়াৰ পাছত লাহে লাহে হাইড্র’জেন আৰু হিলিয়ামৰ সৃষ্টি হবলৈ ধৰিলে। মহাকর্ষণ শক্তিৰ ফলত এই গেছবোৰ গোট মাৰিবলৈ ধৰিলে আৰু এনেদৰে বিশ্ব-ব্রহ্মাণ্ডৰ হাতীপটিবোৰৰ সৃষ্টি হৈছিল। সৌৰজগতৰ হাতীপটিবোৰ পৃথিৱী সৃষ্টি হোৱাৰ 4.5 বিলিয়ন বছৰ আগতে সৃষ্টি হোৱা বুলি বিশ্বাস কৰা হয়। পৃথিৱীৰ উৎপত্তি সর্ম্পকেও বহুতো মতবাদ আছে। ইয়াৰে বিজ্ঞানৰ দ্বাৰা প্রমাণিত বহুস্ৱীকৃত মতবাদটো হ’ল নীহাৰিকা মতবাদ। এই মতবাদ অনুসৰি প্রায় 3-4 শ কোটি বছৰ আগেয়ে সূর্যৰ পৰা পৃথিৱীৰ উৎপত্তি হৈছে। আৱির্ভাবৰ প্রাথমিক অৱস্থাত পৃথিৱী এটা জলন্ত গেছৰ পিণ্ড আছিল। প্রায় ডেৰশ কোটি বছৰ পাছত ই ক্ৰমে গোট মাৰিবলৈ আৰম্ভ কৰে আৰু আজিৰ পৰা প্রায় এশ কোটি বছৰ আগৰ পৰাহে ইয়াত প্রাণী জীয়াই থকাৰ পৰিৱেশ সৃষ্টি হৈছিল। সেই সময়ত কেনেকৈ জীৱৰ সৃষ্টি হৈছিল সেয়া কোনেও সঠিককৈ কব পৰা নাই। জীৱৰ প্রাৰম্ভিক পদার্থটো হ’ল প্রট’প্লাজম। গতিকে এই প্রট’প্লাজমৰ সৃষ্টি ক’ৰ পৰা কেনেকৈ হ’ল সেই বিষয়ে বহুতো মতবাদ আছে। এইটো অনুমেয় যে সৃষ্টিৰ পাতনিৰ কোনো এক সন্ধিক্ষণত অনুকূল পৰিৱেশত অজৈৱ পদার্থ কিছুমানৰ ৰাসায়নিক আৰু ভৌতিক পৰিৱর্তন ঘটি পোন প্রথমে পানীত প্রট’প্লাজমৰ সৃষ্টি হৈছিল। এই প্রট’প্লাজমৰ পৰাই কোটি কোটি বছৰজুৰি ক্ৰমবর্দ্ধন আৰু ক্ৰমবিকাশ হৈ হৈ আজিৰ এই বৈচিত্ৰ্যময় জীৱজগত খনৰ সৃষ্টি হৈছে। জীৱৰ উৎপত্তি সর্ম্পকে নানান মতবাদ আছে। ইয়াৰে কেইটামান মতবাদ তলত আলোচনা কৰা হ’ল। জীৱৰ উৎপত্তিৰ পৌৰাণিক মতবাদ(Ancient Theory of Origin of Species): 1. বিশেষ সৃষ্টি তত্ব (Theory of Special Creation): 19 শ শতিকাৰ মাজভাগলৈকে মানুহে বিশ্বাস কৰিছিল যে অজান প্রাকৃতিক শক্তিৰ দ্বাৰা হঠাৎ নাইবা ক্ৰমাগত পদ্ধতিত পৃথিৱীত জীৱৰ আৱির্ভাব হৈছিল। খ্রৃষ্টিয়ান আৰু হিন্দু আখ্যানত এই ক্ষেত্ৰত বেলেগ বেলেগ মতবাদ দেখিবলৈ পোৱা যায়। বাইবেল শাস্ত্রমতে পৃথিৱীখনৰ সৃষ্টি হৈছিল ছয় দিনৰ ভিতৰত। প্রথমদিনা খন পৃথিৱী আৰু স্ৱর্গৰ সৃষ্টি হৈছিল আৰু দ্বিতীয়দিনা আকাশৰ সৃষ্টি হৈছিল। তৃতীয়দিনাখন পৃথিৱীৰ বুকুখন শুকাবলৈ লৈছিল আৰু ইয়াত জীৱ জীয়াই থকাৰ অনুকূল পৰিৱেশ সৃষ্টি হৈছিল। সূর্য, চন্দ্র আৰু তৰাবোৰ সৃষ্টি হৈছিল চতুর্থ দিনাখন। পঞ্চম দিনাখনত সৃষ্টি হৈছিল চৰাই আৰু মাছবিলাকৰ। মানুহ আৰু পশুবোৰক সৃষ্টি কৰা হৈছিল ষষ্ঠ দিনাখন। আকৌ মতা মানুহৰ 12 নং কামিহাড়ৰ পৰা মাইকী মানুহৰ সৃষ্টি কৰা হৈছিল। হিন্দু শাস্ত্রৰ মতে ভগৱাণ ব্রহ্মাই পৃথিৱীৰ সৃষ্টিকর্তা। ব্রহ্মাৰ মূৰৰ পৰা মানুহ আৰু ৰাক্ষসৰ সৃষ্টি হৈছিল, চৰাইবোৰ তেওঁৰ বুকুৰ পৰা, ছাগলী তেওঁৰ মুখৰ পৰা আৰু উদ্ভিদবোৰ তেওঁৰ শৰীৰৰ নোমৰ পৰা উদ্ভৱ হৈছিল। এই মতবাদবোৰে বিৱর্তনৰ কথা স্ৱীকাৰ নকৰে। অৱেশ্য এই মতবাদৰ কোনো বৈজ্ঞানিক ভিত্তিও নাই। 2. অন্য গ্রহৰ পৰা জীৱৰ আৱির্ভাব (Cosmic origin of life): পুৰণি কালত কিছুমান পণ্ডিতে বিশ্ৱাস কৰিছিল যে অন্য কোনো গ্রহৰ পৰা উল্কাপিণ্ডৰ লগত নিম্নশ্রেণীৰ প্রাণী আহি পৃথিৱীত পৰিছিলহি, আৰু তাৰ পৰাই প্রাথমিক জীৱৰ উৎপত্তি হৈছিল। পৰৱর্তী সময়ত এই মতবাদৰ ওপৰত যুক্তি যুক্ততা আগবঢ়াই ইয়াক নাকছ কৰা হৈছিল। 3. জীৱৰ স্ৱতঃস্ফূর্ত্ত উৎপত্তি (Spontaneous origin of life): সপ্তদশ শতিকা পর্যন্ত পণ্ডিত সকলৰ অন্ধবিশ্ৱাস আছিল যে গেলা-পঁচা পদার্থ অথবা বোকাৰ পৰা স্বতঃস্ফূর্ত্ত ভাবে কীট-পতংগ প্রভৃত জীৱ আদিৰ সৃষ্টি হৈ আছে। প্রাচীন যুগৰ দার্শনিক সকলেও ধাৰণা কৰিছিল যে সাধাৰণ পানীত বসবাস কৰা প্রাণীসমূহ প্রত্যেক বছৰে মৰি যায় আৰু বসন্ত কাল আহিলে সেই প্রাণীবোৰ পুনৰায় জন্ম হয়। খৃষ্টপূর্ব চতুর্থ শতিকাত এৰিষ্ট’টলে এই ধাৰণা অসম্ভৱ বুলি ঘোষণা কৰিছিল। 1680 চনত ইটালীৰ বিজ্ঞানী ফ্রান্সেস্ক’ ৰেডিয়ে (Francesco Redi) বৈজ্ঞানিক পৰীক্ষাৰ সহায়ত এৰিষ্ট’টলৰ ধাৰণা সত্য বুলি প্রমাণিত কৰে। ৰেডিৰ পৰৱর্তী কালৰ বিজ্ঞানী লুই পেষ্টিওৰে (Louis Pasteur,1822-1895) নিশ্চিত ভাৱে প্রমাণ কৰিলে যে কোনো পঁচা পদার্থ বা বোকাৰ উপাদানৰ পৰা কীট পতংগৰ সৃষ্টি হব নোৱাৰে। 4. প্রাকৃতিক বিপর্য্যয়বাদ (Theory of Catastrophism): প্রত্নতবিদ কুভিয়েৰে (Cuvier) নানান ধৰণৰ জীৱাশ্ম পৰীক্ষা কৰি প্রমাণ কৰিছিল যে প্রাকৃতিক বিপর্য্যয়ৰ ফলত জীৱ জগতখন একাধিক বাৰ আংশিক ভাৱে ধ্বংস হৈছিল আৰু প্রতি বাৰে বাছি থকা খিনিৰ পৰা উন্নত ধৰণৰ জীৱৰ উৎপত্তি হৈছিল। এই মতবাদকে প্রাকৃতিক বিপর্য্যয়বাদ বোলা হয়। 5. ভাইৰাছ বা বিষাণু মতবাদ (Virus Theory): বিজ্ঞানী সকলে বিশ্ৱাস কৰে যে ভাইৰাছেই হ’ল আদিম আৰু প্রাথমিক জীৱ। এই ভাইৰাছ ইমান সূক্ষ্মদেহী যে ইহঁতৰ দেহত মাত্ৰ এটা বা এটাতকৈ বেছি প্র’টিনৰ অণুৰ দ্বাৰা গঠিত। ভাইৰাছ সম্পূর্ণ জীৱও নহয়। ইহঁত সময়ত জীৱ আৰু সময়ত জড়। সাধৰণ অৱস্থাত ই বতাহত দানা আকাৰে উৰি ফুৰে আৰু জীৱদেহৰ সজীৱ কোষত প্রৱেশ কৰি উপযুক্ত পৰিৱেশ পালে সজীৱ হয় আৰু বংশবিস্তাৰ কৰে। অর্থাৎ এই সময়ত ভাইৰাছে জীৱৰূপ ধাৰণ কৰে। ভাইৰাছ সম্বন্ধে বহু কথা জনা গৈছে যদিও বর্তমানেও ইয়াৰ প্রাথমিক তত্ব সম্পর্কে গৱেষণা চলিয়েই আছে। 6. চায়ন’জেন মতবাদ (Cyanogen theory): - জার্মান বিজ্ঞানী ফ্লুজাৰৰ (1829-1910) মতে পৃথিৱী যেতিয়া খুব উত্তপ্ত অৱস্থাত আছিল, তেতিয়া পৃথিৱীৰ বুকুত থকা মৌলবোৰ মুক্ত অৱস্হাতে আছিল। পাছত যেতিয়া পৃথিৱীখন ক্ৰমান্বয়ে শীতল হবলৈ ধৰিলে, তেতিয়া মুক্ত মৌলবোৰে বিভিন্ন অনুপাতত মিলিত হৈ বেলেগ বেলেগ ধৰণৰ যৌগিক যৌগৰ সৃষ্টি হবলৈ ধৰিলে। এনেকৈয়ে কার্বন আৰু নাইট্র’জেন এটা বিশেষ অনুপাতত মিলিত হৈ ‘ছায়ন’জেন’ নামৰ যৌগিক পদার্থৰ সৃষ্টি হ’ল। এই ছায়ন’জেনৰ পৰাই প্রথমতে প্রাৰম্ভিক প্র’টিন অণুৰ সৃষ্টি হৈছিল আৰু ইয়াৰ পৰাই লাহে লাহে প্রট’প্লাজমৰ সৃষ্টি হ’ল। পৰৱর্তী কালত এই মতবাদৰ ওপৰত নানা গবেষণা চলিল যদিও আজিলৈকে গৱেষণাগাৰত এই উপাদানবোৰৰে প্রট’প্লাজমৰ সৃষ্টি কৰিব পৰা হোৱা নাই। 7. জীৱাৎ জীৱোৎপত্তি (Biogenesis): ফ্রান্সেস্ক’ ৰেডি (Francesco Redi, 1621-1697), আৱে স্পেলানজানি (Abbe Spallanzani, 1729-1799) আৰু লুইছ পেষ্টিওৰ (Louis Pasteur, 1822-1895) নামৰ বিজ্ঞানী কেইজনে পৃথকে পৃথকে প্রমাণ কৰি দেখুৱালে যে গেলা পঁচা পদার্থ বা বোকাৰ পৰা স্বতঃস্ফূর্ত্ত ভাবে জীৱৰ সৃষ্টি হব নোৱাৰে। অর্থাৎ পুৰণি জীৱৰ পৰাহে নতুন ধৰণৰ জীৱৰ বিকাশ হয়। জীৱৰ উৎপত্তিৰ আধুনিক বা জৈৱ-ৰাসায়নিক মতবাদ (Modern Theory or Biochemical Origin of Species): জীৱৰ আধুনিক বা জৈৱ-ৰাসায়নিক মতবাদৰ ভেঁটিতো পোন প্রথমে সৃষ্টি কৰিছিল হেকেলে। এই মতবাদ অনুসৰি বৈদ্যুতিক আধান, অতি বেঙুনীয়া ৰশ্মি, তেজষ্ক্ৰিয় মৌলৰ বিকিৰণ আদি শক্তিৰ বলত কোনোবা সময়ত কিছুমান অজৈৱ বস্তুৰ বিক্ৰিয়া ঘটি স্বতঃস্ফূর্ত্ত ভাৱে অতি আদিম জীৱৰ সৃষ্টি হৈছিল। কিন্তু হেকেলৰ এই তত্বটো এনেকুৱা এটা অশোধিত অৱস্থাত আছিল যে ইয়াক সংশোধন কৰিবলৈ বৈজ্ঞানিক পৰীক্ষা নিৰীক্ষাৰ প্রয়োজন হৈছিল। পৰৱর্তী সময়ত হেল্ডেন (Haldane), এ. আই. অপাৰিন (A. I. Oparin), ষ্টেন্‌লি মিলাৰ (Stanley Miller), আৰু হেৰল্ড ইউৰে (Harold Urey) আদি বিজ্ঞানী সকলে এই মতবাদৰ যুক্তি যুক্ততাসমূহ পৰীক্ষামূলক ভাৱে প্রমাণ কৰি দেখুৱাইছিল। এই মতবাদটোক জীৱৰ “স্বতঃস্ফূর্ত্ত উৎপত্তি” (Abiogenesis) নামৰ মতবাদটোৰ নতুন সংস্কৰণ বুলি কব পাৰি। এই মতবাদ মতে অতি প্রাচীন কালত সৰল অজৈৱ বস্তুৰ পৰা জৈৱ পদার্থ, জৈৱ পদার্থৰ পৰা কলয়ডীয় তন্ত্র আৰু কলয়ডীয় তন্ত্ৰৰ পৰা আদিম জীৱৰ সৃষ্টি হৈছিল। এই মতবাদৰ মতে তলত দিয়া ক্ৰমানুসাৰত এটাৰ পিছত এটাকৈ দশা অতিক্ৰম কৰি আজিৰ এই জীৱজগতৰ সৃষ্টি হৈছে। 1. পৃথিৱীৰ উৎপত্তি, 2. পানী, এম’নিয়া আৰু মিথেনৰ উৎপত্তি, 3. সূক্ষ্ম জৈৱ অণুৰ উৎপত্তি, 4. বৃহৎ জৈৱ অণুৰ উৎপত্তি, 5. নিউক্লিক এচিডৰ উৎপত্তি, 6. নিউক্লিয়’প্র’টিনৰ উৎপত্তি, 7. ক’ৱাচেৰভেটৰ উৎপত্তি, 8. আদিকোষৰ উৎপত্তি আৰু 9. আদিকোষৰ পৰা কোষৰ উৎপত্তি। 1.পৃথিৱীৰ উৎপত্তি (Origin of Earth): ভূবিজ্ঞানী সকলৰ মতে 450 কোটি বছৰ আগতে সূর্যৰ পৰা পৃথিৱীখন এটা টুকুৰা হিচাপে ছিটিকি ওলাই আহিছিল। সেই সময়ত ই এটা জলন্ত গেছ আৰু নানান প্রকাৰৰ মৌলৰ বাষ্পৰে পৰিপূর্ণ এটা পিণ্ডৰ নিচিনা আছিল। তেতিয়া ইয়াৰ উষ্ণতা আছিল প্রায় 5000oC ৰ পৰা 6000oC পর্যন্ত। লাহে লাহে পৃথিৱীখন সূর্যৰ পৰা আঁতৰি আহিল আৰু ক্ৰমান্বয়ে শীতল আৰু কঠিন হবলৈ ধৰিলে। পৃথিৱীখনৰ ঘূর্ণনৰ ফলত গধুৰ মৌল যেনে, লো, নিকেল আদি পৃথিৱীৰ আভ্যন্তৰিণ অংশত থিতাপি ললে। পাতল উপাদানবিলাক, যেনে, এলুমিনিয়াম, ছিলিকন আদিয়ে মধ্যস্তৰত আৰু পাতল গেছীয় উপাদানবিলাক যেনে, হাইড্র’জেন, অক্সিজেন, নাইট্র’জেন আদিয়ে পৃথিৱীৰ বাহিৰত অৱস্থান কৰিলে। অত্যাধিক উষ্ণতাৰ বাবে সেই সময়ত থকা মৌলবোৰৰ মাজত সংযোজন হোৱা নাছিল। 2. পানী, এম’নিয়া আৰু মিথেনৰ উৎপত্তি (Formation of Water, Ammonia and Methane) আদিম অৱস্থাত পৃথিৱীৰ বুকুত যথেষ্ট পৰিমাণৰ হাইড্র’জেন, নাইট্র’জেন, কার্বন আৰু অক্সিজেন আছিল। এইবিলাকৰ ভিতৰত আটাইটকৈ সক্ৰিয় আছিল হাইড্র’জেন। ই নাইট্র’জেনৰ লগত বিক্ৰিয়া কৰি এম’নিয়া (NH3), অক্সিজেনৰ লগত যুক্ত হৈ পানী (H2O) আৰু কার্বনৰ লগত যুক্ত হৈ মিথেনৰ (CH4) সৃষ্টি কৰিছিল। এই সময়তো পৃথিৱীৰ উষ্ণতা অধিক হোৱা হেতুকে এম’নিয়া আৰু মিথেন গেছ হিচাপে উপলব্ধ আছিল। সময়ৰ সোঁতত পৃথিৱীখন লাহে লাহে ঠাণ্ডা হবলৈ ধৰিলে। ফলষ্বৰূপে, বায়ুমণ্ডলত থকা পানীৰ বাষ্প ঘনীভূত হৈ বৰষুণৰ সৃষ্টি হবলৈ ধৰিলে। সেই সময়তো পৃথিৱীৰ বুকুখন আপেক্ষিক ভাৱে গৰম আছিল বাবে ই পুনৰ বাষ্পীভূত হৈ বায়ু মণ্ডললৈ গৈছিল আৰু পুনৰ ঘনীভূত হৈ বৰষুণ দিছিল। পানীৰ এই চক্ৰটো কেবা কোটি বছৰ একেৰাহে চলাৰ পাছত পৃথিৱীৰ বুকুখনো লাহে লাহে শীতল হবলৈ ধৰিলে আৰু পৃথিৱীৰ বুকুত পানী জমা হবলৈ ধৰিলে। শিলত থকা খনিজ লৱণ আদিও পানীত দ্রৱীভূত হৈ সাগৰৰ পানীৰ লগত মিহলি হবলৈ ধৰিলে। এনেদৰেই সৃষ্টি হৈছিল পানী, এম’নিয়া, মিথেন আদিৰ নিচিনা প্রাথমিক যৌগবোৰৰ। 3. সূক্ষ্ম জৈৱ অনুৰ উৎপত্তি (Formation of Micromolecules): আণৱিক বিকাশৰ পৰৱর্তী দশাটো হৈছে সূক্ষ্ম জৈৱাণুৰ সৃষ্টি। সাধৰণতে সূক্ষ্মাণু বুলি কলে 100 ডেল্টনৰ কম আণৱিক ভৰৰ অণুক বুজোৱা হয়। পৃথিৱীখন যেতিয়া শীতল হৈ তাপমাত্ৰা 1,0000C লৈ নামি আহিছিল তেতিয়া তাত থকা কিছুমান মুক্ত মূলক যেনে, -CH, আৰু –CH2 আদি যুক্ত হৈ সংপিক্ত আৰু অসংপিক্ত হাইড্র’কার্বনৰ সৃষ্টি হৈছিল। এই দুয়োবিধ হাইড্র’কার্বনে উষ্ণভাপৰ (Heated steam) সৈতে বিক্ৰিয়া কৰি অক্সি আৰু হাইড্র’ক্সিৰ ব্যুতপন্ন পদার্থ (Oxy and Hydroxy derivatives) সৃষ্টি কৰিছিল। পিছত হাইড্রকার্বন আৰু ইহঁতৰ ব্যুতপন্ন পদার্থ, এম’নিয়া আৰু পানীৰ ঘনীভৱন আৰু বহুযোজন (Polymerization), জাৰণ বিজাৰণ হৈ নানান ধৰণৰ সূক্ষ্ম জৈৱ যৌগ যেনে, এমিন’ এচিড,ফেটি এচিড, একক শর্কৰা, পিউৰিন, পাইৰিমিডিন, এডিন’চিন ম’ন ফছফেট (AMP), এডিন’চিন ডাইফছফেট (ADP), এডিন’চিন ট্রাই ফছফেট (ATP) আদিৰ সৃষ্টি হবলৈ ধৰিলে। এই সূক্ষ্ম অনুৰ জৈৱ যৌগবোৰ সৃষ্টি হওঁতে বিজুলী ঢেৰেকনী (Lightening), অতি বেঙুনীয়া ৰশ্মি, মহাজাগতিক ৰশ্মি আৰু আগ্নেয়গিৰিৰ উত্তাপ আদিৰ শক্তিয়ে সহায় কৰিছিল। 4. বৃহৎ জৈৱ অনুৰ উৎপত্তি (Formation of Macromolecules):

   ক্ষুদ্র অনুবিলাক অর্থাৎ সৰল যৌগ বোৰ বিভিন্ন প্রকাৰে মিলিত হৈ বৃহৎ অনুৰ সৃষ্টি হৈছিল। এই ক্ষুদ্র অনুবোৰ ইটোৱে সিটোৰ লগত লগ হৈ বৃহৎ অণু সৃষ্টি হোৱা কার্যটোক বহুযোজন (Polymerization) বুলি কোৱা হয়। এনেদৰে সৃষ্টি হোৱা জীৱদেহ সৃষ্টিকাৰী বৃহৎ অনুবোৰ হ’ল বহুশর্কৰা, পলিপেপটাইড শৃংখল  নিউক্লিয়’প্রটিন ইত্যাদি। দুটা এমিন’এচিড যোগ হৈ পেপটাইডৰ সৃষ্টি হয় আৰু পলিপেপটাইডৰ পৰাই প্রটিনৰ উৎপত্তি হয়। মুদি (Moody, 1970) ফক্স আৰু ড’জেৰ (Fox and Dose, 1972) মতে আণৱিক বিকাশৰ প্রাৰম্ভিক অৱস্থাত সৃষ্টি হোৱা বৃহৎ অণুবিধ হ’ল প্র’টিন। এনেদৰে প্রথমে সৃষ্টি হোৱা প্র’টিনক আদিম 

5. নিউক্লিক এচিডৰ উৎপত্তি (Formation of Nucleic Acid): বৃহৎ অণুৰ উৎপত্তিৰ পৰৱর্তী সময়ত সৃষ্টি হৈছিল নিউক্লিক এচিড। ফছফিৰক এচিড, শর্কৰা, পিউৰিন আৰু পাইৰিমিডিন লগ লাগি সৃষ্টি হৈছিল নিউক্লিক এচিডৰ। পিউৰিন-শর্কৰা-ফছফেট আৰু পাইৰিমিডিন-শর্কৰা-ফছফেট লগ হৈ প্রথমতে নিউক্লিক এচিডৰ সৃষ্টি হৈছিল। পাছত হাজাৰ হাজাৰ নিউক্লিয়’টাইড বেলেগ বেলেগ সংযুক্তিত লগ হৈ সৃষ্টি হৈছিল নিউক্লিক এচিডৰ। 6. নিউক্লিয়’প্রটিনৰ উৎপত্তি (Formation of Nucleoprotein): - ইয়াৰ পাছত নিউক্লিক এচিড আৰু প্রটিন যুক্ত হৈ সৃষ্টি হৈছিল নিউক্লিয়’প্রটিনৰ। পৃথিৱীৰ উৎপত্তিৰ পৰা নিউক্লিয়’প্রটিন আৰু অন্যান্য জটিল জৈৱযৌগ বোৰৰ সৃষ্টি হোৱা ক্ৰমবিকাশৰ পর্য্যয়টোক জীৱৰ ৰাসায়নিক বিৱর্তন বোলা হয়। 7. ক’ৱাচেৰভেটৰ উৎপত্তি (Coacervate): সাগৰৰ পানীত থকা বৃহৎ অনুবোৰ সমষ্টিভূত আৰু অধক্ষেপিত হৈ সুসংগঠিতৰূপে আৰু আপেক্ষিক ভাবে ডাঙৰ কণিকা কিছুমানৰ সৃষ্টি হৈছিল। এই কণিকাবোৰক ক’ৱাছাৰভেট (Coacervate) আৰু কার্যটোক ক’ৱাছাৰভেছন (Coacervation) বুলি কোৱা হয়। এই কণিকা বোৰত প্রটিন, নিউক্লিয়’প্রটিন আৰু অন্যান্য জৈৱ তথা অজৈৱ অনু বিভিন্ন অনুপাত আৰু সংযুক্তিত লগ হৈছিল। এই কণিকাবোৰৰ বিকাশ ঘটি আদিম জীৱকোষৰ সৃষ্টি হৈছিল। অপাৰিণে (Oparin) ইহতক জীৱনীশক্তি সম্পন্ন আদ্যপ্রাণীৰ আদিম ৰূপ বুলি আখ্যা দিছিল। ফক্সে (Fox, 1965) এই কলয়ডীয় কণিকাবোৰক অর্থাৎ ক’ৱাছাৰভেট বিলাকক সূক্ষ্ম গোলক (Microsphere) নামকৰণ কৰিছিল। ইয়াত থকা লিপিডৰ অণুবোৰে ইয়াৰ চাৰিওফালে এখন আৱৰণৰ সৃষ্টি কৰিছিল। তাৰোপৰি ইয়াৰ ভিতৰত থকা উৎসেচক কিছুমানে অনুঘটকীয় কার্যত ভাগ লৈ উৎপাদিত বস্তুবোৰক বাহিৰ কৰি দিবলৈ সমর্থ হৈছিল। এইবিলাক কাৰণতেই ক’ৱাছাৰভেটক অণু আৰু জীৱৰ মাজৰ অন্তর্ৱর্তী দশা বুলি কোৱা হয়। ক’ৱাছাৰভেটৰ বৈশিষ্ট্যসমূহ : - 1. ইহত ঘূৰণীয়া, আনুবীক্ষণিক আৰু প্রায় সমআয়তনৰ। 2. ইহঁত সুস্থিৰ। 3. ইয়াৰ চাৰিওফালে দুতৰপীয়া আৱৰণি এখন থাকে। 4. ইহঁতে লৰ-চৰ কৰিব পাৰে আৰু ইহঁতৰ বৃদ্ধি হয়। 5. দ্বিবিভাজন, মুকুলন আৰু খণ্ডন আদি অযৌন জনন দেখা গৈছিল। 8. আদিম কোষৰ উৎপত্তি (Formation of Precell): -

   জীৱনীশক্তিসম্পন্ন প্রাৰম্ভিক সংগঠনকেই আদিম কোষ (Precell) বুলি কোৱা হয়। সাগৰত এইবোৰ স্বতঃস্ফুর্ত ভাবে উৎপত্তি হৈছিল। আদিম কোষ গোলকীয় আকৃতিৰ আৰু দুতৰপীয় আৱৰণীযুক্ত। মুকলন আৰু উৎপৰিৱর্তনৰ দ্বাৰা ইহঁতৰ বংশ বিস্তাৰ হৈছিল। ইহঁত আছিল পৰপোষী। সাগৰৰ পানীত দ্রৱীভূত হৈ থকা বস্তুৰ পৰা কিন্বন প্রক্ৰিয়াৰে এই আদিম কোষ বোৰে শক্তি আহৰণ কৰিছিল। গতিকে আদিম কোষবোৰে অবায়বীয় শ্বসন পদ্ধতিৰে শ্বসন কার্য চলাইছিল।

9. আদিম কোষৰ পৰা কোষৰ সৃষ্টি (Formation of Cell from Precell):- আদিম কোষত যেতিয়া DNA-RNA তন্ত্ৰ বিকশিত হ’ল তেতিয়া এইবোৰ দেখাত ভাইৰাছ বা বেক্টেৰিয়া সদৃশ হ’ল। কালক্ৰমত DNA বোৰ দ্বৈতকৰণ পদ্ধতিৰ দ্বাৰা বৃদ্ধি হবলৈ সমর্থ হ’ল। অবায়বীয় শ্বসনত ঘটা কিন্বন কার্যৰ ফলত CO2 উৎপন্ন হৈ হৈ পৰৱর্তী সময়ত বায়ুমণ্ডলত ইয়াৰ মাত্ৰা বাঢ়িবলৈ ধৰিলে। আকৌ আদিম কোষবোৰৰ খাদ্যৰো নাটনি হবলৈ ধৰিলে আৰু সেই সময়তে ক্ল’ৰফিল নামৰ ৰঞ্জক পদার্থবিধৰ উৎপত্তি হ’ল। এইবিধ ৰঞ্জক পদার্থৰ বিকাশে সালোক সংশ্লেষণ প্রক্ৰিয়াৰ উদ্‌ঘাটন ঘটালে। সালোক সংশ্লেষণৰ কাৰণে আক্সিজেনবিহীন বায়ুমণ্ডলত মুক্ত আক্সিজেনৰ আগমন ঘটিবলৈ ধৰিলে। বায়ুমণ্ডলত মুক্ত অক্সিজেনৰ আগমনে ক্ৰমান্বয়ে বায়বীয় শ্বসন পদ্ধতিৰ বিকাশ ঘটাব ধৰিলে। 7.2.1. জীৱৰ উৎপত্তিৰ কাল ( Time of Origin of Life) : - আজিৰ পৰা প্রায় 450 কোটিৰ পৰা 500 কোটি বছৰ আগেয়ে পৃথিৱীৰ সৃষ্টি হৈছিল আৰু এতিয়ালৈকে প্রায় 100 কোটি বছৰ পুৰণা জীৱাশ্ম উদ্‌ঘাটন হৈছে। পৃথিৱীত জীৱৰ সৃষ্টি হৈছিল 300 কোটি বছৰ আগয়ে, পেলুজাতীয় প্রাণীৰ 200 কোটি বছৰ পূর্বতে, মৎস্যৰ উৎপত্তি হৈছিল 42.5 বছৰ পূর্বতে, উভচৰী প্রাণীৰ সৃষ্টি হৈছিল 32.5 কোটি বছৰ আগতে, সৰীসৃপৰ 25.5 কোটি বছৰ আগতে, স্তন্যপায়ী প্রাণীৰ জন্ম হৈছিল 20 কোটি বছৰ আগতে আৰু মানুহৰ সৃষ্টি হৈছিল 20 লাখ বছৰ পূর্বে। যাহ’ক যদি আমি বেলেগ বেলেগ জীৱৰ আর্ৱিভাবৰ সময়ক 12 ঘন্টাৰ ভিতৰত মাপ কৰি লঁও আমি দেখা পাম যে মাজৰাতি 12 টা বজাত যদি জীৱৰ সৃষ্টি হৈছিল, তেন্তে ৰাতিপুৱা 8 বজাত মাছৰ জন্ম হৈছিল, উভচৰী বিলাকৰ 8.30 বজাত, সৰীসৃপৰ 9 বজাত, স্তন্যপায়ীৰ 10 বজাত আৰু মানুহৰ জন্ম হৈছিল দিনৰ 12.59 বজাত। ইউৰে আৰু মিলাৰৰ পৰীক্ষা (Urey and Miller’s Experiment) : সাগৰত থকা ৰাসায়নিক পদার্থ বিলাকৰ বিক্ৰিয়া ঘটি জীৱৰ সৃষ্টি হৈছিল। ইয়াকে আণৱিক ক্ৰম’বিকাশ বুলি কোৱা হয়। জীৱৰ আণবিক বিকাশৰ তত্ত্বটো 1929 চনত অপাৰিন আৰু হেল্ডেনে (Oparin and Haldane) আগবঢ়াইছিল যদিও ইয়াৰ পৰীক্ষামূলক ব্যাখ্যা ডাঙি ধৰিছিল ইউৰে আৰু তেওঁৰ ছাত্ৰ মিলাৰে 1953 চনত। অপাৰিন আৰু হেল্ডেনৰ মতে আদিম পৃথিৱীত C, H2, O2 আৰু N2 আছিল। এই মৌলসমূহ ৰাসায়নিক ভাৱে যুক্ত হৈ পানী, এম’নিয়া আৰু মিথেন আদিৰ দৰে যৌগবোৰ সৃষ্টি হৈছিল। আকৌ বিজুলী ঢেৰেকনী, অতি বেঙুনীয়া ৰশ্মি আদি পৰিৱেশৰ কাৰকবোৰৰ প্রভাৱত এই যৌগবোৰ মাজত বিক্ৰিয়া ঘটি এমিন’ এচিডৰ সৃষ্টি হৈছিল। আদিম অৱস্থাত জীৱৰ কেনেকৈ উৎপত্তি হৈছিল প্রমাণ কৰিবলৈ ইউৰে আৰু মিলাৰে এটা যন্ত্ৰ সাজি উলিয়াইছিল। এই যন্ত্ৰটোত থকা দুটা ফ্লাস্কৰ এটাত পৃথিৱীৰ আদিম বায়ুমণ্ডলত থকা উপাদানসমূহ যেনে, মিথেন, এম’নিয়া আদিৰ মিশ্রণ লোৱা হেছিল আৰু আনটোত সাগৰৰ পানী লৈ তাক উতলোৱা হৈছিল। মিথেন, এম’নিয়া আদিৰ মিশ্রণটোক চক্ৰাকাৰে আৱর্তিত কৰি তাঁৰৰ সহায়ত উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত স্ফুলিঙ্গৰ সৃষ্টি কৰা হয় আৰু আনটো ফ্লাস্কত থকা সাগৰীয় পানী উতলাই গেছৰ মিশ্রণ থকা ফ্লাস্কটোত জলীয় বাষ্পৰ যোগান ধৰা হয়। এক সপ্তাহমান পৰীক্ষাটো চলি থাকিবলৈ দি ফ্লাস্কৰ পানীখিনি সংঘনকৰ দ্বাৰা শীতল কৰি জমা হোৱা পানীখিনিৰ ৰাসায়নিক বিশ্লেষণ কৰা হৈছিল। বিশ্লেষণ কৰি তেওঁলোকে বিভিন্ন ধৰণৰ জটিল জৈৱ যৌগৰ সন্ধান পাইছিল। এই জটিল জৈৱ যৌগবোৰ আছিল, এমিন’ এচিড (গ্লাইচিন, এলানিন, এছপাৰটিক এচিড), কার্বহাইড্রেট আৰু অন্যান্য জৈৱ পদার্থ। ইয়াৰ পাছত ছিডনী ফক্স (Sydney Fox) নামৰ বৈজ্ঞানিক জনেও আদিম পৰিৱেশত যে এমিন’ এচিড সৃষ্টি হব পাৰে সেইটো পৰীক্ষাৰ সহায়ত প্রমাণ কৰি দেখুৱাইছিল। পৰৱর্তী সময়ত কেলভিনে (Calvin) গৱেষণাগাৰত পিউৰিন আৰু পাইৰিমিডিন নামৰ নিউক্লিক এচিডৰ উপাদান দুটা প্রস্তুত কৰিছিল। ক্ৰম’বিকাশ (Evolution): ক্ৰম’বিকাশ বা বিৱর্তন শব্দটোৰ আক্ষৰিক অর্থ হ’ল ক্ৰমাগত ভাৱে হোৱা পৰিৱর্তন। আমি বাস কৰা ব্রহ্মাণ্ডখনৰ প্রতিটো বস্তুৰে পৰিৱর্তন ঘটাটো এটা চিৰন্তন ঘটনা। উদ্ভিদজগত, প্রাণীজগত, গ্রহ নক্ষত্ৰ, পৃথিৱীৰ ভূ প্রকৃতি, মহাজাগতিক ৰাসায়নিক যৌগ আনকি ব্রহ্মাণ্ডৰ উপ-পাৰমাণবিক কণাবোৰো সময়ৰ সোঁতৰ লগে লগে পৰিৱর্তন হৈয়ে আছে। সময়ৰ সোঁতত উদ্ভিদ আৰু প্রাণীৰ পৰিৱর্তন হোৱা ঘটনা প্রৱাহকে জৈৱ বিৱর্তন (Organic Evolution) বোলা হয়। আনহাতে সময়ৰ সোঁতত অজৈৱ বিশ্বৰ পৰিৱর্তনক অজৈৱ বিৱর্তন (Inorganic Evolution) নতুবা মহাজাগতিক বিৱর্তন (Cosmic Evolution) বোলা হয়। ডাৰউইনৰ সংক্ষিপ্ত ভাষাত জৈৱ বিৱর্তন মানে “পৰিৱর্তন হৈ সৃষ্টি হোৱা নতুন বংশোদ্ভৱ”। ইয়াৰ ব্যাখ্যা এনে ধৰণে দিব পাৰি যে বর্তমান কালত উপবিষ্ট উদ্ভিদ আৰু প্রাণী সমূহ হ’ল আদিম যুগৰ পূর্বপুৰুষ সকলৰ ৰূপান্তৰণ। বিৱর্তনৰ ধাৰণাৰ ঐতিহাসিক পটভূমি: - চার্লচ্‌ ডাৰউইনৰ নাম বিৱর্তনৰ লগত এনেকৈয়ে খাঙোৰ খাই আছে যে বহুতৰ মতে এতিয়াও ডাৰউইন মানেই ক্ৰমবিকাশৰ সূত্ৰ। প্রাচীন কালত গ্রীক দার্শনিক সকলৰ লিখনিতে প্রথমতে বিৱর্তন সম্বন্ধে বর্ণনা দেখা পোৱা গৈছিল। এৰিষ্ট’টল (Aristotle, 384-322 খ্রীষ্টপূর্ব) নামৰ বিখ্যাত দার্শনিক আৰু জীৱবিজ্ঞানী জনে জীৱৰ যে ক্ৰমাগত ভাৱে বিকাশ হৈছে সেই বিষয়ে পোনপ্রথম বাৰৰ বাবে বহলাই আলোচনা কৰিছিল। তেওঁ আগবঢ়োৱা মতামত অনুসৰি বিভিন্ন ধৰণৰ জীৱবোৰ ক্ৰমানুসাৰে জখলাৰ নিচিনাকৈ সৰল সংগঠনৰ পৰা জটিল সংগঠনলৈ আগবাঢ়ি গৈ আছে। এইখিনিৰ পাছত এই শতিকাত ক্ৰমবিকাশৰ ধাৰণা সম্বন্ধে কোনো বিশেষ চর্চ্ছা হোৱা নাছিল। আকৌ 18 শ শতিকাৰ তিনিজন বিজ্ঞানীয়ে ক্ৰমবিৱর্তনৰ ধাৰণাক নতুন ৰূপত সজাইছিল। এওঁলোক হ’ল লিনিয়াছ (Linnaeus, 1707-78 খৃষ্টাব্দ), বাফ’ন (Buffon, 1707-80 খৃষ্টাব্দ), আৰু এৰাছ্‌মাছ ডাৰউইন (Erasmas Darwin, 1731-1802 খৃষ্টাব্দ)। লিনিয়াছে যদিও জীৱৰ বিশেষ সৃষ্টি (Special Creation) সপক্ষে যুক্তি দাঙি ধৰিছিল; তথাপিও তেওঁ আগবঢ়োৱা জীৱৰ বর্গীকৰণ সম্বদ্ধীয় কার্যই ক্ৰম’বিকাশত্মক কার্যপদ্ধতি অধ্যয়নৰ ক্ষেত্ৰত বিশেষ সহায়ক হৈছিল। আনহাতে, বাফ’নক আধুনিক তথা ৱ্যবহাৰিক জৈৱবিৱর্তনৰ নতুন ধাৰা প্রবর্তনৰ জনক বুলি কোৱা হয়। আকৌ এৰাছমাছ ডাৰউইন আছিল চার্লচ ডাৰউইনৰ ককাডেউতা। ককাডেউতাৰ পৰাই ডাৰউইনে বিৱর্তনৰ আর্হি আহৰণ কৰিছিল। লেমার্কে (Lamarck, 1809) তেওঁৰ বিখ্যাত পুথি ফিলচ’ফি জুল’জিকত (Philosophie Zoologique) প্রথমবাৰৰ বাবে যুক্তি যুক্ততাৰে জৈৱ বিৱর্তনৰ ব্যাখ্যা আগবঢ়াইছিল। লেমার্কৰ মতবাদ “লব্ধগুণৰ বংশানুগতি মতবাদ” (Theory of Inheritance of Aquired Character) হিচাপে জনাজাত। তেখেঁতৰ মতবাদ মতে পৰিৱেশৰ প্রভাৱত অভিযোজিত হৈ জীৱই যিবিলাক লব্ধগুণ আহৰণ কৰে সেইবিলাক বংশগতি সূত্ৰে সতি সন্ততিলৈ যায়। ফলত লব্ধগুণসম্পন্ন নতুন প্রাণীৰ সৃষ্টি হয়। কিন্তু অতি গ্রহণযোগ্য মতবাদ আগবঢ়াইছিল চালর্চ ডাৰউইন (Charles Darwin) আৰু আল্‌ফ্রেড ৰাছেল ওৱালেছে (Alfred Russel Wallace)। ডাৰউইনৰ “প্রাকৃতিক নির্বাচনৰ দ্ৱাৰা প্রজাতিৰ উৎপত্তি” (Origin of Species by Natural Selection) নামৰ মতবাদটো অতি গ্রহণযোগ্য আৰু জনপ্রিয় মতবাদ হিচাপে বিবেচিত হৈছে। ডাৰউইনৰ মতবাদো সমালোচনাৰ বাহিৰত নাছিল। বিশেষকৈ মেণ্ডেলৰ বংশগতিৰ সূত্ৰ আৱিষ্কাৰ হোৱাৰ পিছত এই মতবাদক কঠোৰ ভাৱে সমালোচনা কৰা হয়। পিছৰ কেইজনমান ক্ৰমবিকাশ বিজ্ঞানীয়ে আধুনিক বংশগতিৰ তথ্যৰ ভিত্তিত ডাৰউইনৰ প্রাকৃতিক নির্বাচন মতবাদৰ দূর্বলতাখিনি সংশোধন কৰি নৱ-ডাৰউইন (Neo-Darwinism) মতবাদৰ সৃষ্টি কৰিছিল। এইক্ষেত্ৰত আগভাগ লোৱা বিজ্ঞানী সকল হ’ল অগষ্ট ৱাইছমেন (Augst weisman, 1824-1914)। এওঁ আগবঢ়োৱা মতবাদটো আছিল “বীজপ্রৰস তত্ব” (Germplasm theory)। ইয়াৰ পাছত হুগ’ ডি ভ্ৰাইছে (Hugo De-Vries, 1848-1935) উৎপৰিৱর্তনৰ সূত্ৰ (Mutation theory) আগবঢ়ায়। ইয়াৰ পিছতে আকৌ আমেৰিকাৰ জর্ডান কেল’গ (Jorden Kellog), গুলিক (Gullick) আৰু ক্ৰমটনে (Crompton) পৃথকীকৰণ সূত্ৰ (Isolation theory) আৰু ক্ৰমবিকাশত পৃথকীকৰণৰ ভূমিকাৰ বিষয়ে বর্ণনা কৰে। কার্লভন নেগেলি (Carlvon Nageli), থ্রিয়ডৰ ইমেৰ (Threodore Eimer), ই, ডি, ক’পে (E. D. Cope) আৰু হোৱাইটমেনে (Whiteman) আকৌ ঋজুজনন তত্ব (Orthogenesis Idea) আগবঢ়ায়। অৱশেষত আমি এনেকৈ ব্যাখ্যা কৰিব পাৰো যে ক্ৰমবিকাশ বা ক্ৰমবিৱর্তন হ’ল এটি অবিৰত প্রক্ৰিয়া। পৃথিৱীত বর্তমান দেখিবলৈ পোৱা নানান ধৰণৰ প্রাণী আৰু উদ্ভিদসমূহ অতীতত থকা বেলেগ ধৰণৰ প্রাণী আৰু উদ্ভিদৰ পৰিৱর্তিত বংশানুক্ৰম। মুঠতে সৃষ্টিৰ আদিৰে পৰা বংশানুক্ৰম এক অবিচ্ছিন্ন গতিত চলি আহিছে। ক্ৰমবিকাশৰ পৰিৱর্তনবোৰ আমাৰ দৃষ্টিত ইমান সূক্ষ্ম আৰু লেহেমীয়া যে ইয়াক সহজে উপলব্ধি কৰিব নোৰাৰি। যুগ যুগ ধৰি চলি অহা জীৱদেহৰ এই ক্ৰমবিকাশকেই হ’ল জৈৱ বিৱর্তন।