সমললৈ যাওক

বাৰ্তা:তৰ্কশাস্ত্ৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

তৰ্কশাস্ত্ৰ শব্দটিত Flexibility নাই। ইংৰাজীত Logical, Logically, Illogical, Illogically, Mathematical Logic, Philosophical Logic, No Logic Behind আদি বিভিন্ন শব্দ , বাক্যাংশৰ অৰ্থপূৰ্ণ ব্যৱহাৰ আৰু প্ৰয়োভৰ দেখা যায়। এই গোটেই শব্দবোৰ মূল বিষয় Logic ৰ সৈতে কিবা নহয় কিবা সূত্ৰে বান্ধ খাই আছে। অসমীয়াত তাকে কৰিবলৈ আমি আকৌ যুক্তি শব্দটোলৈকে ঘূৰি আহিব লাগিব। যুক্তিৰ ভিন্ন প্ৰয়োগসমূহ মূলবিষয়ৰ সৈতে এডাল সুঁতা বা সূত্ৰৰে বান্ধ খাই আছে। তৰ্কশাস্ত্ৰ শব্দটিয়ে এই বিষয়টোক মহাকাব্যৰ শ্ৰেণীলৈ লৈ গৈ তাৰ ব্যৱহাৰিক আৰু প্ৰয়োগিক দিশটো নোহোৱা কৰে যাৰ আগত যেন কেৱল পৰি নমস্কাৰহে কৰিব লাগে। অন্যথা তেনে প্ৰয়োগ কৰিবলৈ যুক্তিসৌত্ৰিক, যুক্তিসৌত্ৰিক ভাৱে অথবা যুক্তিসূত্ৰমতে,অযুক্তিসৌত্ৰিক,অযুক্তিসৌত্ৰিক ভাৱে,গাণিতীক(যুক্তি)সূত্ৰ, দাৰ্শণিক (যুক্তি)সূত্ৰ, যুক্তিসূত্ৰচ্ছেদ আদি শব্দসমূহৰ ব্যৱহাৰ হব পাৰে আৰু হৈ আছে। তৰ্কশাস্ত্ৰ শব্দটিৰ এনে ভিন্ন প্ৰয়োগ অসম্ভৱ। সাদৃশ শব্দ কামসূত্ৰৰ কথা ভাবক। তৰ্ক বুলিলে আমি Debate ক হে বুজো আৰু ই মূল বিষয় যুক্তিসূত্ৰৰ এক ব্যৱহাৰিক প্ৰয়োগমাত্ৰ। সেইদৰে যুক্তি মানে Reason । Reasonable, Unreasonable, Reasonably, Reasoning আদি শব্দবোৰ যুক্তিৰ পৰা ওলাব আৰু তেতিয়া গোটেই শাস্ত্ৰ খনৰ প্ৰয়োজন নাই।

সময় সাপেক্ষ পুনৰ চিন্তাৰ বাবে আগবঢ়ালো।

JBDVIJASDVI (talk) 16:10, 16 ছেপ্টেম্বৰ 2014 (UTC)

"মহাকাব্যিক" বুলি কোৱাতকৈ "শাস্ত্ৰীয়" বা "পৌৰাণিক" বুলিলেহে বেছি প্ৰাসংগিক হ'ব। বৰ্তমান যুগত অধ্যয়ন কৰা লজিক বিষয়টো পুৰণি তৰ্কশাস্ত্ৰৰে এক প্ৰসাৰণ বুলিব পৰা যায়। আপুনি দিয়া "যুক্তিসূত্ৰ" প্ৰবন্ধটোও একেবাৰে উঠাই দিয়া নাই। সেই পৃষ্ঠাটো এতিয়াও আছে, তাক কেৱল তৰ্কশাস্ত্ৰলৈ পুনৰ্নিৰ্দেশ কৰি ৰখা হৈছে। প্রভাকৰ শৰ্মা নেওগ (talk) 17:14, 16 ছেপ্টেম্বৰ 2014 (UTC)

তৰ্কশাস্ত্ৰৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক