সমললৈ যাওক

বাৰ্তা:ধ্বনি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ধ্বনি ব্যাকৰণ আৰু ধ্বনি একে নহয় ।হয়তো এইটো হ'ব পাৰে ধ্বনি ব্যাকৰণত ধ্বনিৰ বিষয়ে আলোচনা কৰা হয়। কিন্তু ধ্বনি সম্পৰ্কে এটা সুকীয়া পেজ থাকিব পাৰে ।য'ত থাকিব পাৰে ধ্বনিৰ সংজ্ঞা,ধ্বনিৰ বৈশিষ্ট্য,ধ্বনিৰ প্ৰকাৰ তথা ধ্বনিৰ সম্পৰ্কে আলোচনা কৰা বিভিন্ন পদ্ধতি । এইসমূহ ধ্বনি বিজ্ঞানটো অন্ত ভুক্ত কৰি ল'ব পাৰি ।কিন্তু ধ্বনি ব্যাকৰণ বুলি মই বিশেষকৈ পঢ়া নাই।

এই ধ্বনি প্ৰবন্ধটো ইংৰাজী ৱিকিপিডিয়াৰ "Phoneme"-ৰ সৈতে সংযোগ কৰা আছে (ধ্বনিবিজ্ঞানৰ পৰিভাষা মতে, Phoneme-এ ‘বৰ্ণ’ বুজায়)৷ যদিও প্ৰবন্ধটো পঢ়ি বাগ্‌ধ্বনিৰ বিষয়েহে লিখা যেন লাগিছে৷ যিহেতু বাগ্‌ধ্বনি/ধ্বনি/Phone/Speech Sound সম্পৰ্কে অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ এটা আছে৷ গতিকে পৃথককৈ ধ্বনি নামেৰে প্ৰবন্ধ সৃষ্টি কৰাটো নিষ্প্ৰয়োজন বুলি ভাবোঁ৷ -𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 05:16, 17 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Kuldhar Rabha, ধ্বনি আৰু বাগ্‌ধ্বনি দুটা বেলেগ বিষয়। ইয়াত ধ্বনি সাৰ্বিক সংহতি হ'লে বাগ্‌ধ্বনি এটা উপাদান হ'ব পাৰে। গতিকে ইয়াত ধ্বনি সম্পৰ্কিয় তথ্যখিনি অন্তৰ্ভুক্ত কৰিব পাৰি। Nayan j Nath (বাৰ্তা) 11:54, 17 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
প্ৰবন্ধটো পঢ়ি সেইটো ধ্বনিৰ বিষয়ে লিখা যেন লগা নাই৷ আৰু Phoneme মানে ধ্বনি নহয়; বৰ্ণহে৷ 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 15:53, 19 December 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]