বাৰ্তা:পষেকীয়া সমলয় (চিলাপথাৰ)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

আৰম্ভণিঃ ১১ আগষ্ট'২০০৪ তাৰিখে সমন্বয় সাহিত্য প্ৰকাশন, চিলাপথাৰ (জিলা- ধেমাজি, অসম)ৰ বেনাৰত মেইন ৰোড, চিলাপথাৰস্থিত (চিলাপথাৰ মহাবিদ্যালয়ৰ বিপৰীতে) প্ৰতিজি অফছেট প্ৰিণ্টাৰ্ছৰ পৰা আৰ্থ-সামাজিক বিষয়নিষ্ঠ বাৰ্তালোচনী 'পষেকীয়া সমলয়'প্ৰকাশৰ শুভাৰম্ভ কৰা হয়। প্ৰকাশক, মুখ্য সম্পাদক আৰু কাৰ্যবাহী সম্পাদক আছিল ক্ৰমে- বিনোদ কুমাৰ গগৈ, ড০ বসন্ত কুমাৰ দলে আৰু সঞ্জয় কিশোৰ গগৈ। (সম্পাদক নামে কোনো পদৱী ৰখা হোৱা নাছিল। উক্ত পদৱীটো চতুৰ্থ সংখ্যাৰ পৰা সৃষ্টি কৰা হয়। আৰু ভুবন দাসৰ ওপৰত এই দায়িত্ব অৰ্পণ কৰা হয়।) মুখ্য সম্পাদক একেই থাকি মাজে-সময়ে আন সকলৰ পদৱী সালসলনি কৰি ২০১১ চন পৰ্যন্ত বাৰ্তালোচনীখন নিয়মীয়াকৈ প্ৰকাশিত হৈ থাকে। চতুৰ্থ সংখ্যাৰ পৰা বাৰ্তালোচনীখনৰ ছাইজ 1/8 লৈ সলনি কৰি সাহিত্য-সংস্কৃতিমূলক তিনিমহীয়া আলোচনীলৈ পৰিৱৰ্তন কৰা হয়। ২০১১ চনত আলোচনীখনে ISSN 2394-0611 মৰ্মে পঞ্জীয়ন নম্বৰ লাভ কৰে। উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; নামবিহীন refসমূহৰ অৱশ্যেই সমল থাকিব লাগিব।