বাৰ্তা:ফুটুকী জেঠী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


জীৱজন্তুৰ অসমীয়া নাম[সম্পাদনা কৰক]

এই আলোচনাটো বিবদমান হোৱাৰ শংকা আছে যদিও নকৰিলেও নহয়। যিবোৰ জীৱ-জন্তু অসমৰ নহয়, তেনে জীৱৰ অসমীয়া নাম কেনেকৈ দিয়া যায়, তাৰ এটা নীতি থাকিব লাগে। সমস্যাটো দেখাত বেছি বেছি যেন লাগে যদিও কেতিয়াবা গুৰুতৰ ৰূপ ধৰিব পাৰে। বহু দিনৰ আগতে এই সম্বন্ধে কাকতত লিখা-মেলা হৈছিল। কাৰণ এনে নাম অনুবাদ কৰোঁতে অনুবাদকাৰীয়ে নিজৰ মতেই কৰিব, যিটো আনে মানি নল'বও পাৰে। clouded leapard-ক 'মেঘবৰ্ণ ফুটুকী বাঘ' নাম দিয়াটোক লৈ বিতৰ্কটো আৰম্ভ হৈছিল। কাৰোবাৰ মনত থাকিলে ভালকৈ বহলাই ক'ব পাৰিব। অসুবিধাটো হ'ল ৱিকিপিডিয়াত নতুন নাম আদি দিয়াটো যুক্তিসংগত নহয়। কাৰণ পঢ়ুৱৈয়ে বিচাৰি নোপোৱাৰ সম্ভাৱনা আছে। উদাহৰণ স্বৰূপে এই প্ৰৱন্থটোকে পঢ়ুৱৈৰ যদি নিজে আন্দাজ লগাই 'ফুটুকী জেঠী' বুলি সন্ধান নকৰে বিচাৰি নাপাব। ফুটুকী ছালামেণ্ডাৰ কিয় নহ'ব বুলি এটা প্ৰশ্ন উঠাও সম্পূৰ্ণ যুক্তিসংগত। এনে অসুবিধা নহ'বৰ বাবে কিবা এটা নিয়ম এতিয়াই কৰি ৰাখিব লাগে। নহ'লে পাছলৈ বহুত সালসলনিৰ প্ৰশ্ন আহিব। এইটো প্ৰৱন্ধ মাত্ৰ উদাহৰণ হিচাপে লৈহে কথাটো ক'লো। ইয়াৰ লগত মূল আলোচনাৰ কোনো সম্পৰ্ক নাই।

এই বিষয়ে মোৰ মতামত হৈছে, যিবোৰ জীৱৰ ইতিপূৰ্বে ব্যৱহৃত অসমীয়া নাম পোৱা নাযায়, তেনে জীৱ বা উদ্ভিদৰ ক্ষেত্ৰত ইংৰাজীটো সদায় ব্যৱহাৰ কৰা হওঁক। প্ৰৱন্ধ শীৰ্ষতে সেইটো কৰিলে ভাল হয়। লগতে প্ৰৱন্ধটোত অসমীয়া নাম 'অমুক' দিব পাৰি বুলি কৈহে প্ৰৱন্ধটো লিখা যাওঁক। যেনে, এইটো প্ৰৱন্ধৰ শীৰ্ষক 'Yellow-spotted Salamander (ফুটুকী জেঠী)' এনেকুৱা হওঁক। ভিতৰত প্ৰৱন্ধটোৰ আৰম্ভণিতে লিখি ৰখা হওঁক: "Yellow Spotted Salamander (অসমীয়াত 'ফুটুকী জেঠী' বুলিব পাৰি) ...." তাৰ পাছত ফুটুকী জেঠী বুলি প্ৰৱন্ধটো লিখি গ'লেও আপত্তি কৰিবলগীয়া নাথাকে।

আৰু এটা কথা, এনেকুৱা ইণ্টাৰেষ্টিং কথা থকা প্ৰৱন্ধবিলাক কেইদিনমানৰ বাবে বেটুপাতত featured হিচাপে ৰাখিব পাৰি নেকি?উদ্দীপতালুকদাৰ (talk) 15:46, 12 এপ্ৰিল 2012 (UTC)

ভাল বিষয়টো উত্থাপন কৰিছে| এই সম্পৰ্কে ফেচবুক গোটটে আলোচনা এটা হৈছিল| তাতে আমি এই নামেৰে ৰখা সিদ্ধান্ত লৈছিলো| আপোনাৰ কথা যুক্তিসংগত| কিন্তু নতুন নামটোতহে অলপ আসোৱাহ আছে| Yellow Spotted Salamanderৰ পৰা পুননিৰ্দেশ কৰি ৰাখিলেই সন্ধানৰ সমস্যাটো আতৰ হ’ব| বাকী "ইয়েল’ স্পটেদ চালামেণ্ডাৰ" বুলি লিখাতকৈ চালামেণ্ডাৰ বুলি লিখাটোৱেই ম‍ই সঠিক যেন দেখো| ইংৰাজীৰ্টো Yellow শব্দটো নাই লিখা|  বিষ্ণু শ‍ইকীয়াবাৰ্তা 15:59, 12 এপ্ৰিল 2012 (UTC)