বাৰ্তা:ভাৰতীয় দণ্ড বিধি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বাৰ্তা:ভাৰতীয় দণ্ড বিধি আইনৰ পৰা পুনঃনিৰ্দেশিত)

Indian Penal Code: ভাৰতীয় দণ্ডবিধি হিচাপেই প্ৰচলিত। সেয়ে ভাৰতীয় দণ্ড বিধানতকৈ ভাৰতীয় দণ্ডবিধি বুলি দিলে বেছি শুৱলা নহ'বনে? --প্ৰণৱ জ্যোতি ভূঞা (talk) 15:51, 23 জানুৱাৰী 2014 (UTC)

প্ৰণৱ জ্যোতি ভূঞাই ঠিকে কৈছে। পিছে দণ্ডবিধিৰ মাজত এটা স্পেছ দিব লাগিব কিজানি।
প্ৰণবে ঠিকেই কৈছে। প্ৰবন্ধৰ শিৰোনামা Indian Panel Code = "ভাৰতীয় দণ্ডবিধি আইন" হোৱা উচিত। প্রভাকৰ শৰ্মা নেওগ (talk) 03:59, 24 জানুৱাৰী 2014 (UTC)

ভাৰতীয় দণ্ড বিধানৰ ধাৰা সমূহ ভাৰতীয় আইন ব্যৱস্হাৰ ই এক ফৌজাদাৰী আইন । এই দণ্ড বিধান,ভাৰতীয় ফৌজাদাৰী আইন নামেৰে জনাজাত। বিধি বা বিধান শব্দটোৱে 'আইন'ক প্ৰতিনিদ্ধিত কৰিছে।ভাৰতীয় দণ্ড বিধি অংশ হ'ল যিখিনি অংশত শাস্তিৰ মাত্ৰা আছে । ভাৰতীয় দণ্ড বিধান শব্দটোৱে অপৰাধৰ ব্যাপক বিৱৰণ আৰূ শাস্তিৰ মাত্ৰা আলোচনা হৈছে। চাবলৈ গলে বিধি আৰু বিধানৰ মাজত বিশেষ পাৰ্থক্য নাই। মতামত আশা কৰিলো। Deepjyoti05 (talk) 07:04, 24 জানুৱাৰী 2014 (UTC)

হয়, চাবলৈ গ’লে দুয়োটাই শুদ্ধ, কিন্তু "ভাৰতীয় দণ্ডবিধি আইন"টো বহুল ভাবে প্ৰচলিত, ভাৰতীয় দণ্ড বিধান টো এইটো নামলৈ ৰিডাইৰেক্ট কৰিলেই ভাল হ’ব দীপাংকৰ চেতিয়া? 08:18, 24 জানুৱাৰী 2014 (UTC)
ভাৰতীয় দণ্ড বিধান পৰা ভাৰতীয় দণ্ড বিধি আইন লৈ পৰিৱৰ্তন কৰা হ'ল। Deepjyoti05 (talk) 08:51, 24 জানুৱাৰী 2014 (UTC) talk 24 জানুৱাৰী 2014 (UTC)
মোৰ এতিয়াও অলপ খোকোঁজা আছে। বিধি আৰু আইন সমাৰ্থক নহয় জানো? তেনে ভাৰতীয় দণ্ডবিধি আইন লিখিলে শুদ্ধ হ'ব জানো? প্ৰণৱ জ্যোতি ভূঞা (talk) 08:29, 25 জানুৱাৰী 2014 (UTC)
ভাৰতীয় দণ্ড বিধানক কিয় ভাৰতীয় দণ্ড বিধি আইনলৈ ৰিডাইৰেক্ট কৰা হল বুজি নাপালো। Indian Penal Codeক অসমীয়াত ভাৰতীয় দণ্ড বিধি, হিন্দীত भारतीय दण्ड संहिता বোলা হয়। ইয়াত Act বা আইন শব্দটো ক'তো নাই। বাবুল বৈশ্য 04:58, 26 জানুৱাৰী 2014 (UTC)
আৰক্ষীৰ বিষয়া আৰু কেইবাজনো অধিবক্তা ৰ লগত আলোচনা কৰি গ'ম পালো যে বিধান হ'বলৈ হ'লে অপৰাধৰ বিতং বিৱৰণ, উদাহৰণ আৰু শাস্তিৰ বিৱৰণ উল্লেখ থাকিব লাগিব।যিতো উইকিপিডিয়াত সম্ভৱ নহব । ইয়াত মাত্ৰ ভাৰতীয় দণ্ডবিধি কেনেধৰণৰ আইন কি তাকেহে বুজাব চেষ্টা কৰা হৈছে। ভাৰতীয় দণ্ডবিধি আইন এই কাৰণে কৰা হ'ল, কাৰণ উক্ত প্ৰবন্ধতো মাত্ৰ ভাৰতীয় দণ্ড বিধানৰ এক সংক্ষিপ্ত ব্যাখা । Deepjyoti05 (talk) 05:11, 26 জানুৱাৰী 2014 (UTC) Deepjyoti05 24 জানুৱাৰী 2014 (UTC)
ওপৰত বাবুল বৈশ্য দাই কোৱাৰ দৰে, আইন বুলি লিখিবলৈ হ'লে Act বা Law হিচাপে ইংৰাজীতো থাকিব লাগিছিল। মানে Indian Penal Code (Law/Act) হ'লহেঁতেন। লাগে ৱিকিপিডিয়াত Indian Penal Code ৰ সংক্ষেপেই লিখা হওক বা বিস্তৃতভাৱেই লিখা হওক, কিন্তু মূল নামটো সলনি কৰিব পৰা নিশ্চয়কৈ নাযাব। প্ৰণৱ জ্যোতি ভূঞা (talk) 05:54, 26 জানুৱাৰী 2014 (UTC)
xobdo.org ত চাইছিলো এনেয়ে, Penal Code=দণ্ডবিধি/ফৌজদাৰী আইন হিচাপে পালো। এটা কথা নিশ্চিত যে, বিধি আৰু আইন দুয়োটা লিখাৰ প্ৰয়োজন নাই। প্ৰণৱ জ্যোতি ভূঞা (talk) 06:30, 26 জানুৱাৰী 2014 (UTC)
হয়, বিধি আৰু আইন একেলগে লিখাৰ প্ৰয়োজন নাই (যদিও দেখাক দেখি মইও সেই ভুলটো প্ৰায়ে কৰোঁ, ওপৰতো কৰিছোঁ।) খুব সম্ভব এই প্ৰবন্ধৰ শীৰ্ষক "ভাৰতীয় দণ্ড বিধি" জাতীয় কিবা হ'লেহে ঠিক হ'ব। প্রভাকৰ শৰ্মা নেওগ (talk) 10:57, 26 জানুৱাৰী 2014 (UTC)

অলপমান ব্যস্ততাৰ হেতু পৃষ্ঠাখন অনুবাদ কৰাত পলম হৈছে । তথাপিও দেওঁবাৰ লৈকে সম্পূৰ্ণ কৰা আশা কৰিছো ।Deepjyoti05 (talk) 03:18, 30 জানুৱাৰী 2014 (UTC) সদস্য:Deepjyoti05