ভাৰতীয় দণ্ড বিধি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতীয় দণ্ড বিধি
Emblem of India.svg
ভাষ্য Act No. 45 of 1860

ভাৰতীয় দণ্ড বিধি (IPC,English: Indian Penal Code, Hindi: भारतीय दण्ड संहिता) ভাৰতৰ মূখ্য অপৰাধ দণ্ড বিধি। অপৰাধ আইনৰ সকলো মূল বিষয়ক সামৰি লোৱাটোৱে ইয়াৰ উদেশ্য, ই এক ব্যাপক বিধান বা আইন। ১৮৬০ চনত ভাৰতীয় দণ্ড বিধি আইনৰ খচৰা প্ৰস্তুত হৈছিল যদিও ব্ৰিটিছ শাসনৰ আৰম্ভণিতে ১৮৬২ চনত ব্ৰিটিছ ভাৰতত ইয়াৰ প্ৰৱৰ্তন কৰা হৈছিল। তথাপিও ভাৰতীয় দণ্ড বিধি আইনখন ভাৰতৰ বিভিন্ন ৰজাৰ দ্বাৰা শাসিত অঞ্চলসমূহ ত প্ৰচলন হোৱা নাছিল, যিহেতু তেওঁলোকৰ নিজা আইন আৰু আদালত ব্যবস্হা ১৯৪০ চনলৈকে প্ৰচলন আছিল। বৰ্তমান সময়লৈকে এইবিধান খন বহুবাৰ সংশোধন কৰাৰ লগতে অনান্য বহুতো অপৰাধ ধাৰা সংযোগ কৰা হৈছে। জম্মু-কাশ্মীৰ ৰাজ্যত এই বিধানক 'ৰনবীৰ দণ্ড বিধান' বুলি জনা যায়।.[1]

ব্ৰিটিছ যুগৰ অন্ত পৰাৰ লগে লগে মুল ভাৰতীয় ভুখণ্ডৰ পৰা বিভাজিত পাকিস্তানেও ভাৰতীয় দণ্ড বিধি আইন ক স্বীকাৰ কৰি গ্ৰহণ কৰে, যি পাকিস্তান দণ্ড বিধি আইন বুলি জনাজাত। . বাংলাদেশ, পাকিস্তানৰ পৰা স্বাধীনতা লাভকৰা পিছতো এই বিধি বলবৎ হৈ আছে। ইয়াৰ উপৰিও এই বিধি বাৰ্মা, ছেয়লন (বৰ্তমানৰ শ্ৰী লংকা), ছিংগাপুৰ, ব্ৰুনেই থকা ব্ৰিটিছ ঔপনিবেশিক শাসক সকলেও গ্ৰহণ কৰে আৰু উক্ত দেশ সমূহৰ অপৰাধিক সংহিতাৰ আধাৰ হৈ আছে।

বুৰঞ্জী[সম্পাদনা কৰক]

মোগল শাসনৰ সময়চোৱাত , ন্যায়ালয়ত হিন্দু আইন বহিষ্কাৰ কৰিবলৈ 'শৰীয়ত আইন' বলবৎ কৰা হৈছিল। কিন্তু ভাৰতীয় উপমহাদেশত ব্ৰিটিছ সকলৰ প্ৰভাব বৃদ্ধিৰ লগে লগে ইছলামিক আইনে ই্ংৰাজ অপৰাধীক আইনক বাট এৰি দিব লগা হল। ১৮৬০ চনৰ আগতে,ই্ংৰাজ অপৰাধীক আইনক গৱৰ্ণৰ জেনেৰেল ৰ অধিনিয়ম দ্বাৰা সংশোধিত কৰি বম্বে প্ৰেচিডেঞ্চী, কেলকাত্তা আৰু মাদ্ৰাজ ত বলবৎ কৰে।

ভাৰতীয় দণ্ড বিধিৰ খচঁৰা,থমাচ বেবিংটন মেকুলেই অধ্যক্ষতাত গঠন হোৱা প্ৰথমখন বিধি আয়োগ প্ৰস্তুত কৰিছিল।ইয়াৰ আধাৰ ইংলেণ্ডৰ আইন , যি আইন আধিক্যতা, পৰিভাষা আৰু স্হানীয় বিশিষ্টতা মুক্ত । ইয়াৰ তত্ব সমূহ নেপ'লিয়নিক সংহিতা আৰূ এডৱাৰ্ড লিভিংচটন প্ৰণিত লুইজিয়ানা নাগৰিক সংহিতাৰ, ১৮২৫ পৰা প্ৰাপ্ত কৰা হৈছিল।১৮৩৭ চনত পৰিষদত , গৱৰ্ণৰ জেনেৰেলৰ ওচৰত প্ৰথমখন পূৰ্ণ খচঁৰা দাখিল কৰা হয়, কিন্তু পুনৰ সংশোধনৰ বাবে পঠিয়ায় দিয়ে ।১৮৫০ চনত ভাৰতীয় দণ্ড বিধিৰ খচঁৰা আলেখন সম্পূৰ্ণ হয় আৰূ ১৮৫৬ চনত বিধান পৰিষদত দাখিল কৰা হয়, কিন্তু ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত এটা দশকলৈকে ব্ৰিটিছ ভাৰতৰ অধিনিয়ম গ্ৰন্হত অৰ্ন্তভুক্ত কৰা হোৱা নাছিল।সেই সময়ছোৱাত খচঁৰাখন বাৰ্নচ পিক'ক ৰ দ্বাৰা অতি সাৱধানেৰে সূক্ষ্ম নিৰীক্ষণেৰে সংশোধন কৰা হয়, যিজন পিছলৈ কলকাতা উচ্চ ন্যায়ালয়ৰ প্ৰথমজন মূখ্য ন্যায়াধীশ আৰু ভৱিষ্যতৰ অৱৰ ন্যায়াধীশ হৈছিল।ইয়াৰ উপৰিও তেখেত বিধান পৰিষদৰ এজন সদস্য আছিল । ১৮৬০ চনৰ, ৬ অক্টোবৰ দিনাখন এই আইন পৰিষদত পাড়িত হৈছিল । [2] ভাৰতীয় দণ্ড বিধি, ১ জানুৱাৰী, ১৮৬২ চনত কাৰ্য্যকৰী ৰূপত প্ৰচলন কৰা হয়। দূৰ্ভাগ্য বশত: মেকুলেই তেখেতৰ এই সৰ্ব্বোতকৃষ্ট ৰচনা বলবৎ হোৱাৰ চাবলৈ পোৱাৰ আগতেই ১৮৫৯ চনৰ শেষৰ ফালে মৃত্যুবৰণ কৰে।

উদেশ্য[সম্পাদনা কৰক]

ভাৰতবৰ্ষ ক এখন সাধাৰন দণ্ড বিধি প্ৰদান কৰাটোৱে এই অধিনিয়মৰ মূখ্য উদেশ্য ।[3] এই বিধি আইন সম্বন্ধীয় সকলো বিষয় সামৰি লোৱাৰ উপৰিও আইন বুলি ঘোষণা কৰা ব্যাপক প্ৰসংগসমূহ অৰ্ন্তনিহিত কৰে। ইয়াৰ উপৰিও বিভিন্ন সময়ত অনান্য অপৰাধৰ বাবে আৰু অধিক দণ্ডাত্মক বিধিৰ প্ৰস্তুত কৰা হৈছে।

গঠন[সম্পাদনা কৰক]

ভাৰতীয় দণ্ড বিধি, ১৮৬০, মুঠ ২৩ টা অধ্যায় আৰু ৫১১ টা ধাৰাত বিভক্ত । এই বিধিত পাতনি, বিশদ বিৱৰণ, অপবাদৰ উপৰিও দোষ অথবা অপৰাধৰ ব্যাপক বৰ্ণনা দিয়া আছে। তলত দিয়া তালিকাখনত ভাৰতীয় দণ্ড বিধিৰ ৰূপৰেখা উপস্হাপন কৰা হৈছে।

ভাৰতীয় দণ্ড বিধি আইন, ১৮৬০ (ধাৰা 1 to 511)
অধ্যায় ধাৰা সমূহ অপৰাধৰ শ্ৰেণীবিভাজন
অধ্যায় I ধাৰা 1 to 5 প্ৰস্তাবনা
অধ্যায় II ধাৰা 6 to 52 সাধাৰন বিৱৰণ
অধ্যায় III ধাৰা 53 to 75 শাস্তিৰ বিধান সমূহ
অধ্যায় IV ধাৰা 76 to 106 সাধাৰণ অপৰাধ

ব্যক্তিগত প্ৰতিৰক্ষাৰ অধিকাৰ (ধাৰা 96 to 106)

অধ্যায় V ধাৰা 107 to 120 উচতনি মুলক
অধ্যায় VA ধাৰা 120A to 120B অপৰাধমূলক ষড়যন্ত্ৰ
অধ্যায় VI ধাৰা 121 to 130 ৰাষ্ট্ৰৰ বিৰুদ্ধে অপৰাধ
অধ্যায় VII ধাৰা 131 to 140 থলসেনা, বায়ুসেনা আৰু নৌ সেনা সৰ্ম্পকীয় অপৰাধ
অধ্যায় VIII ধাৰা 141 to 160 ৰাজহুৱা শান্তি ভংগ সৰ্ম্পকীয় অপৰাধ
অধ্যায় IX ধাৰা 161 to 171 চৰকাৰী কৰ্মচাৰী সৰ্ম্পকীয় বা দ্বাৰা অপৰাধ
অধ্যায় IXA ধাৰা 171A to 171I নিৰ্ব্বাচন সৰ্ম্পকীয় অপৰাধ
অধ্যায় X ধাৰা 172 to 190 চৰকাৰী কৰ্মচাৰীৰ প্ৰাপ্ত অধিকাৰৰ অৱমাননা সৰ্ম্পকীয়
অধ্যায় XI ধাৰা 191 to 229 মিছা সাক্ষীবাদ সৰ্ম্পকীয় আৰু ৰাজহ্হুৱা স্বাৰ্থজড়িত ন্যায়ৰ বিৰুদ্ধে অপৰাধ
অধ্যায় XII ধাৰা 230 to 263 মূদ্ৰা আৰু চৰকাৰী দলিল সৰ্ম্পকীয় অপৰাধ
অধ্যায় XIII ধাৰা 264 to 267 জোখ-মাখ সৰ্ম্পকীয় অপৰাধ
অধ্যায় XIV ধাৰা 268 to 294 ৰাজহুৱা স্বাস্হ্য, সুৰক্ষা, সুবিধা, শালিনতা আৰু নৈতিকতা প্ৰভাৱিত কৰিব পৰা সৰ্ম্পকীয় অপৰাধ
অধ্যায় XV ধাৰা 295 to 298 ধৰ্মৰ লগত জড়িত সৰ্ম্পকীয় অপৰাধ
অধ্যায় XVI ধাৰা 299 to 377 মানৱ শৰীৰক প্ৰভাৱিত কৰিব পৰা (ক্ষতি)সৰ্ম্পকীয় অপৰাধ
  • মানৱ জীৱন বিপন্ন কৰিব পৰা অপৰাধ, হত্যা, অপৰাধমূলক নৰ হত্যা সৰ্ম্পকীয় অপৰাধ, আত্মহত্যা উচতনি মুলক (ধাৰা 299 to 311)
  • শিশুক জন্মপূৰ্ব্বক আঘাত সৰ্ম্পকীয়, গৰ্ভপাতৰ কাৰন, অনাবৃতি, জন্ম সৰ্ম্পকীয় তথ্য লুকুওৱা সৰ্ম্পকীয় অপৰাধ (ধাৰা 312 to 318)
  • আঘাত কৰা সৰ্ম্পকীয় অপৰাধ (ধাৰা 319 to 338)
  • দোষপূৰ্ণ, অসৎ উদেশ্যে বাধাপ্ৰদান, প্ৰতিৰোধ, ভুৱা কাৰাবাস সৰ্ম্পকীয় অপৰাধ (ধাৰা 339 to 348)
  • অপৰাধীক বলপ্ৰয়োগ আৰু আঘাত সৰ্ম্পকীয় অপৰাধ (ধাৰা 349 to 358)
  • অপহৰণ, বলপূৰ্ব্বক অপহৰণ, দাসত্ব আৰু বলপূৰ্ব্বক মজদুৰি সৰ্ম্পকীয় অপৰাধ (ধাৰা 359 to 374)
  • ধৰ্ষণ সহিতে যৌন অপৰাধ (ধাৰা 375 to 376)
  • অপ্ৰাকৃতিক যৌন অপৰাধ (ধাৰা 377)
অধ্যায় XVII ধাৰা 378 to 462 সম্পত্তিৰ বিৰুদ্ধে অপৰাধ
  • চুৰি কাৰ্য্য (ধাৰা 378 to 382)
  • ধনদাবী (ধাৰা 383 to 389)
  • ডকাইতি আৰু জোৰ জুলুম (ধাৰা 390 to 402)
  • অপৰাধমূলক কাৰ্য্যত সম্পত্তিৰ দূব্যৱহাৰ (ধাৰা 403 to 404)
  • অপৰাধমূলক বিশ্বাসঘাত (ধাৰা 405 to 409)
  • চৌয্য সম্পত্তি গ্ৰহণ বা কিনিলে (ধাৰা 410 to 414)
  • ঠগ বাজি (ধাৰা 415 to 420)
  • ভুৱা দস্তাবেজ আৰু সম্পত্তিৰ অধিকাৰ (ধাৰা 421 to 424)
  • অপকাৰ, ক্ষতি, বিনাশ (ধাৰা 425 to 440)
  • অনাধিকাৰ প্ৰৱেশ (ধাৰা 441 to 462)
অধ্যায় XVIII ধাৰা 463 to 489 তথ্য আৰু সম্পত্তি চিহ্ন সৰ্ম্পকীয় অপৰাধ
  • সম্পত্তি আৰু অনান্য চিহ্ন সৰ্ম্পকীয় অপৰাধ (ধাৰা 478 to 489)
  • কাগজি মূদ্ৰা আৰু বেংক মূদ্ৰা সৰ্ম্পকীয় অপৰাধ (ধাৰা 489A to 489E)
অধ্যায় XIX ধাৰা 490 to 492 সেৱাৰ অনুবন্ধৰ অপৰাধীক বিশ্বাসঘাত সৰ্ম্পকীয় অপৰাধ
অধ্যায় XX ধাৰা 493 to 498 বৈবাহিক সমন্ধ সৰ্ম্পকীয় অপৰাধ
অধ্যায় XXA ধাৰা 498A পত্নীৰ উপৰত স্বামীৰ বা স্বামীৰ পৰিয়ালৰ লোকৰ অত্যাচাৰ, নৃশংসতা
অধ্যায় XXI ধাৰা 499 to 502 মানহানি
অধ্যায় XXII ধাৰা 503 to 510 অপৰাধীক উদেশ্যমূলক অপমান আৰু হাৰাহাস্তি
অধ্যায় XXIII ধাৰা 511 অপৰাধমুলক কাৰ্য্য কৰিবলৈ চলোৱা চেষ্টা


শব্দসমূহ আৰু বাক্যা্ংশ[সম্পাদনা কৰক]

  • বয়স্ক - প্ৰত্যেকজন মনিষ্য যি জনৰ বয়স ১৬ বছৰ বা ততোধিক ।
  • সহমতি - ১৮ বছৰৰ তলৰ মনুষ্য, যিসকল পৰিকল্পিত যৌন ক্ৰিয়াৰ বাবে সহমতি দিব নোৱাৰে বুলি ভৱা হয় অথবা মানি লোৱা হয়।
  • শাৰিৰীক সম্ভোগ - ৩৭৭ ধাৰাত প্ৰয়োগ, আৰু ইয়াৰ অভিব্যক্তি 'যৌন সম্ভোগ' ধাৰা ৩৭৫, ৪৯৭ পৰা সম্পূৰ্ণ পৃথক।
  • শাৰিৰীক(কামুক) - দেহ অথবা শৰী্ৰৰ লগত কৰা কাৰ্য্য ।
  • সমলিংগিক সমুদায় - পুৰুষে পুৰুষৰ লগত কৰা যৌন কাৰ্য্য, সমকামী ।
  • অপ্ৰাকৃতিক(অস্বাভাৱিক) - প্ৰকৃতি অনুসাৰে নহয়, উদাহৰণ - প্ৰাকৃতিক নিয়ম মতে মূখ গহ্বৰ কোনো ধৰণৰ যৌন/শাৰিৰীক সম্ভোগৰ বাবে নহয়।
  • অপ্ৰাকৃতিক অপৰাধ - অপ্ৰাকৃতিক যৌনক্ৰিয়াত কোনোধৰণৰ, উৎপাদনশীল অথবা অ- উৎপাদনশীল যৌনক্ৰিয়াৰ শ্ৰেণীবিভাজনৰ যুক্তিসংগত সম্বন্ধ নাই।

আত্মহত্যাৰ অপচেষ্টা অপৰাধীকৰণৰ অৱলুপ্তি[সম্পাদনা কৰক]

  • ধাৰা ৩০৯ অনুসৰি, আত্মহত্যাৰ অসফল প্ৰয়াসৰ বাবে দণ্ড বিহাৰ বিধান আছে। কিন্তু ছেপ্তেম্বৰ, ২০১১ চনৰ, ভাৰত চৰকাৰে এই ধাৰাত সংশোধন আৰু আত্মহত্যাৰ অপচেষ্টা অপৰাধীকৰণৰ অৱলুপ্তি বাবে বিচাৰ বিবেচনা কৰি থকা বুলি সূচিত কৰে। মহামান্য উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আৱেদনৰ প্ৰত্তোতৰত ভাৰত চৰকাৰে ন্যায়ালয়ত এইদৰে উল্লেখ কৰে ।[4]

অপৰাধীক ন্যায় সংশোধন[সম্পাদনা কৰক]

In 2003, the Malimath Committee submitted its report recommending several far-reaching penal reforms including separation of investigation and prosecution (similar to the CPS in the UK) to streamline criminal justice system.[5] The essence of the report was a perceived need for shift from an adversarial to an inquisitorial criminal justice system, based on the Continental European systems.

প্ৰশংসা[সম্পাদনা কৰক]

বৰ্তমান সময় লৈকে এই বিধি সৰ্ব্বত্ৰ প্ৰৱলতা পূৰ্ণ খচঁৰা বিধি ৰূপে স্বীকাৰ কৰিছে । ১৫০ বছৰ জুৰি এই বিধি কোনোধৰণৰ মূখ্য সংশোধনী অবিহনে সমগ্ৰ দেশৰ ন্যায়পালিকাত প্ৰচলিত অৱস্হাত আছে ।গ্ৰেট ব্ৰিটেন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিকোলাচ ফিলিপচ্ এ , ভাৰতীয় দণ্ড বিধিৰ ১৫০ বছৰ উপলক্ষে অনুষ্ঠানত তেখেতে ভাৰতীয় দণ্ড বিধিৰ প্ৰভাবকাৰীতা তথা প্ৰাসংগিকতাৰ সজোৰে প্ৰসংশা কৰে ।[6] বৰ্তমান সংঘটিত হোৱা প্ৰযুক্তি যুক্ত আধুনিক অপৰাধ সমূহ যদিও 'মেকোলেই' যুগত শুনা নগৈছিল তথাপি ভাৰতীয় দণ্ডবিধিৰ বিস্তৃত খচঁৰাৰ বাবে সহজতে এই অপৰাধ সমূহ এই বিধিৰ আওঁতাত ভিতৰত পৰে।[উদ্ধৃতিৰ প্ৰয়োজন]

জনপ্ৰিয় উদাহৰণ[সম্পাদনা কৰক]

Some references to specific sections (called dafa'a in Hindi-Urdu, دفعہ or दफ़आ/दफ़ा) of the IPC have entered popular speech in India, Pakistan and Bangladesh. For instance, conmen are referred to as 420s (chaar-sau-bees in Hindi-Urdu)) after Section 420 which covers cheating.[7] Similarly, specific reference to section 302 ("tazīrāt-e-Hind dafā tīn-sau-do ke tehet sazā-e-maut", "punishment of death under section 302 of the Indian Penal Code"), which covers the death penalty, have become part of common knowledge in the region due to repeated mentions of it in Bollywood movies and regional pulp literature.[8][9] "Dafa 302" was also the name of a Bollywood movie released in 1975.[10] Similarly, "Shree 420" was the name of a 1955 Bollywood movie starring Raj Kapoor.[11]

See also[সম্পাদনা কৰক]

References[সম্পাদনা কৰক]

  1. http://www.ipc.in/
  2. "history of IPC is provided in comments". http://punjabrevenue.nic.in/crime1.htm#ch1. 
  3. "Preamble of IPC". http://punjabrevenue.nic.in/crime1.htm#ch1. 
  4. Times of India (22 September 2011). "Attempt to commit suicide may cease to be crime soon". http://articles.timesofindia.indiatimes.com/2011-09-22/india/30189009_1_concurrent-list-ipc-amendment। আহৰণ কৰা হৈছে: 11 February 2012. 
  5. "IPC Reform Committee recommends separation of investigation from prosecution powers (pdf)" (PDF). http://ipc498a.files.wordpress.com/2007/03/india_crim_justice_reform.pdf। আহৰণ কৰা হৈছে: 2012-05-23. 
  6. "IPC's endurance lauded". http://newindianexpress.com/states/orissa/article466202.ece. 
  7. Henry Scholberg, The return of the Raj: a novel, NorthStar Publications, 1992, http://books.google.com/books?id=_0BbAAAAMAAJ, "... People were saying, 'Twenty plus Four equals Char Sau Bees.' Char Sou Bees is 420 which is the number of the law that has to do with counterfeiting ..." 
  8. Star Plus, The Great Indian Laughter Challenge – Jokes Book, Popular Prakashan, ISBN 978-81-7991-343-7, http://books.google.com/books?id=yiwV7dMOdhwC, "... Tazeerat-e-hind , dafa 302 ke tahat, mujrim ko maut ki saza sunai jaati hai ..." 
  9. Alok Tomar, Monisha Shah, Jonathan Lynn, Ji Mantriji: The diaries of Shri Suryaprakash Singh, Penguin Books in association with BBC Worldwide, 2001, ISBN 978-0-14-302767-6, http://books.google.com/books?id=9FduAAAAMAAJ, "... we'd have the death penalty back tomorrow. Dafa 302, taaziraat-e-Hind ... to be hung by the neck until death ..." 
  10. D. P. Mishra, Great masters of Indian cinema: the Dadasaheb Phalke Award winnersGreat Masters of Indian Cinema Series, Publications Division, Ministry of Information and Broadcasting, Government of India, 2006, ISBN 978-81-230-1361-9, http://books.google.com/books?id=whtmAAAAMAAJ, "... Badti Ka Naam Dadhi ( 1975), Chhoti Si Baat ( 1975), Dafa 302 ( 1 975), Chori Mera Kaam ( 1975), Ek Mahal Ho Sapnon Ka (1975) ..." 
  11. Shree 420 on IMDB

External links[সম্পাদনা কৰক]