বাৰ্মুদা ত্ৰিভুজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাৰ্মুদা ত্ৰিভুজ

বাৰ্মুদা ত্ৰিভুজ হৈছে উত্তৰ আটলাণ্টিক মহাসাগৰৰ পশ্চিম অংশৰ এক অনিৰ্ধাৰিত অঞ্চল যʼত ৰহস্যজনক পৰিস্থিতিত ভালেসংখ্যক বিমান আৰু জাহাজ অন্তৰ্ধান হোৱা বুলি প্ৰবাদ আছে। ইয়াক চয়্তানৰ ত্ৰিভুজ বা দৈত্যৰ ত্ৰিভুজ বুলিও জনা যায়। আমেৰিকান নৌবাহিনীৰ মতে বাৰ্মুদা ত্ৰিভুজৰ বাস্তৱ অস্তিত্ব নাই আৰু US Board on Geographic Names নামৰ সংস্থাৰ দ্বাৰা স্বীকৄত নহয়। ভিন্নজনে ইয়াৰ সীমা আৰু শীৰ্ষবিন্দু বেলেগ বেলেগ ধৰণে বৰ্ণনা কৰিছে। পাল্প নামৰ আলোচনীখনৰ ১৯৬৪ চনৰ এটা সংখ্যাত প্ৰকাশিত ভিনচেণ্ট গদ্দিছৰ এটি প্ৰবন্ধত উল্লেখ থকা অনুসৰি ত্ৰিভুজটোৰ শীৰ্ষবিন্দু তিনিটা: (১) ফ্লʼৰিডা পেনিনচুলাৰ মায়ামি, (২) চান হুৱান, আৰু (৩) মধ্য আটলাণ্টিক দ্বীপ বাৰ্মুদা। ১৭ চেপ্তেম্বৰ ১৯৫০ চনত The Miami Herald (Associated Press)অত প্ৰকাশিত এটি প্ৰবন্ধত পোনপ্ৰথম বাৰৰ বাবে বাৰ্মুদা ত্ৰিভুজৰ উল্লেখ পোৱা যায়। এই ত্ৰিভুজৰ সম্পৰ্কে বিভিন্ন অলৌকিক বৰ্ণনা শুনা যায়। কিছুমান লিখকে ইয়াৰ সৈতে কাল্পনিক লুপ্ত মহাদেশ আটলাণ্টিছক জড়িত কৰিব বিচাৰে। আন কিছুমানে আকৌ এই পৰিঘটনাৰ বাবে উৰণীয়া চাকি(UFO)ক জগৰীয়া কৰে। অৱশ্যে এই সম্বন্ধে বাস্তবিক তথা প্ৰাকৄতিক কাৰণো পোৱা যায়। ইয়াৰ ভিতৰত কম্পাছ বৈচিত্ৰ্য,উপসাগৰীয় প্ৰবাহ,মানৱ ত্ৰুটি,প্ৰতিকুল বতৰ আদি উল্লেখযোগ্য। বাৰ্মুদা ত্ৰিভুজত সংঘটিত উল্লেখযোগ্য ঘটনাবোৰৰ ভিতৰত Ellen Austin, USS Cyclops,Carroll A. Deering,Flight 19,Star Tiger and Star Ariel,Douglas DC-3,KC-135 Stratotankers, Connemara IV আদিয়েই প্ৰধান।

বিভিন্ন সূত্ৰ আৰু ব্যাখ্যাত বাৰ্মুদা ত্ৰিভুজৰ অঞ্চল কিছু তাৰতম্য যদিও ইয়াৰ শীৰ্ষ বিন্দু তিনিটা ক্ৰমে মায়ামি, ছান য়ুৱান আৰু মধ্য-আটলান্তিকৰ বাৰ্মুদা দ্বীপত অৱস্থিত। ইয়াৰ কালি প্ৰায় ৩০০০,০০০ বৰ্গ কিঃমিঃ। বাৰ্মুদা ত্ৰিভুজ অঞ্চল বিশ্ব জল-পৰিবহণৰ এটি প্ৰধান আৰু অতিকৈ ব্যস্ত পথ। ইউৰোপ, আমেৰিকা আৰু কেৰিবিয়ান দ্বীপসমূহলৈ নিতৌ বহু বেছি জাহাজ এ‍ই পথে অহাযোৱা কৰে। আনফালে ই ফ্ল’ৰিদা, কেৰিবিয়ান আৰু দক্ষিণ আমেৰিকালৈ যোৱা এটি বহু ব্যস্ত আকাশী পথ।

বহু আগৰেপৰা এ‍ই অঞ্চলত জাহাজ আৰু বিমান দুৰ্ঘটনাগ্ৰষ্ট আৰু অদৃশ্য হৈ যোৱা পৰিঘটানা শুনা যায় যদিও ১৯৪৫ চনৰ ফ্লা‍ইট ১৯ নোহোৱা হোৱাৰ পৰাহে ই বিশেষ গুৰুত্ব লাভ কৰে। পিচলৈ তাত আৰু বহু বেছি জাহাজ আৰু বিমান নোহোৱা হয় বা বহুতে নানা আচৰিত ঘটনাৰ সম্মুখীন হয়। নানা বিজ্ঞানী, গৱেষক, বিশ্লেষক আৰু প্ৰত্যক্ষ অভিজ্ঞ ব্যক্তিয়ে এনেবোৰ পৰিঘটনাৰ বাবে নানা ব্যাখ্যা আগবঢ়া‍ই।

বাৰ্মুদা ত্ৰিভুজ অঞ্চলটোত পুৰণি আটালাণ্টিছ সভ্যতাৰ ধ্বংসাৱশেষবোৰ এতিয়াও আছে বুলি বহুতে‍ই কয়। আটালাণ্টিছ সভ্যতাৰ বহু উন্নত প্ৰযুক্তি – যিবোৰ বহিঃবিশ্বৰ প্ৰাণীৰসহায়ত বনোৱা বুলি ভবা হয়, সে‍ইবোৰৰ বিভিন্ন পৰিঘটনাৰ বাবে ত্ৰিভুজাকৃতিৰ অঞ্চলটোত কেতিয়াবা হঠাৎে কোনো জাহাজ নোহোৱা হৈ যায়। ড॰ ৰে ব্ৰাউননে সে‍ই অঞ্চলৰ সাগৰতলিত এক বিশেষ ‘শক্তি দানা’ পোৱা বুলি দাবী কৰিছিল। তেওঁৰ মতে এ‍ই বিশেষ ‘শক্তি দানা’বোৰে মাজে সময়ে বিকিৰণ কৰা শক্তি ৰশ্মিয়ে ওপৰেৰে যোৱা জাহাজ বা বিমানৰ দিকনিৰ্দেশক প্ৰণালী আৰু আন আন যান্ত্ৰিক বিজুটি ঘটায়, যাৰ ফলত জাহাজ বা বিমানখন দুৰ্ঘটনাগ্ৰস্থ হয়। এ‍ই সূত্ৰৰে কোনো কোনোৱে বহিঃপ্ৰাণীয়ে জাহাজ বা বিমান অপহৰণ কৰি আন মাত্ৰাৰে লৈ যায় বুলিও ক’ব খোজে। পিছে ই প্ৰমাণিত নহয়, বিশ্বাসহে। (বিজ্ঞানভিত্তিক ব্যাখ্যা বুলিব নোৱাৰি)

গ্ৰেগ'ৰ আৰু গাৰ্ণনে আগবঢ়োৱা সূত্ৰ মতে বাৰ্মুদা ত্ৰিভুজ অঞ্চলটোৰ ওপৰেৰে উৰি যোৱা বিমানবোৰে কেতিয়াবা কিছুমান ‘বৈদ্যুতিন কুৱলি’ৰ পাৰিপাৰ্শ্বিকৰ মাজেৰে যাবলগীয়া হয়। ৪, ডিচেম্বৰ, ১৯৭০ ত গাৰ্ণন আৰু তেওঁৰ দেউতাকে এ‍ই অঞ্চলটোৰ ওপৰেৰে বিমান চলা‍ই যাওঁতে এক ‘বিশেষ মেঘ’ৰ মাজেৰে উৰিবলগীয়া হৈছিল, যি মেঘে আকাশত এক গুহাৰৰ সৃষ্টি কৰিছিল যাৰ মাজেৰে তেওঁলোকে বিমানখন উৰাবলগীয়া হৈছিল। আকাশী গুহাৰ বেৰত তেওঁলোকে ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰি থকা ৰেখা কিছুমান দেখিছিল। বিমানৰ দিকনিৰ্ণায়ক যন্ত্ৰপাতিবোৰে কাম নকৰা হৈছিল। আচৰিত অনুভৱ হৈছিল তেওঁলোকৰ; গুহাৰ শেষত মুক্ত নীলা আকাশ বা সাধাৰণ মেঘ দেখাৰ পৰিবৰ্তে তেওঁলোকে দেখিছিল মুগা-বগা বৰণীয়া অন্ত, য’ত কোনো দিগন্ত না‍ই, দেখিবলৈ আকাশ না‍ই, সাগৰ নাই... একো না‍ই। নিৰ্ধাৰিত গতিবেগৰে যোৱাৰ পিছতো বিমানখনে ২৮ মিনিট আগতেই একে দূৰত্ব অতিক্ৰম কৰিছিল, অৰ্থাত্‍ সময় স্থবিৰ হৈ গৈছিল। এ‍ই সময়ৰ পৰিবৰ্তনটো তেওঁলোকৰ ঘড়ী আৰু বিমানৰ ঘড়ীটো প্ৰত্যক্ষ হৈছিল। কিছুসময়ৰ পিছতে সকলোবোৰ যন্ত্ৰপাতি সাধাৰণ হ’বলৈ ধৰিলে আৰু তেওঁলোকে গন্তব্যস্থান মায়ামি উপকূল দেখিবলৈ পালে। গাৰ্ণন আৰু আন কেবাজনো বিমানচালকে একেধৰণৰ অভিজ্ঞতা সে‍ই ত্ৰিভুজ অঞ্চলৰ ওপৰৰে বিমান উৰাওতে আকৌ কেবাবাৰো পাইছিল। তেওঁৰ মতে সে‍ই অঞ্চলৰ পৃথিৱীৰ ভিতৰভাগৰপৰা নিৰ্গত হোৱা শক্তিশালী 'বিদ্যুত-চুম্বকীয় ধূমুহা‍'ই বৈদ্যুতিন্-কুৱলিৰ সৃষ্টি কৰেকৰে, যিবোৰ কিছুসময়ৰ ভিতৰতে অদৃশ্য হৈ যায়। ছু‍ইদেনৰ বিজ্ঞানী এজনে পোৱা মতে সে‍ই ত্ৰিভুজাকৃতিৰ অঞ্চলত চুম্বকত্ব পৃথিৱীৰ আন অঞ্চলতকৈ কম কমাৰু তাৰ বাবে‍ই তাত এনে বৈদ্যুতিন-কুৱলি সঘনা‍ই সৃষ্টি হয়, বা শক্তিশালী হৈ উঠে। গাৰ্ণনৰ ভাষাত ই ‘’কাল-ধূমুহা’’।

এ‍ই অঞ্চলত বহু নীলা-গহ্বৰ আছে। নীলা-গহ্বৰ হ'ল সাগৰ তলীত বা পৃষ্ঠত থকা পানীৰে পৰিপূৰ্ণ গহ্বৰ - যিবোৰক বহুতে সূক্ষ্ম-কীটগহ্বৰ (micro-wormhole) বুলিও ক'ব খোজে, যিবোৰৰ দ্বাৰা আন বিশ্বৰ বা মাত্ৰাৰ পৰা UFO আদি আহে। ইয়ো এটা বিশ্বাসহে, যাৰ বিজ্ঞানিক ভিত্তি নাই।

আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল বাৰ্মুদা অঞ্চলত কম্পাছৰ সূচকে পৃথিৱীৰ চুম্বক উত্তৰ মেৰুলৈ দিক কৰিবলৈ এৰি ভৌগোলিক উত্তৰ মেৰুলৈহে দিক দিশা‍ই (এ‍ই পৰিঘটনাটো জাপানৰ ‘ডেভিল সাগৰতো’ হয়)। পৃথিৱীৰ চুম্বক উত্তৰ মেৰু (স্থিৰ নহয়) আৰু ভৌগোলিক উত্তৰ মেৰুৰ দুৰত্ব প্ৰায় ২০০০ কিঃমিঃ আৰু এ‍ই অঞ্চলত কম্পাছৰ এনে ভুলৰ বাবে বহু জাহাজে দিশ নিৰ্ণয়ত ভুল কৰে, যাৰ বাবে হয়তো মাজসাগৰতে হেৰাই থাকে বুলি বহু বিশ্লেষকে ক’বলৈ বিছাৰে।

কিছু বৈজ্ঞানিক বিশ্লেষণৰ ভিতৰত: বাৰ্মুদা অঞ্চলটোত অতি সঘনা‍ই বতৰৰ পৰিবৰ্তন ঘটে – ধূমুহা আদি সঘনে আহে আৰু তত্‍খনাত নোহোৱা হৈ যায়, যিটো আনকি উপগ্ৰহয়ো কেতিয়াবা ধৰা পেলাব নোৱাৰে। এনে ধূমুহাই জাহাজ বা বিমান আদি সহজে‍ই ডুবা‍ই পেলা‍ই। এ‍ই ধূমুহা‍ই আনকি সাগৰপৃষ্ঠৰ পৰা কেবাকিলোমিটাৰ ওপৰলৈ পানী ঠেলি দিয়ে; যি পানীয়ে নিম্ন উচ্চতাৰে উৰি যোৱা বিমান আদিকো দুৰ্ঘটনাগ্ৰষ্ট কৰাৰ সম্ভাৱনাকো নু‍ই কৰিব নোৱাৰি।

বিভিন্ন দুৰ্ঘটনাৰ বাবে এ‍ই অঞ্চলৰ সাগৰ তলিও ইয়াৰ এক কাৰক হ’ব পাৰে- যিটো সাধাৰণ নতিৰ পৰা অতি বেছি গভীৰ হৈ পৰে। ই পৃথিৱীৰ আটা‍ইতকৈ দ ঠা‍ইসমূহৰ ভিতৰত অন্যতম, বোধহয় সে‍য়েই তাত ডুবা কোনো জাহাজৰে অস্তিত্ব বিচাৰি উলিওৱা সম্ভৱ নহয়।

বাৰ্মুদা ত্ৰিভুজত 'গাল্ফ সোঁত' বৰ খৰস্ৰোতা, যিয়ে বহু জাহাজক কেবাশ কিঃমিঃ দূৰলৈ ঠেলি দিব পাৰে। অনভিজ্ঞ কেপ্তেইনসকলৰ ক্ষেত্ৰত ই বিভিন্ন সমস্যাৰ কাৰক আৰু এ‍ই সোঁতে যিকোনো দুৰ্ঘটনাগ্ৰস্থ জাহাজক নিমিষতে বহু দূৰত পঠা‍ই দি অস্তিত্ব নোহোৱা কৰি পেলা‍ই।

কাডিফ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে বাৰ্মুদা অঞ্চলৰ মহাসাগৰৰ তলিত বৃহত্‍ পৰিমাণৰ মিথেন গেছ আৱিষ্কাৰ কৰিছিল। এ‍ই গেছ সাগৰৰ মৃত জীৱ আৰু গছ গছনিৰ পৰা সৃষ্টি হোৱা। এ‍ই মিথেন গেছক আৱৰি থকা হিম তৰপটো যথেষ্ট শক্তিশালী। মিথেন গেছ নিৰ্গত হোৱাৰ মুহূৰ্ততে ই উদ্গীৰণ হয় আৰু পৃষ্ঠৰ পানীৰ ঘনত্ব কামা‍ই, ফলস্বৰূপে বহু জাহাজ আংশিকভাৱে ডুবিবলৈ ধৰে আৰু পিছলৈ দুৰ্ঘটনাগ্ৰস্থ হয় আৰু মুহূৰ্ততে মাহাসাগৰ তলি পা‍ইগৈ। উদ্গীৰণ হোৱা মিথেনৰ বাবে আনকি ওপৰেৰে উৰি যোৱা বিমান আদিটো অগ্নিসংযোগ হৈ দুৰ্ঘটনাত পতিত হয়।

বাৰ্মুদা ত্ৰিভুজক বৰ বেছি বিশেষ আৰু খ্যাত কৰি তোলাত কল্পবিজ্ঞান, চিনেমা আৰু তথ্যচিত্ৰ আদিৰ প্ৰভাৱ বহু বেছি। উল্লেখ্য যে বহু দেশৰ ভৌগোলিক মানচিত্ৰত বাৰ্মুদা ত্ৰিভুজৰ নাম না‍ই, তথা আন্তঃৰাষ্ট্ৰীয় জল আৰু বিমান পৰিবহণ পথ এ‍ই ত্ৰিভুজ বা তাৰ নানা ঐতিসাহিক পৰিঘটনা বা দুৰ্ঘটনাৰ দ্বাৰা প্ৰভাৱিত নহয়। আন জল আৰু আকাশী পথৰ দৰে ইয়ো এক সাধাৰণ পথ।