বিজন সেতু হত্যাকাণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিজন সেতু হত্যাকাণ্ড ১৯৮২ চনৰ ৩০ এপ্ৰিলৰ দিনা পশ্চিমবংগকলকাতাৰ ওচৰৰ বালিগঞ্জত সংঘটিত আনন্দমাৰ্গী ১৬ সন্ন্যাসী আৰু ১ গৰাকী সন্ন্যাসিনীৰ হত্যাকাণ্ডক সূচায়। দিনৰ পোহৰতে সংঘটিত হোৱা সত্ত্বেও এই ঘটনাৰ বাবে আজিলৈকে কাকো গ্ৰেপ্তাৰ কৰা নহ’ল। আনুষ্ঠানিক ন্যায়িক অনুসন্ধানৰ বাবে বাৰে বাৰে আহ্বান জনোৱাৰ পিছত ১৯১২ চনত উক্ত হত্যাকাণ্ডৰ অনুসন্ধান কৰিবলৈ এখন এজনীয়া ন্যায়িক আয়োগ গঠন কৰা হয়।

ঘটনা[সম্পাদনা কৰক]

১৯৮২ চনৰ ৩০ এপ্ৰিলৰ দিনা আনন্দমাৰ্গী ১৬জন সন্ন্যাসী আৰু এগৰাকী সন্ন্যাসিনীক কলকাতাৰ টিলজালাত অৱস্থিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ত হ’বলগীয়া এখন শৈক্ষিক সন্মিলনলৈ গৈ থকা অৱস্থাত টেক্সিৰ পৰা টানি বাহিৰলৈ উলিয়াই অনা হৈছিল। একেসময়তে তিনিটা ভিন্ন স্থানত মৰি যোৱাকৈ তেওঁলোকক মাৰপিট কৰা হৈছিল আৰু তেওঁলোকৰ দেহবোৰ জুইত জাপি দিয়া হৈছিল। খবৰত প্ৰকাশ যে দিনৰ পোহৰত ৰাজহুৱা স্থানত সংঘটিত এই ঘটনাৰ হাজাৰ হাজাৰ লোকে প্ৰত্যক্ষ কৰিছিল।[1]

তথ্যউৎস[সম্পাদনা কৰক]

  1. Namboodiri, Udayan (1997-05-02). "Basu Govt still suppressing facts on Margi massacre". The Indian Express. Archived from the original on 2010-03-12. https://web.archive.org/web/20100312070007/http://www.indianexpress.com/res/web/pIe/ie/daily/19970502/12250433.html। আহৰণ কৰা হৈছে: 17 March 2014. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]