বিত্তীয় শিক্ষা আৰু বিত্তীয় অন্তৰ্ভূক্তিকৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিত্তীয় স্বাক্ষৰতাই ব্যক্তিসকলক বিত্তীয় বিষয়ত সামগ্ৰীকভাৱে সুস্থিৰতা আনি দিয়ে আৰু বিত্তীয় বিষয়বোৰত হতাশা দূৰীকৰণত কাৰ্য্যকৰি ব্যৱস্থা লোৱাত সক্ষম কৰে৷ বিত্তীয় শিক্ষা বা বিত্তীয় স্বাক্ষৰতাৰ যোগেদি বিধিগত বিত্তীয় ব্যৱস্থাৰ বাহিৰত থকা দেশৰ সিংহভাগ লোকক বেংকিঙৰ জ্ঞান দি বেংকৰ সৈতে সম্পৰ্ক স্থাপনৰ বাবে দেশৰ বেংসমূহৰ সহযোগিতাত চৰকাৰে পূৰ্ণ প্ৰচেষ্টা চলাই নিছে৷ বিত্তীয় শিক্ষাৰ কাৰ্যসূচীয়ে প্ৰাথমিক সঞ্চয় ( Basic Savings),ঋণ, ঋণৰ বীমাকৰণ আৰু পেন্সনৰ দৰে পৰিকল্পনাৰ গুৰুত্বপূৰ্ণ ভাৱধাৰাসমূহৰ ওপৰতো নিৰ্দ্দেশ কৰিছে৷ বিত্তীয় শিক্ষা প্ৰদানৰ পিছতে ইয়াৰ লাভালাভ উপভোগ কৰিবলৈ কেনেকৈ বিত্তীয় অন্তৰ্ভুক্তি হ’ব পাৰি তাক শিকাই সক্ষম কৰে আৰু বিত্তীয় অন্তৰ্ভুক্তি হোৱা সকলক বজাৰত উপলব্ধ বেংকৰ উপাদান তথা সেৱাসমূহৰ বিষয়ে জনাই সেইবোৰৰ নিৰ্বাচন সম্পৰ্কে জ্ঞান দি তাৰ যথোপযুক্ত সুযোগ গ্ৰহণৰ শিক্ষা দিয়া হয়৷ এতেকে বিত্তীয় স্বাক্ষৰতা হৈছে বিত্তীয় সম্পদসমূহৰ সদ্ব্যহাৰ কৰি নিজৰ অৰ্থনৈতিক সুস্থিৰতা আৰু নিশ্চয়তা বৃদ্ধিৰ বাবে দৃষ্টি-পট গঠনৰ দক্ষতা৷

বিত্তীয় শিক্ষাৰ গুৰুত্ব[সম্পাদনা কৰক]

দেখা যায় যে গ্ৰাম্যাঞ্চলৰ লোকসকলে নিজকে আৰ্থিকভাৱে ক্ষুদ্ৰ জ্ঞান কৰি বেংক একাউন্ট খোলাৰ পৰা বিৰত থাকে৷ গতিকে সঞ্চয়ৰ প্ৰতি উৎসাহিত কৰি গ্ৰাম্য দৰিদ্ৰসকলক বেংকিং সেৱাৰ গাঁঠনিত সাঙুৰি ল’বলৈ বিস্তৃত সজাগতাৰ সৃষ্টিৰ বাবে বিত্তীয় শিক্ষা ব্যৱস্থা গ্ৰাহকৰ মাজলৈ অনাৰ ক্ষেত্ৰত দেশৰ বেংকমূহৰ লগতে চৰকাৰী ও বে-চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আৰু স্বেচ্ছাসেৱী সংগঠন আদিয়েও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

বিত্তীয় অন্তৰ্ভুক্তিকৰণ:[সম্পাদনা কৰক]

বেংকৰ সেৱাৰ পৰা বঞ্চিত অঞ্চলৰ বেংকিং সেৱা আৰু সুবিধা নোপোৱাকৈ থকা লোক সকললৈ বিত্তীয় সেৱা আগ বঢ়োৱাকে বিত্তীয় অন্তৰ্ভুক্তকৰণ বুলিব পাৰি৷ অন্য কথাত ক’বলৈ গ’লে, নিম্ন আয়ৰ গ্ৰুপ আৰু বেংকিং সুবিধা ভোগ কৰিবলৈ নোপোৱা সমূদায় শ্ৰেণীৰ লোকক বহন কৰিব পৰা নিৰিখত বেংকিঙৰ সুবিধা দিয়াকে বিত্তীয় অন্তৰ্ভুক্তিকৰণ বুলি ক’ব পাৰি৷পণ্ডিতসকলে যুক্তি দিয়ে যে, কোনো বাধা নোহোৱাকৈ ৰাজহুৱা সম্পদ আৰু সেৱাসমূহ লাভ কৰিব পৰাটো মুক্ত আৰু যোগ্য দেশ এখনৰ বাবে অতি আৱশ্যকীয় কথা৷ যিহেতু বেংকৰ সেৱাসমূহ ৰাজহুৱা সম্পদৰ দৰে,গতিকে কোনো বিভিন্নতা নোহোৱাকৈ বেংকৰ লেন-দেন সেৱাসমূহ জনগণে পোৱাটো আৱশ্যক – এয়াই ৰাজহুৱানীতিৰ মূল উদ্দেশ্য৷বিশ্বৰ প্ৰায় ২.৫ বিলিয়ন কৰ্মক্ষম প্ৰাপ্তবয়ষ্ক লোকক নিয়মীয়াভাৱে পৰিচালিত বিত্তীয় প্ৰতিষ্ঠানে বিত্তীয় সেৱা আগ বঢ়োৱা নাই৷ উদাহৰণ স্বৰূপে, যদিওবা বৰ্তমান বছৰ কেইটাত আফ্ৰিকাত আনুষ্ঠানিক বিত্তীয় বিভাগ গঢ় লৈ উঠিছে ,চাহাৰা উপকন্ঠৰ আফ্ৰিকাত কেৱল ২৪% প্ৰাপ্ত বয়ষ্ক লোকৰহে বেংক একাউন্ট আছে৷

বিত্তীয় অন্তৰ্ভূক্তিকৰণৰ লক্ষ্য[সম্পাদনা কৰক]

যেতি্যা বিত্তীয় বহিৰ্ভূতকৰণৰ ফলাফল অধ্যয়ণ কৰি জানিব পৰা গ'ল যে ইয়াৰ প্ৰত্যক্ষ সম্বন্ধ দৰিদ্ৰতাৰ লগত, তেতিয়া ২০০০ চনৰ প্ৰথম ভাগতে বিত্তীয় অন্তৰ্ভূক্তিকৰণে গুৰুত্ব লাভ কৰে৷ সংযুক্ত ৰাষ্ট্ৰ সংঘই তলত উল্লেখ কৰা ধৰণে বিত্তীয় অন্তৰ্ভূক্তিকৰণৰ লক্ষ্যসমূহ বৰ্ণনা কৰিছে৷

  • চেভিংচ বেংক একাউন্ট বা জমাৰ সেৱাসমূহ,দেনা বা হস্তান্তৰকৰণৰ সেৱাসমূহ,ঋণ আৰু বীমাকে ধৰি পূৰ্ণ পৰ্যায়ৰ বিত্তীয় সেৱা প্ৰতিঘৰ মানুহকে কম খৰছত পাব পৰা কৰা৷
  • স্বছ্ছ নীতি-নিয়মেৰে আৰু উদ্যোগৰ মানদণ্ড সহকাৰে পাৰদৰ্শিতাৰে পৰিচালিত সুস্থ আৰু নিৰাপদ প্ৰতিষ্ঠান৷
  • বিনিয়োগৰ ধাৰাবাহিকতা আৰু নিশ্চয়তা দৃঢ়কৰিবৰ বাবে বিত্তীয় আৰু আনুষ্ঠানিক বহনক্ষমশীলতা৷
  • গ্ৰাহকৰ কাৰণে বাছনি আৰু সম্প্ৰদানৰ নিশ্চিতকৰণৰ বাবে প্ৰতিযোগিতা৷


ভাৰতীয় ৰিৰ্জাভ বেংকৰ বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ নীতি:[সম্পাদনা কৰক]

বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ তিনিটা পৰ্য্যায় আছে৷ (১) সৰল বা প্ৰাথমিক চেভিংচ বেংক একাউণ্ট (Basic Savings Bank Account ) খোলা৷ (২) দ্বিতীয় পৰ্য্যায়ত প্ৰদ্ধতিগতভাৱে ঋণ প্ৰদান৷ (৩) তৃতীয় পৰ্য্যায়ত বীমাৰ সুবিধা প্ৰদান৷

ৰিজাৰ্ভ বেংকৰ নীতিসমূহৰ মধ্যৱৰ্ত্তী (২০০৫ – ২০০৬) পৰ্য্যালোচনাত ৰিজাৰ্ভ বেংকে বেংকসমূহক তেওঁলোকৰ বৃহত্তৰ বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ কামলৈ লক্ষ্য ৰাখি উৎসাহ দিছিল যাতে জনসংখ্যাৰ সৰহসংখ্যকক সৰল বা প্ৰাথমিক চেভিংচ বেংক একাউণ্ট (Basic Savings Bank Account ) অতি সামান্য টকাত বা বিনা পইচাত আগবঢ়াব পাৰে আৰু বহন কৰিব পৰা নিৰিখত সেৱা মাচুলসমূহৰ নিৰ্ধাৰণ কৰা হয়৷ প্ৰকৃতি আৰু লেন –দেনৰ সংখ্যাৰ ক্ষেত্ৰত আগতীয়াকৈ আৰু মুকলিভাৱে গ্ৰাহকক জনাই কিছুমান সীমাবদ্ধতা আৰোপ কৰা থাকিব৷ বিস্তৃতভাৱে প্ৰচাৰ চলাই এনে সৰল একাউণ্টৰ কথা ৰাইজক জনাবলৈ বেংকবোৰক নিৰ্দ্দেশনা জাৰি কৰা হৈছে যাতে অধিক মাত্ৰাত বিত্তীয় অন্তৰ্ভুক্তিকৰণ সম্ভৱ হয়৷

গ্ৰাহকক জনাৰ গ্ৰহনীয় মানদণ্ড (Know your customer norms) ৰ সৰলীকৰণ:[সম্পাদনা কৰক]

সৰল সঞ্চয় জমা হিচাব (Basic Savings Bank Account ) খুলিবলৈ বেংকে এই কাৰণে সুবিধা দিব লাগে যে এইবোৰ জমা হিচাপৰ জমা শূণ্য বা তেনেই নগন্য আৰু লেন –দেনৰ ক্ষেত্ৰতো সীমাবদ্ধতা আছে৷ তাৰোপৰি গ্ৰাম্যাঞ্চল আৰু নগৰাঞ্চলৰ নিম্ন আয়ৰ লোকসকলে বেংক একাউণ্ট খোলাৰ ক্ষেত্ৰত বেংকৰ গ্ৰাহকক জনাৰ গ্ৰহনীয় মানদণ্ডৰ দৰে নিয়মবোৰৰ বাবে আহুকাল পাব নালাগে৷ নিয়ম অনুযায়ী তেনেলোকে তেওঁলোকৰ সকলো একাউণ্ট মিলাই পঞ্চাশ হাজাৰ টকাৰ তলত জমা কৰে আৰু সকলো ঋণৰ একাউণ্টৰ হিচাপ একেলগ কৰি এটা বছৰত এহেজাৰ টকাৰ অধিক নহয়৷ তেনে লোকসকলক পৰিচয় পত্ৰ আৰু থকা ঠাইৰ প্ৰমাণ –পত্ৰ নোহোৱাকৈ বেংকে সৰল একাউণ্ট খুলিবলৈ দিব লাগে৷ এনে ক্ষেত্ৰত বেংকে সম্পূৰ্ণ গ্ৰাহকক জনাৰ গ্ৰহনীয় মানদণ্ড সহকাৰে একাউণ্ট খোলা জমাকাৰী,যিজনে বিগত ছয়মাহত সন্তোষজনকভাৱে বেংকটোৰ সৈতে লেন – দেন কৰিছে তেনে গ্ৰাহকৰ দ্বাৰা পৰিচয়কৃত কৰি সৰল একাউণ্ট খুলিব পাৰে৷ ফটো আৰু গ্ৰাহকজনৰ ঠিকনাও পৰিচয়কাৰী গ্ৰাহকজনে প্ৰমাণীকৃত কৰি দিব লাগে৷

বেংকে যাতে নিম্ন আয়ৰ লোকসকলৰ পৰা অধিক নিৰিখত সেৱা মাচুল আদায় কৰিব নোৱাৰে তাৰো ব্যৱস্থা কৰি ৰিজাৰ্ভ বেংকে নীতি নিদ্দেৰ্শনা জাৰি কৰিছে৷ চৰকাৰে ২০১১ চনৰ অক্টোবৰ মাহৰ ২১ তাৰিখে বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ বিস্তৃত কাৰ্য্যক্ৰমনিকা আৰু নিৰ্দ্দেশাৱলী বেংকবোৰলৈ প্ৰেৰণ কৰে৷ সেইবোৰ হ’লঃ-

১) পাঁচ কিলোমিটাৰ দূৰত্বত এটাকৈ বেংকৰ শাখা থকাকৈ অধিক ক্ষুদ্ৰ শাখা খোলা ৷ ২)পাঁচহেজাৰ জনসংখ্যা বা তাতকৈ অধিক জনসংখ্যা থকা সকলো বেংকিং সেৱা নথকা জিলাতে আৰু দহহেজাৰৰ অধিক জনসংখ্যা থকা অন্য জিলাসমূহৰ সকলো অঞ্চলত ২০১২ চনৰ চেপ্তেম্বৰ মাহৰ ভিতৰত নতুন শাখা খোলা৷ ৩) দুই কিলোমিটাৰ ব্যাসৰ দূৰত্বত একোজন ব্যৱসায় সংযোগী ( Business Correspondent ) দিয়া৷ ৪) দহখন সৰু প্ৰদেশত এহেজাৰ বা অধিক জনসংখ্যা থকা গাঁওসমূহ সাঙুৰি লোৱা অৰু ২০১২ চনৰ চেপ্তেম্বৰ মাহৰ ভিতৰত ক্ষুদ্ৰ শাখা খোলা৷ ৫) বেংকৰ শাখাসমূহক আৰু ব্যৱসায় সংযোগীক সেৱাৰ বাবে সীমা নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত গাঁও পঞ্চায়ত সমূহক একক হিচাপে লোৱা৷


তাৰোপৰি বেংসমূহক ইলেকট্ৰনিক বেনিফিট ট্ৰেন্সফাৰ ( Electronic Benefit Transfer )যোগে চলি থকা বত্ৰিশটা আঁচনিৰ চৰকাৰী ৰাজসাহাৰ্য্যসমূহৰ ধনৰাশি স্থানান্তৰিত কৰিবলৈ পৰামৰ্শ দিয়া হয়, যাতে ধন প্ৰত্যক্ষভাৱে হিতাধিকাৰীৰ একাউন্টত জমা হয়৷

বেংকসমূহক নতুন শাখা খোলাৰ ক্ষেত্ৰত বছেৰেকীয়া শাখা সম্প্ৰসাৰণ পৰিকল্পনাত(Annual Branch Exansion Plan)বেংকিং সেৱাই আৱৰি নোলোৱাকৈ থকা অঞ্চলত ২৫% নতুন শাখা খোলাৰ নিৰ্দ্দেশ দিয়া হৈছে৷

দেশৰ বাকী অংশৰ সৈতে ফেৰ মাৰিবৰ বাবে পিছৰা অঞ্চলসমূহত বেংকিঙৰ সম্প্ৰসাৰণৰ গতি দ্ৰুত কৰবলৈ এনে আজ্ঞাসূচক নিৰ্দ্দেশনাসমূহৰ আৱশ্যক হৈছে৷

বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ অগ্ৰগতিৰ ৰেহ-ৰূপঃ[সম্পাদনা কৰক]

এখন দেশৰ এটা অঞ্চলৰ বিত্তিয় অন্তৰ্ভুক্তিকৰণৰ জোখ-মাখ সেই অঞ্চলৰ বেংক একাউন্টৰ সুযোগ পোৱা লোকসকলৰ শতকৰা হাৰ কিমান তাতহে ওলায়৷ বেংক একাউন্টে দৰিদ্ৰ পৰিয়ালক নিৰাপদ জমা,ঋণ,দেশৰ ভিতৰত ধন স্থানান্তৰকৰণ ( RTGs ,NEFT) আদি প্ৰয়োজনীয় কাম কাজত সমৰ্থবান কৰি দিয়ে৷ যদিওবা এটা বেংক একাউন্টে বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ এটা দিশ সামৰি লয়, তথাপি ই অন্য বহুতো সেৱাৰ পথ মুকলি কৰি দিয়ে৷ বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ যোগেদি দৰিদ্ৰ আৰু দ:সাহসীসকলক সুযোগ দিয়া হয়৷ তেওঁলোকক প্ৰত্যক্ষ বিত্তীয় সেৱাৰ সুযোগ দিয়া হয়, গতিকে উন্নয়নৰ লক্ষ্যত উপনীত কৰিবলৈ ই দেশখনক সহায় কৰিব৷

বিশেষকৈ দুখীয়াসকলক বিভিন্ন কৃষি ঋণ তথা কিসান ক্ৰেডিট কাৰ্ড,জেনেৰেল ক্ৰেডিট কাৰ্ড আদিৰ যোগে বিত্ত যোগান ধৰি অধিক বিত্তীয় অন্তৰ্ভুক্তিকৰণ সম্ভৱ হৈছে৷ কেইটামান বছৰৰ ভিতৰতে দেশৰ চৰকাৰে বেংকিং খণ্ডত প্ৰয়োজনীয় বুনিয়াদ গঠন কৰি , উপযুক্ত বিত্তীয় সম্পদ আগ বঢ়াই দি বহুল আৰু অবিশ্ৰান্ত প্ৰযুক্তিৰ ব্যৱহাৰ যোগে তথা সমৰ্থিত আৰু ভুক্তভূগীৰ অংশ গ্ৰহণেৰে সক্ৰীয়ভাৱে বিত্তীয় অন্তৰ্ভুক্তিকৰণৰ কাৰ্য্যসূচীত মনোনিবেশ কৰি গৈছে৷ এই দৰে বেংকিং খণ্ডত প্ৰয়োগ কৰা বিত্তীয় অনৰ্ভুক্তিকৰণ প্ৰক্ৰিয়াটো পিছপৰা অঞ্চলৰ বেংকৰ সেৱাৰ পৰা বাদ পৰা দেশৰ ব্লকবোৰৰ ৰাইজক বেংকিং সেৱা প্ৰদানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হৈ পৰিছে৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

১) Indian Economy—Its Growing Dimensions.---- By P. K. Dhar. 2) Article of Indian Institute of Banking & Finance.