বিদ্যা নিকেতন, ৰাজগড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিদ্যা নিকেতন,ৰাজগড়
অৱস্থান
ব্লক: জয়পুৰ, মণ্ডল: ৰাজগড়, জিলা: ডিব্ৰুগড়, অসম
ভাৰত
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ বিদ্যালয়
বিদ্যালয়ৰ বিভাগ ডিব্ৰুগড়
ফেকাল্টী ২৬

বিদ্যা নিকেতন, ৰাজগড় হৈছে ৰাজগড় অঞ্চলৰ এখন বিদ্যালয়। ১৯৯৪ চনৰ ১৫ মাৰ্চ তাৰিখে ২নং নভকতীয়া অঞ্চলত কেইগৰাকীমান স্থানীয় ব্যক্তিৰ সহযোগিতাত এই বিদ্যালয়খন স্থাপন কৰা হয়।[1] বিদ্যালয়খন জয়পুৰ ব্লক আৰু ৰাজগড় মণ্ডলৰ অন্তৰ্গত। বৰ্তমান প্ৰায় ৫৬৫জন ছাত্ৰ-ছাত্ৰী, ২৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আৰু ১জন তৃতীয় বৰ্গৰ আৰু ৪জন চৰ্তুথ বৰ্গৰ কৰ্মচাৰী আছে।[2] ইয়াত অসমীয়া মাধ্যমত শিক্ষাদান কৰা হয়। প্ৰাক-প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈকে সৰ্বমুঠ ১২টা শ্ৰেণী আছে। বিদ্যালয়খন অসম জাতীয় সমন্বয় পৰিষদ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ অন্তৰ্ভুক্ত। অষ্টম শ্ৰেণীলৈকে অসম জাতীয় সমন্বয় পৰিষদ আৰু নৱম-দশম SEBAৰ অন্তৰ্গত।

প্ৰাথমিক তথ্যসমূহ[সম্পাদনা কৰক]

বিভাগ তথ্য
ব্লক জয়পুৰ
মণ্ডল ৰাজগড়
জিলা ডিব্ৰুগড়
পিন কোড ৭৮৬৬১১
বিদ্যালয় কোড ১৮১৫০২১৮৮০৫
বিদ্যালয় প্ৰকাৰ সহপাঠ্যক্ৰম
বিদ্যালয় বিভাগ ব্যক্তিগত
মাধ্যম অসমীয়া
পুথিভৰাঁলত থকা কিতাপৰ সংখ্যা ১৭৬০
কম্পিউটাৰ ৫টা
শ্ৰেণীকোঠা ১২ টা
শিক্ষক ২৬ জন
ছাত্ৰ-ছাত্ৰী ৫৬৫ জন
খেলপথাৰ আছে
আলোচনী ৰ'দ কাঁচিয়লী
অন্তভূক্তি অসম জাতীয় সমন্বয় পৰিষদ আৰু অসম মাধ্যমিক শিক্ষা পৰিষদ[3]

ইতিহাস[সম্পাদনা কৰক]

শিক্ষাৰ প্ৰসাৰতাৰ উদ্দেশ্য আগত ৰাখি কেইজনমান স্থানীয় ব্যক্তিয়ে ৰাজগড়ৰ সমীপৰ ২নং নভকতীয়া অঞ্চলত বিদ্যানিকেতন, ৰাজগড় নামেৰে স্কুল প্ৰতিষ্ঠা কৰে। অধ্যক্ষ যাদৱ গগৈৰ লগতে মাত্ৰ ১৪ গৰাকী শিক্ষাৰ্থী আৰু ২গৰাকী শিক্ষকেৰে আৰু এগৰাকী আয়াৰে বিদ্যালয়ৰ পাঠদান আৰম্ভ হৈছিল অতি সাধাৰণভাৱে। শিক্ষয়িত্ৰী দুগৰাকী আছিল শ্ৰীযুতা অনিমা বৰুৱা আৰু শ্ৰীযুতা সত্যৱতী নাহৰবৰুৱা। এনেদৰেই বছৰ বাগৰি যোৱাৰ লগে লগে শ্ৰেণীসমূহো বঢ়াই যোৱা হয়। আৰু ২০০৬ চনত প্ৰথমবাৰৰ বাবে এই বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ বিদ্যালয়খনলৈ পৰিপূৰ্ণতা আনে। বিদ্যালয়খনে ২১টা বৰ্ষ গৰকিবলৈ সক্ষম হৈছে। ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাই আহিছে।

বৰ্তমান[সম্পাদনা কৰক]

বিদ্যালয়খনত প্ৰাক্-প্ৰাথমিক প্ৰথম বৰ্ষৰ পৰা দশম শ্ৰেণীলৈকে মুঠ ১২টা শ্ৰেণী আছে। বিদ্যালয়খনে এটা বিস্তৃত অঞ্চলত শিক্ষাৰ ক্ষেত্ৰত অৱদান আগবঢ়াই আছে। ইয়াত সকলোধৰণৰ আনুষংগিক শিক্ষা যেনে  চিত্ৰাংকন, সংগীত, বাদ্যযন্ত্ৰ, কম্পিউটাৰ আদি শিক্ষাও প্ৰদান কৰা হয়। বিদ্যালয়খনত সদ্যহতে এটা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰও স্থাপন কৰা হৈছে যাৰ নেতৃত্বত বিভিন্ন বিজ্ঞানভিত্তিক ক্ৰিয়াকলাপবোৰ সম্পাদন হয়। তদুপৰি উপযুক্ত শিক্ষাদানৰ বাবে শিক্ষকসকলক সময় সাপেক্ষে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাও আছে, যাতে শিক্ষৰ্থীসকল কোনো ক্ষেত্ৰতে পিছপৰি নাথাকে।

প্ৰতিষ্ঠাপকসকল[সম্পাদনা কৰক]

  1. যাদৱ গগৈ (অধ্যক্ষ)
  2. ৺বীৰেন্দ্ৰনাথ মহন্ত
  3. ৺গিৰিধৰ গগৈ
  4. ধনীৰাম শইকীয়া
  5. গোপাল শইকীয়া
  6. ৰাজেন ভট্ট
  7. কানাই জয়ছোৱাল

তথ্যসূত্ৰ[সম্পাদনা কৰক]