বিপত্তাৰিণী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেৱী বিপত্তাৰিণী

বিপত্তাৰিণী বা বিপদতাৰিণী এগৰাকী হিন্দু দেৱী। এইগৰাকী দেৱী বাংলাদেশ, পশ্চিম বংগ, উৰিষ্যা, অসম আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চল সমূহত পূজিত। তেওঁ দেৱী সংকটতাৰিণীৰ সৈতে সম্পৰ্কিত। এইগৰাকী দেৱীক দুৰ্গা দেৱীৰ ১০৮টা অৱতাৰৰ মাজৰ এটা স্বৰূপ বুলি কোৱা হয়। বিপদ মুক্ত হ'বৰ বাবে ভক্তই এইগৰাকী দেৱীৰ পূজা কৰে।[1] দেৱীৰ সৈতে সংযুক্ত বিভিন্ন আখ্যান আদি তেওঁৰ বাৰ্ষিক পূজাৰ সময়ত পাঠ কৰা হয়। মহিলা সকলে দেৱীৰ নামত দ্বিতীয়া আৰু দশমী, আষাড় মাহৰ শুক্ল পক্ষৰ দ্বিতীয়ৰ পৰা দশম দিনৰ ভিতৰত বিশেষকৈ মংগল আৰু শনিবাৰে বিপদতাৰিণী ব্ৰত পালন কৰে। তেওঁৰ আখ্যান সমূহে দেৱীৰ নামক প্ৰতিনিধিত্ব কৰে। বিপদ-তাৰিণী শব্দটোৰ অৰ্থ হৈছে বিপদৰ ত্ৰাণ কৰ্তা বা বিপদ মুক্ত কৰোঁতা।[2][3]

কিংবদন্তি[সম্পাদনা কৰক]

দেৱী বিপদতাৰিণীৰ পূজা(ৰীতি-নীতিৰ উপাসনা)ৰ এক মুখ্য অংশ হৈছে মহিলাসকলে কৰা এক ব্ৰত (শপত)। এই ব্ৰত দেৱীৰ কিংবদন্তি বৰ্ণনা কৰাৰ পিছত বা তাৰ আগতে ৰখা হয়। কিংবদন্তীটোৰ উৎপত্তি বিষ্ণুপুৰ(বৰ্তমানৰ পশ্চিম বংগত) বুলি জনা যায়। খ্ৰীষ্টীয় সপ্তম শতিকাৰ পৰা ১৯ শতিকাৰ ভিতৰত মাল্লা ৰজাসকলৰ সময়ত মাল্লাহুম ৰাজ্যৰ আসন যিবাগদী জাতিৰ (বৰগা ক্ষত্ৰিয়) হাতত আছিল। ৰাণীৰ মোচি জাতিৰ এজন বন্ধু আছিল যিয়ে গোমাংস খাইছিল। ৰাণীয়ে এইকথা জানি আতংকিত হৈ পৰে, কৌতূহলৰ বশৱৰ্তী হৈ ৰাণীয়ে এই গোমাংস চাব বিচাৰিলে। এদিন ৰাণীয়ে তেওঁৰ বান্ধৱীক এই মাংস আনি তেওঁক দেখুৱাবলৈ কৈছিল। ধাৰ্মিক হিন্দু ৰজাৰ ক্ৰোধৰ ভয়ত প্ৰথমতে তেওঁ অস্বীকাৰ কৰিছিল যদিও পিছত তেওঁ ৰাণীৰ অনুৰোধ পালন কৰিছিল। ৰাণীৰ সৈতে বিশ্বাসঘাতকতা হয় আৰু ক্ৰোধত অগ্নিসম ৰজাই তেওঁক হত্যা কৰিবলৈ দৌৰি আহে। উপায়ন্তৰ হৈ ৰাণীয়ে মাংসখিনি তেওঁৰ কাপোৰ তলত লুকুৱাই ৰাখিছিল আৰু দেৱী দুৰ্গাক সহায়ৰ বাবে প্ৰাৰ্থনা কৰিছিল। পৰৱৰ্তী সময়ত যেতিয়া ৰজাই তেওঁ কাপোৰ বোৰ ফালি তাৰ তলত কি লুকুৱাই ৰাখিছিল বুলি চাব খুজিছিল, তেতিয়া তেওঁ ৰাণীৰ কাপোৰৰ তলত দেখিছিল যে তাত এটা ৰঙা জবা ফুল আছিল। আজিও দেৱীৰ পূজা নাৰীৰ ৰীতি-নীতিৰ অংশ হৈ আছে আৰু পাৰিবাৰিক সংকটৰ সময়ত দেৱীৰ আশীৰ্বাদৰ বাবে এই পূজা কৰা হয়। [3]

নিৰ্দিষ্ট সংকটৰ সময়ত আহ্বান কৰা দুৰ্গাৰ আন কিছুমান ৰূপৰ দৰে, বা পৰিয়ালৰ এজন ৰুগীয়া সদস্যক সহায় কৰিবলৈ দেৱী বিপদতৰিণীকো "আৰোগ্যতাৰ দেৱী" বুলি প্ৰাৰ্থনা কৰা হয়। [4] এই অঞ্চলটোৰ বেছিভাগ মন্দিৰৰ ধৰ্মীয় বৰ্ষপঞ্জিৰ বাৰ্ষিক বিপদতৰিণী-পূজা এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। [5][6]

পূঁজন[সম্পাদনা কৰক]

দেৱী পূজাৰ উদযাপন স্থান বিশেষে চাৰি দিনধৰি চলে। প্ৰথম দিনটো দেৱীৰ আৰাধনা("উপাসনা")ৰ দিন। অন্যান্য দিন সমূহত পূজা অনুষ্ঠানত বিভিন্ন শিল্পী আদিয়ে পৰম্পৰাগত বাংলা লোকগীত, ভজন আৰু কীৰ্তন পৰিবেশন কৰে। চতুৰ্থ দিনা পৰম্পৰাগত পদ্ধতিৰে দেৱীৰ বিসৰ্জন কাৰ্য সমাপন কৰি দেৱীক পানীত নিমজ্জিত কৰা হয়।

বিপদতাৰিণী পূজাত পূজাৰ দিনা বেছিভাগ মহিলাই পালন কৰা উপবাসৰ দৰে বহুতো ৰীতি-নীতি অন্তৰ্ভুক্ত আছে। মণিবন্ধত ৰঙা ৰঙৰ সূতা বা ধাগা বান্ধি দিয়াটোও এক গুৰুত্বপূৰ্ণ ৰীতি। এই ধাগা হৈছে পূজাৰ অনুষ্ঠানত বিভিন্ন ৰীতি-নীতিৰ জৰিয়তে পবিত্ৰ বুলি গণ্য কৰা এক প্ৰকাৰৰ সূতা।[7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "See Durga’s 51 avatars under a single roof". Indian Express. Oct 4, 2008. http://www.indianexpress.com/news/see-durgas-51-avatars-under-a-single-roof/369354/. 
  2. Chakrabarti, S. B. (2002). A Town in the Rural Milieu Baruipur, West Bengal. Anthropological Survey of India, Ministry of Tourism and Culture, Dept. of Culture. পৃষ্ঠা. 16. ISBN 978-81-85579-73-3. https://books.google.com/books?id=EVDaAAAAMAAJ. 
  3. 3.0 3.1 Östör, Ákos (2004). The Play of the Gods: Locality, Ideology, Structure, and Time in the Festivals of a Bengali Town. Orient Blackswan. পৃষ্ঠা. 43. ISBN 81-8028-013-6. https://books.google.com/books?id=6ASi04hC0BQC&pg=PA43. 
  4. Roy, Sarat Chandra (1993). Man in India, Volume 73. A.K. Bose. পৃষ্ঠা. 334. 
  5. Chaudhuri, Buddhadeb (1981). The Bakreshwar Temple: a study on continuity and change. Inter-India Publications. পৃষ্ঠা. 42. 
  6. "Sarbamangala Mandir". Bardhaman district website. http://bardhaman.nic.in/tourism/sarbamangala/sarba.html. 
  7. Talukdar, Jaita (2008). A Sociological Study of the Culture of Fasting and Dieting of Women in Urban India. A project submitted in University of Cincinnati - Division of Research and advanced studies by Jayeeta Talukdar. পৃষ্ঠা. 90.