বিশেষ বিবাহ আইন, ১৯৫৪

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বিশেষ বিবাহ আইন, ১৯৫৪
upright=yes
ভাষ্য ১৯৫৪ চনৰ ৪৩নং আইন
স্থিতি: প্ৰচলিত

বিশেষ বিবাহ আইন, ১৯৫৪ ভাৰতৰ সংসদে গৃহীত কৰা এখন আইন। ধৰ্ম বা বিশ্বাস নিৰ্বিশেষে ভাৰতৰ সকলো নাগৰিক আৰু প্ৰবাসী ভাৰতীয় নাগৰিকৰ বিশেষ বিবাহৰ মৰ্যদা দিবলৈ এই আইন উপস্থাপন কৰা হৈছিল।[1] ১৯ শতিকাৰ শেষৰ ফালে প্ৰস্তাৱিত আইনৰ এক অংশৰ পৰা এই আইন উদ্ভৱ হৈছে। বিশেষ বিবাহ আইনৰ অনুসৰি পঞ্জীভূক্ত বিবাহত ব্যক্তিগত আইন প্ৰযোজ্য নহয়।[2]

ইতিহাস[সম্পাদনা কৰক]

১৮৭২ চনত, ১৮৭২ আইন নং ৩, প্ৰণয়ন কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত দেখা যায় যে ইয়াৰ কিছু সংশোধনৰ প্ৰয়োজন আৰু সংসদে এখন নতুন আইন গৃহত কৰিছিল। হেনৰী চুমনাৰ মাইনে প্রথমে ১৮৭২ আইন নং ৩ উপস্থাপন কৰিছিল। এই নতুন আইনৰ মতে নাগৰিকে যাকে ইচ্ছা কৰে যিকোনো জাতি, ধৰ্ম বা বিশ্বাস নিৰ্বিশেষে বিবাহৰ অনুমতি প্ৰদান কৰে। চূড়ান্ত ভাবে যিসকলে তেওঁলোকৰ ধৰ্ম বিশ্বাসক অস্বীকাৰ কৰি বিবাহত বহিবলৈ ইচ্ছুক, এই আইনে তেনে বিবাহক বৈধতা প্ৰদান কৰে। প্ৰথমে এই আইন কেৱল আন্তঃ বৰ্ণ আৰু আন্তঃ ধৰ্ম বিবাহৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল।[3] সামগ্ৰিক ভাবে, স্থানীয় চৰকাৰ আৰু প্ৰশাসক সকলে সৰ্বসন্মতিক্ৰমে মাইনৰ এই আইনৰ বিৰোধিতা কৰিছিল। তেওঁলোকে বিশ্বাস কৰিছিল যে এই আইনে বিবাহক কামনাৰ ওপৰত প্ৰতিষ্ঠিত কৰিব। আৰু অনিবাৰ্যভাবে ই বিবাহৰ দৰে পৱিত্ৰ অনুষ্ঠানক অনৈতিকতাৰ দিশলৈ লৈ যাব।[4]

ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত এই বিল সংসদত উপস্থাপন কৰা হয়। ১৯৫৪ চনৰ ৯ অক্টোবৰ তাৰিখে এই আইন সংসদত গৃহীত হয়। পিছলৈ ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ পিছত ১৯৫৫ চনৰ ১ জানুৱাৰী তাৰিখৰ পৰা এই আইন জম্মু আৰু কাশ্মীৰক এৰি গোটেই ভাৰততে প্ৰযোজ্য হয়।

বিশেষ বিবাহ আইন, ১৯৫৪য়ে ১৮৭২ আইন নং ৩ক প্ৰতিস্থাপিত কৰে। এই আইনৰ তিনিটা মুখ্য উদ্দেশ্য হল:

  1. নিৰ্দিষ্ট ক্ষেত্ৰত বিবাহৰ এক বিশেষ ৰূপ প্ৰদান কৰা,
  2. নিৰ্দিষ্ট কিছুমান বিবাহৰ পঞ্জীয়ন কৰা আৰু
  3. বিবাহ বিচ্ছেদ কৰাত সহায়ক হোৱা[5]

প্ৰযোজ্যতা[সম্পাদনা কৰক]

  1. ধৰ্ম নিৰ্বিশেষে যিকোনো ব্যক্তি[6]
  2. হিন্দু, ইছলাম, বৌদ্ধ, জৈন, শিখ, খ্ৰীষ্টান, পাৰ্চী আৰু ইহুদী সম্প্ৰদায়ৰ ব্যক্তিয়ে বিশেষ বিবাহ আইন, ১৯৫৪ৰ অধীনত বিয়া হব পাৰে[6]
  3. আন্তঃধৰ্ম অৰ্থাৎ দুজন বেলেগ ধৰ্মৰ ব্যক্তিৰ বিবাহ এই আইনৰ দ্বাৰা স্বীকৃত[6]
  4. এই আইন জম্মু আৰু কাশ্মীৰৰ বাহিৰে গোটেই ভাৰত আৰু বিদেশত বাস কৰা উভয় ভাৰতীয় নাগৰিকৰ ওপৰত প্ৰযোজ্য[6]
  5. বিদেশত বাস কৰা ভাৰতীয় নাগৰিক[উদ্ধৃতিৰ প্ৰয়োজন]

আৱশ্যকতা[সম্পাদনা কৰক]

  1. বিশেষ বিবাহ আইন, ১৯৫৪ আইনৰ অধীনৰ বিয়া এক নাগৰিক চুক্তি। সেই অনুযায়ী ইয়াত কোনো ৰীতি-নীতিৰ বা অনুষ্ঠানৰ প্ৰয়োজন নাই[7]
  2. উভয় পক্ষকে এক নিৰ্দিষ্ট নিৰ্দেশ পত্ৰৰ দ্বাৰা জিলাৰ বিবাহ পঞ্জীয়কক বিবাহৰ বাবে আগতীয়াকৈ জনোৱাটো বাধ্যতামূলক। লগতে বিয়াৰ বাবে আবেদন জনোৱা এক পক্ষৰ বাবে আবেদন জনোৱা দিনৰ আগলৈ ৩০ দিন সেই ঠাইত বসবাস কৰাটো বাধ্যতামূলক।[8]
  3. নিৰ্ধাৰিত বিবাহৰ বিজ্ঞপ্তি প্ৰকাশিত হোৱাৰ তাৰিখৰ পৰা ৩০ দিনৰ ম্যাদ উকলাৰ পিছত বিবাহক বৈধতা প্ৰদান কৰা হয় যদিহে দুয়ো পক্ষৰ কোনো আপত্তি নাথাকে।
  4. এই বিয়া যিকোনো বিবাহ কাৰ্যালয়ত অনুষ্ঠিত হব পাৰে।[8]
  5. এই বিবাহ তেতিয়ালৈকে বৈধ নহব যেতিয়ালৈকে দুয়ো পক্ষ, বিবাহ বিষয়া আৰু তিনজন সাক্ষীৰ উপস্থিতিত শপত বাক্য, "মই, (ক), তোমাক (খ), মোৰ বৈধ স্ত্ৰী (বা স্বামী) হিচাপে মানি লৈছোঁ" পাঠ কৰোৱা নহয়।[8]

বিবাহৰ চৰ্তাৱলী[সম্পাদনা কৰক]

  1. বিবাহৰ দুয়োপক্ষৰ আন কোনো বৈধ বিবাহ থাকিব নোৱাৰে। অন্যভাষাত এই বিয়াত দুয়োপক্ষ একগামী হোৱাটো বাঞ্চনীয়।[8]
  2. দৰাৰ বয়স অন্তত ২১ বছৰ আৰু কইনাৰ বয়স ১৮ বছৰ হব লাগিব।[8]
  3. উভয়পক্ষ মানসিক ভাৱে সুস্থ-সবল হব লাগিব, যাতে বিবাহৰ বাবে তেওঁলোকে বৈধ সন্মতি দিব পাৰে।[8]
  4. উভয়পক্ষৰ কোনো নিষিদ্ধ সম্পৰ্ক থাকিব নোৱাৰিব।[9]

আদালত বিবাহ হল দুই আত্মাৰ মিলন। বিশেষ বিবাহ আইন, ১৯৫৪ অনুসৰি পতা বিয়াত বিবাহ বিষয়া আৰু তিনি গৰাকী সাক্ষীৰ উপস্থিতিত দুয়োপক্ষৰ মাজত শপত গ্ৰহণ অনুষ্ঠান হয়। তাৰ পিছত ভাৰত চৰকাৰৰ দ্বাৰা নিযুক্তিপ্ৰাপ্ত বিবাহ পঞ্জীয়কে তেওঁলোকক বিবাহৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। ইয়াৰ পিছত দুয়ো পক্ষ আইন আৰু আদালতৰ আগত বৈধ পতি-পত্নী হিচাপে স্বীকৃতি লাভ কৰে।[10]

সম্পত্তিৰ উত্তৰাধিকাৰ[সম্পাদনা কৰক]

এই আইনে সম্পত্তিৰ উত্তৰাধিকাৰৰ ক্ষেত্ৰত বেছি একো নকয় যদিও বিশেষ বিবাহ আইন, ১৯৫৪ ৰ দ্বাৰা পঞ্জীয়নভুক্ত বিবাহৰ পিছত দুয়োপক্ষৰ সন্তানে সম্পত্তিৰ লাভ ভাৰতীয় উত্তৰাধিকাৰ আইনৰ অধীনত লাভ কৰে।[11][12] যদিহে উভয় পক্ষ হিন্দু, বৌদ্ধ, শিখ বা জৈন হয় তেন্তে তেওঁলোকৰ সম্পত্তিৰ অধিকাৰ হিন্দু উত্তৰাধিকাৰ আইন, ১৯৫৬ ৰ অধীনত লাভ কৰিব।[13]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Special Marriage Act (iloveindia.com)". Archived from the original on 2010-09-24. https://www.webcitation.org/5symq8ed8. 
  2. "‘Marriages under Special Marriage Act not governed by personal laws’". https://www.thehindu.com/news/cities/Delhi/marriages-under-special-marriage-act-not-governed-by-personal-laws/article23376912.ece. 
  3. http://blog.ipleaders.in/10-things-every-indian-should-know-about-the-special-marriage-act1954/
  4. Perveez Mody, "Love and the Law: Love-Marriage in Delhi," Modern Asian Studies 36:1 (2002): 223-256
  5. "Divorce, under the Special Marriage Act, 1954 (valkilno1.com)". Archived from the original on 2010-09-24. https://www.webcitation.org/5sypVg4Dj. 
  6. 6.0 6.1 6.2 6.3 "Registered Marriage Under Special Marriage Act, 1954 (tax4india.com)". Archived from the original on 2010-09-24. https://www.webcitation.org/5syqjSzZk. 
  7. "Place And Form Of Solemnisation, Registered Marriage (tax4india.com)". Archived from the original on 2010-09-24. https://www.webcitation.org/5syrC8yRh. 
  8. 8.0 8.1 8.2 8.3 8.4 8.5 "The Special Marriage Act, 1954 (delhiadvocate.tripod.com)". Archived from the original on 2010-09-24. https://www.webcitation.org/5syrXS5dK. 
  9. "Necessary conditions for a registered marriage (tax4india.com)". Archived from the original on 2010-09-24. https://www.webcitation.org/5syrz9P0c. 
  10. "Court Marriage in Delhi". 2018-09-24. https://courtmarriageindia.org/. 
  11. https://www.webcitation.org/5syrXS5dK Section 21 of the Act
  12. http://indiankanoon.org/doc/552306/ Bombay High court judgment reported by Indian Kanoon
  13. https://www.webcitation.org/5syrXS5dK Section 21 A of the Act