বিশ্ব গাখীৰ দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিশ্ব দুগ্ধ দিৱস
বিশ্ব দুগ্ধ দিৱস
১ জুন, ২০১৭ তাৰিখে পশুপালন আৰু মীনপালন বিভাগৰ দ্বাৰা নতুন দিল্লীত উদ্‌যাপিত বিশ্ব দুগ্ধ দিৱসৰ এটি অনুষ্ঠান
প্ৰকাৰ আন্তঃৰাষ্ট্ৰীয়
মহত্ব গোলকীয় খাদ্য ৰূপে গাখীৰৰ মহত্ব উপলব্ধি কৰা
তাৰিখ ১ জুন
আৰম্ভ হয় খাদ্য আৰু কৃষি সংস্থা
পৰৱৰ্তী তাৰিখ বছৰৰ একেটা দিন
সংঘটন বাৰ্ষিক

বিশ্ব গাখীৰ দিৱস বা বিশ্ব দুগ্ধ দিৱস (ইংৰাজী: World Milk Day) হৈছে গোলকীয় খাদ্য হিচাপে গাখীৰৰ গুৰুত্ব উপলব্ধি কৰিবলৈ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (এফ.এ.অ’.)ৰ দ্বাৰা প্ৰতিষ্ঠাপিত এক আন্তৰ্জাতিক দিৱস।[1] ২০০১ চনৰ ১ জুন তাৰিখে খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ দ্বাৰা প্ৰথম বিশ্ব গাখীৰ দিৱস পালন কৰা হৈছিল।[2] তেতিয়াৰ পৰাই, প্ৰতি বছৰে ১ জুন তাৰিখে ইয়াক পালন কৰা হয়।[2] দুগ্ধ খণ্ডৰ সৈতে সংযুক্ত কাম সমূহৰ প্ৰতি মনোযোগ বঢ়াবলৈ এটি সুযোগ দিয়াই হৈছে এই দিনটো উদযাপন কৰাৰ প্ৰকৃত উদ্দেশ্য।[2]

তথ্য মতে, বিশ্বৰ এক বিলিয়নতকৈও অধিক লোকৰ জীৱিকা দুগ্ধ খণ্ডৰ সৈতে জড়িত আৰু ছয় বিলিয়নতকৈও অধিক লোকে দুগ্ধজাত সামগ্ৰী ব্যৱহাৰ কৰে।[3] এই তথ্য এফ.এ.অ’ই সমৰ্থন কৰিছে আৰু প্ৰতিবছৰে ১ জুন তাৰিখটো ‘বিশ্ব দুগ্ধ দিৱস’ ৰূপে পালন কৰিবলৈ মনোনীত কৰিছে, কাৰণ বিশ্বৰ অধিকাংশ দেশেই ইতিমধ্যে বছৰৰ এইখিনি সময়তে দুগ্ধ দিৱস উদযাপন কৰি আহিছে।[4]বিশ্বৰ অধিক সংখ্যক দেশে একেটা দিনতে এই দিৱস উদযাপন কৰিলে, দিৱসটোৰ গুৰত্ব অধিক বাঢ়িব আৰু ই দুগ্ধক্ষেত্ৰক অধিক সম্প্ৰসাৰিত কৰিব বুলি ভবা হৈছিল।

প্ৰতি বছৰে এই দিনটো উদযাপন কৰা দেশৰ সংখ্যা বাঢ়িছে। বিশ্ব দুগ্ধ দিৱস সংস্থাৰ প্ৰতিবেদন মতে, ২০১৬ চনত ৪০ খন[5] দেশে ভাগ লোৱা এই অনুষ্ঠানটো ২০২১/২২ চনত বিশ্বৰ প্ৰায় ১০০খন দেশে পালন কৰিছিল। ২০২২ চনত, মে' মাহৰ ২৯ তাৰিখে ‘এনজয় ডেইৰি ৰেলী’ শীৰ্ষক এটি দুগ্ধ যাত্ৰাৰে উদযাপন আৰম্ভণি হৈ ১ জুন তাৰিখে ‘বিশ্ব দুগ্ধ দিৱস’ পালনেৰে দুগ্ধ দিৱস উদযাপনৰ সমাপ্তি ঘটিছিল।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]