বিশ্ব হাঁহি দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

বিশ্ব হাঁহি দিৱস প্ৰতিবছৰে মে' মাহৰ প্ৰথম দেওবাৰে পালন কৰা হয়।[1] ১৯৯৮ চনৰ ১০ মে' তাৰিখে মুম্বাইত পোনপ্ৰথম বাৰৰ বাবে বিশ্বব্যাপী হাস্য যোগ আন্দোলনৰ প্ৰতিষ্ঠাপক ডঃ মদন কাটাৰীয়ায়ে এই দিৱস উদযাপন কৰিছিল।[2] ফেচিয়েল ফিডবেক হাইপ’থেচিছ'ৰ দ্বাৰা তেওঁ অনুপ্রাণিত হৈ লাফটাৰ যোগ বা হাস্য যোগ আন্দোলন আৰম্ভ কৰিছিল। ফেচিয়েল ফিডবেক হাইপ’থেচিছ'ৰ ধাৰণা অনুসৰি মানুহ এজনৰ মুখৰ অভিব্যক্তিয়ে তেওঁৰ আবেগক প্রভাৱিত কৰিব পাৰে। বিশ্ব হাঁহি দিৱসৰ উদ্দেশ্য হৈছে হাঁহিৰ জৰিয়তে ভাতৃত্ব আৰু বন্ধুত্বৰ বিশ্বজনীন সজাগতা সৃষ্টি কৰা। এই দিৱসটো সাধাৰণতে ৰাজহুৱা স্থানত হঁহাৰ উদ্দেশ্যে মানুহ একত্ৰিত হৈ পালন কৰে।

বৰ্তমান গোটেই বিশ্বতে এই দিৱস পালন কৰা হয়।[2][3]

ইতিহাস[সম্পাদনা কৰক]

১৯৯৮ চনত ভাৰতৰ মুম্বাই চহৰত ডাঃ মদন কটাৰিয়াই বিশ্ব হাস্য দিৱসৰ পাতনি মেলিছিল। ফেচিয়েল ফিডবেক হাইপ’থেচিছ'ৰ দ্বাৰা তেওঁ অনুপ্রাণিত হৈ “লাফটাৰ যোগ” আন্দোলন আৰম্ভ কৰিছিল।[2][4] ফেচিয়েল ফিডবেক হাইপ’থেচিছ'ৰ ধাৰণা অনুসৰি মানুহ এজনৰ মুখৰ অভিব্যক্তিয়ে তেওঁৰ আবেগক প্রভাৱিত কৰিব পাৰে। বৰ্তমান গোটেই বিশ্বৰ ১০৫ খন দেশৰ লাফিং ক্লাৱে লাফটাৰ যোগ আন্দোলনৰ লগত জড়িত।

উদযাপন[সম্পাদনা কৰক]

বিশ্ব হাস্য দিৱস উদযাপন সাধাৰণ নিয়ম অনুসৰি উক্ত দিনটোত লাফটাৰ ক্লাৱৰ সদস্যসকলে পৰিয়াল আৰু বন্ধু-বান্ধৱৰ সৈতে চহৰৰ কোনো এক গুৰুত্বপূর্ণ স্থান যেনে ৰাজহুৱা উদ্যান অথবা প্রেক্ষাগৃহ আদিত লগ হৈ একেলগে হাঁহে। সেইদিনা তেওঁলোকে বিশ্বশান্তিৰ বাবে প্ৰাৰ্থনা কৰে আৰু ডাঃ কটাৰিয়াৰ বার্তা পঢ়ে।

তথ্য উৎস[সম্পাদনা কৰক]

  1. Seattle Post-Intelligencer. 2009-05-01. http://blog.seattlepi.com/thebigblog/archives/167831.asp?from=blog_last3। আহৰণ কৰা হৈছে: 2009-05-06. 
  2. 2.0 2.1 2.2 Nerenberg, Albert. "World Laughter Day: How a Laughing Fit Sparked an International Movement". http://www.huffingtonpost.ca/albert-nerenberg/world-laughter-day_b_3179514.html। আহৰণ কৰা হৈছে: July 24, 2015. 
  3. Ritman, Alex (May 6, 2012). "It's World Laughter Day". http://www.thenational.ae/lifestyle/well-being/its-world-laughter-day। আহৰণ কৰা হৈছে: July 24, 2015. 
  4. Grinnell, Renee. "Facial Feedback Hypothesis". http://psychcentral.com/encyclopedia/2009/facial-feedback-hypothesis/। আহৰণ কৰা হৈছে: July 24, 2015. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]