বীৰগছে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বীৰগছে

ভগৱান বীৰভদ্ৰৰ বীৰগছে/গুগ্লা
বাদ্যযন্ত্ৰ
  • সাম্বাল
  • ডিম্মু
  • চ্যাম্বাল
  • চেহনাই
  • কাৰাড়ী
  • ছামালা
উৎপত্তিমূল কৰ্ণাটক, ভাৰত

বীৰগছে/গুগ্লা (ইংৰাজী: Veeragase/Guggla) হৈছে ভাৰতৰ কৰ্ণাটক ৰাজ্যত প্ৰচলিত এক লোক নৃত্য। হিন্দু পৌৰাণিক কাহিনীৰ আধাৰত জংগম সকলে পৰিবেশন কৰা এক প্ৰকাৰৰ অতি তীব্ৰ গতিৰ নৃত্য আৰু এই নৃত্য কৰোতে দেহৰ বহুত শক্তি ক্ষয় হয়। মহীশূৰত অনুষ্ঠিত হোৱা দশেৰা শোভাযাত্ৰাত প্ৰদৰ্শিত নৃত্যসমূহৰ ভিতৰত বীৰগছে অন্যতম। এই নৃত্য উৎসৱৰ সময়ত আৰু প্ৰধানকৈ হিন্দু দিনপঞ্জীৰ শ্ৰাৱণ আৰু কাৰ্তিক মাহত পৰিবেশন কৰা হয়। বীৰশৈৱ লিংগায়ত ঘৰৰ সকলো গুৰুত্বপূৰ্ণ কৰ্মত এই নৃত্য পৰিবেশন কৰা হয়।

বীৰশৈৱবাদ আৰু বীৰগছে/গুগ্লা[সম্পাদনা কৰক]

গুগ্লাৰ মূল নীতিসমূহ বীৰগম (২৮টা মূল শৈৱ আগমৰ ভিতৰত এটা)ৰ পৰা লোৱা হৈছে আৰু সাধাৰণতে বীৰগছে পৰিবেশকসকলে তেওঁলোকৰ অভিনয়ৰ সময়ত শিৱ/লিংগ/স্কন্দ/অগ্নি/মৎস্য/কুৰ্ম - পুৰাণ, আদি মূল ছখন শৈৱ পুৰাণৰ পৰা আৰু গিৰিজা কল্যাণ/প্ৰভুলিংগালীলে/বাসৱ পুৰাণ/চেন্নাবসৱেশ্বৰ চৰিতে ... ইত্যাদি কিছুমান কানাড়া বীৰশৈৱ পুৰাণৰ কাহিনী পৰিৱেশন কৰে। এই নৃত্যৰ আটাইতকৈ জনপ্ৰিয়ভাৱে প্ৰচাৰিত কাহিনীটো হৈছে দক্ষ-যজ্ঞৰ কাহিনী।

বীৰশৈৱ লিংগায়ত পৰিয়ালৰ যিকোনো অনুষ্ঠানত (যেনে বিবাহ, গৃহ-প্ৰৱেশ, নামকৰণ , লিংগধাৰণ <লিংগায়ত-শৰণ লোৱা>...ইত্যাদি) ওচৰৰ জল-উৎসৰ পৰা (সাধাৰণতে কূপৰ পৰা) দেৱগংগে (গংগে তৰুভূদ - ಗಂಗೆ ತರುವುದು/দেৱৰু তৰুভূদু - দেৱগংগে) ঘৰলৈ অনাৰ প্ৰথাটো অতি গুৰুত্বপূৰ্ণ পৰম্পৰা। কৰ্ণাটকৰ কিছুমান বোক্কালিংগা সম্প্ৰদায়ৰ লোকেও এই প্ৰথা পালন কৰে - এই প্ৰথাত মাতৃ গংগাক সন্তুষ্ট কৰিবলৈ বীৰভদ্ৰ ধাৰণ কৰা হয় আৰু ঘৰলৈ অনাৰ সময়ত বীৰগছে নৃত্য পৰিৱেশন কৰা হয় - বীৰাগমত শিৱৰ মূৰত বাস কৰা গংগা শিৱৰ জঁটাৰ পৰা অংকুৰিত হোৱাৰ বাবে গংগাক বীৰভদ্ৰৰ মাতৃ বুলি গণ্য কৰা হয়।

দক্ষ যজ্ঞ[সম্পাদনা কৰক]

হিন্দু পৌৰাণিক কাহিনীৰ যোদ্ধা, ভগৱান শিৱৰ অজাত পুত্ৰ (অজৈৱিক সন্তান - যিয়ে আনুষ্ঠানিকভাৱে জন্ম লোৱা নাছিল) বীৰভদ্ৰৰ পৰা বীৰগছে নামটো প্ৰাপ্ত কৰা হৈছে। পুৰাণৰ কাহিনী মতে হিন্দু পৰম দেৱতা ভগৱান শ্ৰীমনমহা শংকৰ ভগৱানে (শিৱ) সতীক (যাক দক্ষয়িনী বুলিও জনা যায় - যিহেতু তেওঁ দক্ষৰ প্ৰিয় সন্তান আছিল - তেওঁৰ দীৰ্ঘদিনীয়া তপস্যাৰ ফলস্বৰূপে মাতা আদিশক্তি তেওঁৰ সন্তান হিচাপে অৱতাৰ লৈছিল) বিবাহ কৰিছিল আৰু দক্ষ (প্ৰজাপতি - ব্ৰহ্মাৰ আঠজন মানসপুত্ৰৰ ভিতৰত এজন আৰু এজন ধ্ৰুৱক বৈষ্ণৱী - বস্তু ৰূপত বিষ্ণু তেওঁৰ<দক্ষৰ> ককাক আছিল) এই বিবাহৰ বিৰোধী আছিল কাৰণ শিৱই ব্ৰহ্মাৰ (দক্ষৰ পিতৃ)ৰ মূৰ কাটি পেলাইছিল আৰু প্ৰকৃততে মূল-পুৰুষ শিৱই দক্ষই ৰচনা কৰা কোনো নিয়ম মানি চলা নাছিল (যিহেতু তেওঁ নিৰ্গুনি আছিল) বাবে তেওঁক দক্ষই শ্ৰেণীভুক্ত কৰা কোনো শ্ৰেণীত অন্তৰ্গত নহ'বলৈ বাধ্য কৰাইছিল (প্ৰজাপতি হোৱাৰ বাবে ভগৱান বিষ্ণুৰ পৰা আৰম্ভ কৰি সৰু জীৱলৈকে সকলোকে শ্ৰেণীভুক্ত কৰাটো তেওঁৰ কৰ্তব্য আছিল) আৰু সেয়েহে তেওঁ ভগৱান শিৱক শত্ৰু জ্ঞান কৰিছিল; তেওঁৰ আৰাধ্য ভগৱান বিষ্ণু আৰু পিতৃ ব্ৰহ্মাৰ একাধিক অনুৰোধ ৰক্ষা কৰিহে তেওঁ তেওঁৰ প্ৰিয় কন্যা সতীক ভগৱান শিৱৰ লগত বিবাহ কৰাই দিছিল। এই শত্ৰুতাৰ বাবেই ভগৱান শিৱই দক্ষক বিয়াৰ পিছত, জোঁৱাইয়ে নিজৰ শহুৰেকৰ প্ৰতি কৰিবলগীয়া গতানুগতিক শ্ৰদ্ধা কৰা নাছিল তাৰ পৰিৱৰ্তে ভগৱান শিৱই তেওঁক সমৃদ্ধি লাভ কৰিবলৈ আশীৰ্বাদহে দিছিল; যিয়ে দক্ষৰ অহংকাৰক ক্ষুব্ধ কৰি তুলিছিল, সেয়েহে তেওঁ মহাযজ্ঞ কৰাৰ সিদ্ধান্ত লৈছিল, আৰু এই যজ্ঞলৈ তেওঁ স্বয়ং আদিপুৰুষ ভগৱান শিৱৰ বাহিৰে সকলোকে আমন্ত্ৰণ জনাইছিল। বস্তু ৰূপত যিহেতু সতী দক্ষৰ প্ৰিয় সন্তান আছিল; তাই দেউতাকৰ শ্ৰেষ্ঠ যজ্ঞত উপস্থিত থকাৰ পৰা বিৰত থাকিব নোৱাৰিলে। ইয়াৰ বাবে শিৱৰ ইচ্ছাৰ বিপৰীতে দক্ষয়িনীয়ে নিমন্ত্ৰণ নোহোৱাকৈ যজ্ঞলৈ গ'ল, তেতিয়ালৈকে দক্ষৰ সতীৰ প্ৰতি থকা মৰম নাইকিয়া হৈ গৈছিল যিহেতু তাই তেওঁৰ শত্ৰুৰ বামাংগী (শৰীৰৰ বাওঁ অংশ) আছিল আৰু সেয়ে দক্ষই যজ্ঞস্থলিত সতীৰ আগত পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি মহাদেৱক অপমান কৰিছিল। অপমান সহ্য কৰিব নোৱাৰি সতীয়ে নিজা ৰূপ (আদিশক্তি হিচাপে) ধাৰণ কৰি দেউতাকক অহংকাৰৰ বাবে গালি পাৰিলে; বিষ্ণুৰ পৰা আৰম্ভ কৰি ব্ৰহ্মালৈকে তাত উপস্থিত থকা প্ৰতিজনকে তাই অভিশাপ দিলে; বিষ্ণু আৰু ব্ৰহ্মাৰ বহু শোক প্ৰকাশ কৰাৰ পিছতো দক্ষয়িনীয়ে নিজৰ শক্তিশালী উজ্জ্বলতাৰে নিজকে জ্বলাই দিলে। এই খবৰ শুনি মহাৰুদ্ৰ মহাকাল ভগৱান শিৱৰ বৰ খং উঠিল আৰু ৰুদ্ৰতাণ্ডৱ নৃত্য কৰিবলৈ ধৰিলে ফলত পৃথিৱীত প্ৰৱল আতংকৰ সৃষ্টি কৰিলে। এই ক্ৰোধত তেওঁ নিজৰ জঁটা (বান্ধি থোৱা চুলি)ৰ পৰা বীৰভদ্ৰ আৰু ভদ্ৰকালীৰ সৃষ্টি কৰিলে, যিয়ে দক্ষযজ্ঞলৈ গৈ তাক বিঘ্নিত কৰি, বিষ্ণু, ভগ, পূষ্য, আদিত্য...ইত্যাদি সকলোকে পৰাস্ত কৰি দক্ষৰ মূৰ কাটি পেলালে। যেতিয়া দক্ষৰ পত্নীয়ে দয়া ভিক্ষা কৰিলে, তেওঁ নিজে মৃত্যুবৰণ কৰি দক্ষক ছাগলীৰ মূৰ প্ৰদান কৰিলে। দক্ষ-যজ্ঞৰ এই কাহিনীটো বীৰগছে নৃত্য পৰিবেশন কৰা নৃত্যশিল্পীসকলে বৰ্ণনা কৰা দেখা যায়।[1]

পৰিবেশকসকল[সম্পাদনা কৰক]

বীৰগছে কেৱল জংগম বা মহেশ্বৰাস বুলিও জনাজাত বীৰশৈৱ/লিংগায়ত সম্প্ৰদায়ৰ বংশধৰ সকলেহে পৰিৱেশন কৰিব লাগে। বীৰগছেৰ পৰিবেশকসকলক লিংগদেৱৰু[2] বুলিও কোৱা হয়। নৃত্যশিল্পীসকলে বগা পৰম্পৰাগত মূৰৰ পোছাক আৰু উজ্জ্বল ৰঙা ৰঙৰ পোছাক পিন্ধে।[3] ৰুদ্ৰাক্ষৰ গুটিৰে নিৰ্মিত হাৰ, ৰুদ্ৰ মুকে নামৰ কঁকালৰ-পটি, সাপৰ দৰে অলংকাৰ আৰু ডিঙিত নাগাভাৰন নামৰ ডিঙিত পিন্ধা মালা পিন্ধে। নৃত্যশিল্পীসকলে কপাল, কাণ আৰু ভ্ৰুত বিভূতি লেপি লয়। বাওঁহাতত ভগৱান বীৰভদ্ৰৰ কাঠৰ ঢাল আৰু সোঁহাতে তৰোৱাল লয়।

মহিলা শিল্পীসকলে পৰম্পৰাগতভাৱে এই কলা প্ৰদৰ্শন নকৰে, কিন্তু বৰ্তমান মহিলাসকলে ধাৰ্মিক পৰম্পৰা অবিহনে লোকনৃত্য হিচাপে মঞ্চত এই নৃত্য পৰিবেশন কৰিবলৈ আৰম্ভ কৰিছে।

প্ৰদৰ্শন[সম্পাদনা কৰক]

নৃত্য দলটো সাধাৰণতে দুজন, চাৰিজন বা ছয়জন সদস্যৰে গঠিত। দলটোৰ এজন মুখ্য গায়কে নৃত্য পৰিবেশন কৰাৰ সময়ত দক্ষ যজ্ঞৰ কাহিনী বৰ্ণনা কৰে।[3] নৃত্যশিল্পীসকলৰ এজনৰ হাতত থকা নন্দিকলো নামৰ এটা বৃহৎ সজ্জাগত খুঁটাৰ ওপৰত কমলা ৰঙৰ পতাকা লগোৱা থাকে। এই নৃত্যত সাম্বল আৰু ডিম্মু নামৰ পৰম্পৰাগত বাদ্যযন্ত্ৰই ব্যৱহাৰ কৰা হয়। চ্যাম্বল আৰু চেহনাই আৰু অন্যান্য বাদ্যযন্ত্ৰ যেনে কাৰাড়ী আৰু চামালাও ব্যৱহাৰ কৰা হয়। এই নৃত্যত মুখমণ্ডলত বেজীৰে বিন্ধা কৰাৰ লোকাচাৰো পালন কৰা হয়।[4]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. The mythology related to Veeragase is explained by V. R. Devika. "Myth Retold". Online edition of the Hindu, dated 2001-10-22. 2001, The Hindu. Archived from the original on 2007-07-06. https://web.archive.org/web/20070706072212/http://www.hinduonnet.com/2001/10/22/stories/09220331.htm। আহৰণ কৰা হৈছে: 2007-04-29. 
  2. A description of the Veeragase dance form is provided by "Veeragase". Online Webpage of South Zone Cultural Centre. South Zone Cultural Centre, Thanjavur, India. Archived from the original on 2007-08-20. https://web.archive.org/web/20070820075200/http://www.szcc.tn.nic.in/05_folk/karnataka/Veeragase/veeragase.html। আহৰণ কৰা হৈছে: 2007-04-29. 
  3. 3.0 3.1 A description of the dress worn by Veeragase dancers is provided by A. Chithraa Deepa (2004-01-05). "Folk and fun". The Hindu (Chennai, India). Archived from the original on 2004-07-28. https://web.archive.org/web/20040728211522/http://www.hindu.com/mp/2004/01/05/stories/2004010500060300.htm. 
  4. A brief description of Veeragaase is provided by S.A.Krishnaiah, Chief Co-ordinator (Research Wing), Regional Resources Centre for Folk Performing Arts, Udupi. "Folk Arts - Music and Dance". Online webpage of Udupipages.com. 2001, Shathabdi Graphics Pvt. Ltd., Udupi. Archived from the original on 2007-01-02. https://web.archive.org/web/20070102054226/http://www.udupipages.com/home/culture/folk1b.html। আহৰণ কৰা হৈছে: 2007-04-29.