বেঙ্গল সতী নিয়মাৱলী, ১৮২৯

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভাৰতত বিধবা দহন (আগষ্ট ১৮৫২)।[1]
জে'মছ এট্‌কিনছনে অঁকা সতী, ১৮৩১।
বেঙ্গলৰ শেহ আইনী সতীৰ বিষয়ে কলকাতাৰ স্কটিছ চাৰ্ছ কলেজত থকা ফলক।

বেঙ্গল সতী নিয়মাৱলী[nb 1]ৰ জৰিয়তে ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিঙ্কে সতীদাহ প্ৰথা বেআইনী ঘোষণা কৰিছিল।

মূলকথা[সম্পাদনা কৰক]

সতীদাহ প্ৰথাৰ নিয়মাৱলী[2]

সতীদাহ প্ৰথাৰ অন্তৰ্গত যিকোনো নিয়ম যেনে হিন্দু বিধবা মহিলা এগৰাকীক জীয়াই জীয়াই দাহন কৰা বা সমাধিস্থ কৰা যিকোনো প্ৰচেষ্টা শাস্তিযোগ্য অপৰাধ হিচাপে বিবেচিত হব। এই আইনখন ১৮২৯ চনৰ ৪ ডিচেম্বৰৰ দিনা গৃহীত কৰা হৈছিল।

ক) সতীদাহ প্ৰথা বা বিধবা মহিলা এগৰাকী জীয়াই জীয়াই দাহন কৰা কাৰ্য মানবীয় প্ৰবৃত্তিৰ বিৰুদ্ধ। এই প্ৰথা হিন্দু ধৰ্মৰ কতো বাধ্যতামূলক কৰ্তব্য বুলি উল্লেখ কৰা হোৱা নাই। তাৰ বিপৰীতে জীৱনটো বিশুদ্ধভাৱে যাপন কৰিবলৈহে হিন্দু ধৰ্মত কোৱা হৈছে। এই প্ৰথা গোটেই ভাৰতত বা গোটেই জিলাসমূহত পালন কৰা হোৱা নাই। কেইখনমান জিলাতহে এই প্ৰথা আছে আৰু সেই জিলা কেইখনৰ বহু হিন্দুৱেও এই কাৰ্যক সমৰ্থন নকৰে। এই প্ৰথাৰ বিৰুদ্ধে কিছুমান ব্যৱস্থা লোৱা হৈছিল যদিও সফলতাৰ মুখ দেখা নাছিল। গতিকে ব্ৰিটিছ চৰকাৰে গোটেই প্ৰথাটোক নিষিদ্ধ কৰিবলৈ সিদ্ধান্ত লয়। আৰু তলৰ নিয়মসমূহ প্ৰৱৰ্ত্তন কৰে।

খ) সতীদাহ প্ৰথাৰ অন্তৰ্গত যিকোনো নিয়ম যেনে হিন্দু বিধবা মহিলা এগৰাকীক জীয়াই জীয়াই দাহন কৰা বা সমাধিস্থ কৰা যিকোনো প্ৰচেষ্টা শাস্তিযোগ্য অপৰাধ হিচাপে বিবেচিত হ’ব।

গ) প্ৰথমে সকলো জমিদাৰ, বা আন মাটিৰ অধিকাৰী যনে লখিৰাজ বা মালগুজাৰী; তালুকদাৰ; স্থানীয় কৰ্মী; ৰাজহ আৰু মাটিৰ খাজনা সংগ্ৰহৰ বাবে নিয়োজিত চৰকাৰী কৰ্মী; সকলো মণ্ডল আৰু গাওঁবুঢ়াসকলক এইবুলি নিৰ্দেশ দিয়া হ’ল যে সতীদাহ প্ৰথাৰ যিকোনো ঘটনাৰ উমান পোৱা মাত্ৰেই নিকটৱৰ্ত্তী আৰক্ষী থানাত জনাব লাগিব আৰু যদি ওপৰত উল্লেখিত ব্যক্তিসকলে তেনে ঘটনাৰ উমান পোৱাৰ পিছতো অৱহেলা কৰে তেন্তে দণ্ডাধীশ বা যুটীয়া দণ্ডাধীশৰ ওচৰত দুশ টকা জৰিমনা ভৰিব লাগিব;জৰিমনা নিদিলে ছমাহ পৰ্যন্ত জেল খাটিব লগা হ’ব।

দ্বিতীয়তে, তেনে খবৰ পোৱা মাত্ৰেই আৰক্ষী দাৰোগাই সেই স্থানত নিজে উপস্থিত হ’ব লাগিব বা মহৰী বা জামাদাৰক হিন্দুধৰ্মী বৰকান্দাজৰ সৈতে পঠিয়াব লাগিব। আৰক্ষী বিষয়াই ঘটনাস্থলীত উপস্থিত হৈয়েই সতীদাহ প্ৰথা বেআইনী বুলি ৰাইজক জনাব লাগিব। লগতে সেইয়া যে আইনৰ দৃষ্টিত এক শাস্তিযোগ্য অপৰাধ সেইয়াও ব্যক্ত কৰিব লাগিব। তাৰপিছতো যদি সেই ব্যক্তিসকল ক্ষান্ত নহয় বা আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে তেওঁলোকৰ নাম ঠিকনা দণ্ডাধীশৰ আগত দাখিল কৰিব লাগিব।

তৃতীয়তে, যদি আৰক্ষী গৈ পোৱাৰ আগতেই বিধবাগৰাকীক দাহন কৰা হৈ যায় তেন্তে আৰক্ষীয়ে ঘটনাটোৰ পূৰ্ণ পৰ্য্যায়ৰ তদন্ত কৰি তাৰে প্ৰতিবেদন দণ্ডাধীশৰ ওচৰত দাখিল কৰিব লাগিব।

ঘ) প্ৰথমতে, আৰক্ষী দাৰোগাৰ পৰা প্ৰতিবেদন লাভ কৰাৰ পিছত দণ্ডাধীশ বা যুটীয়া দণ্ডাধীশে ঘটনাটোৰ পৰিস্থিতি সম্পৰ্কে অধ্যয়ন কৰি অভিযুক্তসকলৰ বিৰুদ্ধে আদালতত গোচৰ আৰম্ভ কৰিব।

দ্বিতীয়তে, সতী যোৱা মহিলাগৰাকী নিজৰ ইচ্ছাত সতী গ’লেও অভিযুক্তসকলক দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰা হ’ব। এই শাস্তি জৰিমনা বা জেল বা দুয়োটাই হ’ব পাৰে।

তৃতীয়তে, অভিযুক্তসকলে জামিন পাবনে নাই সেইয়া জামিনৰ ক্ষেত্ৰত থকা সাধাৰণ নীতি নিয়মৰ দ্বাৰা বিবেচনা কৰা হ’ব।

টোকা[সম্পাদনা কৰক]

  1. For short title of the Regulation, see footnote in Government of India, Legislative Department (1897). The Assam Code: Containing the Bengal Regulations, Local Acts of the Governor-General in Council, Regulations made under the Government of India Act 1870 (33 Vict., C. 3), and Acts of the Lieutenant-Governor of Bengal in Council in force in Assam.. প্ৰকাশক Calcutta: Superintendent of Government Printing. পৃষ্ঠা. 81. https://books.google.com/books?id=C9oZAAAAYAAJ&pg=PA81। আহৰণ কৰা হৈছে: 6 September 2011. 

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Widow Burning in India". The Wesleyan Juvenile Offering: A Miscellany of Missionary Information for Young Persons (Wesleyan Missionary Society) খণ্ড IX: 84. August 1852. https://archive.org/download/wesleyanjuvenil08socigoog/wesleyanjuvenil08socigoog.pdf। আহৰণ কৰা হৈছে: 24 February 2016. 
  2. Carter & Harlow 2003, পৃষ্ঠা 361–363
  3. Carter, Mia; Harlow, Barbara (editors) (2003). Archives of Empire: From the East India Company to the Suez Canal. Duke University Press. পৃষ্ঠা. 361. ISBN 978-0-8223-3164-3. https://books.google.com/books?id=xtFRtX2PSrwC&pg=PA361। আহৰণ কৰা হৈছে: 3 September 2011.