সমললৈ যাওক

বেটেলগ্ৰাউণ্ড্‌ছ ম’বাইল ইণ্ডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেটেলগ্ৰাউণ্ড্‌ছ ম’বাইল ইণ্ডিয়া

ল’গ’
বিকাশক ক্ৰাফ্টন[1][2]
প্ৰকাশক ক্ৰাফ্টন
পৰিচালক ছীন হিউনিল ছ’ন
সংগীত শিল্পী টম্ ছাল্টা
Series পাব্জী ইউনিভাৰ্ছ[3][4]
গেম ইঞ্জীন আনৰিয়েল ইঞ্জিন ৪
প্লেটফৰ্ম
মুক্তিৰ তাৰিখ
  • এণ্ড্ৰইড
  • ২ জুলাই ২০২১
  • আইঅ’এছ/আইপেডঅ’এছ
  • ১৮ আগষ্ট ২০২১
শৈলী বেটেল ৰয়াল
প্ৰকাৰ মাল্টিপ্লেয়াৰ

বেটেলগ্ৰাউণ্ড্‌ছ ম’বাইল ইণ্ডিয়া (ইংৰাজী: Battlegrounds Mobile India; চমুকৈ বিজিএমআই, BGMI),[5] বা পূৰ্বৰ পাব্জি ম’বাইল ইণ্ডিয়া[6] হৈছে ভাৰতত উপলভ্য পাব্জি ম’বাইলৰ এটা সংস্কৰণ।[7][8][9][10]ক্ৰাফ্টন কোম্পানীৰ এটা অনলাইন মাল্টিপ্লেয়াৰ বেটেল ৰয়াল গে’ম।[11] এই গে’মটো প্ৰথমে ২ জুলাই ২০২১ তাৰিখে এণ্ড্ৰইড ডিভাইচৰ বাবে[11] আৰু ১৮ আগষ্টত আইঅ’এছ ডিভাইচৰ বাবে মুকলি কৰা হৈছিল। ক্ৰাফ্টন ই‌ণ্ডিয় ইস্প’ৰ্ট‌ছে এবছৰত দুখনকৈ আনুষ্ঠানিক প্ৰতিযোগিতা অনুষ্ঠিত কৰে। প্ৰথমটো হৈছে বিজিএমআই ইণ্ডিয়া ছিৰীজ বা বিজিআইএছ আৰু দ্বিতীয়টো হৈছে বিজিএমআই প্ৰ’ ছিৰীজ বা বিএমপিএছ।

২০২২ চনৰ জুলাই মাহলৈকে বিজিএমআই-এ গুগল প্লে’ ষ্ট’ৰত 156 মিলিয়ন ডাউনল’ড অতিক্ৰম কৰে।[12] ভাৰত চৰকাৰে ২০২২ চনৰ ২৮ জুলাইত ভাৰতত এই গে’মটো নিষিদ্ধ কৰে।[13] ক্ৰাফ্টনে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, ২৬ মে’,২০২৩ তাৰিখে এই নিষেধাজ্ঞা আঁতৰোৱা হয়।[14]

গে’মপ্লে’[সম্পাদনা কৰক]

বেটেলগ্ৰাউণ্ড্‌ছ ম’বাইল ইণ্ডিয়া হৈছে এটা বেটেল ৰয়াল গে’ম য’ত ১০০গৰাকী খেলুৱৈৰ মাজত প্ৰতিযোগিতা হয়। খেলুৱৈসকলে অকলশৰে বা চাৰিগৰাকী পৰ্যন্ত খেলুৱৈৰ দল হিচাপে গে’মত সোমাব পাৰে।

প্ৰত্যেক মেট্‌চৰ আৰম্ভণিত খেলুৱৈসকলে এখন বিমানৰ পৰা সাতখন মানচিত্ৰৰ কোনো এখনত পেৰাচ্যুটেৰে অৱতৰণ কৰে।

প্ৰতিটো ৰাউণ্ডতে মানচিত্ৰৰ ওপৰত বিমানখনৰ উৰণৰ পথ সলনি হয় আৰু খেলুৱৈসকলে পেৰাচ্যুটেৰে তললৈ নমাৰ সৰ্বোত্তম সময় দ্ৰুততাৰে নিৰ্ধাৰণ কৰিবলগীয়া হয়। খেলুৱৈসকলৰ হাতত আৰম্ভণিত কোনো সা-সঁজুলি নাথাকে, অৱশ্য কিছুমান স্বনিৰ্বাচিত কানি-কাপোৰ থাকে যাৰ দ্বাৰা গে’মপ্লে’ত কোনো প্ৰভাৱ নপৰে। মাটিত অৱতৰণ কৰাৰ পাছত খেলুৱৈসকলে বিভিন্ন অট্টালিকা, পৰিত্যক্ত চহৰ, আদিৰ পৰা অস্ত্ৰ, বাহন, ঢাল, আদি বিচাৰি ল’ব পাৰে। খেলৰ আৰম্ভণিত এইবোৰ পদ্ধতিগতভাৱে বিতৰণ কৰা হয় আৰু উচ্চ বিপদাশংকা থকা অঞ্চলবোৰত উন্নতমানৰ সা-সঁজুলি পোৱা যায়। মৰি যোৱা খেলুৱৈৰ সা-সঁজুলি অন্য খেলুৱৈয়ে সংগ্ৰহ কৰিব পাৰে। খেলুৱৈসকলে ফাৰ্ষ্ট-পাৰ্ছন বা থাৰ্ড-পাৰ্ছন দৃষ্টিকোণেৰে খেলিব পাৰে, য’ত যুদ্ধ আৰু পৰিস্থিতি-সম্বন্ধীয় সচেতনতাৰ ক্ষেত্ৰত দুয়োৰে নিজ-নিজ সুবিধা-অসুবিধা থাকে।

কেইমিনিটমানৰ মূৰে-মূৰে মানচিত্ৰখনৰ খেলিবপৰা অঞ্চল এক যাদৃচ্ছিক অৱস্থানৰ ফালে সংকুচিত হৈ গৈ থাকে, য’ত সুৰক্ষিত অঞ্চলৰ বাহিৰত ধৰা পৰা খেলুৱৈৰ ক্ৰমান্বয়ে ক্ষতি হয় আৰু সময় থাকোঁতে সুৰক্ষিত অঞ্চলত নোসোমালে মৰি যায়; গে’মত সীমাটো এটা উজ্জ্বল নীলা দেৱালৰ নিচিনা দেখা যায় যি ক্ৰমান্বয়ে সংকুচিত হৈ গৈ থাকে। ইয়াৰ ফলত মানচিত্ৰ সীমাবদ্ধ হৈ গৈ থাকে আৰু শত্ৰুৰ লগত মুখামুখি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। মেট্‌চৰ সময়ছোৱাত মানচিত্ৰখনৰ যাদৃচ্ছিক অঞ্চলত ৰঙা চিন ওলায় আৰু সেই অঞ্চলত বোমা-বৃষ্টি হয়, যি সেই অঞ্চলত থকা খেলুৱৈসকলৰ বাবে ভীতিৰ সৃষ্টি কৰে। দুয়োটা ক্ষেত্ৰতে খেলুৱৈসকলক কেইমিনিটমান আগতেই সতৰ্ক কৰি দিয়া হয়, যাৰ দ্বাৰা তেওঁলোকে সুৰক্ষিত স্থানলৈ যাবলৈ সময় পায়। এখন বিমান মাজে-সময়ে খেলিবপৰা মানচিত্ৰৰ বিভিন্ন অংশৰ ওপৰেদি যাদৃচ্ছিকভাৱে বা য’তেই খেলুৱৈয়ে ফ্লেয়াৰ গান ব্যৱহাৰ কৰে তালৈকে উৰি আহে আৰু এটা লুট পেকেজ পেলাই থৈ যায় য’ত এনে কিছুমান সা-সঁজুলি থাকে যি সাধাৰণতে গে’মত পোৱা নাযায়। এই পেকেজবোৰৰ পৰা বৰকৈ চকুত-পৰা ৰঙা বা হালধীয়া ধোঁৱা ওলায়, যি আগ্ৰহী খেলুৱৈসকলক আকৰ্ষিত কৰে আৰু ফলত অতিৰিক্ত সংঘাতৰ সৃষ্টি হয়। এটা সম্পূৰ্ণ ৰাউণ্ডত প্ৰায় ৩০ মিনিট সময় লাগে।

বিকাশ[সম্পাদনা কৰক]

২০২০ চনৰ ২ ছেপ্টেম্বৰত[15] ভাৰত চৰকাৰইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ ধাৰা ৬৯A-ৰ অধীনত ভাৰতৰ সাৰ্বভৌমত্ব, অখণ্ডতা, প্ৰতিৰক্ষা, ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু জনশৃংখলাৰ প্ৰতি ভাবুকিস্বৰূপ আৰু ক্ষতিকাৰক কাৰ্য্যকলাপৰ কথা উল্লেখ কৰি ১১৭টা চীনা এপ্লিকেশ্যন-সহ পাব্জি ম’বাইল নিষিদ্ধ কৰে।[16][17]

২০২০ চনৰ নৱেম্বৰ মাহত প্ৰকাশ পাইছিল যে পাব্জি ম’বাইল ই‌ণ্ডিয়া নামেৰে ভাৰতত পাব্জি ম’বাইল পুনৰ মুকলি কৰা হ’ব৷[18] ২০২০ চনৰ ২৪ নৱেম্বৰত দ্য টাইম্‌ছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি ভাৰতত পাব্জি ম’বাইল পুনৰ মুকলি কৰাৰ উদ্দেশ্যে পাব্জি ষ্টুডিঅ’ছ আৰু দক্ষিণ কোৰিয়াৰ ভিডিঅ’ গে’ম কোম্পানী ক্ৰাফ্টনে ভাৰত চৰকাৰৰ ক’ৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত পাব্জি ই‌ণ্ডিয়া প্ৰাইভেট লিমিটেডৰ পঞ্জীয়ন কৰে।[19][20]

২০২১ চনৰ মে’ মাহত প্ৰকাশ পাইছিল যে ভাৰতীয় গে’মিং বজাৰত সোমাবলৈ পাব্জি ম’বাইলক বেটেলগ্ৰাউণ্ড্‌ছ ম’বাইল ইণ্ডিয়া হিচাপে ৰিব্ৰেণ্ড কৰা হ’ব।[21] ইয়াৰ পাছত ২০২১ চনৰ ৭ মে’ত দ্য ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰিছিল যে ক্ৰাফ্টনে এটা প্ৰেছ বিবৃতিত নিশ্চিত কৰিছে যে তেওঁলোকে পাব্জি ম’বাইলৰ দৰে গে’ম বেটেলগ্ৰাউণ্ড্‌ছ ম’বাইল ইণ্ডিয়া মুকলি কৰিবলৈ ওলাইছে।[22]

মুক্তিলাভ[সম্পাদনা কৰক]

২০২১ চনৰ ৬ মে’ত এই গে’মৰ ঘোষণা কৰা হয়।[23][24] ২০২১ চনৰ ১৮ মে’ৰ পৰা এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে গে’মটোৰ প্ৰি-ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হয়[25][26] আৰু গে’মটোৰ আৰ্লী এক্সেছ বিটা সংস্কৰণ ১৭ জুন ২০২১ তাৰিখে কেৱল এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা হয়।[27] এই গে’মটো ২০২১ চনৰ ২ জুলাই তাৰিখে এণ্ড্ৰইড ডিভাইচৰ বাবে[11] আৰু ১৮ আগষ্ট ২০২১ তাৰিখে আইঅ’এছ ডিভাইচৰ বাবে মুকলি কৰা হয়।[28]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "After months-long wait, Battlegrounds Mobile India goes live on iOS". The Financial Express (India). 18 August 2021. https://www.financialexpress.com/industry/technology/after-months-long-wait-battlegrounds-mobile-india-goes-live-on-ios/2313234/. 
  2. "Krafton officially launches Battlegrounds Mobile in India to repeat PUBG success". The Economic Times. 3 July 2021. https://economictimes.indiatimes.com/tech/technology/krafton-officially-launches-battlegrounds-mobile-in-india-to-repeat-pubg-success/articleshow/84060665.cms?from=mdr. 
  3. "List of games in PUBG Universe". pubg-universe.com. https://pubg-universe.com/en/games। আহৰণ কৰা হৈছে: 19 September 2021. 
  4. Fenlon, Wes (8 August 2021). "PUBG Universe, PUBG is called PUBG: Battlegrounds now?". PC Gamer. https://www.pcgamer.com/hold-up-pubg-is-called-pubg-battlegrounds-now/। আহৰণ কৰা হৈছে: 20 September 2021. 
  5. "Battlegrounds Mobile India launch: Get BGMI Early Access file; also check APK+OBB download links". Zee Business. 19 May 2021. Archived from the original on 24 June 2021. https://web.archive.org/web/20210624203157/https://www.zeebiz.com/technology/apps/news-battlegrounds-mobile-india-download-how-to-download-bgmi-early-access-file-also-check-apkobb-download-links-158874. 
  6. "PUBG Mobile India relaunch: Reactions from the gaming community". The Indian Express. 21 November 2020. Archived from the original on 5 December 2020. https://web.archive.org/web/20201205230651/https://indianexpress.com/article/technology/gaming/pubg-mobile-india-comeback-public-reaction-7051051/. 
  7. "PUBG Mobile officially renamed as Battlegrounds Mobile India, website goes live". Times of India. 6 May 2021. Archived from the original on 9 July 2021. https://web.archive.org/web/20210709181212/https://timesofindia.indiatimes.com/gadgets-news/pubg-mobile-officially-renamed-as-battlegrounds-mobile-india-website-goes-live/articleshow/82428060.cms. 
  8. "Battlegrounds Mobile India will replace PUBG Mobile in India, KRAFTON officially unveils the logo". Firstpost. 6 May 2021. Archived from the original on 28 June 2021. https://web.archive.org/web/20210628090847/https://www.firstpost.com/tech/gaming/battlegrounds-mobile-india-will-replace-pubg-mobile-in-india-krafton-officially-unveils-the-logo-9596971.html. 
  9. "PUBG Mobile's parent company announces launch of Battlegrounds Mobile India". Business Today. 6 May 2021. Archived from the original on 14 June 2021. https://web.archive.org/web/20210614132136/https://www.businesstoday.in/technology/news/pubg-mobiles-parent-company-announces-launch-of-battlegrounds-mobile-india/story/438414.html. 
  10. "Krafton announces PUBG Mobile to return as 'Battlegrounds Mobile India'; registrations to open soon". The Indian Express. 7 May 2021. Archived from the original on 8 May 2021. https://web.archive.org/web/20210508020330/https://indianexpress.com/article/technology/gaming/pubg-mobile-returns-to-india-developer-krafton-announced-battlegrounds-mobile-india-a-new-game-that-looks-a-lot-like-pubg-7304100/. 
  11. 11.0 11.1 11.2 "Battlegrounds Mobile India officially launched in India: Launch details, in-game content, free rewards and more". The Times of India. 2 July 2021. Archived from the original on 22 July 2021. https://web.archive.org/web/20210722022214/https://timesofindia.indiatimes.com/gadgets-news/battlegrounds-mobile-india-officially-launched-in-india-launch-details-in-game-content-free-rewards-and-more/articleshow/84056014.cms. 
  12. "Battlegrounds Mobile India clocks 100 million users, completes one year in India" (en ভাষাত). The Indian Express. 2 July 2022. Archived from the original on 7 December 2022. https://web.archive.org/web/20221207093831/https://indianexpress.com/article/technology/gaming/battlegrounds-mobile-india-clocks-100-million-users-completes-one-year-in-india-8003566/। আহৰণ কৰা হৈছে: 30 July 2022. 
  13. "BGMI banned in India over 'data sharing' concerns: Report". www.livemint.com. 29 July 2022. Archived from the original on 31 January 2023. https://web.archive.org/web/20230131125746/https://www.livemint.com/technology/apps/bgmi-banned-in-india-what-indian-government-s-latest-order-says-11659069329227.html। আহৰণ কৰা হৈছে: 27 May 2023. 
  14. Desk, TN Tech (27 May 2023). "Battlegrounds Mobile India (BGMI) Now Available for Preload: Gameplay Set to Start From Monday". TimesNow. Archived from the original on 27 May 2023. https://web.archive.org/web/20230527051609/https://www.timesnownews.com/technology-science/battlegrounds-mobile-india-bgmi-now-available-for-preload-gameplay-set-to-start-from-monday-article-100543708। আহৰণ কৰা হৈছে: 27 May 2023. 
  15. "PUBG Ban: PUBG Mobile is Still Working in India After Ministry Bans The Game". India.com News. 8 September 2020. Archived from the original on 24 June 2021. https://web.archive.org/web/20210624223938/https://www.india.com/technology/pubg-ban-pubg-mobile-is-still-working-in-india-after-ministry-ban-the-game-4133856/. 
  16. "PUBG Mobile, 117 Chinese apps banned in India: Check the full list". The Indian Express. 5 September 2020. Archived from the original on 24 June 2021. https://web.archive.org/web/20210624202439/https://indianexpress.com/article/technology/tech-news-technology/india-bans-pubg-mobile-116-chinese-apps-full-list-6580365/. 
  17. "PUBG Mobile ban: Here's why the Indian government blocked the game". HT Tech. 3 September 2020. Archived from the original on 19 June 2021. https://web.archive.org/web/20210619132650/https://tech.hindustantimes.com/gaming/news/pubg-mobile-ban-here-s-why-the-indian-government-blocked-the-game-71599133987192.html. 
  18. "PUBG Mobile coming back to India: Here's everything you need to know". The Indian Express. 12 November 2020. Archived from the original on 16 April 2022. https://web.archive.org/web/20220416052208/https://indianexpress.com/article/technology/gaming/pubg-mobile-india-to-launch-soon-7049047/. 
  19. "PUBG India is now a registered company in India; do pre-registration to download PUBG mobile this way". Zee Business. 2020-11-24. Archived from the original on 24 June 2021. https://web.archive.org/web/20210624202027/https://www.zeebiz.com/india/news-pubg-india-is-now-a-registered-company-in-india-do-pre-registration-to-download-pubg-mobile-this-way-141668। আহৰণ কৰা হৈছে: 2022-05-10. 
  20. "Government approves PUBG India company registration; PUBG Mobile game to relaunch soon". The Times of India. 24 November 2020. Archived from the original on 26 June 2021. https://web.archive.org/web/20210626170041/https://timesofindia.indiatimes.com/gadgets-news/government-approves-pubg-india-company-registration-pubg-mobile-game-to-relaunch-soon/articleshow/79390939.cms. 
  21. Dogra, Sarthak (5 May 2021). "PUBG Mobile may return as Battlegrounds Mobile India, here is what to expect". India Today. Archived from the original on 25 April 2022. https://web.archive.org/web/20220425205649/https://www.indiatoday.in/technology/news/story/pubg-mobile-may-return-as-battlegrounds-mobile-india-here-is-what-to-expect-1799120-2021-05-05. 
  22. "Krafton announces PUBG Mobile to return as 'Battlegrounds Mobile India'; registrations to open soon". The Indian Express. 7 May 2021. Archived from the original on 8 May 2021. https://web.archive.org/web/20210508020330/https://indianexpress.com/article/technology/gaming/pubg-mobile-returns-to-india-developer-krafton-announced-battlegrounds-mobile-india-a-new-game-that-looks-a-lot-like-pubg-7304100/. 
  23. "Wait over? PUBG Mobile India aka Battlegrounds Mobile India may arrive as early as this month". India Today. 6 May 2021. Archived from the original on 24 June 2021. https://web.archive.org/web/20210624201702/https://www.indiatoday.in/technology/news/story/wait-over-pubg-mobile-india-aka-battlegrounds-mobile-india-may-arrive-as-early-as-this-month-1799399-2021-05-06. 
  24. "Krafton announces launch of Battlegrounds Mobile India, logo revealed". India TV. 6 May 2021. Archived from the original on 12 June 2021. https://web.archive.org/web/20210612121400/https://www.indiatvnews.com/technology/news-pubg-mobile-india-launching-as-battlegrounds-mobile-india-logo-revealed-702837. 
  25. "Battlegrounds Mobile India is now open for pre-registration on Google Play Store". Firstpost. 18 May 2021. Archived from the original on 24 June 2021. https://web.archive.org/web/20210624200441/https://www.firstpost.com/tech/news-analysis/battlegrounds-mobile-india-is-now-open-for-pre-registration-on-google-play-store-9621001.html. 
  26. "Battlegrounds Mobile India pre-registration to begin TODAY: Things to know". DNA India. 18 May 2021. Archived from the original on 20 May 2021. https://web.archive.org/web/20210520032303/https://www.dnaindia.com/gaming/report-pubg-mobile-india-latest-update-2021-pubg-mobile-publisher-krafton-battlegrounds-mobile-india-pre-registration-to-start-on-18-may-5-thing-to-keep-in-mind-2890766. 
  27. "Battlegrounds Mobile India now available to download as early access on Google Play". India Today. 17 June 2021. Archived from the original on 18 June 2021. https://web.archive.org/web/20210618091034/https://www.indiatoday.in/technology/news/story/battlegrounds-mobile-india-now-available-to-download-as-early-access-on-google-play-1815869-2021-06-17. 
  28. "Battlegrounds Mobile India is now available on iOS: Download details, rewards and more". Times of India. 18 August 2021. Archived from the original on 9 September 2021. https://web.archive.org/web/20210909184722/https://timesofindia.indiatimes.com/gadgets-news/battlegrounds-mobile-india-is-now-available-on-ios-download-details-rewards-and-more/articleshow/85421550.cms.