সমললৈ যাওক

বেড্ ফেমিনিষ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেড্ ফেমিনিষ্ট  
লেখক ৰক্সেন গে
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাষা ইংৰাজী
বিষয় ৰচনা সংকলন
প্ৰকাৰ অ-কাহিনীমূলক
প্ৰকাশক হাৰ্পাৰ পেৰেনিয়েল
মিডিয়া প্ৰকাৰ ছপা, ইবুক
পৃষ্ঠা সংখ্যা ৩৩৬ পৃষ্ঠা
আই.এচ.বি.এন. 978-0062282712

বেড্ ফেমিনিষ্ট: এছেছ হৈছে ২০১৪ চনত সাংস্কৃতিক সমালোচক, ঔপন্যাসিক আৰু অধ্যাপক ৰক্সেন গেৰ ৰচনা সংকলন। বেড্ ফেমিনিষ্টে নাৰীবাদী মতাদৰ্শৰ বিৰোধী যেন লগা বিষয়বোৰৰ প্ৰতি সমৰ্থন জনায় আৰু এগৰাকী নাৰীবাদী হোৱাৰ দিশবোৰ অন্বেষণ কৰে। গেৰ ৰচনাসমূহে পপ সংস্কৃতি আৰু তেওঁৰ ব্যক্তিগত অভিজ্ঞতাক জড়িত কৰি ছুইট ভেলী হাই ছিৰিজ, জাংগো আনচেইনড্ আৰু হাইটিয়ান-আমেৰিকান হিচাপে গেৰ প্ৰতিপালনৰ দৰে বিষয়সমূহ সামৰি লৈছে।[1]

প্ৰকাশৰ ইতিহাস

[সম্পাদনা কৰক]

বেড্ ফেমিনিষ্ট আছিল ২০১৪ চনত গেৰ দ্বাৰা প্ৰকাশিত দুখন গ্ৰন্থৰ ভিতৰত এখন। তেওঁৰ আনখন গ্ৰন্থ হৈছে এন আনটেমড ষ্টেট নামৰ এখন উপন্যাস।

বেড্ ফেমিনিষ্টৰ ৰচনাবোৰে সাংস্কৃতিক আৰু ব্যক্তিগত এই দুয়োধৰণৰ বিষয়সমূহ সম্বোধন কৰে। ৰচনা সংকলনটো পাঁচটা ভাগত বিভক্ত: মি; জেণ্ডাৰ এণ্ড চেক্সুৱালিটী; ৰেচ এণ্ড এণ্টাৰটেইনমেণ্ট; পলিটিক্স, জেণ্ডাৰ এণ্ড ৰেচ; এণ্ড বেক টু মি।[2] ২০১৪ চনত টাইমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গেয়ে নাৰীবাদী হিচাপে তেওঁৰ ভূমিকা আৰু তেওঁৰ লেখাত সেই ধাৰণাই কেনেদৰে প্ৰভাৱ পেলাইছিল সেই বিষয়ে ব্যাখ্যা কৰিছিল: "প্ৰতিদিনেই মই বহু পৰিমাণে নাৰীবাদে মোৰ জীৱনত উৎকৃষ্ট আৰু নিকৃষ্ট দুয়োটা দিশতে কিদৰে প্ৰভাৱ পেলাইছে দেখুৱাবলৈ যত্ন কৰিছোঁ। একমাত্ৰ নাৰীৰ দৃষ্টিভংগীৰে পৃথিৱীখন কেনে তাকেই দেখুৱাব বিচাৰিছোঁ। এইয়া আনকি নাৰীবাদৰ বিষয়েও নহয়। এইয়া মানৱতা আৰু সহানুভূতিৰ বিষয়ে।" [3]

পৰ্যালোচনা

[সম্পাদনা কৰক]

বেড্ ফেমিনিষ্টৰ বহুল পৰ্যালোচনা কৰা হৈছিল। গে তেওঁৰ "ব্যংগপূৰ্ণ আৰু আনন্দদায়ক কণ্ঠ"ৰ বাবে প্ৰশংসিত হৈছিল।[4] বষ্টন গ্ল'বে লিখিছে যে "প্ৰশংসা কৰিবলগীয়া বহুত আছে", যেনেঃ তেওঁৰ "অন্তৰ্দৃষ্টিসম্পন্ন" ৰচনা "হোৱাট উই হাংগাৰ ফৰ।" বেড্ ফেমিনিষ্টে "লিংগ ৰাজনীতিৰ জটিল ভূখণ্ডলৈ এক গুৰুত্বপূৰ্ণ অৱদানৰ সংকেত দিয়ে।" [5] দ্য়া হাফিংটন পোষ্টে ইয়াৰ প্ৰশংসাত অধিক লিখিছিল - "গেৰ ৰচনাসমূহে ৰাজনৈতিক আৰু জনপ্ৰিয় সংস্কৃতিত সংঘটিত হোৱা বহল লৈংগিক ধাৰাসমূহৰ সৈতে তেওঁৰ ব্যক্তিগত অভিজ্ঞতাক বিশেষজ্ঞতাৰে লেপন কৰিছিল।" কিতাপখনক ৮/১০ ৰেটিং দিয়া হৈছিল।[6] বষ্টন ৰিভিউত লিখিছে যে "বেড্ ফেমিনিষ্টে সবাতোকৈ চতুৰ সমালোচকৰ দৃষ্টিকোণৰ পৰা সংস্কৃতি আৰু ৰাজনীতিৰ জৰীপ কৰে।" [7] ইউনাইটেড কিংডমৰ দ্য গাৰ্ডিয়ানত সমালোচক কিৰা ক’ক্ৰেনে লিখিছে: “অনলাইন বক্তৃতা প্ৰায়ে চৰম, মেৰুকৃত মতামতেৰে চিহ্নিত হ’লেও তেওঁৰ লেখাবোৰ সূক্ষ্ম আৰু আলোচনামূলক হোৱাৰ বাবে সুকীয়া। ৰচনাসমূহৰ চুক-কোণে চোৱাৰ ক্ষমতা আছে, আনহাতে আন দৃষ্টিভংগী চিনাক্ত কৰাৰ ক্ষমতা আছে। ছপা, টুইটাৰ আৰু ব্যক্তিগতভাৱে গেৰ কণ্ঠ আছে।" [8] টাইমে বেড্ ফেমিনিষ্টক "মানুহ কেনেকৈ হ'ব লাগে তাৰ হাতপুথি" বুলি অভিহিত কৰে আৰু গেক "দান কৰি থকা উপহাৰ" বুলি অভিহিত কৰে।[3]

নিউয়ৰ্ক টাইমছ বুক ৰিভিউত লিখা হৈছে যে গেয়ে নিজৰ কথা ক'বলৈ এজন "অযুক্তিকৰ ষ্ট্ৰ'মেন"ৰ ওপৰত অত্যধিক নিৰ্ভৰ কৰিছিল।[1] দ্য ইণ্ডিপেণ্ডেণ্টে বিচাৰি উলিয়াইছিল যে কিতাপখনৰ ভিতৰত গেৰ নিজৰ বৈপৰীত্যবোৰ "বৌদ্ধিকভাৱে ক্ষীণ" বুলি দৃষ্টিগোচৰ হৈছে।[9]দ্য়া চিকাগো ট্ৰিবিউনে উল্লেখ কৰিছে যে "গেয়ে তীক্ষ্ণভাৱে, নিৰ্ভয়ে, কেতিয়াবা ক্ৰোধিত হৈ, প্ৰায়ে হাস্যৰসময়ী আৰু সদায় বুদ্ধিদীপ্ততাৰে অবিশ্বাস্যভাৱে বৈচিত্ৰ্যময় বিষয় যেনেঃ জাতি, ঘৰুৱা হিংসা, পপ সংস্কৃতি, খাদ্য, ছ'চিয়েল মিডিয়া, শিশু যৌন নিৰ্যাতন, ওবামাৰ ওপৰত লিখে যদিও বেড্ ফেমিনিষ্ট গ্ৰন্থখনৰ এটা সমস্যা হ'ল পূৰ্বতে উল্লেখ কৰা প্ৰয়াসসমূহ আৰু প্ৰকৃত বিশ্লেষণ, মতামতৰ পুনৰ সংক্ষিপ্তকৰণ আৰু মিম্, যিবোৰৰ যিকোনো বা সকলোৱে পুনৰাবৃত্তি হ'ব পাৰে যদিহে গেয়ে সেইসমূহৰ ওচৰলৈ এটা নতুন আৰু মৌলিক দিশ আনে।" [10]

কিতাপখন নাৰীবাদী মহলত ইয়াৰ জনপ্ৰিয়তাৰ বাবে উল্লিখিত হৈছিল। ব্যংগাত্মক ছাইট ৰিডাক্ট্ৰেছে বেড্ ফেমিনিষ্ট নপঢ়াকৈয়ে বেয়া বুলি এটা কাহিনী প্ৰকাশ কৰিছিল।[11]নাৰীবাদী পণ্ডিত আৰু কৰ্মীসকলৰ এটা দলে "শ্বৰ্ট টেকছ: প্ৰভোকেচনছ অন পাব্লিক ফেমিনিজম"ৰ বাবে গেৰ বেড্ ফেমিনিষ্টক বিশ্লেষণ কৰিছিল; যি হৈছে নাৰীবাদী আলোচনী চাইনচ: জাৰ্নেল অফ ৱমেন ইন কালচাৰ এণ্ড চছাইটিৰ এক প্ৰচেষ্টা।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Gregory, Alice (October 10, 2014). "Daphne Merkin's "The Fame Lunches" and Roxane Gay's "Bad Feminist"". The New York Times. https://www.nytimes.com/2014/10/12/books/review/daphne-merkins-the-fame-lunches-and-roxane-gays-bad-feminist.html.
  2. "Bad Feminist Summary - eNotes.com". eNotes. https://www.enotes.com/topics/bad-feminist আহৰণ কৰা হৈছে: June 15, 2017.
  3. 1 2 Feeney, Nolan (August 5, 2014). "Roxane Gay's Bad Feminist Is a "Manual on How to Be a Human"". Time. Archived from the original on March 4, 2016. https://web.archive.org/web/20160304055543/http://time.com/3082038/roxane-gay-interview-bad-feminist/ আহৰণ কৰা হৈছে: March 8, 2016.
  4. Waldman, Katy (August 5, 2014). "It is Good to be a "Bad" Feminist". Slate. http://www.slate.com/articles/double_x/doublex/2014/08/bad_feminist_by_roxane_gay_reviewed.html আহৰণ কৰা হৈছে: June 5, 2015.
  5. "Review of "Bad Feminist" by Roxane Gay - The Boston Globe". BostonGlobe.com. https://www.bostonglobe.com/arts/books/2014/08/09/review-bad-feminist-roxane-gay/XpXAd6GWNqF9lIROZ7UXPI/story.html আহৰণ কৰা হৈছে: December 2, 2015.
  6. Crum, Maddie (5 August 2014). "The Book We're Talking About". The Huffington Post. http://www.huffingtonpost.com/2014/08/05/bad-feminist-roxane-gay_n_5638840.html আহৰণ কৰা হৈছে: December 2, 2015.
  7. McKeon, Lucy. "Let's Be Real | Boston Review". bostonreview.net. http://bostonreview.net/books-ideas/lucy-mckeon-roxane-gay-bad-feminist-untamed-state আহৰণ কৰা হৈছে: December 2, 2015.
  8. Cochrane, Kira (August 2, 2014). "Roxane Gay: Meet the Bad Feminist". The Guardian. https://www.theguardian.com/world/2014/aug/02/roxane-gay-bad-feminist-sisterhood-fake-orgasm.
  9. McGill, Hannah (August 21, 2014). "Bad Feminist: Essays by Roxane Gay, book review: Breaking her own rules to be honest". The Independent. https://www.independent.co.uk/arts-entertainment/books/reviews/bad-feminist-essays-by-roxane-gay-book-review-breaking-her-own-rules-to-be-honest-9683843.html আহৰণ কৰা হৈছে: June 5, 2015.
  10. "Review: 'Bad Feminist' by Roxane Gay". chicagotribune.com. http://www.chicagotribune.com/lifestyles/books/ct-prj-bad-feminist-roxane-gay-20140815-story.html আহৰণ কৰা হৈছে: December 2, 2015.
  11. Matlow, Orli (April 15, 2015). "Bad Feminist Still Hasn't Read "Bad Feminist"". Reductress. http://reductress.com/post/bad-feminist-still-hasnt-read-bad-feminist/.
  12. "Short Takes: Provocations on Public Feminism. Bad Feminist by Roxane Gay". Signs: Journal of Women in Culture and Society. http://signsjournal.org/bad-feminist/ আহৰণ কৰা হৈছে: February 2, 2016.